বহু প্ৰত্যাশিত আৰ্টেমিছ-৩ অভিযানৰ চাৰিজন মহাকাশচাৰীৰ নাম ঘোষণা নাছাৰ

Story by  atv | Posted by  Munni Begum • 4 h ago
আৰ্টেমিছ-৩ অভিযানৰ বাবে চাৰিজন মহাকাশচাৰী
আৰ্টেমিছ-৩ অভিযানৰ বাবে চাৰিজন মহাকাশচাৰী
 
নিউয়ৰ্ক
 
আমেৰিকাৰ মহাকাশ সংস্থা নাছাই বহু প্ৰত্যাশিত আৰ্টেমিছ-৩ অভিযানৰ বাবে চাৰিজন মহাকাশচাৰীৰ নাম ঘোষণা কৰিছে৷ চন্দ্ৰত মানৱৰ বহনক্ষম উপস্থিতি প্ৰতিষ্ঠা কৰা আৰু ভৱিষ্যতে মংগল গ্ৰহ অভিযানৰ বাবে প্ৰয়োজনীয় প্ৰযুক্তি বিকশিত কৰাই এই অভিযানৰ মূল উদ্দেশ্য৷
 
দ্বিতীয় আৰ্টেমিছে চন্দ্ৰৰ চাৰিওফালে অভিলেখ ভংগ কৰা ভ্ৰমণৰ দুমাহৰ পাছত এই ঘোষণা কৰা হৈছে, যিয়ে এপ’ল’ ১৩ৰ দূৰত্বৰ অভিলেখ অতিক্ৰম কৰিছিল৷
আমেৰিকাৰ মহাকাশ সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি নাছাৰ ৰেণ্ডী ব্ৰেছনিক, ফ্ৰেংক ৰুবিঅ’, আন্দ্ৰে ডগলাছ আৰু ইউৰোপীয় মহাকাশ সংস্থাৰ লুকা পাৰ্মিটানো আৰ্টেমিছ-৩ অভিযানৰ বাবে নিৰ্বাচিত হয়৷ অৱশ্যে তেওঁলোকে চন্দ্ৰৰ পৃষ্ঠত অৱতৰণ নকৰে৷ বৰঞ্চ তেওঁলোকে পৃথিৱীক প্ৰদক্ষিণ কৰিব আৰু দুটা চন্দ্ৰ লেণ্ডাৰৰ সৈতে নিজৰ অৰিয়ান কেপচুলটো ডক কৰাৰ অভ্যাস কৰিব৷
 
নাছাৰ প্ৰশাসক জেৰেড আইজাকমেনে কয়, “আৰ্টেমিছ-৩ৰ ক্ৰুলৈ আমি আগন্তুক যাত্ৰাৰ বাবে শুভেচ্ছা জনাইছো৷”
 
এল'ন মাস্কৰ স্পেচএক্স আৰু জেফ বেজোছৰ ব্লু অৰিজিনে চন্দ্ৰৰ লেণ্ডাৰ নিৰ্মাণৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে৷ অহা বছৰ এই অভিযান আৰম্ভ হ’ব পাৰে৷ এই অভিযান প্ৰায় দুসপ্তাহ চলিব বুলি আশা কৰা হৈছে, যিটো চলিত বৰ্ষৰ আৰম্ভণিতে চন্দ্ৰৰ চাৰিওফালে আৰ্টেমিছ দ্বিতীয় অভিযানতকৈ প্ৰায় চাৰি দিন বেছি। 
 
শেহতীয়াকৈ ব্লু অৰিজিনে এটা বিপৰ্যয়ৰ সন্মুখীন হৈছিল যেতিয়া ফ্ল’ৰিডাৰ এটা লঞ্চ পেডত ইঞ্জিন পৰীক্ষণৰ সময়ত ইয়াৰ বিশাল ৰকেট বিস্ফোৰণ ঘটে৷ এই বিস্ফোৰণে সমগ্ৰ অঞ্চলটো কপাই তোলে আৰু কমলা ৰঙৰ জুইৰ শিখাই আকাশ পোহৰাই তোলে।
 
নাছাৰ জেৰেমি পাৰ্ছনে কয় যে, এই বিপৰ্যয় এক শিক্ষণৰ সুযোগ আৰু মহাকাশ সংস্থাটোৱে আত্মবিশ্বাসী যে ব্লু অৰিজিনৰ ৰকেট সময়মতে সাজু হ’ব৷
 
নাছাৰ আৰ্টেমিছ কাৰ্যসূচীৰ লক্ষ্য হৈছে ১৯৭০ চনৰ পিছত প্ৰথমবাৰৰ বাবে মহাকাশচাৰীসকলক চন্দ্ৰপৃষ্ঠলৈ প্ৰেৰণ কৰা৷ আইজাকমেনে ঘোষণা কৰা এই কাৰ্যসূচীৰ শেহতীয়া পৰিৱৰ্তনৰ লক্ষ্য হৈছে ইয়াক এপ’ল’ যুগৰ স্তৰলৈ ত্বৰান্বিত কৰা, য’ত ২০২৮ চনত চন্দ্ৰত অৱতৰণ কৰাৰ পূৰ্বে পৃথিৱীৰ চাৰিওফালে মহাকাশ উৰণ অন্তৰ্ভুক্ত কৰা হৈছে৷ 
 
তৃতীয় আৰ্টেমিছৰ কমাণ্ডাৰ ব্ৰেছনিকে কয়, “আমি নিশ্চিতভাৱে মহাকাশত এই তৃতীয় আৰ্টেমিছ অভিযান চলাব পৰা ক্ৰু হ’বলৈ পাই সন্মানিত হৈছো৷”
 
মে’ মাহত নাছাই ব্লু অৰিজিনকে ধৰি চাৰিটা কোম্পানীক চন্দ্ৰ ঘাটি নিৰ্মাণৰ বাবে লেণ্ডাৰ, ৰ’ভাৰ আৰু ড্ৰ’ন নিৰ্মাণৰ বাবে বহু কোটি ডলাৰৰ চুক্তি প্ৰদান কৰিছিল৷ আইজাকমেনে কয় যে, এই চন্দ্ৰ ঘাটি নিৰ্মাণৰ উদ্দেশ্য হৈছে মংগল গ্ৰহ অভিযানৰ ভেটি স্থাপন কৰা৷