ধুৰন্ধৰৰ পৰিচালকৰ সৈতে লাচিত বৰফুকনৰ জীৱনভিত্তিক বলিউড ছবি নিৰ্মাণৰ প্ৰস্তুতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Story by  atv | Posted by  Nikunja Nath • 15 h ago
ৰূপালী পৰ্দাত শৰাইঘাটৰ ৰণঃ লাচিত বৰফুকনৰ জীৱনভিত্তিক বৃহৎ বাজেটৰ বলিউড ছবি নিৰ্মাণৰ প্ৰস্তুতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
ৰূপালী পৰ্দাত শৰাইঘাটৰ ৰণঃ লাচিত বৰফুকনৰ জীৱনভিত্তিক বৃহৎ বাজেটৰ বলিউড ছবি নিৰ্মাণৰ প্ৰস্তুতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
 
আৱাজ - দ্য ভইচ ব্যুৰ’ অসম
 
ব্ৰহ্মপুত্ৰৰ বিশাল বুকু ফালি অহা মোগলৰ অহংকাৰ চূৰ্ণ কৰা শৰাইঘাটৰ ৰণৰ সেই অমৰ কাহিনী এতিয়া কেৱল অসমৰ ইতিহাসৰ পাততেই আৱদ্ধ নাথাকে। বীৰ লাচিত বৰফুকনৰ দেশপ্ৰেম, অদম্য সাহস আৰু অদ্বিতীয় ৰণকৌশলৰ গাথা অতি সোনকালেই প্ৰতিধ্বনিত হ’ব ৰূপালী পৰ্দাত, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত। অসমৰ এই মহান সেনাপতিগৰাকীৰ জীৱনৰ ওপৰত আধাৰিত এখন বৃহৎ বাজেটৰ বলিউড পৰ্যায়ৰ চলচ্চিত্ৰ নিৰ্মাণৰ বাবে অসম চৰকাৰে এক ঐতিহাসিক আৰু বিশেষ উদ্যোগ গ্ৰহণ কৰিছে।
 
বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক ফেচবুক লাইভ অনুষ্ঠানৰ জৰিয়তে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে। তেওঁ জানিবলৈ দিয়ে যে অসমৰ অন্যতম শ্ৰেষ্ঠ বীৰ, প্ৰবাদপ্ৰতীম আহোম সেনাপতিগৰাকীৰ কাহিনী কেৱল ৰাজ্যৰ ভিতৰতে সীমাৱদ্ধ নাৰাখি সমগ্ৰ ভাৰতবৰ্ষ তথা বিশ্বৰ দৰ্শকৰ মাজলৈ লৈ যোৱাৰ বাবে চৰকাৰে প্ৰয়াস হাতত লৈছে। এই সুদূৰপ্ৰসাৰী লক্ষ্যৰে ৰাজ্য চৰকাৰে এখন বৃহৎ বাজেটৰ চলচ্চিত্ৰ নিৰ্মাণৰ বাবে জনপ্ৰিয় বলিউড চলচ্চিত্ৰ নিৰ্মাতা আদিত্য ধৰৰ সৈতে প্ৰাৰম্ভিক আলোচনাত মিলিত হৈছে।
 
লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি
 
মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰা অনুসৰি, ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত তথা বক্স অফিচত আলোড়ন সৃষ্টিকাৰী ছবি 'Uri: The Surgical Strike’ আৰু আগন্তুক বহুচৰ্চিত ছবি 'ধুৰন্ধৰ'ৰ পৰিচালক আদিত্য ধৰৰ হাতত এই প্ৰস্তাৱিত ড্ৰীম প্ৰজেক্টটোৰ পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰাৰ সন্দৰ্ভত বৰ্তমান আলোচনা চলি আছে। শৰাইঘাটৰ যুদ্ধত শক্তিশালী মোগল বাহিনীৰ বিৰুদ্ধে আহোম সেনাক গৌৰৱোজ্জ্বল জয়ৰ পথলৈ লৈ যোৱা সপ্তদশ শতিকাৰ এই মহান সামৰিক সেনাপতিগৰাকীৰ জীৱন আৰু কীৰ্তিস্তম্ভক সাৱলীলভাৱে ফুটাই তুলিবলৈ এই ছবিত অসম চৰকাৰে সম্পূৰ্ণ আৰ্থিক সাহায্য প্ৰদানৰ পৰিকল্পনা কৰিছে।
 
প্ৰস্তাৱিত বায়'পিকখনৰ ব্লুপ্ৰিণ্ট সন্দৰ্ভত বিতং আলোচনাৰ বাবে অহা আগষ্ট মাহত মুখ্যমন্ত্ৰী শৰ্মাই পৰিচালক আদিত্য ধৰক সাক্ষাৎ কৰাৰ কথা আছে। অৱশ্যে মুখ্যমন্ত্ৰীয়ে এই কথা স্পষ্ট কৰি দিছে যে চৰকাৰৰ মূল লক্ষ্য হৈছে ছবিখন নিৰ্মাণ কৰা। তেওঁ কয়, "যদি কোনো কাৰণত আদিত্য ধৰে এই ছবিখন পৰিচালনা কৰিবলৈ অসমৰ্থ হয় বা প্ৰকল্পটো তেওঁৰ সৈতে বাস্তৱায়িত নহয়, তেন্তে আমি আন আগশাৰীৰ পৰিচালকৰ কাষ চাপিম। আমাৰ মূল লক্ষ্য আৰু সংকল্প হৈছে লাচিত বৰফুকনৰ ওপৰত এখন সুন্দৰ, নিখুঁত আৰু বৃহৎ পৰিসৰৰ বায়'পিক নিৰ্মাণ কৰাটো নিশ্চিত কৰা।"
 

যদি এই প্ৰচেষ্টা সফলতাৰে বাস্তৱায়িত হয়, তেন্তে এয়া হ’ব অসম চৰকাৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত লাচিত বৰফুকনৰ জীৱনৰ আধাৰত নিৰ্মিত প্ৰথমখন বলিউড পৰ্যায়ৰ পূৰ্ণদৈৰ্ঘ্যৰ ছবি। মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে এই ছবিয়ে অসমৰ চহকী ইতিহাস আৰু লাচিত বৰফুকনৰ বীৰত্বক বিশ্ববাসীৰ আগত এক নতুন ৰূপত তুলি ধৰিব।
 
আনহাতে, ফেচবুক লাইভত মুখ্যমন্ত্ৰী শৰ্মাই নিজৰ শৈশৱৰ এক মধুৰ স্মৃতিৰ বিষয়ে উল্লেখ কৰি জনায় যে মাত্ৰ ৯ বছৰ বয়সতে তেওঁ ‘ককাদেউতা নাতি আৰু হাতী’ চলচ্চিত্ৰত অভিনয় কৰিছিল। চলচ্চিত্ৰখনক কেন্দ্ৰ কৰি কামপুৰৰ সৈতে জড়িত স্মৃতিচাৰণ কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে কয় যে এই অভিজ্ঞতাবোৰ তেওঁৰ জীৱনৰ এক বিশেষ অধ্যায় হৈ ৰৈছে আৰু ভৱিষ্যতে আত্মজীৱনী লিখাৰ সুযোগ পালে এই স্মৃতিবোৰো তেওঁ সন্নিৱিষ্ট কৰিব। উল্লেখ্য যে, অসম চৰকাৰে বিগত সময়ছোৱাত লাচিত বৰফুকনৰ আখ্যান ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ বাবে ধাৰাবাহিক প্ৰচেষ্টা চলাই আহিছে। ২০২২ চনৰ নৱেম্বৰ মাহত নতুন দিল্লীৰ বিজ্ঞান ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত বীৰগৰাকীৰ ৪০০ সংখ্যক জয়ন্তী অতি উলহ-মালহেৰে আৰু বৃহৎ পৰিসৰত উদযাপন কৰা হৈছিল।
 
পৰিচালক আদিত্য ধৰ আৰু 'ধুৰন্ধৰ’ৰ এটি দৃশ্য
 
তদুপৰি, যোৱা মাৰ্চ মাহত যোৰহাটৰ হোলোঙাপাৰাত প্ৰধানমন্ত্ৰীয়ে লাচিত বৰফুকনৰ ১২৫ ফুট ওখ 'ষ্টেচু অৱ ভেলৰ' প্ৰতিমূৰ্তি উন্মোচন কৰি দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছিল। ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীতো শ্ৰেষ্ঠ কেডেটক লাচিত বৰফুকন স্বৰ্ণ পদক প্ৰদান কৰি অহা হৈছে। এনে এক অনুকূল আৰু গৌৰৱোজ্জ্বল পৰিৱেশত এই বায়'পিক নিৰ্মাণৰ ঘোষণাই এক বিশেষ তাৎপৰ্য বহন কৰিছে।
 
১৬৭১ চনৰ শৰাইঘাটৰ ৰণ আছিল অসমীয়াৰ স্বাভিমান, সাহস আৰু মাতৃভূমিৰ প্ৰতি থকা অকৃত্ৰিম প্ৰেমৰ এক চূড়ান্ত নিদৰ্শন। মোগলৰ আগ্ৰাসনক নিঃচিহ্ন কৰা লাচিতৰ সেই অদ্বিতীয় কাহিনীয়ে ৰূপালী পৰ্দাত প্ৰাণ পালে, ই নিশ্চিতভাৱে ভাৰতীয় চলচ্চিত্ৰ জগতত এক নতুন মাইলৰ খুঁটি স্থাপন কৰিব। অসমৰ এই সুযোগ্য বীৰ সন্তানৰ জীৱন্ত গাথা বিশ্ববাসীয়ে চাবলৈ পোৱাটো প্ৰতিগৰাকী অসমীয়াৰ বাবেই হ'ব এক অভূতপূৰ্ব গৌৰৱৰ বতৰা, যি ক্ষণৰ বাবে এতিয়া সমগ্ৰ ৰাজ্যবাসীয়ে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে।