৮২ বছৰ বয়সতো অদম্য কৰ্মস্পৃহাঃ সমাজৰ নিস্পেষিত জনতাৰ কণ্ঠস্বৰ ছৈয়দা ছৈয়দিন হামিদ

Story by  Aasha Khosa | Posted by  Munni Begum • 4 h ago
 ছৈয়দা ছৈয়দিন হামিদ
ছৈয়দা ছৈয়দিন হামিদ
 
আশা খোছা
 
আমাৰ সমাজত এনে দৃষ্টান্ত অতি বিৰল, য'ত এগৰাকী মহিলাই সমান্তৰালভাৱে সমাজ সংস্কাৰৰ আন্দোলনৰ নেতৃত্ব দি চৰকাৰৰ সৰ্বোচ্চ পদবীত অধিষ্ঠিত হ'বলৈ সক্ষম হৈছে। বিশেষকৈ মুছলমান সমাজৰ ক্ষেত্ৰত এই হাৰ আৰু অধিক নগণ্য। কিন্তু এই সকলো প্ৰত্যাহ্বান নেওচি নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তোলা ছৈয়দা ছৈয়দিন হামিদ অন্যতম। 
 
এগৰাকী প্ৰসিদ্ধ লেখিকা, শিক্ষাবিদ, ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সদস্যা আৰু ভাৰতৰ পৰিকল্পনা আয়োগ (বৰ্তমানৰ নীতি আয়োগ)ৰ প্ৰথমগৰাকী মুছলমান মহিলা সদস্য হিচাপে তেওঁ প্ৰকৃত অৰ্থতেই এগৰাকী সৱল আৰু আদৰ্শনীয় নাৰী।
 
 
আজিও, ৮২ বছৰ বয়সত ছৈয়দিন হামিদে অবিৰতভাৱে অন্যায়ৰ বিৰুদ্ধে মাত মাতি আহিছে। ভাৰতত মানৱ অধিকাৰ ৰক্ষা আৰু নাগৰিক সমাজৰ বিভিন্ন অভিযানত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। মোহিনী গিৰি আৰু নিৰ্মলা দেশপাণ্ডেৰ সৈতে লগ লাগি তেওঁ 'মুছলিম উইমেনছ ফ'ৰাম' আৰু 'উইমেনছ ইণ্টিচিয়েটিভ ফৰ পিচ ইন ছাউথ এছিয়া'(WIPSA)ৰ প্ৰতিষ্ঠাপকসকলৰ ভিতৰত তেওঁ অন্যতম।
 
১৯৯৯ চনৰ কাৰ্গিল যুদ্ধৰ পিছত দুয়োখন দক্ষিণ এছিয় দেশৰ মাজত যুদ্ধ আৰু সংঘাতৰ পৰিৱৰ্তে মানৱতাৰ হকে থিয় দিবলৈ আৰু 'ট্ৰেক-টু' কূটনীতি অব্যাহত ৰাখিবলৈ পাকিস্তান ভ্ৰমণ কৰা WIPSA সঁজাতী দলটোৰ তেওঁ এগৰাকী গুৰুত্বপূৰ্ণ সদস্য আছিল।
 
ছৈয়দিন হামিদৰ পূৰ্বপুৰুষসকল ৮০০ বছৰ পূৰ্বে তুৰ্কী চুলতান গিয়াছুদ্দিন বলবানৰ যুগত হেৰাট (আফগানিস্তান)ৰ পৰা আহিছিল। ইছলামৰ ছুফিবাদৰ অনুগামী আৰু এগৰাকী প্ৰসিদ্ধ শিক্ষাবিদ হোৱাৰ বাবে তেওঁৰ পৰিয়ালৰ মুৰব্বীগৰাকীক ৰাজ্যখনত শিক্ষাৰ প্ৰসাৰৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল। চুলতানে তেওঁক বৰ্তমানৰ পানিপথত থিতাপি ল'বলৈ এক বিশাল উৰ্বৰ ভূমি উপহাৰ দিছিল। আমোদজনক কথাটো হ'ল, যদিও ছৈয়দিন হামিদে বৰ্তমান দক্ষিণ-পূব দিল্লীৰ জামিয়া নগৰত বসবাস কৰে, তেওঁ আজিও পানিপথক নিজৰ 'ৱতন' বা জন্মভূমি বুলি গণ্য কৰে।
 
দেশ বিভাজনৰ পূৰ্বৰ যুগত কাশ্মীৰত জন্মগ্ৰহণ কৰা ছৈয়দিন হামিদে স্কুলীয়া আৰু মহাবিদ্যালয়ৰ শিক্ষা দিল্লীতে গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ আমেৰিকাৰ হাৱাই বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। অৱশ্যে তেওঁৰ অধ্যাপনাৰ জীৱন দিল্লী বিশ্ববিদ্যালয়ৰ পৰাই আৰম্ভ হৈছিল।
 
ছৈয়দা ছৈয়দিন হামিদে পৰিকল্পনা আয়োগৰ সদস্য হিচাপে শপত গ্ৰহণ কৰাৰ এক মূহুৰ্ত
 
দিল্লী বিশ্ববিদ্যালয়ত এগৰাকী প্ৰবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰাৰ পিছত তেওঁ ১৯৭২ চনত ডক্টৰেট ডিগ্ৰী লাভ কৰিবলৈ কানাডাৰ আলবাৰ্টা বিশ্ববিদ্যালয়ত যোগদান কৰে আৰু তাত অধ্যাপনাও কৰে। পৰৱৰ্তী সময়ত, তেওঁ আলবাৰ্টা চৰকাৰৰ উচ্চ শিক্ষা আৰু জনশক্তি মন্ত্ৰীৰ কাৰ্যবাহী সহায়ক হিচাপেও কাৰ্যনিৰ্বাহ কৰে। তাতে তেওঁৰ ব্যৱসায় প্ৰশাসন আৰু বাণিজ্য অনুষদৰ অধ্যাপক এছ.এম.এ হামিদৰ সৈতে সাক্ষাৎ হয় আৰু দুয়ো বিবাহপাশত আৱদ্ধ হয়।
 
অৱশ্যে ১৯৮৪ চনত এই দম্পতীয়ে স্বদেশলৈ উভতি আহে। ভাৰতলৈ আহি তেওঁ পুনৰ নিজৰ শিপালৈ ঘূৰি যায় আৰু 'ইণ্ডিয়ান কাউন্সিল ফৰ কালচাৰেল ৰিলেচনছ' (ICCR)ৰ হৈ ছুফিবাদৰ ওপৰত গৱেষণাৰ কাম আৰম্ভ কৰে। এই ছুফিবাদেই তেওঁৰ পূৰ্বপুৰুষসকলক ভাৰতলৈ লৈ আহিছিল। ইয়াৰ সমান্তৰালভাৱে তেওঁ মুছলমান সমাজৰ আৰ্থ-সামাজিক বিষয়সমূহ আৰু মৌলানা আবুল কালাম আজাদৰ ওপৰতো গৱেষণা অব্যাহত ৰাখে।
 
শীঘ্ৰেই, ১৯৯৭ চনত ইন্দ্ৰ কুমাৰ গুজৰাল চৰকাৰে তেওঁক ৰাষ্ট্ৰীয় মহিলা আয়োগ (NCW)ৰ সদস্য হিচাপে নিযুক্তি দিয়ে। আয়োগৰ সদস্য হিচাপে হামিদে ২০০০ চনত ‘ভইচ অৱ দ্য ভইচলেছ’ আৰু ‘মাই ভইচ শ্বেল বি হাৰ্ড’ আদি গুৰুত্বপূৰ্ণ প্ৰতিবেদন প্ৰস্তুত কৰে, যিবোৰ পৰৱৰ্তী সময়ত ভৱিষ্যতৰ আইন প্ৰণয়নত অন্তৰ্ভুক্ত কৰা হয়।
 
সমাজত ক্ৰমৱৰ্ধমান মেৰুকৰণৰ পটভূমিত হামিদ বিভিন্ন সামাজিক কাম-কাজত সক্ৰিয় হৈ পৰে, যাৰ ফলশ্ৰুতিত কেইবাটাও সংস্থাৰ জন্ম হয়। তেওঁ আছিল 'মুছলিম উইমেনছ ফ'ৰাম' প্ৰতিষ্ঠা কৰা দুগৰাকী মহিলাৰ ভিতৰত অন্যতম।
 
ছৈয়দা ছৈয়দিন হামিদ
 
২০০০ চনত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সদস্য হিচাপে হামিদে সমগ্ৰ ভাৰত ভ্ৰমণ কৰি ৰাজহুৱা শুনানিত মুছলমান মহিলাসকলৰ অভাৱ-অভিযোগৰ কথা শুনে। নীতি নিৰ্ধাৰণৰ বাবে ইয়াৰ পৰামৰ্শৱলী চৰকাৰ, ধৰ্মীয় সংস্থা আৰু নাগৰিক সমাজৰ ওচৰত দাখিল কৰা হৈছিল। 
 
ইয়াৰ পিছত তেওঁ বাস্তৱ পৰিস্থিতিৰ আন এক পৰ্যালোচনা কৰি পুনৰ এখন প্ৰতিবেদন দাখিল কৰে। তেওঁৰ এই নেৰানেপেৰা প্ৰচেষ্টাৰ ফলতেই UPA চৰকাৰে ভাৰতৰ মুছলমানসকলৰ আৰ্থ-সামাজিক অৱস্থা অধ্যয়নৰ বাবে 'ন্যায়াধীশ ৰাজেন্দ্ৰ ছাচাৰ সমিতি' গঠন কৰিবলৈ বাধ্য হৈছিল।
 
তেওঁ ১৯৯৮ চনত ‘ইছলামিক ছিল অন ইণ্ডিয়াজ ইণ্ডিপেনডেনছঃ আবুল কালাম আজাদ- এ ফ্ৰেছ লুক’ আৰু ২০০০ চনত ‘ড০ জাকিৰ হুছেইনঃ টিচাৰ হু বিকেম প্ৰেচিডেণ্ট’কে ধৰি উৰ্দু ভাষাত কেইবাখনো গ্ৰন্থ ৰচনা কৰিছে। তদুপৰি ইংৰাজী আৰু উৰ্দু ভাষাত আন কেইবাখনো গ্ৰন্থ অনুবাদ আৰু সংকলন কৰিছে। সমাজ সেৱালৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ২০০৭ চনত তেওঁক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয়।
 
দিল্লীত বসবাস কৰি থকাৰ সময়ত সাধাৰণ নাগৰিকৰ অসামৰিক অধিকাৰৰ প্ৰতি তেওঁৰ দায়বদ্ধতা বৃদ্ধি পায় আৰু তেওঁ ‘ছাউথ এছিয়ানছ ফৰ হিউমেন ৰাইটছ’ (SAHR) আৰু ‘চেণ্টাৰ ফৰ ডায়লগ এণ্ড ৰিকনচিলিয়েচন’ (CDR) প্ৰতিষ্ঠা কৰে।
 
ছৈয়দা ছৈয়দিন হামিদ
 
তেওঁৰ খুড়াক তথা কিংবদন্তি চলচ্চিত্ৰ নিৰ্মাতা খাজা আহমেদ আব্বাছৰ লেখাসমূহ সামৰি তেওঁৰ সহ-সম্পাদনাত প্ৰকাশিত গ্ৰন্থ “ব্ৰেড বিউটি এণ্ড ৰিভলিউচন” (তুলিকা বুকছ) উন্মোচনৰ এদিন পিছত ছৈয়দা ছৈয়দিন হামিদে দক্ষিণ দিল্লীৰ জামিয়া নগৰৰ নিজৰ ঘৰৰ লনত বহি আছিল। এয়া তেওঁৰ বিংশতিতম গ্ৰন্থ, কিন্তু তেওঁৰ হৃদয়ৰ আটাইতকৈ ওচৰৰ।
 
ৰাষ্ট্ৰীয় মহিলা আয়োগৰ কাৰ্যকালত হামিদে পঞ্জাৱ আৰু হাৰিয়ানাত কন্যা ভ্ৰূণ হত্যাৰ প্ৰৱণতা ৰোধ কৰাৰ ক্ষেত্ৰত নিষ্ঠাৰে জড়িত হৈ পৰিছিল। পানিপথ তেওঁৰ নিজৰ ‘ৱতন’ হোৱাৰ বাবে কন্যা ভ্ৰূণ হত্যাৰ বাবে জিলাখনৰ লিংগ অনুপাত সৰ্বনিম্ন হোৱা দেখি তেওঁ হতভম্ব হৈ পৰিছিল। অথচ এসময়ত তেওঁৰ পূৰ্বপুৰুষৰ এই স্থানত মহিলাসকলে বিশাল কৃষিভূমি আৰু সা-সম্পত্তি পৰিচালনা কৰিছিল আৰু পুৰুষসকলে শিক্ষাবিদ হিচাপে দূৰ-দূৰণিলৈ গৈছিল।
 
তেওঁ এবাৰ মোক কৈছিল যে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সদস্যা হিচাপে জিলাখন ভ্ৰমণ কৰাৰ সময়ত সাম্প্ৰতিক অৱস্থা দেখি তেওঁ স্তম্ভিত হৈ পৰিছিল, "মই বিশ্বাসেই কৰিব পৰা নাছিলো যে এইখনেই সেই ঠাই য'ত মোৰ আজো-ককা আলতাফ হুছেইন হালীয়ে ১৮৫৭ চনতেই নাৰী মুক্তিৰ হকে তেওঁৰ বিখ্যাত কবিতাটো আবৃত্তি কৰিছিল।" 
 
বিভাজনৰ সময়ত তেওঁৰ হালী বংশক পৰিস্থিতি শান্ত হোৱাৰ পিছত ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দি বলপূৰ্বকভাৱে পাকিস্তানলৈ স্থানান্তৰিত কৰা হৈছিল।
 
ছৈয়দা ছৈয়দিন হামিদ
 
আজি হামিদৰ পৰিয়াল পৃথিৱীৰ সকলো মহাদেশতে বিয়পি আছে। ইপিনে, তেওঁ দক্ষিণ এছিয়াৰ লোকসকলক সাংস্কৃতিক আৰু সামাজিক স্তৰত একত্ৰিত কৰাৰ বাবে অহৰহ কাম কৰি আছে। শেহতীয়াকৈ অবৈধ বাংলাদেশীৰ সপক্ষে মাত মতাৰ বাবে তেওঁক ট্ৰোল কৰা হৈছিল যদিও, তেওঁক ভালদৰে জনা লোকসকলে কয় যে তেওঁৰ অন্তৰত দক্ষিণ এছিয়াৰ একতা দেখাৰ প্ৰৱল ইচ্ছা আছে। পাকিস্তানক যোগদান কৰিবলৈ সময় লাগিলেও তেওঁ শ্ৰীলংকা, বাংলাদেশ আৰু অন্যান্য দেশসমূহক একগোট কৰি দক্ষিণ এছিয়াক এক সাংস্কৃতিক ভাতৃত্ববোধৰ মণ্ডলী হিচাপে গঢ়ি তোলাৰ ধাৰণাটোৰ পোষকতা কৰে।
 
২০০৪ চনৰ জুলাই মাহত মনমোহন সিং ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ সময়ত হামিদক ভাৰতৰ পৰিকল্পনা আয়োগৰ সদস্যা হিচাপে নিযুক্তি দিয়া হৈছিল। পৰিকল্পনা আয়োগৰ সদস্য হিচাপে তেওঁ স্বাস্থ্য, মহিলা আৰু শিশু, স্বেচ্ছাসেৱী খণ্ড, সংখ্যালঘু আৰু সুক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ (MSME) বিভাগৰ দায়িত্ব বহন কৰিছিল। তদুপৰি তেওঁ হায়দৰাবাদৰ মৌলানা আজাদ নেচনেল উৰ্দু বিশ্ববিদ্যালয় (MANUU)ৰ আচাৰ্য হিচাপেও ২০১৫ চনৰ জানুৱাৰীলৈকে সফলতাৰে কাৰ্যনিৰ্বাহ কৰে।