উজনি অসমৰ বানপীড়িতৰ বাবে ত্ৰাণকৰ্তাৰ ৰূপত এটা গুৰুদ্বাৰ

Story by  Ariful Islam | Posted by  Munni Begum • 9 h ago
উজনি অসমৰ বানপীড়িতৰ বাবে ত্ৰাণকৰ্তাৰ ৰূপত এটা গুৰুদ্বাৰ
উজনি অসমৰ বানপীড়িতৰ বাবে ত্ৰাণকৰ্তাৰ ৰূপত এটা গুৰুদ্বাৰ
 
আৰিফুল ইছলাম/গুৱাহাটী
 
কালৰূপ ধৰি অহা বাৰিষাৰ বানে এফালৰ পৰা তচনচ কৰিলে উজনি অসমৰ তিনিখনকৈ জিলাক৷ ঘৰৰ মূধচেৰে পানী বাগৰা দেখা গ’ল চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ বিভিন্ন অঞ্চলত। এনে এক দুৰ্যোগ কল্পনাতীত আছিল এইসকল লোকৰ বাবে৷ এই মহাপ্ৰলয়ৰ সময়ত শিৱসাগৰৰ এটা গুৰুদ্বাৰে দেখুৱাইছে মহানুভৱতা। তেওঁলোকে প্ৰমাণ কৰি দিছে যে মানৱ সেৱাই শ্ৰেষ্ঠ ধৰ্ম। শিৱসাগৰ জিলাৰ ২০০ টা বানপীড়িত পৰিয়ালক আশ্ৰয় দিছে 'শিৱসাগৰ গুৰুদ্বাৰ চাহেব' নামৰ গুৰুদ্বাৰটোত। তাৰোপৰি বানপীড়িতসকলৰ বাবে দৈনিক তিনিবাৰকৈ খাদ্যৰ যোগান ধৰা হৈছে। 
 
জাতি, ধৰ্ম, বৰ্ণ আৰু ভাষা নিৰ্বিশেষে সকলোৰে বাবে খাদ্যৰ যোগান ধৰিছে শিৱসাগৰৰ ষ্টেচন চাৰিআলিৰ সমীপত থকা 'শিৱসাগৰ গুৰুদ্বাৰ চাহিবে'। গুৰুদ্বাৰাটোত ২০০ টা পৰিয়ালক আশ্ৰয় দিয়াৰ উপৰিও দৈনিক ১৫০০ ৰ পৰা ২০০০ বানপীড়িত লোকক খাদ্যৰ যোগান ধৰিছে তেওঁলোকে। দৈনিক তিনি বাৰকৈ (ৰাতিপুৱা চাহ, দুপৰীয়া ভাত আৰু ৰাতিৰ ভাত) খাদ্য যোগান ধৰি আছে। 
 
 
আৱাজ দ্য-ভইচৰ সৈতে হোৱা এক সাক্ষাৎকাৰত যুটীয়া ৰাজ্যিক সম্পাদক মনিন্দৰ সিঙ খালছাই কয়; "আমাৰ গুৰুদ্বাৰত পূৰ্বৰে পৰা লাংগাৰ চলে, মানৱ সেৱা কৰাটো আমাৰ ধৰ্ম। গতিকে শিৱসাগৰবাসীৰ এই কঠিন পৰিস্থিতিৰ সময়ত আমি তেওঁলোকক সদায় কৰাটো আমাৰ ধৰ্ম। শিৱসাগৰত বানপানী হোৱাৰ লগে লগে আমাৰ এই অঞ্চলৰ লোকৰ বাবে গুৰুদ্বাৰৰ দুৱাৰ খুলি দিছিলোঁ। যিসকলৰ ঘৰত পানী হৈছে তেওঁলোকক আমি ইয়াতে আশ্ৰয় লোৱাৰ সুবিধা কৰি দিছোঁ। আমাৰ গুৰুদ্বাৰটোত ২০০ টা পৰিয়ালে ভালদৰে থাকিবলৈ সুবিধা পাইছে আৰু দৈনিক তিনিবাৰকৈ খাদ্যৰ ব্যৱস্থা কৰিছোঁ।"
 
বানপানীৰ বাবে সমগ্ৰ অঞ্চলটোতে বিদ্যুৎ সংযোগ বন্ধ কৰি দিয়া হৈছে। গুৰুদ্বাৰটোত আশ্ৰয় লোৱা বানপীড়িত লোকসকলৰ বাবে জেনেৰেটৰৰ ব্যৱস্থা কৰি দিছে গুৰুদ্বাৰ কৰ্তৃপক্ষই। মোবাইল ছার্জ কৰা আৰু নিশা ভালদৰে টোপনি যাবৰ বাবে ফেনৰ ব্যৱস্থাও কৰি দিছে। "বানপীড়িতসকলক খাদ্য খুৱাবৰ বাবে আমাৰ গুৰুদ্বাৰৰ পাকঘৰত দিনে-নিশাই কাম কৰি আছে স্বেচ্ছাসেৱকসকলে", মনিন্দৰ সিঙে কয়।
 
উল্লেখযোগ্য যে, শিৱসাগৰ গুৰুদ্বাৰা চাহেবৰ এই তৎপৰতা দেখি অন্য বহু লোক আগবাঢ়ি আহিছে। মাৰৱাৰী সমাজ, বিভিন্ন দল-সংগঠন আৰু ব্যক্তিগত ভাবে বহু লোকে গুৰুদ্বাৰাৰ এই মহান কামটোত সহায়  আগবঢ়াইছে। গুৰুদ্বাৰটোত থকা বানপীড়িতসকলৰ স্বাস্থ্যৰ ওপৰত লক্ষ্য ৰাখি দুজন চিকিৎসক উপলব্ধ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে গুৰুদ্বাৰ কৰ্তৃপক্ষই। "আমাক ইয়াত দুজন চিকিৎসক আৰু এটা চিকিৎসা দল দিলে হৈ যাব। ঔষধৰ ব্যৱস্থা আমি নিজেই কৰি লম", মনিন্দৰ সিঙে কয়।
 
'শিৱসাগৰ গুৰুদ্বাৰ চাহেব' নামৰ গুৰুদ্বাৰটোৱে বানপীড়িতসকলক দৈনিক তিনিবাৰকৈ খাদ্যৰ যোগান ধৰিছে
 
শিৱসাগৰ চহৰত ৫০ ঘৰ শিখ সম্প্ৰদায়ৰ পৰিয়াল আছে। এই গুৰুদ্বাৰটো এই ৫০ ঘৰ মানুহে চোৱাচিতা কৰে। কিন্তু আজিৰ এই কঠিন পৰিস্থিতিত তেওঁলোকে এক বৃহৎ সংখ্যক লোকৰ আশ্ৰয় আৰু খাদ্যৰ যোগান ধৰিবলৈ সক্ষম হৈছে। তেওঁলোকৰ এই মহানুভৱতাই প্ৰমাণ কৰিছে যে মানৱ সেৱাই শ্ৰেষ্ঠ ধৰ্ম।
 
তথ্য অনুসৰি বৰ্তমান ৰাজ্যৰ ২৫ খনকৈ জিলাৰ প্ৰায় ১৮০০০ ৰো অধিক গাঁও বানৰ কবলত পৰিছে ৷ প্ৰভাৱিত হৈছে কমেও ৯ লাখ লোক ৷ এই বলিয়া বানত চৰকাৰী তথ্য মতে প্ৰাণ হেৰুৱাইছে ৪১ গৰাকী লোকে৷ আনহাতে সন্ধানহীন হৈ আছে কমেও ৭০ গৰাকী লোক। হাজাৰ হাজাৰ পশুধন বানে উটুৱাই নিয়ে৷ এয়া অৱশ্যে চৰকাৰী তথ্য৷ কিন্তু বহুতেই দাবী কৰা মতে বানত প্ৰাণ হেৰুওৱা আৰু সন্ধানহীন হোৱা লোকৰ সংখ্যাই শতকৰ ঘৰ অতিক্ৰম কৰিছে ৷
 
অসম চৰকাৰে এই প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰাৰ উদ্দেশ্যে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে যদিও সকলোকে স্পৰ্শ কৰিব পৰা নাই৷ বহু স্থানত বানৰ মাজত ককবকাই থাকিবলগীয়া হৈছে জনতাই ৷ উদ্ধাৰকাৰী দলে বিভিন্ন কাৰণত তেওঁলোকক উদ্ধাৰ কৰিব পৰা নাই ৷ শিৱসাগৰৰ বিহুবৰত প্ৰায় শতাধিক লোকক বানে উটুৱাই নিয়া বুলি মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে ৷ অৱশ্যে চৰকাৰী তথ্যত তেনে কোনো উল্লেখ কৰা হোৱা নাই ৷
 
বানপানীৰ এক দৃশ্য
 
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰৰ পৰা উজনিত বাহৰ পাতি তিনিওখন জিলাৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে ৷ লগতে বিভিন্ন আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি জনতাৰ দুখৰ বুজ লোৱাৰ যত্ন কৰা দেখা গৈছে ৷ তদুপৰি চাৰিগৰাকীকৈ মন্ত্ৰীক তেওঁ এই দুৰ্যোগৰ সময়ত সকলো দিশ নিৰীক্ষণৰ বাবে দায়িত্ব প্ৰদান কৰিছে৷ সেই অনুসৰি শিৱসাগৰ আৰু চৰাইদেউ জিলাত মন্ত্ৰী সুশান্ত বৰগোহাঁই, কেশৱ মহন্ত আৰু বিমল বড়াই উদ্ধাৰ অভিযান, সাহাৰ্য প্ৰদান আদি দিশসমূহ তদাৰক কৰিছে ৷ যোৰহাটত এই সকলোখিনি পৰ্যবেক্ষণ কৰিছে মন্ত্ৰী অজন্তা নেওগে ৷