উজনি অসমত ঘৰ-বাৰী হেৰুৱাই সৰ্বস্বান্ত হাজাৰ হাজাৰ পৰিয়ালঃ বানাক্ৰান্তৰ কাষত মুখ্যমন্ত্ৰী, আজমল ফাউণ্ডেচনৰ ২ কোটি টকাৰ সাহায্য ঘোষণা

Story by  atv | Posted by  Nikunja Nath • 1 h ago
উজনি অসমত ঘৰ-বাৰী হেৰুৱাই সৰ্বস্বান্ত হাজাৰ হাজাৰ পৰিয়ালঃ বানাক্ৰান্তৰ কাষত মুখ্যমন্ত্ৰী, আজমল ফাউণ্ডেচনৰ ২ কোটি টকাৰ সাহায্য ঘোষণা
উজনি অসমত ঘৰ-বাৰী হেৰুৱাই সৰ্বস্বান্ত হাজাৰ হাজাৰ পৰিয়ালঃ বানাক্ৰান্তৰ কাষত মুখ্যমন্ত্ৰী, আজমল ফাউণ্ডেচনৰ ২ কোটি টকাৰ সাহায্য ঘোষণা
 
আৱাজ - দ্য ভইচ ব্যুৰ' অসম 
 
অসমত ক্ৰমাৎ অধিক সংহাৰী ৰূপ ধাৰণ কৰাৰ লগতে জটিল হৈ পৰিছে বান পৰিস্থিতি। চাৰিওফালে সাগৰ সদৃশ পৰিৱেশ। নেৰানেপেৰা বৰষুণ আৰু ওফন্দি উঠা নৈ-উপনৈৰ বাঢ়নী পানীয়ে উজনি অসমত সংহাৰী আৰু ভয়াৱহ ৰূপ ধাৰণ কৰিছে। হেজাৰ হেজাৰ বিঘা কৃষিভূমি, বিস্তীৰ্ণ জনবসতিপূৰ্ণ অঞ্চল এতিয়া বানৰ কৱলত। আপোনজনক হেৰুৱাই, ঘৰ-বাৰী, সা-সম্পত্তি আৰু পশুধন নিঃশ্চিহ্ন হৈ সৰ্বস্বান্ত হৈছে হাজাৰ হাজাৰ পৰিয়াল। নিতৌ আহিছে মৃত্যুৰ খবৰ৷ এই অনাকাংক্ষিত প্ৰাকৃতিক দুৰ্যোগৰ সময়ত চৰকাৰৰ লগতে বিভিন্ন দল-সংগঠন আৰু জনপ্রতিনিধিসকলে বানাক্ৰান্তৰ কাষত থিয় দিছে।
 
উজনি অসমৰ সংহাৰী আৰু জটিল বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিধায়ক বদৰুদ্দিন আজমলে বানত ক্ষতিগ্ৰস্ত লোকসকলৰ জৰুৰী সহায়ৰ বাবে আজমল ফাউণ্ডেচনৰ তৰফৰ পৰা এক বিশেষ সাহায্য পুঁজি ঘোষণা কৰিছে। 
 
পশুধন লগত লৈ এনেদৰে নিৰাপদ স্থানলৈ ঢাপলি মেলিছে দুটি শিশুৱে
 
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে বিধায়ক বদৰুদ্দিন আজমলে৷ উজনি অসমৰ বিধ্বংসী বান পৰিস্থিতিৰ বুজ ল'বলৈ আৰু ৰাইজৰ ওচৰত থাকিবলৈ বিধায়ক আজমল ইতিমধ্যে উজনি অসম অভিমুখে ৰাওনা হৈছে। বুধবাৰৰ দিনটোত আজমলে বান প্ৰভাৱিত শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলা ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ ল'ব৷
 
বিধানসভাৰ বাজেট অধিৱেশনৰ বুধবাৰে নৱম দিনা বিধানসভা চৌহদত ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত বিধায়ক আজমলে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। আজমলে দুদিনৰ বাবে বাজেট অধিৱেশন স্থগিত ৰাখি সকলো মন্ত্ৰী-বিধায়কক উজনি অসমৰ বান বিধ্বস্ত অঞ্চললৈ গৈ সহায়ৰ বাবে আহ্বান জনায়৷
 
বিধায়ক বদৰুদ্দিন আজমল
 
ইফালে সদনত ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি বিধায়ক আজমলে কয়, "মই আজি উজনি অসমলৈ যাম। শিৱসাগৰত বানৰ কৱলত পৰা বেছিভাগেই হিন্দু লোক৷ মই আজমল ফাউণ্ডেচনৰ জৰিয়তে জৰুৰী সাহায্যৰ বাবে এক কোটি টকা লৈ গৈ আছো ৷ মই নিজে তাত থাকিম৷ আৰু লাগিলে খৰচ কৰিম। ১ কোটি টকা খৰচ কৰিম ৷"
 
তেওঁ লগতে কয়, "বিপদত পৰা হিন্দু আমাৰ ভাই-ভনীসকলক সাহায্য প্ৰদান কৰিম। অমুছলমান মানুহৰ ঘৰত থাকিয়ে মই সহায় আগবঢ়াম৷ মই উজনিত তিনিদিন থাকিম। বানৰ বাবে দুদিনৰ বাবে অধিৱেশন স্থগিত ৰাখি সকলো মন্ত্ৰী-বিধায়কে বান পৰিস্থিতিৰ বুজ ল'ব লাগে।"
 
আনহাতে, সদনৰ পৰা ওলাই আহি সংবাদ মাধ্যমৰ আগত বিধায়ক আজমলে বান সাহায্যৰ বাবে ২ কোটি টকা ব্যয় কৰাৰ কথা ঘোষণা কৰে৷ বান পৰিস্থিতি নিৰীক্ষণ কৰি প্ৰয়োজন সাপেক্ষে বান সাহায্য পুঁজি আৰু বৃদ্ধি কৰিবলৈ সম্পূৰ্ণ সাজু আছে বুলি আজমলে সদৰী কৰে।
 

বিশিষ্ট সমাজকৰ্মী মোস্তাফিজ আহমেদে কয়ঃ "শিৱসাগৰ আৰু নাজিৰাৰ বহু ঠাই বানে বিধ্বস্ত কৰিছে। আমি বর্তমানলৈ শিৱসাগৰ চহৰত বানপানী দেখা নাছিলো। কিন্তু এইবাৰ শিৱসাগৰ চহৰৰ মাজমজিয়া দৌলোমুখ চাৰিআলিত একঁকাল পানী হৈছে। তাৰ মানুহবোৰ এতিয়া অন্য সুৰক্ষিত স্থানলৈ স্থানান্তৰ হৈছে। আটাইতকৈ দুখলগা বিষয় হৈছে, আমাৰ পদপথৰ ব্যৱসায়ীসকলৰ দোকানবোৰ বিনষ্ট হৈছে।
 
মানুহৰ ঘৰে ঘৰে পানী তোলা মটৰ, ৱাছিং মেচিন, ফ্ৰীজ, টিভি আদি নষ্ট হৈ গৈছে। হঠাৎ অহা বানৰ বাবে মানুহে ঘৰৰ সামগ্ৰী উলিয়াবলৈ সময় নাপালে। আমাৰ ইয়াৰে দল-সংগঠন, বিভিন্ন স্বেচ্ছাসেৱী এনজিঅ' আদিয়ে ৰিলিফ দিয়াৰ ব্যৱস্থা কৰিছে। বৰ্তমান ইয়াত স্বাস্থ্যসেৱাৰ ব্যৱস্থাও কৰা হৈছে। ডিব্ৰুগড় মেডিকেল কলেজৰ বহুকেইগৰাকী চিকিৎসকক নিয়োগ কৰা হৈছে।"
 
বানত বুৰিছে ঘৰ-দুৱাৰ
 
শিৱসাগৰ জিলাৰ ডিমৌ সমষ্টিৰ অন্তৰ্গত গড়মূৰ অভয়পুৰীয়া গাঁৱৰ একেটা পৰিয়ালৰ মাতৃ, কন্যা আৰু দুই পুত্র বানত উটি যোৱা এক কৰুণ ঘটনা পোহৰলৈ আহিছে। এক সূত্রই জনোৱা মতে মঙলবাৰে শিৱসাগৰ জিলাৰ গড়মূৰ অঞ্চলৰ অভয়পুৰীয়া গাঁৱৰ টুটুমণি দুৱৰা আৰু তেওঁৰ তনয়া বিদিশা দুৱৰাই এখন ক্ষুদ্র নাও লৈ বানৰ কবলৰ পৰা ৰক্ষা পৰাৰ বাবে চেষ্টা চলায়। তেওঁলোকে নিৰাপদ স্থানত অৱস্থান কৰাৰ উদ্দেশ্যে আগবঢ়াৰ সময়তে দুয়ো পানীত পৰি যায়। মাতৃয়ে কন্যাক বচোৱাৰ বাবে চেষ্টা কৰাৰ সময়তে দুয়োকে বানপানীয়ে উটুৱাই লৈ যায়।
 
একাংশ লোকে তেওঁলোকক উদ্ধাৰৰ বাবে চেষ্টা চলায় যদিও ব্যর্থ হয়। ইফালে টুটুমণি দুৱৰাৰ দুই পুত্র বিদ্যুৎ দুৱৰা আৰু বিপ্লৱ দুৱৰাই মাতৃ আৰু ভগ্নীক বানে উটুৱাই নিয়াৰ কথা জানিব পাৰি তেওঁলোকক উদ্ধাৰ কৰাৰ বাবে পানীত জাঁপ দিয়ে। পিছে দুয়োজন যুৱকক পানীৰ কোবাল সোঁতে উটুৱাই নিয়ে। এই মর্মান্তিক ঘটনাই সমগ্র অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।
 
ইপিনে, উজনি অসমৰ ভয়াৱহ বান পৰিস্থিতিৰ বুজ ল’বলৈ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰাইদেউ জিলাৰ সোণাৰিৰ বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে।
 

পৰিদৰ্শনকালত মুখ্যমন্ত্ৰীগৰাকীয়ে প্লাবিত গাঁওসমূহ পৰিদৰ্শন কৰে, সাহায্য শিবিৰত আশ্ৰয় লৈ থকা বানাক্ৰান্ত পৰিয়ালসমূহৰ সৈতে বাৰ্তাললাপ কৰে আৰু জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে বৰ্তমান চলি থকা উদ্ধাৰ তথা সাহায্য অভিযানৰ সমীক্ষা চলায়। দুৰ্গম অঞ্চলত আবদ্ধ হৈ থকা লোকসকলৰ ওচৰলৈ যোৱাৰ ক্ষেত্ৰত উদ্ধাৰকাৰী দলসমূহে মুখামুখি হোৱা প্ৰত্যাহ্বানসমূহৰো তেওঁ বুজ লয়।
 
সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই বৰ্তমানৰ বান পৰিস্থিতিক এক অভূতপূৰ্ব দুৰ্যোগ বুলি অভিহিত কৰে আৰু কয় যে ক্ষয়-ক্ষতিৰ পৰিমাণ প্ৰাথমিক অনুমানতকৈ বহুগুণে বেছি। "ই এক অভূতপূৰ্ব পৰিস্থিতি। বৃহৎ সংখ্যক লোকে সাহায্য শিবিৰত আশ্ৰয় লৈছে, আনহাতে আন বহু লোক এতিয়াও বানপানীত আবদ্ধ হৈ আছে। কেইবাজনো লোকৰ মৃত্যু হৈছে আৰু এতিয়াও নতুনকৈ মৃতদেহ উদ্ধাৰ কৰা হৈছে," শৰ্মাই কয়।
 
অব্যাহত আছে NDRF, SDRFৰ উদ্ধাৰ অভিযান
 
তেওঁ কয় যে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনী (NDRF), ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনী (SDRF), ভাৰতীয় সেনাবাহিনী আৰু ৰাজ্য চৰকাৰে যৌথভাৱে আক্ৰান্ত জিলাসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আছে।
 
মুখ্যমন্ত্ৰীগৰাকীয়ে দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় সাহায্যৰ কথা উল্লেখ কৰি কয় যে ৰাজ্য চৰকাৰৰ সাহায্য পুঁজিৰ সম্পূৰ্ণ ধন কেন্দ্ৰীয় চৰকাৰে যোগান ধৰে। "ৰাজ্য চৰকাৰৰ সাহায্য পুঁজিৰ সমগ্ৰ ধন কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰে। বাস্তৱত, বান সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে প্ৰয়োজন হোৱা ১০০ শতাংশ পুঁজিয়েই কেন্দ্ৰই প্ৰদান কৰে," তেওঁ কয়।
 
বানত বুৰিছে গাঁও, সৰ্বস্বান্ত হৈছে অজস্ৰ পৰিয়াল
 
মুখ্যমন্ত্ৰী শৰ্মাই কয় যে কেন্দ্ৰই ৰাজ্যখনক অগ্ৰিমভাৱে এটা নিৰ্দিষ্ট পৰিমাণৰ ধন আৱণ্টন কৰে আৰু প্ৰয়োজন হ’লে অতিৰিক্ত বিত্তীয় সাহায্য বিচাৰিব পৰা যায়। তেওঁ আৰু কয়, "প্ৰয়োজন হ’লে আমি অধিক পুঁজিৰ বাবে প্ৰধানমন্ত্ৰীকো অনুৰোধ জনাম।" পৰিস্থিতিৰ ক্ৰমাগত অৱনতি ঘটাৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বানাক্ৰান্ত অঞ্চলত এতিয়াও বহু লোক আবদ্ধ হৈ আছে। "ক্ষয়-ক্ষতিৰ পৰিমাণ আমি ভবাতকৈ বহু বেছি," তেওঁ কয়।
 
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ (ASDMA)ই প্ৰকাশ কৰা শেহতীয়া বুলেটিন অনুসৰি যোৱা ২৪ ঘণ্টাত আন ২১ জন লোকে প্ৰাণ হৰুৱাইছে, যাৰ ফলত বান সংক্ৰান্তীয় মুঠ মৃত্যুৰ সংখ্যা ৩১ লৈ বৃদ্ধি পাইছে। ১৬ খন জিলাৰ ৫.৬৪ লাখৰো অধিক লোক বানৰ কৱলত পৰিছে আৰু ১.১৪ লাখৰো অধিক লোকে বৰ্তমান সাহায্য শিবিৰ আৰু সাহায্য বিতৰণ কেন্দ্ৰত আশ্ৰয় লৈ আছে। আটাইতকৈ বেছি প্ৰভাৱিত অঞ্চলসমূহত এনডিআৰএফ, এছডিআৰএফ, সশস্ত্ৰ বাহিনী, অসম আৰক্ষী আৰু জিলা প্ৰশাসনৰ দ্বাৰা উদ্ধাৰ অভিযান অব্যাহত আছে।