আৱাজ - দ্য ভইচ ব্যুৰ’
২০১৬ চনত সংঘটিত এক পথ দুৰ্ঘটনাত বেচেলৰ অৱ ডেণ্টেল ছাৰ্জাৰী (BDS) পাঠ্যক্ৰম গ্ৰহণ কৰি থকা আথিৰা সুগথানে হুইলচেয়াৰৰ জীৱন আঁকোৱালি ল’বলগীয়া হোৱাৰ লগতে দুবছৰ ধৰি তেওঁ স্মৃতিশক্তিও হেৰুৱাই পেলাইছিল। এনে পৰিস্থিতিয়ে আন যিকোনো মানুহক মানসিকভাৱে ভাঙি পেলালেহেঁতেন, কিন্তু আথিৰাই সকলো বাধাৰ বিৰুদ্ধে যুঁজ দি তেওঁৰ দুখ আৰু হেৰুওৱাৰ এই কাহিনীটোক অসামৰিক সেৱাৰ সপোন পূৰণৰ এক সোপানলৈ ৰূপান্তৰিত কৰিলে। শুকুৰবাৰে যেতিয়া UPSC CSE ২০২৫ ৰ ফলাফল ঘোষণা কৰা হ'ল, তেতিয়া আথিৰাই ৪৮৩ সংখ্যক স্থান লাভ কৰে। এয়া আছিল তেওঁৰ চতুৰ্থটো প্ৰচেষ্টা।
কোঝিকোড়ৰ বাসিন্দা ৩০ বছৰীয়া আথিৰা ২০১৬ চনৰ ফেব্ৰুৱাৰী মাহত বেংগালুৰুত এক পথ দুৰ্ঘটনাত পতিত হৈছিল। তেওঁ অধ্যয়ন কৰি থকাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হৈছিল। কেইবামাহো ধৰি চিকিৎসাৰ অন্তত তেওঁ কোঝিকোড়লৈ উভতি আহে।
তেওঁ কয়, "দুবছৰ ধৰি মই স্মৃতিশক্তি হেৰুৱাইছিলো। মই যে বি ডি এছ পঢ়ি আছিলো সেয়াও পাহৰি গৈছিলো। কিন্তু আয়ুৰ্বেদিক চিকিৎসাৰ পিছত মোৰ স্মৃতিশক্তি লাহে লাহে ঘূৰি আহিল আৰু মই মোৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত ল'লোঁ। মই বেংগালুৰুৰ কলেজখনলৈ উভতি গ'লোঁ, য'ত মোৰ পৰিয়ালে মোৰ যত্ন ল'বলৈ এগৰাকী পৰিচাৰিকা (কেয়াৰটেকাৰ)ৰ ব্যৱস্থা কৰি দিছিল। মই প্ৰথম তিনি বছৰৰ পাঠবোৰ পাহৰি গৈছিলো, কিন্তু অৱশেষত মই য'ৰ পৰা এৰিছিলো তাৰ পৰাই আৰম্ভ কৰিলোঁ আৰু পাঠ্যক্ৰমটো সম্পূৰ্ণ কৰিলোঁ।"
কেৰালাৰ আথিৰা সুগথান পৰিয়ালৰ সৈতে
পৰৱৰ্তী জীৱন সলনি কৰা ক্ষণটো (turning point) আহিছিল ২০২০ চনত, যেতিয়া আথিৰা কোঝিকোড়লৈ উভতি আহে আৰু বিশেষভাৱে সক্ষম লোকসকলৰ মাজত কাম কৰা এটা বেচৰকাৰী সংস্থা (NGO)ত স্বেচ্ছাসেৱক হিচাপে যোগদান কৰে। তেওঁ কয়, "সেই সময় আছিল ক'ভিড-১৯ ৰ সময়। মোৰ দৰে বিশেষভাৱে সক্ষম লোকসকলৰ সমস্যা আৰু অসুবিধাসমূহ মই বুজিব পাৰিছিলো। এক বৃহৎ পৰিসৰত কাম কৰাৰ মোৰ এটা সপোন আছিল আৰু মই সমাজৰ বাবে কিবা এটা কৰাৰ হাবিয়াস কৰিছিলো, যিয়ে মোক অসামৰিক সেৱাৰ বিষয়ে ভাবিবলৈ প্ৰেৰণা যোগাইছিল।"
তাৰ পিছত আথিৰাই তিৰুৱনন্তপুৰমস্থিত 'এবছলিউট আই এ এছ একাডেমী' (Absolute IAS Academy) ত যোগদান কৰে। ইউ পি এছ চি উত্তীৰ্ণ হ'বলৈ বিচৰা শাৰীৰিকভাৱে বাধাগ্ৰস্ত শিক্ষাৰ্থীসকলৰ বাবে এই একাডেমীখনৰ 'বাটাৰফ্লাই' (Butterfly) নামৰ এটা বিশেষ কাৰ্যসূচী আছিল। মালয়ালম ভাষাক বৈকল্পিক বিষয় (optional subject) হিচাপে লৈ আথিৰাই অনলাইনযোগে ক্লাছসমূহ কৰিছিল। মাজে-সময়ে তেওঁ নিজৰ পিতৃ-মাতৃ আৰু মিনিৰ সহায়ত তিৰুৱনন্তপুৰমলৈ গৈছিল, দুয়ো বৃত্তিগতভাৱে এল আই চি (LIC) এজেণ্ট।
সন্মুখৰ পথটো সহজ নাছিল, কিন্তু আথিৰাই তেওঁৰ ভনীয়েক আনাঘাৰ পৰা যথেষ্ট সহায় পাইছিল। সেই সময়ত বি এছ চি (BSc) মনোবিজ্ঞানৰ ছাত্ৰী আনাঘাই মাজবাটতে ডিগ্ৰী পাঠ্যক্ৰম এৰি দি বি এছ চি নাৰ্ছিং পঢ়াৰ সিদ্ধান্ত লয় যাতে তেওঁ বায়েকৰ যত্ন ল'ব পাৰে। আনাঘাই শেহতীয়াকৈ এই পাঠ্যক্ৰমটো সম্পূৰ্ণ কৰিছে। আথিৰাই কয়, "মই মোৰ ভনীয়েকৰ ওচৰত ঋণী, যাৰ ত্যাগ আৰু নিষ্ঠাই মোক সহায় কৰিছিল। ইউ পি এছ চিৰ সাক্ষাৎকাৰত তেওঁলোকে মোক সুধিছিল যে মোৰ আটাইতকৈ ভাল বন্ধু কোন। মই তেওঁলোকক কৈছিলো যে মোৰ ভনীয়েকেই মোৰ আটাইতকৈ ভাল বন্ধু।"
এগৰাকী আই এ এছ (IAS) বিষয়া হোৱাৰ ইচ্ছা পুহি ৰখা আথিৰাই কয় যে যদিহে তেওঁ এইবাৰ যোগ্যতা অৰ্জন কৰিব নোৱাৰে, তেন্তে তেওঁ পুনৰবাৰ চেষ্টা কৰিব। তেওঁ কয়, "এই দুৰ্যোগে মোৰ ভিতৰৰ এগৰাকী সাহসী ব্যক্তিক উলিয়াই আনিলে। মই সিদ্ধান্ত লৈছিলো যে ডাঙৰ সপোন দেখাৰ ক্ষেত্ৰত হুইলচেয়াৰৰ জীৱন মোৰ বাবে কেতিয়াও বাধা হ'ব নালাগে।"