পহলগাম আক্ৰমণৰ বৰ্ষপূৰ্তিঃ যন্ত্ৰণা, সাহস আৰু আশাৰ এক যাত্ৰা

Story by  atv | Posted by  [email protected] • 1 h ago
পহলগাম আক্ৰমণৰ বৰ্ষপূৰ্তিঃ যন্ত্ৰণা, সাহস আৰু আশাৰ এক যাত্ৰা
পহলগাম আক্ৰমণৰ বৰ্ষপূৰ্তিঃ যন্ত্ৰণা, সাহস আৰু আশাৰ এক যাত্ৰা
 
মালিক আছগৰ হাচমী
 
জম্মু-কাশ্মীৰৰ পহলগামৰ উপত্যকাত এপ্ৰিল মাহৰ সেই শীতল বতাহজাক আজিও একেই আছে, সলনি হোৱা নাই তাৰ প্ৰাকৃতিক সুষমা। কিন্তু, ঠিক এবছৰৰ আগৰ ২২ এপ্ৰিলৰ সেই অভিশপ্ত দুপৰীয়াটোৱে এই স্বৰ্গীয় স্থানৰ আত্মালৈকে কঁপাই তুলিছিল। প্ৰকৃতিৰ অপৰূপ দান, যাক সঘনাই 'মিনি চুইজাৰলেণ্ড' বুলি কোৱা হয়, সেই বৈছৰন উপত্যকা সেইদিনা পৰ্যটকৰ হাঁহি-আনন্দৰ সলনি বন্দুকৰ গুলীৰ শব্দ আৰু মানুহৰ আৰ্তনাদত কঁপি উঠিছিল। হেৰাই গৈছিল ২৬টাকৈ নিৰীহ প্ৰাণ। ছাৰখাৰ হৈ গৈছিল বহুতো সপোন আৰু পৰিয়াল। আৰু চিৰদিনৰ বাবে কাশ্মীৰৰ বুকুত ৰৈ গৈছিল এক কেতিয়াও নুশুকুৱা গভীৰ আঘাত।
 
এবছৰৰ পাছত যেতিয়া এই আক্ৰমণৰ বৰ্ষপূৰ্তি আহি পালে, তেতিয়া পহলগামত নিস্তব্ধতা আৰু সমবেদনাৰ এক অদ্ভুত সংগম দেখিবলৈ পোৱা গ'ল। বজাৰ-সমাৰ খোলা আছিল, দোকানবোৰ সজাই থোৱা আছিল, কিন্তু গ্ৰাহকৰ অপেক্ষাত থকা চকুবিলাকত আছিল এক গভীৰ শূন্যতা। নিৰাপত্তাৰ ব্যৱস্থা আছিল কটকটীয়া। প্ৰতিটো পথতে আছিল নিৰাপত্তাৰক্ষী। কিন্তু এই সকলোবোৰৰ মাজতো তাত আটাইতকৈ বেছিকৈ বিৰাজ কৰিছিল কেৱল স্মৃতি, যিবোৰ স্মৃতি প্ৰতিগৰাকী মানুহৰ মুখমণ্ডলত স্পষ্টকৈ দেখিবলৈ পোৱা গৈছিল।
 

এই আক্ৰমণৰ কাহিনী কেৱল কিছুমান পৰিসংখ্যাৰ মাজতে আৱদ্ধ নহয়। এয়া হৈছে মানৱতা, সাহস আৰু যন্ত্ৰণাৰ কাহিনী। এই কাহিনীৰ এক অন্যতম নাম হৈছে ছৈয়দ আদিল হুছেইন শ্বাহ। এজন সাধাৰণ ঘোঁৰাচালক (পনীৱালা), যি সেইদিনা অসাধাৰণ হৈ পৰিছিল। সন্ত্ৰাসবাদীয়ে যেতিয়া আক্ৰমণ কৰিছিল, তেতিয়া আদিল পলাই যোৱা নাছিল। পৰ্যটকসকলক বচাবলৈ তেওঁ নিজৰ বুকু পাতি দিছিল। এজন সন্ত্ৰাসবাদীৰ হাতৰ পৰা ৰাইফলটো কাঢ়ি নিবলৈ চেষ্টা কৰোঁতে তেওঁ গুলীবিদ্ধ হয় আৰু থিতাতে তেওঁৰ মৃত্যু ঘটে। কিন্তু সেই ক্ষণটোত তেওঁ যি সাহসিকতাৰ পৰিচয় দিলে, সেয়া তেওঁক চিৰদিনৰ বাবে অমৰ কৰি থৈ গ'ল।
 
তেওঁৰ পিতৃ ছৈয়দ হায়দৰ শ্বাহ আজিও পুত্ৰক স্মৰণ কৰি ভাগি পৰে। তেওঁৰ মাত থোকাথুকি হৈ আহে। তেওঁ কয় যে তেওঁৰ পুত্ৰই কোনো ধৰ্ম বা নাম চোৱা নাছিল; তেওঁ কেৱল মানৱতাক বাছি লৈছিল। এই কথাটোৱে তেওঁক যিদৰে গৌৰৱান্বিত কৰে, ঠিক একেদৰে ভিতৰৰ পৰা ভাঙি চুৰমাৰো কৰি পেলায়। তেওঁ কয় যে চৰকাৰে সহায় কৰিছে, মানুহেও সংগ দিছে, কিন্তু পুত্ৰৰ অভাৱ কেতিয়াও পূৰণ হ'ব নোৱাৰে।
 
শেহতীয়াকৈ একনাথ সিন্দেই নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি আদিলৰ পৰিয়ালক এটা নতুন ঘৰ প্ৰদান কৰিছে। পহলগামৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰৈৰ হপতনাৰ গাঁৱত নিৰ্মিত এই ঘৰটো এতিয়া তেওঁৰ পৰিয়ালটোৰ এক নতুন আৰম্ভণিৰ প্ৰতীক। আগতে তেওঁলোকে কাঠ আৰু টিনৰ এটা জৰাজীৰ্ণ ঘৰত বাস কৰিছিল। এতিয়া মূৰৰ ওপৰত এখন পকী ছাদ আছে সঁচা, কিন্তু সেই ছাদৰ তলত এক শূন্যতা চিৰদিন থাকি যাব।
 

এই আক্ৰমণৰ আন এটা কাহিনী হৈছে নাজাকত আলীৰ। এজন টুৰিষ্ট গাইড, যি সেইদিনা ১১ জন পৰ্যটকৰ সৈতে বৈছৰনত উপস্থিত আছিল। নাজাকতে জনোৱা মতে, সকলো একেবাৰে স্বাভাৱিক আছিল। পৰ্যটকসকলে জিপ লাইন আৰু আন আন কাৰ্যকলাপৰ আনন্দ লৈ আছিল। হঠাতে গুলী চলিবলৈ আৰম্ভ কৰিলে। প্ৰথমতে কোনেও একো বুজিব পৰা নাছিল। তাৰপাছত যেতিয়া মানুহবোৰ মাটিত ঢলি পৰিবলৈ ধৰিলে, তেতিয়াহে প্ৰকৃত সত্যটো পোহৰলৈ আহিল।
 
সেই হুৱাদুৱাৰ মাজত নাজাকতে পলাই যোৱাৰ পৰিৱৰ্তে নিজৰ অতিথিসকলক বচোৱাৰ সিদ্ধান্ত ল'লে। তেওঁ তেওঁলোকক লৈ দৌৰিবলৈ ধৰিলে। আধা বাট পোৱাৰ পাছত যেতিয়া তেওঁ গম পালে যে দুজন মানুহ পিছত ৰৈ গৈছে, তেতিয়া তেওঁ পুনৰ উভতি গ'ল। তেওঁলোককো সুৰক্ষিতভাৱে লৈ আহিল। ক্লান্ত আৰু ভয়ত বিতত হৈ পৰা পৰ্যটকসকলক তেওঁ পহলগামলৈ আনিলে আৰু তাৰপাছত তেওঁলোকক বিদায় দিলে। আজিও তেওঁৰ কণ্ঠত সেইদিনাৰ সন্ত্ৰাসৰ ছাঁ স্পষ্টকৈ শুনিবলৈ পোৱা যায়, কিন্তু লগতে আছে এক গৌৰৱ, কাৰণ তেওঁ নিজৰ কৰ্তব্য নিষ্ঠাৰে পালন কৰিছিল।
 
নাজাকতে আজিও পৰ্যটকসকলক কাশ্মীৰলৈ আহিবলৈ আহ্বান জনায়। তেওঁ কয় যে কাশ্মীৰ হৈছে ভাৰতৰ মুকুট। ইয়াৰ মানুহবোৰ অতিথিক আদৰণি জনাবলৈ সদায় সাজু। তেওঁৰ মতে, যদি বৈছৰন বন্ধ হৈ থাকে আৰু পৰ্যটকসকল নাহে, তেন্তে স্থানীয় লোকসকলৰ অৰ্থনৈতিক দুৰ্দশা বাঢ়িহে গৈ থাকিব। তেওঁৰ কথাত যিদৰে বেদনা আছে, তেনেদৰেই আছে এক প্ৰবল আশা।
 

এই আক্ৰমণৰ প্ৰভাৱ কেৱল সেইদিনা তাত উপস্থিত থকা লোকসকলৰ মাজতে সীমাবদ্ধ নাছিল। ই সমগ্ৰ কাশ্মীৰৰ ওপৰতেই প্ৰভাৱ পেলাইছিল। ইয়াৰ অৰ্থনীতিৰ মেৰুদণ্ডস্বৰূপ পৰ্যটন উদ্যোগটো বেয়াকৈ ক্ষতিগ্ৰস্ত হ'ল। আক্ৰমণৰ পাছত কেইবামাহলৈকো পৰ্যটকৰ দেখা-সাক্ষাৎ নাছিল। হোটেলবোৰ খালী হৈ ৰৈছিল। টেক্সী চালক আৰু দোকানীসকলৰ উপাৰ্জন সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছিল।
 
এবছৰৰ পাছত পৰিস্থিতি লাহে লাহে উন্নত হৈছে। কিছু পৰ্যটক ঘূৰি আহিছে। কিন্তু সেই সংখ্যা এতিয়াও আগৰ দৰে হোৱাগৈ নাই। পহলগামৰ বজাৰবোৰত সন্ধিয়া হোৱাৰ লগে লগেই এক নিস্তব্ধতাই বিৰাজ কৰে। দোকানীসকলে কয় যে যেতিয়ালৈকে আগৰ দৰে ভিৰ ঘূৰি নাহিব, তেতিয়ালৈকে তেওঁলোকৰ বুকুৰ এই ঘাঁ শুকুৱা টান।
 
কেব চালক মনজুৰে সেইদিনটোৰ কথা সোঁৱৰণ কৰি কয় যে তেওঁ চিকিৎসালয়লৈ অহা-যোৱা কৰিবৰ বাবে নিজৰ গাড়ীখন বিনামূলীয়াকৈ দি দিছিল। তেওঁ জানিবলৈ দিয়ে যে সন্ত্ৰাসবাদীয়ে মানুহৰ নাম সুধি সুধি গুলীয়াইছিল। এয়া আছিল মানুহৰ মাজত বিভেদ সৃষ্টি কৰাৰ এক ষড়যন্ত্ৰ। কিন্তু তেওঁৰ শান্তি এয়াই যে সমগ্ৰ দেশখনে একগোট হৈ এই ষড়যন্ত্ৰক বিফল কৰি দিলে।
 

এই আক্ৰমণৰ পাছত নিৰাপত্তা সংস্থাসমূহেও কঠোৰ স্থিতি গ্ৰহণ কৰে। ভাৰতীয় সেনাই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এক বিশেষ অভিযান চলায়, যাৰ নাম দিয়া হৈছিল "অপাৰেচন মহাদেৱ"। প্ৰায় ৯০ দিন ধৰি চলা এই অভিযানৰ অন্তত ২৮ জুলাইত তিনিওজন আক্ৰমণকাৰীক গুলীয়াই হত্যা কৰা হয়। বিষয়াসকলৰ মতে, এই অভিযানৰ মূল লক্ষ্য আছিল নিৰীহ লোকসকলক ন্যায় প্ৰদান কৰা।
 
ইয়াৰ সমান্তৰালভাৱে "অপাৰেচন সিন্দুৰ" নামৰ আন এক বৃহৎ অভিযান চলোৱা হৈছিল, য'ত সীমান্তৰ সিপাৰে থকা সন্ত্ৰাসবাদীৰ ঘাটিসমূহক লক্ষ্য কৰি লোৱা হৈছিল। এই ব্যৱস্থাসমূহে স্পষ্ট বাৰ্তা দিছিল যে এনে আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব। কিন্তু ইয়াৰ পাছতো পহলগাম আক্ৰমণৰ কিছুমান মূল ষড়যন্ত্ৰকাৰী এতিয়াও ধৰা পৰা নাই।
 

এই ঘটনাৰ আটাইতকৈ গভীৰ প্ৰভাৱ পৰিছিল সেই পৰিয়ালবোৰৰ ওপৰত, যিসকলে নিজৰ আপোনজনক হেৰুৱাইছিল। হাৰিয়ানাৰ কৰনাল নিবাসী শ্বহীদ নৌসেনা বিষয়া বিনয় নৰৱালৰ পৰিয়ালটোৱে আজিও সেই যন্ত্ৰণাৰ পৰা মুক্তি পোৱা নাই। তেওঁৰ পিতৃ ৰাজেশ নৰৱালে কয় যে কেৱল উশাহ লৈ থকাটোৱেই জীৱন নহয়। ভিতৰৰ পৰা ভাঙি পৰাটোও মৃত্যুৰেই সমাৰ্থক।
 
তেওঁ জনায় যে পুত্ৰৰ বিয়াৰ কেইদিনমানৰ পাছতেই এই শোকাৱহ ঘটনাটো ঘটিছিল। ঘৰখনত আনন্দৰ পৰিৱেশ বিৰাজ কৰিছিল। হঠাতে সকলো শেষ হৈ গৈছিল। এতিয়া ঘৰখনত কেৱল নিস্তব্ধতা আৰু কিছুমান স্মৃতিহে বাকী আছে। তেওঁ কয় যে সময়ৰ লগে লগে মানুহৰ আহ-যাহ কমি আহিল সঁচা, কিন্তু তেওঁলোকৰ যন্ত্ৰণা অকণো কমা নাই। প্ৰতিটো দিন, প্ৰতিটো নিশাই সেই স্মৃতিবোৰে তেওঁলোকক কন্দুৱায়। তেওঁলোকৰ মাত্ৰ এটাই ইচ্ছা- তেওঁলোকৰ পুত্ৰৰ নাম চিৰদিনৰ বাবে জীয়াই থাকক। তেওঁৰ জন্মদিনত তেওঁলোকে সমাজ সেৱাৰ কাম কৰাৰ পৰিকল্পনা কৰিছে। গভীৰ দুখৰ মাজতো এয়া নিজৰ পুত্ৰৰ স্মৃতিক জীয়াই ৰখাৰ এক প্ৰয়াস।
 

ইফালে, বৈছৰন উপত্যকা আজিও বন্ধ হৈয়ে আছে। নিৰাপত্তাজনিত কাৰণত ইয়াক বৰ্তমানলৈকে পৰ্যটকৰ বাবে মুকলি কৰা হোৱা নাই। প্ৰশাসনৰ মতে, যেতিয়ালৈকে সম্পূৰ্ণৰূপে নিৰাপদ ব্যৱস্থা গঢ়ি নুঠিব, তেতিয়ালৈকে ইয়াক মুকলি কৰাটো উচিত নহ'ব। তালৈ যোৱা পথবোৰত কটকটীয়া পহৰা দিয়া হৈছে আৰু ভৱিষ্যতে যাতায়াতৰ সুবিধাৰ বাবে পথ নিৰ্মাণৰ পৰিকল্পনাও হাতত লোৱা হৈছে।
 
এবছৰৰ পাছত পহলগামৰ দৃশ্যপট কিছু সলনি হৈছে সঁচা, কিন্তু সম্পূৰ্ণৰূপে নহয়। ইয়াত এতিয়াও যন্ত্ৰণা আছে আৰু লগতে আছে আশাও। মানুহে বিচাৰে যে পৰ্যটকসকল আকৌ উভতি আহক, বজাৰবোৰ পুনৰ জীপাল হৈ পৰক আৰু উপত্যকাটোত পুনৰ মানুহৰ হাঁহিৰ জোৱাৰ উঠক। তেওঁলোকে লগতে এয়াও বিচাৰে যে সেই দিনটোৰ স্মৃতি কেতিয়াও ম্লান নপৰক, যাতে ভৱিষ্যতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয়।
 

বেলি লহিওৱাৰ লগে লগে যেতিয়া পহলগামৰ পৰ্বতমালাই এন্ধাৰৰ ওৰণি লয়, তেতিয়া তাৰ ৰাস্তা-ঘাটবোৰত এক গভীৰ নিস্তব্ধতা নামি আহে। কিন্তু এই চেঁচা নিস্তব্ধতাৰ বুকুতো সজীৱ হৈ আছে এক মিঠা আশাৰ বীজ। এয়া এনে এক আশা, যিয়ে সপোন দেখে যে এদিন সকলোবোৰ আকৌ আগৰ দৰেই ধুনীয়া হৈ পৰিব। ভয়ৰ ক’লা ডাৱৰ ফালি আকৌ এবাৰ বিয়পি পৰিব আনন্দৰ ৰেঙনি।
 
পহলগামৰ এই কাহিনীটো কেৱল এক ৰক্তক্ষয়ী আক্ৰমণৰ ইতিহাস নহয়; এয়া হৈছে মানৱতাৰ অদম্য শক্তি, বুকু ফালি যোৱা যন্ত্ৰণা আৰু এন্ধাৰ নাশি কঢ়িয়াই অনা আশাৰ পোহৰৰ এক জীৱন্ত গাথা। ই আমাক সোঁৱৰাই দিয়ে যে- সন্ত্ৰাসবাদৰ উদ্দেশ্য যিমানেই নিষ্ঠুৰ আৰু ভয়ংকৰ নহওক কিয়, মানৱতাৰ জয়গান সদায় তাৰ উৰ্ধ্বত।