পশ্চিম এছিয়াৰ সংকটৰ মাজতে ইউএইৰ ৰাষ্ট্ৰপতি আল নাহিয়ানৰ সৈতে বৈঠকত মিলিত NSA অজিত ড'ভাল

Story by  atv | Posted by  Munni Begum • 1 h ago
 UAEৰ ৰাষ্ট্ৰপতি মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে NSA অজিত ড'ভাল
UAEৰ ৰাষ্ট্ৰপতি মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে NSA অজিত ড'ভাল
 
ডুবাই
 
ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ড'ভলে দেওবাৰে ইউএইৰ ৰাষ্ট্ৰপতি মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে বৈঠকত মিলিত হয়। তেওঁলোকে বিস্তৃত কৌশলগত অংশীদাৰিত্বক গভীৰ কৰাৰ উপায়সমূহৰ বিষয়ে আলোচনা কৰে। তেওঁলোকে আঞ্চলিক পৰিস্থিতিৰ বিষয়েও পৰ্যালোচনা কৰে।
 
ইউএইত থকা ভাৰতীয় দূতাবাসৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে, আৰব দেশলৈ কৰা আনুষ্ঠানিক ভ্ৰমণৰ সময়ত ড'ভলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইউ এ ইৰ নেতাগৰাকীক হৈ শুভেচ্ছা জ্ঞাপন কৰে।
ভাৰতীয় দূতাবাসৰ তৰফৰ পৰা এক্সত পোষ্ট কৰা এক বিবৃতিত উল্লেখ কৰা হৈছে যে, “ব্যাপক কৌশলগত অংশীদাৰিত্ব, আঞ্চলিক পৰিস্থিতি, আৰু পাৰস্পৰিক স্বাৰ্থৰ অন্যান্য বিষয়সমূহ গভীৰ কৰাৰ ব্যৱস্থাসমূহ সন্দৰ্ভত আলোচনা কৰা হয়। 
 
চলিত মাহৰ আৰম্ভণিতে ড’ভালে ছৌদি আৰৱ ভ্ৰমণ কৰিছিল। তেওঁ জ্যেষ্ঠ নেতাসকলক সাক্ষাৎ কৰিছিল আৰু দ্বিপাক্ষিক সম্পৰ্ক, আঞ্চলিক পৰিস্থিতি আৰু পাৰস্পৰিক স্বাৰ্থৰ অন্যান্য বিষয়সমূহৰ ওপৰত আলোচনত মিলিত হৈছিল।
 
ড'ভলে ছৌদি আৰৱ বৈদেশিক মন্ত্ৰী ফৈছাল বিন ফাৰহান, শক্তি মন্ত্ৰী আব্দুলআজিজ বিন ছলমান আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মুছাইদ আল-আইবানৰ সৈতে বৈঠকত মিলিত হয়। 
বৈঠকৰ সময়ত দুয়োপক্ষই দ্বিপাক্ষিক সম্পৰ্ক, আঞ্চলিক পৰিস্থিতি আৰু পাৰস্পৰিক স্বাৰ্থৰ অন্যান্য বিষয়সমূহৰ ওপৰত আলোচনা কৰে বুলি ছৌদি আৰৱত থকা ভাৰতীয় দূতাবাসে এক্সত এক পোষ্ট যোগে প্ৰকাশ কৰে। পাকিস্তানত আমেৰিকা আৰু ইৰাণৰ মাজত দ্বিতীয় পৰ্যায়ৰ শান্তি আলোচনাক লৈ অনিশ্চয়তাৰ মাজতে ড’ভালে এই ইউ এ ই ভ্ৰমণ কৰিছে। 
 
ইৰাণৰ বিদেশ মন্ত্ৰী আব্বাছ আৰাঘচিয়ে দেওবাৰে তিনিদিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে পাকিস্তানত উপস্থিত হয়। তেওঁ সেনা প্ৰধান ফিল্ড মাৰ্শ্বাল অসীম মুনীৰক সাক্ষাৎ কৰে। 
 
এই বৈঠকক লৈ পাকিস্তানৰ পৰা কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা হোৱা নাই। বাতৰি অনুসৰি বৈঠকত ইছলামাবাদে আমেৰিকা আৰু ইৰাণৰ মাজত দ্বিতীয় পৰ্যায়ৰ আলোচনাৰ বাবে কৰা প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।