ৰাজনীতিৰ মেৰপেঁচত হেৰাই গৈছে নেকি মুছলমান সভ্যতাৰ প্ৰকৃত সৌন্দৰ্য?

Story by  atv | Posted by  Nikunja Nath • 4 h ago
ৰাজনীতিৰ মেৰপেঁচত হেৰাই গৈছে নেকি মুছলমান সভ্যতাৰ প্ৰকৃত সৌন্দৰ্য?
ৰাজনীতিৰ মেৰপেঁচত হেৰাই গৈছে নেকি মুছলমান সভ্যতাৰ প্ৰকৃত সৌন্দৰ্য?
 
আমিৰ ছুহেইল ৱানী
 
ইতিহাসৰ পাত লুটিয়ালে আমি দেখিবলৈ পাওঁ যে কোনো এক সভ্যতাৰ উত্থান কেৱল ক্ষমতা বা ৰাজনীতিৰ ওপৰতে নিৰ্ভৰ নকৰে, ইয়াৰ আঁৰত থাকে এক মহান আধ্যাত্মিক আৰু নৈতিক আধাৰ। হজৰত মহম্মদ (ছাঃ)ৰ অলেখ গভীৰ শিক্ষাসমূহৰ ভিতৰত, 'জিব্ৰাইলৰ হাদিছ'ৰ দৰে ইছলামৰ মূল সাৰমৰ্মক ইমান সামগ্ৰিকভাৱে সামৰি লোৱা শিক্ষা খুব কমেইহে আছে। এই বিশেষ বৰ্ণনাটোত, ফিৰিস্তা জিব্ৰাইলে (আঃ) হজৰত মহম্মদক (ছাঃ) তিনিটা নিৰ্দিষ্ট প্ৰশ্ন সুধিছিল: ইছলাম কি? ইমান কি? আৰু ইহছান কি?
 
এই প্ৰশ্নসমূহৰ উত্তৰে এই কথা স্পষ্ট কৰি দিছিল যে ধৰ্ম কেৱল কিছুমান ৰীতি-নীতি বা বিশ্বাসৰ সমষ্টি নহয়, ই হৈছে আচৰণ (ইছলাম), বিশ্বাস (ইমান) আৰু আধ্যাত্মিক উৎকৰ্ষৰ (ইহছান) এক সুন্দৰ মিলন।
 
তথাপি যদি কোনোবাই সমসাময়িক মুছলমান সমাজৰ আলোচনাসমূহ লক্ষ্য কৰে, তেন্তে তেওঁ ধৰ্মক কেৱল আইন, ধৰ্মতত্ত্ব আৰু ৰাজনীতিৰ মাজতেই সীমাবদ্ধ বুলি ভাবিলে আচৰিত হ'বলগীয়া একো নাই। তৃতীয় আৰু সৰ্বোচ্চ মাত্ৰা- 'ইহছান'ক প্ৰায়ে একাষৰীয়া কৰি ৰখা হৈছে। এই অৱহেলাৰ পৰিণাম কেৱল ব্যক্তিগত আধ্যাত্মিকতাতেই সীমাবদ্ধ থকা নাই; ই মুছলমান সভ্যতাৰ গতিপথকো গভীৰভাৱে প্ৰভাৱিত কৰিছে।
 
মুছলমান সভ্যতাৰ পতন তেতিয়া আৰম্ভ হোৱা নাছিল যেতিয়া মুছলমানসকলে ৰাজনীতিত অংশগ্ৰহণ কৰিছিল। ৰাজনীতি সদায় ইছলামিক সমাজৰ এক অবিচ্ছেদ্য অংগ হৈ আহিছে। বৰং, পতন তেতিয়াহে আৰম্ভ হৈছিল যেতিয়া ৰাজনীতিৰ পৰা ইহছানৰ নিৰ্দেশনা হেৰাই গৈছিল- যেতিয়া আত্মশুদ্ধিতকৈ ক্ষমতা, চৰিত্ৰতকৈ পৰিচয় আৰু গুণতকৈ বিজয় অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছিল। ইয়াৰ ফলস্বৰূপে কেৱল ৰাজনৈতিক খণ্ডিতকৰণেই হোৱা নাছিল, বৰং যি নৈতিক, বৌদ্ধিক আৰু নান্দনিক উজ্জ্বলতাই এদিন ইছলামিক সভ্যতাক মানৱতাৰ বাবে এক আলোকস্তম্ভ কৰি তুলিছিল, সেয়াও ক্ৰমান্বয়ে ম্লান হৈ পৰিবলৈ ধৰিলে।
 
হজৰত মহম্মদ (ছাঃ)-এ ইহছানক অতি গভীৰ অৰ্থপূৰ্ণ শব্দৰে সংজ্ঞায়িত কৰিছিলঃ "আল্লাক এনেদৰে ইবাদত কৰা যেন তুমি তেওঁক দেখি আছা; আৰু যদি তুমি তেওঁক দেখা পোৱা নাই, তেন্তে জানি থোৱা যে তেওঁ তোমাক দেখি আছে।"
 
এইটো কেৱল উপাসনাৰ সংজ্ঞাই নহয়; ই এক জীৱনদৰ্শন। যিগৰাকী ব্যক্তিয়ে সদায় এই সচেতনতাৰে জীৱন নিৰ্বাহ কৰে যে আল্লাই তেওঁৰ প্ৰতিটো উদ্দেশ্য, প্ৰতিটো কাম আৰু প্ৰতিটো শব্দ দেখি আছে, সেই ব্যক্তিয়ে স্বাভাৱিকতেই জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ চেষ্টা কৰে। ইহছানে প্ৰাৰ্থনাক নম্ৰতালৈ, জ্ঞানক প্ৰজ্ঞালৈ, ধন-সম্পত্তিক উদাৰতালৈ, ক্ষমতাক ন্যায়লৈ আৰু কৰ্মক উপাসনালৈ ৰূপান্তৰিত কৰে।
 
মুছলমান ইতিহাসৰ শ্ৰেষ্ঠ সময়ছোৱাক এই ভাৱনাই জীৱন্ত কৰি ৰাখিছিল। ইছলামিক সভ্যতাৰ উল্লেখনীয় সাফল্যসমূহ কেতিয়াও কেৱল ধন বা সাম্ৰাজ্যবাদী ক্ষমতাৰ ফচল নাছিল। সেইবোৰ আছিল এনে এক  বিশ্বদৃষ্টিভংগীৰ প্ৰকাশ য'ত সৌন্দৰ্য, উৎকৰ্ষ আৰু সেৱাক উপাসনা হিচাপে গণ্য কৰা হৈছিল। কৰ্ডোবা, ইছফাহান, চমৰকন্দ, দিল্লী আৰু কাশ্মীৰৰ সুন্দৰ মছজিদসমূহ কেৱল মানুহৰ মনত বিস্ময় জগাবলৈ নিৰ্মাণ কৰা হোৱা নাছিল। সেইবোৰৰ সুষম অনুপাত, আকৰ্ষণীয় কেলিগ্ৰাফী, জ্যামিতিক আৰ্হি আৰু শান্ত চোতালখনে এক গভীৰ বিশ্বাসক প্ৰতিফলিত কৰিছিল যে সৌন্দৰ্য নিজেই পৱিত্ৰ। কিয়নো হজৰত মহম্মদে (ছাঃ) শিক্ষা দিছিল, "আল্লা ধুনীয়া আৰু তেওঁ সৌন্দৰ্যক ভাল পায়।" সেই সময়ত স্থাপত্যবিদ্যা যেন শিল আৰু পোহৰৰ মাজেৰে প্ৰকাশ পোৱা এক ধৰ্মতত্ত্বলৈ পৰিণত হৈছিল।
 
মছজিদত দোৱা কৰি থকা অৱস্থাত একাংশ মুছলমান যুৱক-যুৱতী
 
একেই ভাৱনাই মুছলমান পাণ্ডিত্যৰ জগতখনতো প্ৰৱেশ কৰিছিল। বিশ্ববিদ্যালয়, মানমন্দিৰ, চিকিৎসালয়, পুথিভঁৰাল, জিৰণি চ'ৰা আৰু দাতব্য প্ৰতিষ্ঠানসমূহ (ৱাকফ) গঢ়ি উঠিছিল কাৰণ জ্ঞান আৰু জনসেৱাক আল্লাৰ নৈকট্য লাভৰ মাধ্যম হিচাপে গণ্য কৰা হৈছিল। চিকিৎসকসকলে ৰোগীক কেৱল চিকিৎসা বিজ্ঞান এটা পেছা বুলি ভবাৰ বাবেই আৰোগ্য কৰা নাছিল, বৰং দয়া আৰু মমতা আছিল তেওঁলোকৰ বিশ্বাসৰ এক প্ৰকাশ। ব্যৱসায়ীসকল তেওঁলোকৰ সততাৰ বাবে বিখ্যাত হৈছিল কাৰণ ব্যৱসায়তো ইহছানৰ প্ৰতিফলন আশা কৰা হৈছিল। কাৰিকৰসকলে তেওঁলোকৰ কাম নিখুঁতভাৱে কৰিছিল কাৰণ শ্ৰেষ্ঠতা আছিল স্ৰষ্টা আৰু সৃষ্টি দুয়োৰে প্ৰতি থকা এক দায়িত্ব।
 
সম্ভৱতঃ মহান আধ্যাত্মিক গুৰুসকলৰ জীৱনত ইহছানৰ সভ্যতাগত প্ৰভাৱ যিমান স্পষ্টকৈ দেখা গৈছিল, সিমান আন ক’তো দেখা পোৱা হোৱা নাছিল। তেওঁলোকে বলপ্ৰয়োগৰ পৰিৱৰ্তে নিজৰ চৰিত্ৰৰ জৰিয়তে সমগ্ৰ সমাজ গঢ়ি তুলিছিল। জুনেইদ আল-বাগদাদী, আব্দুল কাদিৰ আল-জিলানী, খাজা মইনুদ্দিন চিষ্টি, মুলতানৰ বাহাউদ্দিন জাকাৰিয়া, নিজামুদ্দিন আউলিয়া, শ্বাহ হামদান আৰু আন অগণন ব্যক্তিয়ে ৰাজনৈতিক ক্ষমতা বিচৰাৰ পৰিৱৰ্তে মানুহৰ হৃদয় জয় কৰি সমাজৰ পৰিৱৰ্তন সাধন কৰিছিল। তেওঁলোকৰ খানকাসমূহলৈ (আশ্ৰম) ধনী-দুখীয়া, মুছলমান আৰু অমুছলমান, সকলোৰে বাবে দুৱাৰ খোলা আছিল। 
 
তেওঁলোকে শিকাইছিল যে আল্লাৰ প্ৰতি থকা প্ৰেম তেওঁৰ সৃষ্টিৰ প্ৰতি থকা প্ৰেমৰ মাজেৰে প্ৰকাশ পাব লাগিব। তেওঁলোকৰ প্ৰভাৱে এনে একোখন সমাজ গঢ়ি তোলাত সহায় কৰিছিল যি আতিথ্য, মৰম-দয়া, জ্ঞান অন্বেষণ আৰু সামাজিক সম্প্ৰীতিৰ বাবে পৰিচিত আছিল।
 
কাশ্মীৰৰ বাহিৰে আন ক’তো এই কথা ইমান স্পষ্টভাৱে প্ৰতিফলিত নহয়, য'ত ঋষি-ছুফি পৰম্পৰা সহাৱস্থান আৰু আধ্যাত্মিক শুদ্ধিৰ এক আৰ্হি হৈ পৰিছিল। শ্বেখ হামজা মখদুম আৰু শ্বেখ নুৰুদ্দিন নুৰানীৰ দৰে সাধুসকলৰ চিৰস্থায়ী ঐতিহ্য সামৰিক বিজয় বা ৰাজনৈতিক প্ৰতিষ্ঠানৰ মাজত নিহিত হৈ থকা নাই, ই নিহিত হৈ আছে মানৱ চৰিত্ৰৰ পৰিৱৰ্তনৰ মাজত। তেওঁলোকৰ আটাইতকৈ ডাঙৰ কীৰ্তিস্তম্ভ কোনো দুৰ্গ নাছিল, মানুহৰ হৃদয়হে আছিল।
 
ইহছানে বহুত্ববাদৰ এক উল্লেখযোগ্য সংস্কৃতিকো গঢ়ি তুলিছিল। প্ৰাচীন মুছলমান সমাজসমূহ নিশ্চিতভাৱে ত্ৰুটিমুক্ত নাছিল, কিন্তু তেওঁলোকে প্ৰায়ে বৈচিত্ৰ্যক আঁকোৱালি লোৱাৰ যি ক্ষমতা প্ৰদৰ্শন কৰিছিল, সেয়া সমসাময়িক পৰ্যবেক্ষকসকলক আচৰিত কৰিছিল। ইহুদী, খ্ৰীষ্টান, হিন্দু আৰু অন্যান্য ধৰ্মৰ লোকসকলেও মুছলমান ৰাজ্যসমূহৰ বৌদ্ধিক, বাণিজ্যিক আৰু সাংস্কৃতিক জীৱনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। এইটো কেৱল আইনী ব্যৱস্থাৰ ফল নাছিল; ই নিৰাপত্তাহীনতাৰ পৰিৱৰ্তে দয়া, নম্ৰতা আৰু আত্মবিশ্বাসেৰে গঢ় লোৱা এক নৈতিক প্ৰৱণতাকহে প্ৰতিফলিত কৰিছিল।
 
ক্ৰমান্বয়ে ইহছানৰ অৱনতি ঘটাৰ লগে লগে এই ভাৰসাম্যৰো পৰিৱৰ্তন ঘটিল। যেতিয়া সামাজিক জীৱনৰ কেন্দ্ৰৰ পৰা আধ্যাত্মিকতা আঁতৰি গ'ল, তেতিয়া ৰাজনৈতিক পৰিচয় এনে এক প্ৰধান দৃষ্টিকোণ হৈ পৰিল যাৰ জৰিয়তে ধৰ্মক বিচাৰ কৰা হৈছিল। আইনী বিতৰ্ক বৃদ্ধি পালে, সাম্প্ৰদায়িক বিভাজন কঠোৰ হৈ পৰিল আৰু মতাদৰ্শগত প্ৰতিদ্বন্দ্বিতা তীব্ৰতৰ হ'ল। নৈতিক শ্ৰেষ্ঠত্বৰ ভাষাৰ ঠাই প্ৰায়ে বিজয়ৰ ভাষাই দখল কৰিলে।
 
যিকোনো সমাজৰ বাবে ৰাজনীতি অপৰিহাৰ্য আৰু ইছলামে কেতিয়াও ৰাজহুৱা জীৱনৰ পৰা আঁতৰি থকাৰ পোষকতা কৰা নাই। সমস্যাটো তেতিয়াহে আৰম্ভ হয় যেতিয়া ৰাজনীতি ন্যায়ৰ আহিলা হৈ নাথাকি নিজেই এক চূড়ান্ত লক্ষ্য হৈ পৰে। ইহছানৰ অবিহনে, ৰাজনীতি সহজেই স্বজনপ্ৰীতি, ক্ৰোধ আৰু ক্ষমতাৰ নিৰন্তৰ সন্ধানলৈ অৱনমিত হয়। সমাজসমূহে সফলতাৰ জোখ-মাপ সেৱাৰ পৰিৱৰ্তে আধিপত্যৰে আৰু নৈতিক উৎকৰ্ষৰ পৰিৱৰ্তে বাকপটুতাৰ বিজয়ৰে কৰিবলৈ আৰম্ভ কৰে।
 
দিল্লীৰ জামা মছজিদত মুছলমানসকলৰ প্ৰাৰ্থনাৰ এটি মুহূৰ্ত
 
ইয়াৰ পৰিণাম কেৱল চৰকাৰৰ মাজতেই সীমাবদ্ধ নাথাকে। যেতিয়া ইহছানক অৱহেলা কৰা হয়, তেতিয়া ধৰ্মীয় আচাৰ-অনুষ্ঠানসমূহ যান্ত্ৰিক হৈ পৰাৰ আশংকাই দেখা দিয়ে, জ্ঞান আত্ম-প্ৰচাৰৰ এক মাধ্যমলৈ পৰিণত হয়, সক্ৰিয়তা প্ৰজ্ঞাৰ পৰিৱৰ্তে ক্ৰোধৰ দ্বাৰা পৰিচালিত হয় আৰু ৰাজহুৱা বিতৰ্কই ইয়াৰ ভদ্ৰতা হেৰুৱাই পেলায়। মছজিদসমূহ হয়তো মানুহেৰে ভৰি থাকিব পাৰে, কিন্তু হৃদয়সমূহ বিভক্ত হৈ থাকে। প্ৰতিষ্ঠানসমূহ ডাঙৰ হ'ব পাৰে, কিন্তু পাৰস্পৰিক বিশ্বাস হ্ৰাস পাবলৈ ধৰে।
 
আটাইতকৈ সূক্ষ্ম ক্ষতিবোৰৰ ভিতৰত এটা হৈছে সৌন্দৰ্যৰ অৱক্ষয়। সভ্যতাসমূহক কেৱল তেওঁলোকৰ সৈন্য আৰু শাসকসকলৰ বাবেই স্মৰণ কৰা নহয়, তেওঁলোকে সৃষ্টি কৰা সৌন্দৰ্যৰ বাবেও মনত ৰখা হয়, তেওঁলোকৰ সাহিত্য, স্থাপত্য, কবিতা, সংগীত, শিষ্টাচাৰ, বাগিচা আৰু শিক্ষানুষ্ঠানসমূহ। প্ৰাচীন ইছলামিক সভ্যতাই উৎকৃষ্টতা অৰ্জন কৰিছিল কাৰণ সৌন্দৰ্যক ঐশ্বৰিক নিখুঁততাৰ প্ৰতিফলন হিচাপে বুজা গৈছিল। উপযোগিতাবাদ আৰু ৰাজনৈতিক ব্যস্ততাই ক্ৰমান্বয়ে এই দৃষ্টিভংগীক আঁতৰাই পেলোৱাৰ লগে লগে কলাত্মক পৰিশীলতা আৰু বৌদ্ধিক সৃজনশীলতাৰ ঠাই প্ৰায়ে অনুকৰণ, সন্দেহ আৰু সাংস্কৃতিক স্থবিৰতাই দখল কৰে।
 
ইতিহাসে আমাক এই কথাও মনত পেলাই দিয়ে যে ইছলামৰ আটাইতকৈ ডাঙৰ প্ৰতিনিধিসকল কেতিয়াও কেৱল বিজেতা নাছিল। তেওঁলোক আছিল সেই ব্যৱসায়ী যাৰ সততাই বিশ্বাস জগাই তুলিছিল, সেই পণ্ডিত যাৰ প্ৰজ্ঞাই দূৰ-দূৰণিৰ ছাত্ৰ-ছাত্ৰীক আকৰ্ষিত কৰিছিল, সেই চিকিৎসক যিয়ে দুখীয়াক কোনো বৈষম্য নোহোৱাকৈ চিকিৎসা কৰিছিল, সেই কাৰিকৰ যিয়ে সাধাৰণ কামকো সৌন্দৰ্যলৈ উন্নীত কৰিছিল আৰু সেই সাধুসকল যাৰ দয়াই ধৰ্মীয় সীমা অতিক্ৰম কৰিছিল। তেওঁলোকে কোৰানৰ 'মুহছিন'ৰ আদৰ্শক বাস্তৱায়িত কৰিছিল- এজন মুহছিন হৈছে সেইজন যিয়ে সুন্দৰ কাম কৰে, কাৰণ আল্লাই সজ কৰ্মত শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰাসকলক ভাল পায়।
 
এইটো ৰাজনৈতিক অংশগ্ৰহণৰ বিৰুদ্ধে কোনো যুক্তি নহয়। যিকোনো উন্নত সমাজৰ বাবে এক ন্যায়সংগত ৰাজনৈতিক ব্যৱস্থা অপৰিহাৰ্য। ই হৈছে সঠিক স্তৰ বা গাঁথনি পুনৰুদ্ধাৰ কৰাৰ এক যুক্তি। ৰাজনীতি সদায় নৈতিকতাৰ দাস হৈ থাকিব লাগিব, ইয়াৰ প্ৰভু নহয়। আইন দয়া আৰু মমতাৰে জীপাল হ'ব লাগিব। ধৰ্মতত্ত্বই নম্ৰতা গঢ়ি তুলিব লাগিব। পাণ্ডিত্যই প্ৰজ্ঞাৰ জন্ম দিব লাগিব। সক্ৰিয়তাই ন্যায়ৰ লগতে মিলা-প্ৰীতিও বজাই ৰাখিব লাগিব। ধৰ্মৰ প্ৰতিটো বাহ্যিক গাঁথনি ইহছানৰ অন্তৰ্নিহিত পোহৰেৰে আলোকিত হ'ব লাগিব।
 
আজিৰ মুছলমান বিশ্বই সন্মূখীন হোৱা প্ৰত্যাহ্বানসমূহ- মেৰুকৰণ, দুৰ্নীতি, ৰাজহুৱা বিশ্বাসৰ অৱনতি, শৈক্ষিক স্থবিৰতা, সাম্প্ৰদায়িক সংঘাত আৰু নাগৰিক মূল্যবোধৰ স্খলন— কেৱল ৰাজনৈতিক কাৰ্যসূচীৰে সমাধান কৰিব নোৱাৰি। ইয়াৰ বাবে এক নৈতিক আৰু আধ্যাত্মিক নৱজাগৰণৰ প্ৰয়োজন যি ব্যক্তিৰ হৃদয়ৰ পৰা আৰম্ভ হৈ বাহিৰৰ সমাজলৈকে বিয়পি পৰে। জিব্ৰাইলৰ হাদিছে আমাক মনত পেলাই দিয়ে যে ইছলাম কেৱল ইছলাম বা ঈমানৰ দ্বাৰাই পূৰ্ণতা লাভ নকৰে, ইহছানৰ দ্বাৰাহে ই পৰিপূৰ্ণ হয়।
 
সেয়েহে মুছলমান সভ্যতাৰ পুনৰুত্থান কেৱল সংসদ, সন্মিলন বা নিৰ্বাচনী প্ৰচাৰৰ পৰা আৰম্ভ নহ'ব। ই তেতিয়া আৰম্ভ হ'ব যেতিয়া মুছলমানসকলে পুনৰবাৰ 'মুহছিনুন' হ'বলৈ চেষ্টা কৰিব, এনে লোক যাৰ শ্ৰেষ্ঠত্ব উপাসনা, পাৰিবাৰিক জীৱন, পাণ্ডিত্য, ব্যৱসায়, শাসন, কলা, শিক্ষা আৰু মানৱ সেৱাত প্ৰতিফলিত হয়। ই তেতিয়া আৰম্ভ হ'ব যেতিয়া নেতাসকলে জনপ্ৰিয়তাতকৈ ন্যায়ক অগ্ৰাধিকাৰ দিব, পণ্ডিতসকলে সন্মানতকৈ প্ৰজ্ঞাক বিচাৰিব, কৰ্মীসকলে সাহসৰ লগতে দয়াৰ চৰ্চা কৰিব, আৰু সাধাৰণ বিশ্বাসীসকলে উপলব্ধি কৰিব যে আন্তৰিকতা আৰু শ্ৰেষ্ঠতাৰে কৰিলে প্ৰতিটো কামেই এক উপাসনালৈ পৰিণত হ'ব পাৰে।
 
বিশ্বই এদিন মুছলমান সভ্যতাক কেৱল ই শক্তিশালী আছিল বাবেই প্ৰশংসা কৰা নাছিল, ইয়াৰ এক নৈতিক আৰু আধ্যাত্মিক আকৰ্ষণ আছিল যি ক্ষমতাকো চেৰ পেলাইছিল। সেই আকৰ্ষণৰ জন্ম হৈছিল ইহছানৰ পৰা। যদি মুছলমান উম্মাহে (সমাজে) নিজৰ হেৰোৱা উজ্জ্বলতা ঘূৰাই পাব বিচাৰে, তেন্তে তেওঁলোকে জিব্ৰাইলৰ হাদিছৰ সেই পাহৰি যোৱা তৃতীয় মাত্ৰাটোক পুনৰ আৱিষ্কাৰ কৰিব লাগিব। কিয়নো যেতিয়া ইহছান মুছলমান জীৱনৰ হৃদয়লৈ উভতি আহে, তেতিয়া ৰাজনীতিয়ে ইয়াৰ উদ্দেশ্য ঘূৰাই পায়, জ্ঞানে নম্ৰতা ঘূৰাই পায়, সৌন্দৰ্যই ইয়াৰ অৰ্থ ঘূৰাই পায় আৰু সভ্যতা পুনৰ এবাৰ সমগ্ৰ মানৱজাতিৰ বাবে এক আশীৰ্বাদ (ৰহমত) হৈ পৰে। গতিকে, 'ইহছান' কোনো পাহৰণিৰ গৰ্ভত হেৰাই যাবলগীয়া শব্দ নহয়; ই হ'ব পাৰে আমাৰ প্ৰতিদিনৰ জীৱনৰ আটাইতকৈ ধুনীয়া অনুশীলন।


শেহতীয়া খবৰ