হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা কুকু কোহলীৰ মৃত্যু

Story by  atv | Posted by  Munni Begum • 1 Months ago
বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা কুকু কোহলী আৰু তেওঁৰ পত্নী পত্নী অৰুণা ইৰাণী
বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা কুকু কোহলী আৰু তেওঁৰ পত্নী পত্নী অৰুণা ইৰাণী
 
মুম্বাই 
 
৭৭ বছৰ বয়সত হৃদ যন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা কুকু কোহলীৰ মৃত্যু  হয়। তেওঁক মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল৷ তাতেই তেওঁৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুমুখত পৰে তেও৷ কুকু কোহলীৰ পত্নী অৰুণা ইৰাণীৰ ভাতৃ বলৰাজ ইৰাণীয়ে তেওঁৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে। 
 
বলৰাজ ইৰাণীয়ে উল্লেখ কৰে যে, কুকু কোহলী কিছুদিন ধৰি অসুস্থ হৈ আছিল আৰু পৰৱৰ্তী সময়ত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসা পৰীক্ষাত তেওঁৰ হৃদযন্ত্ৰত ব্লক দেখা গৈছিল আৰু মঙলবাৰে তেওঁৰ ষ্টেণ্ট অস্ত্ৰোপচাৰ কৰা হৈছিল। 
বলৰাজ ইৰাণীয়ে কয় যে, ষ্টেণ্ট অস্ত্ৰোপচাৰ হৈ যোৱাৰ পিছত কুকু কোহলীৰ অৱস্থা ভাললৈ অহা যেন অনুভৱ হৈছিল। অৱশ্যে বুধবাৰে সন্ধিয়া হঠাতে তেওঁৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পৰে। তেওঁ উল্লেখ কৰে যে, কুকুৱে সেই সময়ত পৰিয়ালৰ সৈতে কথা পাতি আছিল আৰু তেওঁ হঠাতে ঢলি পৰিছিল। 
 
বৃহস্পতিবাৰে মুম্বাইৰ অশিৱাৰা শ্মশানত কুকু কোহলীৰ অন্তিম সংস্কাৰ কৰা হ’ব। তেওঁৰ মৃত্যুৰ খবৰে চলচ্চিত্ৰ জগতত শোকৰ ছাঁ পেলাইছে৷
 
কুকু কোহলীৰ বিবাহ প্ৰবীণ অভিনেত্ৰী অৰুণা ইৰাণীৰ সৈতে হৈছিল। অভিনেত্ৰীগৰাকীৰ সৈতে তেওঁৰ কোনো সন্তান নাই; কিন্তু তেওঁৰ পূৰ্বৰ বিবাহৰ পৰা দুগৰাকী কন্যা আছে, নাম পূজা আৰু কৰিশ্মা কোহলী। তেওঁৰ প্ৰথম পত্নীৰ নাম আছিল ৰীতা কোহলী। ব্যক্তিগত জীৱনটোক ব্যক্তিগতভাৱে ৰাখিবলৈ পছন্দ কৰা কুকুৱে মূলতঃ ছবি নিৰ্মাণৰ জৰিয়তেই নিজৰ পৰিচয় প্ৰতিষ্ঠা কৰিছিল।
হিন্দী চিনেমা জগতত কুকু কোহলীৰ নাম অজয় ​​দেৱগণৰ কেৰিয়াৰৰ সৈতে বিশেষভাৱে জড়িত। ১৯৯১ চনত তেওঁ ‘ফুল ঔৰ কান্তে’ ছবিখন পৰিচালনা কৰে। এই ছবিখনৰ জৰিয়তেই অজয় ​​দেৱগণে বলীউডত আত্মপ্ৰকাশ কৰে আৰু দৰ্শকৰ মাজত দ্ৰুতগতিত পৰিচিত হৈ পৰে।
 
কুকু কোহলীয়ে তেওঁৰ দীৰ্ঘদিনীয়া কেৰিয়াৰত কেইবাখনো উল্লেখনীয় ছবি পৰিচালনা কৰিছিল। ইয়াৰ ভিতৰত ফুল ঔৰ কান্তে, সুহাগ, হাকীকাত, জুলমি, অনাড়ী নং ১ আৰু য়ে দিল আশীকানাৰ কথা উল্লেখ কৰিব পাৰি।
 
তেওঁৰ পৰিচালনা কৰা অন্তিমখন ছবি আছিল ‘ৱোহ তেৰা নাম থা’। প্ৰায় তিনি দশকজোৰা তেওঁৰ চিনেমা যাত্ৰাত কুকু কোহলীয়ে হিন্দী চিনেমাক বহুতো স্মৰণীয় ছবি উপহাৰ দিছিল। তেওঁৰ মৃত্যুৰ লগে লগে উদ্যোগটোৱে এনে এজন চলচ্চিত্ৰ নিৰ্মাতাক হেৰুৱালে, যিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। বিশেষকৈ নব্বৈৰ দশকৰ চিনেমা আৰু অসংখ্য শিল্পীৰ কেৰিয়াৰ গঢ় দিয়াত।