য়ানা মিৰঃ পাকিস্তানৰ অপপ্ৰচাৰ ওফৰাই পেলোৱা কাশ্মীৰৰ এগৰাকী নিৰ্ভীক সাংবাদিক

Story by  Aasha Khosa | Posted by  Munni Begum • 1 h ago
কাশ্মীৰৰ এগৰাকী নিৰ্ভীক সাংবাদিক য়ানা মিৰ
কাশ্মীৰৰ এগৰাকী নিৰ্ভীক সাংবাদিক য়ানা মিৰ
 
  আশা খোছা
 
পাকিস্তানৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদ শিপাই থকা কাশ্মীৰৰ অস্থিৰতাই অগণন লোকৰ জীৱনত গভীৰ প্ৰভাৱ পেলাইছে। কিন্তু এই অস্থিৰতাৰ মাজতো এনে কিছুমান সাহসী কণ্ঠ আছে, যিয়ে সকলো প্ৰত্যাহ্বান নেওচি সত্যক পৃথিৱীৰ আগত তুলি ধৰিবলৈ সাহস কৰে। তেনে এক বলিষ্ঠ কণ্ঠৰ নাম য়ানা মিৰ, যিয়ে দীৰ্ঘদিন ধৰি উপত্যকাটোৰ ভিতৰৰ পৰাই চলি অহা একপক্ষীয় আখ্যানক প্ৰত্যাহ্বান জনাই আহিছে।
 
পাকিস্তানৰ সন্ত্ৰাসবাদ-সমৰ্থক পৰিৱেশটোক যদি কোনোবা এখন কাশ্মীৰী মুখে অস্থিৰ কৰি তুলিছে, তেন্তে সেয়া হৈছে য়ানা মিৰৰ। কাশ্মীৰত জন্মগ্ৰহণ কৰা আৰু মুম্বাইত শিক্ষালাভ কৰা এইগৰাকী সাংবাদিক, মিডিয়া উদ্যোগী তথা সমাজকৰ্মীয়ে ২০২০ চনত কাশ্মীৰলৈ উভতি অহাৰ পিছৰে পৰা নিজৰ বাবে এক সুকীয়া পথ গঢ়ি তুলিছে।
 
 
মধ্য কাশ্মীৰৰ এখন গাঁৱত সন্ত্ৰাসবাদীৰ হাতত নিহত হোৱা এজন আৰক্ষীৰ পৰিয়ালৰ বিষয়ে কৰা এটা প্ৰতিবেদনৰ জৰিয়তে মই প্ৰথম তেওঁক লক্ষ্য কৰিছিলো। ইয়াত তেওঁক আটাইতকৈ বেছি আচৰিত কৰা কথাটো কেৱল দুখজনক ঘটনাটোৱে নাছিল, বৰং পৰিয়ালটোৱে আৰক্ষীজনৰ ত্যাগক স্বীকাৰ কৰিবলৈ কৰা কুণ্ঠাবোধহে আছিল।
 
য়ানাই মনত পেলাই কয়, "তেওঁলোকে তেওঁৰ বলিদানক আঁকোৱালি ল'ব বিচৰা নাছিল। তেওঁলোকে মোক এনে এটা ধাৰণা দিছিল যেন শ্বহীদগৰাকীয়ে কিবা ভুলহে কৰিছিল। পৰিয়ালটোৱে জোৰ দিছিল যে আৰক্ষীজনৰ পত্নীয়ে কোনো কাৰণতে মোৰ লগত কথা পাতিব নালাগে।"
 
বাধা থকাৰ পিছতো তেওঁ নেৰানেপেৰা প্ৰচেষ্টা চলাই গৈছিল আৰু অৱশেষত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা লোকজন অৰ্থাৎ বিধৱা পত্নীগৰাকীৰ সৈতে কথা পাতিছিল। সন্ধিয়াৰ নামাজৰ পিছত মছজিদৰ পৰা উভতি অহাৰ সময়ত অচিনাক্ত সন্ত্ৰাসবাদীয়ে সেই আৰক্ষীজনক গুলীয়াই হত্যা কৰিছিল।
 
য়ানা কাশ্মীৰৰ প্ৰথমগৰাকী সাংবাদিক হিচাপে পৰিগণিত হয় যিয়ে এগৰাকী শ্বহীদৰ বিধৱা পত্নীৰ কণ্ঠক আগুৱাই আনিছিল আৰু সন্ত্ৰাসবাদী নেটৱৰ্ক আৰু তেওঁলোকৰ সমৰ্থকসকলৰ ভয় আৰু সামাজিক চাপে কেনেকৈ এনে কাহিনীক নীৰৱ কৰি ৰাখে, সেয়া উদঙাই দিছিল। এই ভয় আৰু প্ৰচাৰৰ মানসিক প্ৰভাৱ ইমানেই গভীৰ আছিল যে বহুতো কাশ্মীৰীয়ে এজন সন্ত্ৰাসবাদী আৰু এজন ছহিদৰ মাজত পাৰ্থক্য উলিয়াবলৈ কুণ্ঠাবোধ কৰিছিল। এনেকুৱা কাহিনীবোৰ আন ঠাইত হয়তো সাধাৰণ কথা হ'ব পাৰে, কিন্তু সেই সময়ত কাশ্মীৰত এইবোৰ প্ৰায় নিষিদ্ধ আছিল।
 
ঈদৰ প্ৰাকক্ষণত যেতিয়া তেওঁ পাকিস্তান অধিকৃত কাশ্মীৰ (PoK)ৰ এজন ভ্লগাৰৰ সৈতে মিলি কাম কৰিছিল, তেতিয়া তেওঁৰ কামে সমগ্ৰ উপমহাদেশতে ব্যাপক চৰ্চা লাভ কৰিছিল। এটা পোনপটীয়া তুলনামূলক প্ৰতিবেদনত, তেওঁ শ্ৰীনগৰৰ বজাৰৰ পৰা লাইভ হৈ অত্যাৱশ্যকীয় সামগ্ৰী যেনে- শাক-পাচলি, মাংস আৰু খোৱাতেলৰ দাম পৰীক্ষা কৰিছিল, আনহাতে ভ্লগাৰজনে নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰে একেই কাম কৰিছিল।
 
কাশ্মীৰৰ মহিলা শিপিনীৰ সকলৰ সৈতে কৰা সভাত ভাষণ দিয়া অৱস্থাত য়ানা মিৰ
 
দুয়োখন ঠাইৰ পাৰ্থক্য আছিল অতি স্পষ্ট। PoK ৰ চহৰসমূহত বস্তুবোৰৰ দাম সাধাৰণ নাগৰিকৰ ঢুকি পোৱাৰ বহু বাহিৰত আছিল, যিয়ে ভ্লগাৰজনক স্পষ্টভাৱে আচৰিত কৰি তুলিছিল। এই ভিডিঅ'টোৱে কাশ্মীৰৰ অৰ্থনৈতিক অৱস্থাৰ বিষয়ে দীৰ্ঘদিন ধৰি চলি অহা আখ্যানক প্ৰত্যাহ্বান জনাইছিল আৰু ভাইৰেল হৈ লাখ লাখ ভিউজ লাভ কৰিছিল। য়ানাই কয়, "সেইটোৱেই প্ৰথমবাৰ আছিল যেতিয়া মোৰ ভিডিঅ'টো ইমান বৃহৎ সংখ্যক দৰ্শকৰ মাজলৈ গৈছিল।"
 
য়ানাৰ নিজৰ যাত্ৰাৰ আৰম্ভণি হৈছিল স্থানান্তৰকৰণৰ মাজেৰে। মূলতঃ দক্ষিণ কাশ্মীৰৰ অনন্তনাগৰ বাসিন্দা তেওঁৰ পৰিয়ালটো ৯০ দশকৰ অস্থিৰতাৰ সময়ত প্ৰব্ৰজন কৰা হাজাৰ হাজাৰ লোকৰ ভিতৰত অন্যতম আছিল। "মুম্বাইত নতুনকৈ জীৱন গঢ়িবলৈ মোৰ পিতৃ-মাতৃয়ে যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছিল।"- তেওঁ কয়।
 
তেওঁ মুম্বাইতে স্কুলীয়া শিক্ষা আৰু MBA সম্পূৰ্ণ কৰিছিল আৰু এটা বহুজাতিক কোম্পানীত কাম কৰি আছিল, কিন্তু ক'ভিড-১৯ মহামাৰীয়ে তেওঁৰ কেৰিয়াৰত ব্যাঘাত জন্মায়। তেওঁ কয়, "কাশ্মীৰত থকা বন্ধুবৰ্গই মোক উভতি আহি পৰিৱৰ্তনৰ অংশীদাৰ হ'বলৈ পৰামৰ্শ দিছিল।"
 
তেওঁৰ প্ৰত্যাৱৰ্তনৰ সময়তেই এক ঐতিহাসিক ঘটনা ঘটিছিল- ৩৭০ ধাৰা বাতিলকৰণ। য়ানা আৰু তেওঁৰ দৰে বহুতৰ বাবে, ই একত্ৰীকৰণ আৰু সুযোগৰ এক নতুন পৰ্যায়ৰ ইংগিত দিছিল। তেওঁ কয়, "সেই সময়খিনি অতি ৰোমাঞ্চকৰ আছিল। মই সেই পৰিৱৰ্তনৰ অংশ হ'ব বিচাৰিছিলো।’’
 
কাশ্মীৰলৈ উভতি আহি তেওঁ 'ৰিয়েল কাশ্মীৰ' পৰ্টেলত যোগদান কৰে আৰু ছ'চিয়েল মিডিয়াত ক্ৰমান্বয়ে সক্ৰিয় হৈ পৰে, য'ত তেওঁ অঞ্চলটোৰ পৰিৱৰ্তনসমূহ লিপিৱদ্ধ কৰিবলৈ লয়। অৱশ্যে, তেওঁৰ এই যাত্ৰা ইমান মসৃণ নাছিল।
 
বৰ্তমান ৰিয়েল কাশ্মীৰ (TRK) গ্ৰুপৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO) য়ানাই কয়, "আমাৰ বাতৰি পৰিৱেশনৰ বাবে আমালৈ বহুতো আইনী জাননী আৰু ভাবুকি আহিছিল। কাশ্মীৰৰ পৰা প্ৰকৃত কাহিনীবোৰ ওলাই অহাত বাধা দিবলৈ আমাৰ ওপৰত হেঁচা প্ৰয়োগ কৰা হৈছিল।" এই গ্ৰুপটোৱে বৰ্তমান এটা নিউজ চেনেল, এখন দৈনিক কাকত আৰু ডিজিটেল প্লেটফৰ্ম পৰিচালনা কৰে।
 
কোনো কুণ্ঠাবোধ নকৰাকৈ নিজৰ পৰিচয় দাঙি ধৰা স্বভাৱটোৱেই তেওঁৰ ৰাজহুৱা ব্যক্তিত্বক সংজ্ঞায়িত কৰিছে। ইয়াৰ ফলতেই তেওঁ বিশ্বব্যাপী স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। ২০২৪ চনৰ ২৪ ফেব্ৰুৱাৰীত তেওঁক ব্ৰিটেইনৰ সংসদত ভাষণ দিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল, য'ত তেওঁ নিজকে মালালা ইউছুফজাইৰ সৈতে তুলনা কৰিবলৈ অস্বীকাৰ কৰি শিৰোনাম দখল কৰিছিল।
 
উপস্থিত দৰ্শকৰ বহুতকে আচৰিত কৰি তেওঁ কৈছিল, "মই কোনো মালালা নহয়। অনুগ্ৰহ কৰি মোক তেওঁৰ লগত তুলনা নকৰিব।" তেওঁ বিশদভাৱে কয়, "মালালাৰ বিপৰীতে, মই মোৰ জন্মভূমিত বাস কৰি আছো। মোৰ প্ৰতি কোনো ভাবুকি নাই। মই মোৰ দেশত নিৰাপদ অনুভৱ কৰোঁ।"
 
ব্ৰিটেইনৰ সংসদত য়ানা মিৰ
 
সভাত ভাষণ দি তেওঁ লগতে কয়, "মই কাশ্মীৰত বাস কৰোঁ, মোৰ দেশ ভাৰতত মই মুক্ত আৰু নিৰাপদ। মোক কেতিয়াও আন ঠাইত আশ্ৰয় লোৱাৰ প্ৰয়োজন নহ'ব। অনুগ্ৰহ কৰি ধৰ্মৰ নামত ভাৰতীয়সকলক মেৰুকৰণ কৰা বন্ধ কৰক।" য়ানাই বহুতো থিংক-টেংক আৰু 'টেডএক্স' (TedX) ৰ মঞ্চতো ভাষণ প্ৰদান কৰিছে।
 
সাংবাদিকতাৰ বাহিৰেও য়ানাই কাশ্মীৰৰ অৰ্থনৈতিক পুনৰুজ্জীৱনৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। তেওঁ বিশ্বাস কৰে যে এই অঞ্চলটো উদ্যোগ আৰু ব্যৱসায়ৰ কেন্দ্ৰলৈ ৰূপান্তৰিত হ'ব লাগে। তেওঁ উল্লেখ কৰে, "মই এগৰাকী প্ৰশিক্ষণপ্ৰাপ্ত ইনভেষ্টমেণ্ট বেংকাৰ, কিন্তু মই উপলব্ধি কৰিলোঁ যে বৃহৎ উদ্যোগৰ অভাৱৰ বাবে মোৰ সেই দক্ষতাবোৰৰ ইয়াত বিশেষ প্ৰয়োগ নাই।"
 
সমাজলৈ বৰঙণি যোগোৱাৰ দৃঢ় সংকল্প লৈ তেওঁ 'NourZuw' নামৰ এটা সৰু ব্যৱসায়িক প্ৰতিষ্ঠান আৰম্ভ কৰে, যিয়ে স্থানীয়ভাৱে উপলব্ধ উল আৰু ৰেচম ব্যৱহাৰ কৰি পৰম্পৰাগত 'ফেৰান' উৎপাদন কৰে। ইয়াত এম্ব্ৰইডাৰী আৰু ডিজাইনৰ বাবে কাশ্মীৰী শিপিনীসকলক নিয়োজিত কৰা হৈছে। তেওঁ কয়, "বহুতো ভাৰতীয়ই ফেশ্বন ষ্টেটমেণ্ট হিচাপে পাকিস্তানী চুট কিনে। মই তেওঁলোকক ইয়াৰ পৰিৱৰ্তে কাশ্মীৰী চুট কিনিবলৈ উৎসাহিত কৰিব বিচাৰোঁ, কাৰণ কাশ্মীৰ তেওঁলোকৰ নিজৰ হয়।"
 
য়ানাই কয় যে তেওঁৰ সংবাদ প্ৰতিষ্ঠানটোক "প্ৰকৃত কাশ্মীৰ" দেখুৱাবলৈ পৰিচালনা কৰাৰ সমান্তৰালকৈ, তেওঁ কাশ্মীৰত এক শক্তিশালী ব্যক্তিগত আৰু কৰ্পোৰেট খণ্ড গঢ়ি তোলাৰ দিশতো কাম কৰিব বিচাৰে। "এইটো অতি গুৰুত্বপূৰ্ণ, কাৰণ শেষত স্থানীয় ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ অৱদানৰ জৰিয়তেহে সংবাদ মাধ্যম টিকি থাকিব পাৰে।"
 
য়ানা মিৰৰ বাবে সাংবাদিকতা কেৱল বাতৰি পৰিৱেশন কৰাই নহয়, ই হৈছে প্ৰকৃত আখ্যানক পুনৰুদ্ধাৰ কৰা, দমন কৰা কণ্ঠক শক্তিশালী কৰা আৰু কাশ্মীৰৰ এক বহল আৰ্থ-সামাজিক পৰিৱৰ্তনত অৰিহণা যোগোৱা।