৪ ডিচেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিব জুবিন গাৰ্গ আৰু জুবলী বৰুৱাৰ যুগলবন্দীৰ অন্তিমটো গীতৰ ছবি 'আদিশক্তি'
গুৱাহাটী
অহা ৪ ডিচেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি ‘আদিশক্তি’য়ে। আইৰা ষ্টুডিঅ’জৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ কাহিনী ইন্দ্ৰানী কাশ্যপৰ। বিশ্বাস, ত্যাগ আৰু অন্তৰ্নিহিত সাহসৰ এক অনন্য কাহিনী দৰ্শকে উপভোগ কৰিবলৈ পাব৷ 'আদিশক্তি' ছবিখনৰ এক মুখ্য আকর্ষণ হৈছে ছবিখনৰ সংগীত। ছবিখনৰ এটি গীতত কণ্ঠদান কৰিছে অসমৰ হার্টথ্র'ব জুবিন গার্গ আৰু জুবলী বৰুৱাই। অলেখ ঘটনা-পৰিঘটনাৰ মেটমৰা সম্ভাৰ লৈ নিৰ্মিত এই ছবিখন পৰিচালনা কৰিছে বিতোপন কাশ্যপে। লগতে তেওঁ চিত্ৰনাট্যও লিখিছে৷
জুবিন গাৰ্গ আৰু জুবলী বৰুৱাৰ সুমধুৰ যুগলবন্দীৰে প্ৰাণ পাই উঠা ‘অনি বনি’ (Ani Bani) শীর্ষক গীতটো দর্শকে উপভোগ কৰিব পাৰিব এই ছবিখনত। ইয়াৰোপৰি ছবিখনৰ আন আন গীতত কণ্ঠদান কৰিছে আচুৰ্য বৰপাত্ৰ, শংকুৰাজ কোঁৱৰ, গৌৰাংগ শেখৰ, প্রিয়াক্ষী পাচনী আৰু প্রতীক্ষাই।
ছবিখনৰ সন্দৰ্ভত ছবিখনৰ পৰিচালক বিতোপন কাশ্যপে জনাই, “এই ছবিখনত বিভিন্ন শক্তিৰ কথা আলোচনা কৰা হৈছে। সকলো মানুহৰে এটা এনাৰ্জী বা শক্তি থাকে। কেতিয়াবা এনেকুৱা লাগে, কিছুমান মানুহক লগ পালেই ভাল লাগে, ভাল শক্তি পোৱা যায়, আনহাতে কেতিয়াবা কিছুমান মানুহক লগ পালেই বেয়া লাগে বা মনলৈ বেয়া শক্তি এটা আহে। এই ছবিখনটো বিভিন্ন শক্তিৰ কথা দেখুওৱা হৈছে যাৰ বাবে ছবিখনৰ নামটো 'আদিশক্তি' দিয়া হৈছে। সমান্তৰালভাৱে কাহিনীৰ ধৰণটো ৰহস্যময়ী। মূলতঃ ছবিখনত ছাচপেন্স আছে লগতে থ্ৰীলাৰো আছ। আশা কৰো দর্শকে ছবিখন চাই ভাল পাব।”
নাৰীৰ শক্তি, সংগ্ৰাম আৰু আত্মপৰিচয়ৰ কাহিনীৰে সমৃদ্ধ এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে নৱাগতা অভিনেত্রী ডাঃ আর্শিয়া মহন্তই। ইয়াৰ উপৰিও ছবিখনত অভিনয় কৰিছে মঞ্জুলা বৰুৱা, ৰীণা বৰা, তপন দাস, প্ৰণামী ভাৰতী, উজ্জ্বল ৰাজখোৱা, অপর্ণা দত্ত চৌধুৰী, জ্বলী লম্বৰ অসীম কৃষ্ণ বৰুৱা আৰু নিৰূপম শইকীয়াকে ধৰি কেইবাগৰাকীও ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে।
ইতিমধ্যে মুক্তিৰ পূর্বেই 'আদিশক্তি'য়ে ছবি জগতত নিজৰ বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ নতুন দিল্লীত অনুষ্ঠিত 'গ্ল'বেল চিনে কনফ্লুৱেন্স (GCC) ২০২৬'ত ছবিখনে তিনিটাকৈ মুখ্য বঁটা বুটলি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ইয়াৰোপৰি 'জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ' (JIFF) আৰু 'নতুন দিল্লী চলচ্চিত্র মহোৎসৱতো ছবিখনে বিশেষ স্বীকৃতি আৰু প্রশংসা লাভ কৰিবলৈ সক্ষম হৈছে।