হাইলাকান্দিৰ ভাস্কৰ্য শিল্পী ড০ বিনয় প'ললৈ 'ঠাকুৰ ৰাষ্ট্ৰীয় বৃত্তি' প্ৰদান

Story by  Satananda Bhattacharjee | Posted by  Munni Begum • 1 h ago
ভাস্কৰ্য শিল্পী ড০ বিনয় প'ললৈ 'ঠাকুৰ ৰাষ্ট্ৰীয় বৃত্তি' প্ৰদান
ভাস্কৰ্য শিল্পী ড০ বিনয় প'ললৈ 'ঠাকুৰ ৰাষ্ট্ৰীয় বৃত্তি' প্ৰদান

শতানন্দ ভট্টাচাৰ্য্য
 
দক্ষিণ অসমৰ হাইলাকান্দি জিলাৰ প্ৰসিদ্ধ ভাস্কৰ্য শিল্পী ৰবিন প'লৰ পুত্ৰ বিশিষ্ট ভাস্কৰ্য শিল্পী ড০ বিনয় প'লক কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয়ে ২০২৫-২৬ বৰ্ষৰ বাবে প্ৰসিদ্ধ ঠাকুৰ ৰাষ্ট্ৰীয় বৃত্তিৰ বাবে মনোনীত কৰিছে। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬৫সংখ্যক জন্ম বাৰ্ষিকীত এই অঞ্চলটোৰ বঙালী লোকসকলৰ বাবে এয়া নিশ্চয় গৌৰৱৰ কথা। 
 
বঙালী অধ্যুষিত বৰাক উপত্যকাৰ কলা জগতৰ বাবে ই নিশ্চিতভাৱে এক বৃহৎ স্বীকৃতি। উত্তৰ-পূব ভাৰতৰ ৰাজহুৱা কলা বা গণ কলা সম্পৰ্কীয় গৱেষণাৰ বাবে তেওঁক এই ফেল'শ্বিপ প্ৰদান কৰা হৈছে। 
 
বিনয় প'ল উত্তৰ-পূব ভাৰতৰ কলা জগতৰ দীৰ্ঘদিনীয়া পৰিচিত নাম। কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয়ৰ 'টাগোৰ নেচনেল ফেল'শ্বিপ ফৰ কালচাৰেল ৰিচাৰ্ছ' প্ৰকল্পৰ অধীনত তেওঁ অহা দুবছৰলৈ নতুন দিল্লীৰ ললিত কলা একাডেমীত উত্তৰ-পূব ভাৰতৰ ৰাজহুৱা শিল্পকলাৰ ওপৰত গৱেষণা চলাব। 
 
তেওঁৰ গৱেষণাত গুৰুত্ব দিয়া হ'ব যে, স্বাধীনতাৰ পূৰ্বৰ আৰু পৰৱৰ্তী সামাজিক আৰু অৰ্থনৈতিক পৰিৱৰ্তনসমূহ ভাস্কৰ্য, দেৱাল আৰু অন্যান্য গণ কলা প্ৰদৰ্শনত কেনেদৰে প্ৰতিফলিত হৈছিল। 
 
তেওঁৰ ভাস্কৰ্যৰ কাম দেশ-বিদেশত প্ৰশংসিত হৈছে। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও প্ৰদৰ্শনীত অংশগ্ৰহণ কৰাৰ উপৰিও তেওঁ বহুতো সন্মান আৰু বঁটা লাভ কৰিছে। তেওঁ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় কলা আবাসতো অংশগ্ৰহণ কৰিছে। তেওঁৰ গৱেষণা প্ৰবন্ধ ইতিমধ্যে ভাৰত আৰু বিদেশৰ বিভিন্ন আলোচনীত প্ৰকাশিত হৈছে।
 
তেওঁ প্ৰথমে শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ৰ ভিজুৱেল আৰ্টছ বিভাগৰ পৰা ভাস্কৰ্য শিল্পত উচ্চ শিক্ষা গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত একেটা বিভাগৰ ড° গণেশ নন্দীৰ তত্বাৱধানত বৰাক উপত্যকাৰ প্ৰখ্যাত ভাস্কৰ্য শিল্পী সুষেন ঘোষৰ কামৰ ওপৰত গৱেষণা কৰি পিএইচডি ডিগ্ৰী লাভ কৰে। 
 
শেহতীয়াকৈ, তেওঁ  ইতিহাস বিভাগৰ অধ্যাপক ডঃ সুপৰ্না ৰায়ৰ তত্ত্বাৱধানত ডক্টৰেট ডিগ্ৰীও সম্পূৰ্ণ কৰিছে। তেওঁৰ সফলতাই অসম বিশ্ববিদ্যালয় আৰু বৰাক উপত্যকাৰ কলা-সংস্কৃতিৰ মাজত এক আনন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে। 
 
বিনয় প'লে কয় যে, বৰাক উপত্যকাৰ ভূমি, জনসাধাৰণ আৰু সামাজিক বাস্তৱৰ সৈতে গভীৰ সম্পৰ্ক ৰক্ষা কৰি তেওঁ নিজৰ এক কলা জগত গঢ়ি তুলিছে। তেওঁ লগতে কয় যে, তেওঁ গৱেষণাৰ লগতে সৃজনীমূলক কামতো সমানে মনোনিৱেশ কৰিব।