প্ৰতিকূলতাক জয় কৰি নাগালেণ্ড বিশ্ববিদ্যালয়ৰ B.Com পৰীক্ষাত শীৰ্ষস্থান দখল ৱাহিদা আৰু নাহিনৰ
অপৰ্ণা দাস / গুৱাহাটী
সফলতাৰ কাহিনী কেতিয়াও কেৱল নম্বৰৰ কাহিনী নহয়; ইয়াৰ আঁৰত লুকাই থাকে অসংখ্য ত্যাগ, সংগ্ৰাম, চকুলো আৰু অদম্য ইচ্ছা শক্তিৰ ইতিহাস। জীৱনৰ আটাইতকৈ কঠিন সময়তো যিসকলে নিজৰ লক্ষ্যৰ পৰা বিচ্যুত নহয়, তেওঁলোকেই এদিন আনৰ বাবে পথপ্ৰদৰ্শক হৈ পৰে। নাগালেণ্ড বিশ্ববিদ্যালয়ৰ ২০২৬ চনৰ B.Com পৰীক্ষাত প্ৰথম স্থান অৰ্জন কৰা ৱাহিদা বেগম তাপাদাৰ আৰু নাহিন পাৰবীনো হৈছে এই বাস্তৱতাৰেই একো একোটি উজ্জ্বল নিদৰ্শন। এগৰাকীয়ে পিতৃৰ অসুস্থতাৰ সৈতে যুঁজ দিছে, আনগৰাকীয়ে আকৌ আৰ্থিক সংকটৰ মাজতো টিউচন কৰি নিজৰ সপোনক জীয়াই ৰাখিছে। ভিন্ন ৰাজ্যৰ পৰা আহি নাগালেণ্ডক নিজৰ শিক্ষাৰ ঠিকনা হিচাপে গঢ়ি তোলা এই দুই মুছলমান তৰুণীৰ সফলতা আজিকালি কেৱল এক ফলাফলৰ কাহিনী হৈ থকা নাই, প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে হৈ পৰিছে এক শক্তিশালী বাৰ্তা- পৰিস্থিতিয়ে নহয়, দৃঢ় সংকল্পইহে মানুহৰ ভৱিষ্যত নিৰ্ধাৰণ কৰে। ‘আৱাজ দ্য ভইচ’ৰ সৈতে হোৱা এক একান্ত সাক্ষাৎকাৰত তেওঁলোকে অৱগত কৰিছে তেওঁলোকৰ সংগ্ৰাম, সফলতা আৰু ভৱিষ্যতৰ সপোনৰ কথা।
নাগালেণ্ড বিশ্ববিদ্যালয়ৰ B.Com (অনাৰ্ছ) পৰীক্ষাত প্ৰথম স্থান অৰ্জন কৰিছে ৱাহিদা বেগম তাপাদাৰে। অসমৰ কৰিমগঞ্জ তেওঁৰ আদি বাসস্থান যদিও সৰুৰে পৰা তেওঁ ডিমাপুৰতেই ডাঙৰ-দীঘল হৈছে। ছেইণ্ট মেৰিজ হায়াৰ চেকেণ্ডাৰী স্কুলত মাধ্যমিক, খ্ৰীষ্টান হায়াৰ চেকেণ্ডাৰী স্কুলত উচ্চতৰ মাধ্যমিক সমাপ্ত কৰাৰ পিছত তেওঁ এম জি এম কলেজত বি কম (অনাৰ্ছ)ত নামভৰ্তি কৰে। নতুন FYUGP ব্যৱস্থাৰ অধীনত সপ্তম আৰু অষ্টম ছেমিষ্টাৰ তেওঁ ডিমাপুৰৰ পাব্লিক কলেজত সম্পূৰ্ণ কৰে। তাৰ পৰাই তেওঁ এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয়।
ৱাহিদা বেগম তাপাদাৰ
তেওঁৰ এই সফলতাৰ আঁৰত আছিল এক কঠিন বাস্তৱ। ছেমিষ্টাৰৰ আৰম্ভণিতেই পিতৃ ক্ৰনিক কিডনী ডিজিজ (CKD) ত আক্ৰান্ত হৈ গুৰুতৰভাৱে অসুস্থ হৈ পৰে। চিকিৎসাৰ বাবে চেন্নাই, কলকাতাকে ধৰি বিভিন্ন চহৰত পিতৃৰ সৈতে থাকিবলগীয়া হোৱাত প্ৰায় দুমাহ ধৰি তেওঁ কলেজলৈ যাব পৰা নাছিল। তথাপি তেওঁ পঢ়া-শুনা এৰি দিয়া নাছিল। সেই সময়ৰ কথা সুঁৱৰি ৱাহিদাই কয়, "ছেমিষ্টাৰৰ আৰম্ভণিতেই দেউতা বৰকৈ অসুস্থ হৈ পৰিছিল। প্ৰায় দুমাহ মই কলেজলৈ যাব পৰা নাছিলো। কিন্তু মই ভাগি পৰা নাছিলো। কলেজলৈ উভতি যোৱাৰ পিছত শিক্ষকসকলে মোক সুকীয়াকৈ গাইড কৰিছিল আৰু পৰিয়ালৰ সমৰ্থনে মোক আগুৱাই যোৱাৰ সাহস দিছিল।"
পঢ়া-শুনাৰ ক্ষেত্ৰত তেওঁৰ বিশ্বাস কৰে যে মুখস্থ কৰাতকৈ বিষয়টো বুজি পঢ়াটোহে দীৰ্ঘম্যাদী সফলতাৰ মূল চাবিকাঠি। তেওঁ কয়, "মই মুখস্থ কৰি নপঢ়ো, বিষয়টো বুজিহে পঢ়ো। এবাৰ ভালদৰে বুজি পালে সেইটো বহুদিনলৈ মনত থাকে। সেয়ে পৰীক্ষাত নিজৰ ভাষাত উত্তৰ লিখিবলৈ সুবিধা হয়।"
ৱাহিদাই জানিবলৈ দিয়া মতে, শিক্ষকসকলৰ আন্তৰিক সহযোগিতা, পৰিয়ালৰ অকুণ্ঠ সমৰ্থন আৰু প্ৰযুক্তিৰ সঠিক ব্যৱহাৰে তেওঁক আগুৱাই যোৱাত সহায় কৰিছে। প্ৰেক্টিকেল ক্লাছসমূহ ক্ষতি হ'লেও ইউটিউব চাই তেওঁ সেই অভাৱ পূৰণ কৰিছিল। উচ্চতৰ মাধ্যমিকত ৯১ শতাংশ নম্বৰ লাভ কৰি তেওঁ এটি মেধাৱৃত্তিও অৰ্জন কৰিছিল। ভৱিষ্যতে চাকৰিৰ সমান্তৰালভাৱে B.Ed কৰাৰ ইচ্ছা আছে তেওঁৰ।
পিতৃ-মাতৃৰ সৈতে নাহিন পাৰবীন
বৰ্তমানৰ শিক্ষাব্যৱস্থা সন্দৰ্ভত তেওঁ কয়, "নাগালেণ্ডত কমাৰ্চ বা বাণিজ্য শিক্ষাৰ মান পূৰ্বতকৈ উন্নত হৈছে। অৱশ্যে উদ্যোগ ক্ষেত্ৰৰ সৈতে সংযোগ, ইণ্টাৰ্নশ্বিপ, গৱেষণা আৰু ডিজিটেল দক্ষতাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰাৰ প্ৰয়োজন আছে।" নাৰী শিক্ষাৰ প্ৰসংগত তেওঁৰ মন্তব্য, "এগৰাকী নাৰী শিক্ষিত হ'লে তেওঁ আত্মনিৰ্ভৰশীল হয় আৰু নিজৰ অধিকাৰৰ বাবে থিয় দিব পাৰে। শিক্ষাই হৈছে এগৰাকী নাৰীৰ আটাইতকৈ ডাঙৰ শক্তি।"
আনহাতে, নাগালেণ্ড বিশ্ববিদ্যালয়ৰ ২০২৬ চনৰ বি কম (অনাৰ্ছ আৰু ৰিছাৰ্চ) পৰীক্ষাত প্ৰথম স্থান অৰ্জন কৰিছে নাহিন পাৰবীনেও। বিহাৰৰ মুজাফ্ফৰপুৰ জিলাৰ সৰু গাঁও ৰিপুৰাৰ বাসিন্দা যদিও সৰুৰে পৰা তেওঁ ডিমাপুৰতেই ডাঙৰ-দীঘল হৈছে। এছেম্বলী অব গড হায়াৰ ছেকেণ্ডাৰী স্কুলত পঢ়া-শুনা আৰম্ভ কৰি হলি ক্ৰছ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ পৰা তেওঁ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হয়। পৰৱৰ্তী সময়ত ডিমাপুৰৰ পাব্লিক কলেজৰ পৰা বি কম সম্পূৰ্ণ কৰি বিশ্ববিদ্যালয়ৰ ভিতৰতে শীৰ্ষস্থান অৰ্জন কৰে।
তেওঁৰ যাত্ৰাপথৰ আটাইতকৈ ডাঙৰ বাধা আছিল আৰ্থিক সংকট। দেউতাকৰ ব্যৱসায় বন্ধ হৈ যোৱাৰ পিছত পঢ়া-শুনাৰ সমান্তৰালভাৱে নিয়মীয়াকৈ টিউচন কৰি পৰিয়ালৰ দায়িত্ব ভগাই লৈছিল তেওঁ। দিনৰ ভাগত কলেজ, সন্ধিয়া টিউচন আৰু ৰাতি নিজৰ পঢ়া-শুনা- এনেদৰেই চলিছিল তেওঁৰ প্ৰস্তুতি। নাহিনে কয়, "দেউতাৰ হেৰাই যোৱা ব্যৱসায়টোক এদিন পুনৰ থিয় কৰাব বিচাৰো। সেই সপোনটোৱেই মোক কমাৰ্চ লৈ পঢ়িবলৈ আৰু অধিক ভাল ফল দেখুৱাবলৈ অনুপ্ৰেৰণা যোগাইছে।"
আন দুই শীৰ্ষস্থান প্ৰাপ্ত শিক্ষাৰ্থী আৰু কলেজৰ অধ্যাপকৰ সৈতে ৱাহিদা বেগম তাপাদাৰ আৰু নাহিন পাৰবীন
ইয়াৰ মাজতেই ষষ্ঠ ছেমিষ্টাৰত তেওঁ গুৰুতৰভাৱে অসুস্থ হৈ পৰে। একে সময়তে নিজৰ পঢ়া-শুনা আৰু টিউচনৰ ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষাৰ প্ৰস্তুতিও তেওঁ চম্ভালিবলগীয়া হৈছিল। সেই কঠিন সময়ত পিতৃ-মাতৃৰ সমৰ্থনেই আছিল তেওঁৰ আটাইতকৈ ডাঙৰ শক্তি। "মোৰ মা নিজেও অসুস্থ আছিল। তাৰ পিছতো তেওঁ সংসাৰৰ সকলো দায়িত্ব নিজৰ কান্ধত তুলি লৈছিল, যাতে মই কেৱল পঢ়া-শুনাত মনোযোগ দিব পাৰো। এই সফলতা যিমান মোৰ, সিমানেই মোৰ মা-দেউতাৰো," নাহিনে কয়।
বিশ্ববিদ্যালয়ত প্ৰথম হোৱাৰ খবৰ শুনি নিজৰ অনুভৱ ব্যক্ত কৰি তেওঁ কয়, "মই ভাবিছিলো হয়তো মেধা তালিকাত স্থান পাম, কিন্তু প্ৰথম হ'ম, সেইটো কেতিয়াও ভবা নাছিলো। মা-দেউতাৰ চকুত আনন্দৰ চকুলো দেখিয়েই অনুভৱ হৈছে যে মোৰ সকলো পৰিশ্ৰম সাৰ্থক হৈছে।"
বাণিজ্য বিভাগ বাছি লোৱাৰ আঁৰত আছিল দেউতাকৰ হেৰুওৱা ব্যৱসায়টোক এদিন পুনৰ গঢ়ি তোলাৰ সপোন। সেই লক্ষ্যই তেওঁক পঢ়া-শুনাত অধিক মনোযোগী কৰি তোলে। ভৱিষ্যতে MBA কৰি এগৰাকী সফল ব্যৱসায়ী হোৱা আৰু দেউতাকৰ হেৰাই যোৱা ব্যৱসায়টোক পুনৰ নতুনকৈ গঢ়ি তোলাটোৱেই হৈছে তেওঁৰ মূল লক্ষ্য। বৰ্তমান প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যি তেওঁৰ বাৰ্তা, "সময়ক মূল্য দিয়ক, আনৰ সৈতে নিজক তুলনা নকৰিব। নিয়মীয়া পঢ়া-শুনা, ৰিভিজন আৰু বিনয়ী মনোভাৱেই এদিন আপোনাক সফলতাৰ শিখৰত উপনীত কৰাব।"
দুখন ভিন্ন ৰাজ্যৰ পৰা আহি নাগালেণ্ডক নিজৰ শিক্ষাৰ ঠিকনা হিচাপে গঢ়ি তোলা ৱাহিদা বেগম তাপাদাৰ আৰু নাহিন পাৰবীনে প্ৰমাণ কৰি দেখুৱালে যে, প্ৰতিকূলতা কেতিয়াও কোনো সপোনৰ শেষ কথা হ'ব নোৱাৰে। ঐকান্তিক প্ৰচেষ্টা, আত্মবিশ্বাস, পৰিয়ালৰ সমৰ্থন আৰু শিক্ষাৰ প্ৰতি থকা অটুট নিষ্ঠাই তেওঁলোকক উপনীত কৰাইছে সফলতাৰ উচ্চ শিখৰত। তেওঁলোকৰ এই অৰ্জন কেৱল বিশ্ববিদ্যালয়ৰ ফলাফলৰ বহীতেই সীমাবদ্ধ নহয়, ই আগন্তুক প্ৰজন্মৰ বাবে সাহস, অধ্যৱসায় আৰু সম্ভাৱনাৰ এক উজ্বল দৃষ্টান্ত হৈ ৰ'ব। প্ৰতিবন্ধকতা নেওচি লাভ কৰা তেওঁলোকৰ এই জয়যাত্ৰাই নিশ্চিতভাৱে সমাজৰ প্ৰতিটো স্তৰৰ মেধাৱী শিক্ষাৰ্থীক অনুপ্ৰাণিত কৰি যাব।