আশ্বাৰ আলম/নতুন দিল্লী
তামিলনাডুৰ পুডুক্কোট্টাই জিলাত প্ৰতিমাহে এখন বিশেষ সভা অনুষ্ঠিত হয়। এই সভালৈ বহু মহিলা নিজৰ জীৱনৰ বেদনাদায়ক কাহিনী লৈ আহে। কোনোৱে স্বামীৰ পৰিত্যাগৰ যন্ত্ৰণা লৈ আহে, কোনোবাই গৃহ হিংসাৰ বলি হৈ আহে, কোনোবাক আকৌ আকস্মিকভাৱে তালাক দিয়া হৈছে, আনহাতে বহু মহিলাই পৈতৃক সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত হৈছে। দীৰ্ঘদিন ধৰি নীৰৱে সহি অহা এই সমস্যাসমূহ লৈ তেওঁলোকে এনে এখন মঞ্চলৈ আহে, য'ত তেওঁলোকে কোনো পুৰুষ-প্ৰধান বিচাৰসভাৰ সন্মুখীন হ'ব নালাগে। বৰঞ্চ এই সভাত তেওঁলোকৰ জীৱনৰ সংগ্ৰাম বুজি পোৱা আন মহিলাসকলে তেওঁলোকৰ কথা শুনে, বুজে আৰু তেওঁলোক সহায় কৰে।
এই মঞ্চখন হৈছে তামিলনাডু মুছলমান মহিলা জামাত সমিতি। এই ব্যতিক্ৰমী উদ্যোগৰ নেপথ্যত থকা মুখ্য ব্যক্তিগৰাকী হৈছে ডি শ্বৰীফা খানাম। তেওঁ এগৰাকী বিশিষ্ট সমাজকৰ্মী। যিয়ে বিগত চাৰি দশক ধৰি হাজাৰ হাজাৰ মুছলমান মহিলাৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিবলৈ নিৰন্তৰ কাম কৰি আহিছে।
মহিলাসকলে STEPS ৰ মধ্যস্থতা শিবিৰত অংশগ্ৰহণ কৰাৰ এক দৃশ্য
সংগ্ৰামৰ আৰম্ভণি হৈছিল জীৱনক পৰ্যাবেক্ষণ কৰাৰ পৰা
শ্বৰীফা খানামৰ ন্যায়ৰ সংগ্ৰাম এগৰাকী সমাজকৰ্মী হিচাপে আৰম্ভ হোৱা নাছিল। ইয়াৰ আৰম্ভণি সমাজ আৰু পৰিয়ালৰ বাস্তৱতা গভীৰভাৱে লক্ষ্য কৰাৰ পৰা হৈছিল। তামিলনাডুৰ এখন সৰু গাঁৱৰ এটি বৃহৎ পৰিয়ালত তেওঁৰ জন্মগ্ৰহণ কৰিছিল। দহজন ভাতৃ-ভগ্নীৰ ভিতৰত তেওঁ আছিল আটাইতকৈ সৰু। তেওঁৰ মাতৃ এগৰাকী উৰ্দু বিদ্যালয়ৰ শিক্ষয়িত্ৰী আছিল। স্বামীৰ পৰা পৃথক হোৱাৰ পিছত তেওঁ প্ৰায় অকলে সন্তানসকলক ডাঙৰ-দীঘল কৰিছিল। সেই সময়ত বহু ৰক্ষণশীল সমাজৰ ছোৱালীৰ দৰেই শ্বৰীফা খানামেও পুৰুষৰ কৰ্তৃত্বক জীৱনৰ স্বাভাৱিক নিয়ম হিচাপে মানি লৈছিল। পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাকলৈ প্ৰশ্ন কৰাৰ কথা তেতিয়া তেওঁ ভাবি পৰা নাছিল।
শিক্ষাই সলনি কৰিলে জীৱনদৃষ্টি
শিক্ষাই ক্ৰমে শ্বৰীফা খানামৰ দৃষ্টিভংগী সলনি কৰি পেলাইছিল। তেওঁৰ এগৰাকী ডাঙৰ ভাতৃ, যিজনে পিছলৈ আইআইটি কানপুৰত অধ্যয়ন কৰিছিল। তেওঁ শ্বৰীফাৰ উচ্চ শিক্ষাৰ সপোনক উৎসাহিত কৰিছিল আৰু তেওঁক আলীগড় মুছলিম বিশ্ববিদ্যালয়ত নামভৰ্তি কৰাত সহায় কৰিছিল। এখন সৰু গাঁৱৰ পৰা দেশৰ অন্যতম শ্ৰেষ্ঠ বিশ্ববিদ্যালয়লৈ যোৱাৰ অভিজ্ঞতাই তেওঁৰ চিন্তাজগত সম্পূৰ্ণৰূপে সলনি কৰিছিল। তাত তেওঁ নতুন নতুন ধাৰণা, বিতৰ্ক আৰু সমাজ বাস্তৱতাৰ সৈতে পৰিচিত হৈছিল। কিন্তু তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ পৰিৱৰ্তন আহিছিল স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত।
১৯৮০ৰ দশকৰ শেষভাগত পাটনাত অনুষ্ঠিত এখন মহিলা সন্মিলনত শ্বৰীফা খানামে অনুবাদক হিচাপে কাম কৰিছিল। তেওঁ হিন্দী আৰু ইংৰাজীত হোৱা আলোচনা তামিল ভাষালৈ অনুবাদ কৰি বিভিন্ন ৰাজ্যৰ প্ৰতিনিধিসকলক বুজাই দিছিল। সেই সন্মিলনত তেওঁ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অসংখ্য মহিলাৰ জীৱনৰ কাহিনী শুনিবলৈ পাইছিল। তেতিয়াই তেওঁ উপলব্ধি কৰিছিল যে, মহিলাসকলৰ দুখ-কষ্ট কোনো এটা অঞ্চল, ধৰ্ম বা সমাজশ্ৰেণীত সীমাবদ্ধ নহয়। ভাষা বেলেগ হ'লেও সকলোৰে অভিজ্ঞতা প্ৰায় একেই গৃহ হিংসা, বৈষম্য, অৰ্থনৈতিক নিৰ্ভৰশীলতা, সুযোগৰ অভাৱ আৰু মৌলিক অধিকাৰৰ পৰা বঞ্চিত হোৱা। এই অভিজ্ঞতাই মহিলাসকলৰ জীৱন আৰু সমাজৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী সম্পূৰ্ণৰূপে সলনি কৰিছিল।
'উদ্ধাৰক'ৰ অপেক্ষা নকৰি নিজেই পৰিৱৰ্তনৰ পথ বাছি ল'লে
পিছলৈ দিয়া বহু সাক্ষাৎকাৰত শ্বৰীফা খানামে কৈছে যে, এসময়ত তেওঁ নিজকে 'চিণ্ডেৰেলা'ৰ দৰে ভাবিছিল, যেন কোনো এদিন কোনো অলৌকিক শক্তি আহি সকলো সমস্যাৰ সমাধান কৰি দিব। কিন্তু সময়ৰ লগে লগে তেওঁ উপলব্ধি কৰিছিল যে, এনে কোনো উদ্ধাৰক কেতিয়াও নাহে। যদি পৰিৱৰ্তন আনিব লাগে, তেন্তে মহিলাসকলেই নিজৰ অধিকাৰৰ বাবে নিজে থিয় দিব লাগিব আৰু ইজনে-সিজনৰ শক্তি হৈ উঠিব লাগিব।
ডি শ্বৰীফা খানামে সেই সময়ৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ পৰা বঁটা লাভ কৰাৰ এক দৃশ্য
পুডুক্কোট্টাইলৈ উভতি আহি তেওঁ অতি সৰু পৰিসৰত কাম আৰম্ভ কৰিছিল। ব্যক্তিগত টিউচন কৰি আৰু শাৰী বিক্ৰী কৰি উপাৰ্জন কৰা ধনেৰে তেওঁ কিছুমান মহিলাক একত্ৰিত কৰি তেওঁলোকৰ সমস্যাসমূহৰ ওপৰত আলোচনা কৰা আৰম্ভ কৰিছিল আৰু বাস্তৱসন্মত সমাধান বিচাৰিবলৈ চেষ্টা কৰিছিল। এই সৰু প্ৰচেষ্টাই ক্ৰমে এক সুসংগঠিত সামাজিক আন্দোলনৰ ৰূপ লৈছিল।
১৯৮৭ চনত শ্বৰীফা খানামে 'STEPS Women's Development Organisation' প্ৰতিষ্ঠা কৰিছিল। এই সংস্থাৰ লক্ষ্য আছিল গৃহ হিংসা, তালাক, পৰিত্যাগ, দাৰিদ্ৰ্য আৰু সামাজিক বঞ্চনাৰ সন্মুখীন হোৱা মহিলাসকলক সহায় আগবঢ়োৱা। আৰম্ভণিতে সংস্থাটোৱে পৰিয়ালৰ মাজত পৰামৰ্শ আৰু মধ্যস্থতাৰ কাম কৰিছিল। কিন্তু সময়ৰ লগে লগে ইয়াৰ কাৰ্যকলাপ আইনী সহায়, পুনৰসংস্থাপন, অধিকাৰ সুৰক্ষা আৰু জনসচেতনতা বৃদ্ধিলৈও বিস্তৃত হয়। সংস্থাটোৰ কামৰ সফলতা আৰু সামাজিক প্ৰভাৱ লক্ষ্য কৰি জিলা প্ৰশাসনে STEPS-ৰ বাবে ভূমি আৱণ্টন দিয়ে, যাৰ ফলত সংস্থাটোৱে স্থায়ী কাৰ্যালয় স্থাপন কৰি অধিক সংগঠিতভাৱে কাম কৰিব পাৰে।
বিভিন্ন সম্প্ৰদায়ৰ মহিলাৰ সৈতে কাম কৰাৰ সময়ত শ্বৰীফা খানামে নিজকে কেতিয়াও কেৱল ধৰ্মীয় পৰিচয়ৰ মাজতে সীমাবদ্ধ কৰি চোৱা নাছিল। কিন্তু চুবুৰীয়া অঞ্চলসমূহত সংঘটিত সাম্প্ৰদায়িক হিংসাৰ ঘটনাই তেওঁৰ দৃষ্টিভংগী সলনি কৰিছিল। তেওঁ লক্ষ্য কৰিছিল যে, এনে ঘটনাত মুছলমান পৰিয়ালসমূহ, বিশেষকৈ মহিলাসকল, এক বিশেষ ধৰণৰ নিৰাপত্তাহীনতাৰ সন্মুখীন হয়। অথচ বহু মূলধাৰাৰ মহিলা সংগঠনে এই বিষয়সমূহক গুৰুত্বসহকাৰে উত্থাপন কৰিবলৈ অনীহা প্ৰকাশ কৰিছিল।
ইয়াৰ পিছতেই তেওঁ মছজিদক কেন্দ্ৰ কৰি গঢ়ি উঠা পৰম্পৰাগত জামাত ব্যৱস্থাৰ কাৰ্যপদ্ধতি গভীৰভাৱে অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁৰ মতে, এই জামাতসমূহত সিদ্ধান্ত লোৱা পৰিষদত প্ৰায় সকলো সদস্যই পুৰুষ হোৱাৰ বাবে মহিলাসকলে নিজৰ কথা ন্যায্যভাৱে উপস্থাপন কৰাৰ সুযোগ খুব কমকৈ পায়। তেওঁ লগতে লক্ষ্য কৰিছিল যে, বহু মহিলাই ধৰ্মীয় জ্ঞানৰ অভাৱত তেওঁলোকৰ আগত ইছলামিক আইনৰ যি ব্যাখ্যা আগবঢ়োৱা হয়, তাক লৈ তেওঁলোকে প্ৰশ্ন কৰিব নোৱাৰে। নিজেই কোৰাণৰ তামিল অনুবাদ অধ্যয়ন কৰাৰ পিছত শ্বৰীফা খানামে এই সিদ্ধান্তত উপনীত হৈছিল যে, বহু ক্ষেত্ৰত কোৰাণৰ মূল শিক্ষাৰ সৈতে কিছুমান সামাজিক বা প্ৰাতিষ্ঠানিক ব্যাখ্যাৰ যথেষ্ট পাৰ্থক্য দেখা যায়, বিশেষকৈ মহিলাসকলৰ অধিকাৰৰ ক্ষেত্ৰত।
মহিলাসকলৰ বাবে এক বিকল্প আৰু ন্যায্য মঞ্চ গঢ়ি তোলাৰ সংকল্পৰে শ্বৰীফা খানামে ১৯৯১ চনত এখন মুছলিম মহিলা জামাত গঠন কৰিছিল। পিছলৈ এই উদ্যোগ ক্ৰমাৎ বিস্তৃত হৈ STEPS-ৰ এক সম্প্ৰসাৰিত ৰূপ হিচাপে ২০০০ চনত 'তামিলনাডু মুছলিম উইমেনছ জামাত কমিটি' হিচাপে আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰে।
STEPS ৰ কৰ্মশালাত অংশগ্ৰহণ কৰা মহিলা
এই কমিটিৰ লক্ষ্য আছিল সৰল কিন্তু যুগান্তকাৰী, মুছলমান মহিলাসকলৰ বাবে এনে এখন মঞ্চ সৃষ্টি কৰা, য'ত তেওঁলোকে কোনো ধৰণৰ ভয়, সংকোচ বা হেঁচাৰ সন্মুখীন নোহোৱাকৈ ন্যায় বিচাৰ লাভ কৰিব পাৰে।
কমিটিয়ে নিয়মীয়াকৈ জিলা আৰু ৰাজ্যিক পৰ্যায়ত বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকসমূহত মহিলাসকলে তালাক, ভৰণ-পোষণ, গৃহ হিংসা, উত্তৰাধিকাৰ সম্পত্তিৰ বিবাদ আৰু পৰিয়ালৰ আন বিভিন্ন সমস্যাৰ সৈতে জড়িত বিষয়সমূহ উত্থাপন কৰে। প্ৰথম পৰ্যায়ত সদস্যসকলে পৰামৰ্শ আৰু মধ্যস্থতাৰ জৰিয়তে সমস্যাৰ সমাধানৰ চেষ্টা কৰে। প্ৰয়োজন অনুসৰি আৰক্ষীৰ সহায় লোৱা হয় অথবা আদালতৰ জৰিয়তে আইনী ব্যৱস্থা গ্ৰহণ কৰা হয়।
বিবাদ নিষ্পত্তিৰ উপৰিও সংস্থাটোৱে শ্বৰীয়ত, আইনী অধিকাৰ আৰু ধৰ্মীয় তথা অসামৰিক আইন অনুসৰি মহিলাসকলৰ অধিকাৰ সম্পৰ্কে বিভিন্ন কৰ্মশালা আয়োজন কৰে। ইয়াৰ লগতে তাৎক্ষণিক তিনি তালাক (Instant Triple Talaq) প্ৰথা বিলুপ্ত কৰা আৰু মুছলমান মহিলাসকলৰ সম্পত্তিৰ অধিকাৰ অধিক শক্তিশালীভাৱে স্বীকৃতি দিয়াৰ দাবীও উত্থাপন কৰি আহিছে।
সংগ্ৰামৰ পথত বিৰোধিতাও কম নাছিল
সংস্থাটোৰ তথ্য অনুসৰি, মহিলা জামাতে ৰক্ষণশীল ধৰ্মীয় নেতৃত্বৰ এটা অংশৰ পৰা দীৰ্ঘদিন ধৰি বিৰোধিতাৰ সন্মুখীন হৈ আহিছে। আনকি সংগঠনৰ সদস্যসকললৈ ভাবুকিও প্ৰেৰণ কৰা হৈছিল। কিন্তু শ্বৰীফা খানামে সদায় এই কথা স্পষ্ট কৰি আহিছে যে, এই উদ্যোগৰ উদ্দেশ্য কেতিয়াও ধৰ্মক প্ৰত্যাহ্বান জনোৱা নাছিল। বৰঞ্চ মহিলাসকলৰ জীৱনৰ সৈতে জড়িত সিদ্ধান্ত আৰু আলোচনাৰ পৰা তেওঁলোক যাতে বাদ নপৰে, সেয়া নিশ্চিত কৰাটোৱেই আছিল এই পদক্ষেপৰ মূল লক্ষ্য।
সময়ৰ লগে লগে শ্বৰীফা খানামে কিছুমান উৎসাহজনক পৰিৱৰ্তনো লক্ষ্য কৰিছে। তেওঁৰ কয় যে, তামিলনাডুৰ কিছুমান মছজিদে ক্ৰমাৎ মহিলাসকলৰ অংশগ্ৰহণৰ বাবে অধিক সুযোগ সৃষ্টি কৰিবলৈ আৰম্ভ কৰিছিল। এই পৰিৱৰ্তনে সমাজৰ মানসিকতা ধীৰে ধীৰে সলনি হোৱাৰ এক ইতিবাচক সংকেত বহন কৰিছে।
ডি শ্বৰীফা খানামে আলোচনা চক্ৰত ভাষণ দিয়া এক দৃশ্য
সামাজিক অধিকাৰৰ বাবে কাম কৰাৰ সমান্তৰালভাৱে STEPS এতিয়াও গৃহ হিংসা আৰু নিৰ্যাতনৰ সন্মুখীন হোৱা মহিলাসকলৰ বাবে এক নিৰাপদ আশ্ৰয়স্থলী হিচাপে কাম কৰি আছে। সংস্থাটোৱে প্ৰয়োজনীয় মহিলাসকলক অস্থায়ী বাসস্থান, মানসিক পৰামৰ্শ, পুনৰসংস্থাপন আৰু পুনৰ্বাসনৰ সহায় আগবঢ়ায়। ইয়াৰ লগতে জীৱিকা, ভূমিৰ অধিকাৰ, শিক্ষা আৰু কৰ্মসংস্থাপন আদি বিস্তৃত সামাজিক বিষয়সমূহৰ ক্ষেত্ৰতো কাম কৰি আহিছে।
সংস্থাটোৰ মূল দৰ্শন এক সহজ কিন্তু শক্তিশালী বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত। যি হৈছে, "আত্মসন্মানেই মহিলাৰ সশক্তিকৰণৰ মূল ভেটি।"
সংস্থাটোৰ তথ্য অনুসৰি, বিগত কেইবা দশকত প্ৰায় ৩,৫০০ গৰাকী মহিলাই ইয়াৰ বিভিন্ন পদক্ষেপৰ জৰিয়তে উপকৃত হৈছে। ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰী, গ্ৰাম্য মহিলা আৰু স্থানীয় সম্প্ৰদায়ৰ মাজত সজাগতা সৃষ্টিৰ বাবে কৰ্মশালা, পোষ্টাৰ অভিযান, বিভিন্ন প্ৰতিযোগিতা আৰু আত্মৰক্ষাৰ প্ৰশিক্ষণৰ দৰে কাৰ্যসূচীও অনুষ্ঠিত কৰি আহিছে। ফলত সংস্থাটোৰ কাম কেৱল সংকটময় পৰিস্থিতিৰ সমাধানতে সীমাবদ্ধ নাথাকি সমাজৰ বিস্তৃত অংশলৈ সম্প্ৰসাৰিত হৈছে।
এই প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়ত শ্বৰীফা খানামৰ সৈতে যোগাযোগ স্থাপন কৰিব পৰা হোৱা নাছিল। মহিলা জামাত আৰু কেৱল মহিলাসকলৰ বাবে পৃথক মছজিদ স্থাপনৰ ধাৰণাৰ বিষয়ে কৰা প্ৰশ্নৰো তেওঁৰ কাৰ্যালয়ৰ পৰা কোনো উত্তৰ পোৱা নগ'ল। কিন্তু পূৰ্বৰ বিভিন্ন সাক্ষাৎকাৰত তেওঁ স্পষ্টকৈ কৈছিল যে, মহিলাসকলৰ বাবে পৃথক মছজিদ স্থাপন কৰাটোৱেই কেতিয়াও তেওঁৰ চূড়ান্ত লক্ষ্য নাছিল। তেওঁৰ মতে, আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে, এনে এক স্বাধীন আৰু সুৰক্ষিত পৰিসৰ সৃষ্টি কৰা, য'ত মহিলাসকলে মুক্তভাৱে একত্ৰিত হৈ নিজৰ সমস্যা আলোচনা কৰিব পাৰে আৰু একেলগে সমাধান বিচাৰি উলিয়াব পাৰে। আজিও STEPS আৰু মহিলা জামাতৰ কামৰ মাজেৰেই সেই দৃষ্টিভংগী বাস্তৱায়িত হৈ আছে।
প্ৰায় চাৰি দশক ধৰি ডি শ্বৰীফা খানামে নিৰৱে এনে বহু প্ৰতিষ্ঠান গঢ়ি তুলিছে, যিবোৰ গঢ়ি তোলা সম্ভৱ বুলি বহুতে বিশ্বাসেই কৰা নাছিল। পৰিৱৰ্তন বাহিৰৰ পৰা আহিব বুলি অপেক্ষা নকৰি, তেওঁ নিজেই এনে ব্যৱস্থা গঢ়ি তুলিছে, যাৰ জৰিয়তে সমাজৰ দুৰ্বল আৰু অৱহেলিত মহিলাসকলে সহায়, ন্যায় আৰু পাৰস্পৰিক সহমৰ্মিতা লাভ কৰিব পাৰে। তেওঁৰ এই দীঘলীয়া যাত্ৰাই এটা গভীৰ বাৰ্তা বহন কৰি আহিছে যে, "সঁচা নেতৃত্ব মানে কেৱল নিজে কথা কোৱা নহয়; বৰঞ্চ আনকো সাহসেৰে নিজৰ কথা ক'বলৈ উৎসাহিত কৰা আৰু সেই কথাবোৰ মনোযোগেৰে শুনিবলৈ সদায় কোনোবাক আগবাঢ়ি অহাৰ পৰিৱেশ সৃষ্টি কৰা।"