শান্তিপ্ৰিয় ৰায়চৌধুৰী
নিৰ্বাচনী গৰম বতাহৰ মাজতে বংগৰ সাঁতোৰ প্ৰেমীসকলৰ বাবে এক আনন্দৰ খবৰ আহি পৰিছে। ৰাজনৈতিক হুলস্থুলৰ পৰা বহু যোজন দূৰত, নীলা পানীৰ বুকুত কঠোৰ সাধনাত মগ্ন হৈছে মেদিনীপুৰৰ অদম্য কন্যা আফ্ৰিন জাবি। আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ ইতিহাসৰ প্ৰথমগৰাকী ছাত্ৰী তথা পশ্চিম মেদিনীপুৰৰ বৰ্তমানৰ 'ইলেকচন আইকন' আফৰিনে অহা মে’ মাহত শ্ৰীলংকা আৰু ভাৰতৰ মাজৰ ভাৰত মহাসাগৰৰ পক প্ৰণালী অতিক্ৰম কৰিবলৈ সাজু হৈছে। মে’ মাহৰ ৪ তাৰিখৰ পৰা ১৪ তাৰিখৰ ভিতৰত যিদিনাই বতৰ অনুকূল হ’ব, সেইদিনাই চেনেল কৰ্তৃপক্ষই তেওঁক পানীত নামিবলৈ নিৰ্দেশ দিব।
ইংলিছ চেনেল জয় কৰাৰ পিছত এইবাৰ আফ্ৰিনৰ একমাত্ৰ লক্ষ্য হৈছে শ্ৰীলংকা আৰু ভাৰতৰ মাজৰ পক প্ৰণালী জয় কৰা। এই উদ্দেশ্য আগত লৈ ১ মে’ তাৰিখে তেওঁ ঘৰৰ পৰা যাত্ৰা আৰম্ভ কৰিব আৰু চেন্নাইৰ ৰামেশ্বৰমত উপস্থিত হ’ব, য’ৰ পৰা তেওঁৰ এই দুঃসাহসিক অভিযান আৰম্ভ হ’ব।
উল্লেখ্য যে, যোৱা ২৯ জুলাইত মাত্ৰ ১৩ ঘণ্টা ৪৫ মিনিট সময়ৰ ভিতৰত ইংলিছ চেনেল অতিক্ৰম কৰিছিল ২৩ বছৰীয়া এইগৰাকী প্ৰতিভাশালী সাতোঁৰবিদে। এইবাৰ তেওঁ মাত্ৰ ৮ৰ পৰা ১০ ঘণ্টাৰ ভিতৰত পক প্ৰণালী অতিক্ৰম কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।
বৰ্তমান ইংলিছ চেনেল বিজয়ী আফ্ৰিনে দিন-ৰাতি একাকাৰ কৰি মেদিনীপুৰৰ চুইমিং পুলত অনুশীলন চলাই আছে। আফ্ৰিনে কয়- "মই জানো যে এই প্ৰণালী অতিক্ৰম কৰাটো সহজ নহ’ব। যাত্ৰাপথত যিদৰে তীব্ৰ সোঁত আছে, তেনেদৰে পানীৰ উষ্ণতাও উঠা-নমা কৰি থাকে। ইয়াৰ উপৰি জেলি ফিছৰো আতংক আছে। এই সকলোবোৰ প্ৰত্যাহ্বান নেওচিয়েই মই আগবাঢ়িব লাগিব।"
অহা মে’ মাহৰ ৪ ৰ পৰা ১০ মে'ৰ ভিতৰত তেওঁ পক প্ৰণালী অতিক্ৰম কৰিবলৈ পানীত নামিব। যিদিনাই বতৰ সুচল হ’ব, সেইদিনাই ভাৰতৰ নিৰ্দিষ্ট স্থানৰ পৰা আফ্ৰিনে যাত্ৰা আৰম্ভ কৰিব।
ইংলিছ চেনেল অতিক্ৰম কৰাৰ সময়ত সকলো খৰচ তেওঁ নিজে বহন কৰিছিল। দেউতাকৰ ব্যৱসায়ৰ পৰা সঞ্চয় কৰা প্ৰায় ৩০ লাখ টকা সেইবাৰ খৰচ হৈছিল। কিন্তু এইবাৰ তেনে নহয়। পক প্ৰণালী জয়ৰ বাবে প্ৰয়োজনীয় প্ৰায় ৬ লাখ টকাৰ সমুদায় খৰচ মেদিনীপুৰ চহৰৰে ‘মেদিনীপুৰ আই ৰোটাৰী হাস্পতাল’ কৰ্তৃপক্ষই বহন কৰিব।
আফ্ৰিনৰ ঘৰ মেদিনীপুৰৰ দেৱান বাবাৰ চকত। পিতৃ শ্বেখ পিয়াৰ আলী আৰু মাতৃ ছাবিনা পাৰবীনে জীয়েকৰ সাতোঁৰত সদায় সৰ্বতোপ্ৰকাৰে সহযোগ কৰি আহিছে। আফ্ৰিনে কথাৰ মাজতে জনায় যে, জনপ্ৰিয় উপন্যাস ‘কোনি’ৰ খীদ্দাৰ দৰেই তেওঁৰ জীৱনৰ পথপ্ৰদৰ্শক হ’ল তেওঁৰ দেউতাক। পানীৰ প্ৰবল সোঁতৰ মাজতো যিগৰাকী পিতৃয়ে সাহস দি চিঞৰি থাকে- ‘ফাইট জাবি, ফাইট!’
২০২৫ চনৰ ২৯ জুলাইত আফ্ৰিনে ইংলিছ চেনেল জয় কৰিছিল। তেওঁৰ একমাত্ৰ অস্ত্ৰ হ’ল কঠোৰ শাৰীৰিক পৰিশ্ৰম, অধ্যৱসায় আৰু মানসিক দৃঢ়তা। সেই আত্মবিশ্বাসৰ ওপৰত ভৰসা কৰিয়েই বংগৰ এই অসাধাৰণ প্ৰতিভাশালী সাতোঁৰবিদ আফ্ৰিন জাবিয়ে এইবাৰ পক প্ৰণালী জয়ৰ লক্ষ্যৰে আগুৱাই যাব বিচাৰিছে।