নতুন দিল্লী
বুধবাৰে আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে জনোৱা মতে, ইৰানৰ কেইবাটাও লক্ষ্যত তেওঁলোকৰ বাহিনীয়ে অতিৰিক্ত আত্মৰক্ষামূলক আক্ৰমণ চলাইছে। ইয়াৰ উপৰিও ইৰাণৰ ধাৰাবাহিক আৰু ‘অপ্ৰৰোচিত’ আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই এই কাৰ্য্য কৰা বুলিও কোৱা হৈছে।
এক্সত এক পোষ্টৰ জৰিয়তে ইউ.এছ. চেন্ট্ৰেল কমাণ্ডৰ অফিচিয়েল একাউন্টৰ পৰা শ্বেয়াৰ কৰা হৈছে, “কমাণ্ডাৰ ইন চিফৰ নিৰ্দেশত বুধবাৰে ৫:১৫ বজাত (ET) ইউ.এছ. চেন্ট্ৰেল কমাণ্ডৰ বাহিনীয়ে ইৰানৰ কেইবাটাও লক্ষ্যস্থানত অতিৰিক্ত আত্মৰক্ষাৰ আক্ৰমণ আৰম্ভ কৰিছে।”
ইৰানৰ বহু চহৰত বিস্ফোৰণৰ খবৰ বৃদ্ধি পোৱাৰ মাজতে ইৰানৰ ৰেড ক্ৰীচেণ্টে সমগ্ৰ দেশৰ সকলো জৰুৰীকালীন অভিযান কেন্দ্ৰক সম্পূৰ্ণ সতৰ্কতাত ৰাখিছে। ইৰানৰ সংবাদ মাধ্যম মেহৰ নিউজ এজেন্সীৰ উদ্ধৃতি দি আল জাজিৰাই বন্দৰ চহৰ বান্দাৰ আব্বাছত নতুন বিস্ফোৰণৰ বাতৰি প্ৰকাশ কৰি কয় যে এই বিস্ফোৰণৰ সৈতে চহৰখনৰ পূব অংশত সংঘটিত হোৱা এক ঘটনাৰ সৈতে জড়িত আছিল।
দক্ষিণৰ চিৰিক আৰু মিনাব চহৰৰ লগতে কেশ্ম দ্বীপ আৰু উত্তৰ গৰ্গান চহৰকে ধৰি আন কেইবাটাও স্থানত অতিৰিক্ত বিস্ফোৰণৰ বাতৰি পোৱা গৈছে। ইফালে আল জাজিৰাই ইৰানৰ সংবাদ মাধ্যমৰ উদ্ধৃতি দি বাতৰি প্ৰকাশ কৰিছে যে পশ্চিম তেহৰাণত বায়ু প্ৰতিৰক্ষা ব্যৱস্থা সক্ৰিয় কৰা হৈছে।
দক্ষিণ-পশ্চিম ইৰানৰ ফাৰ্ছ প্ৰদেশতো এটা বিস্ফোৰণৰ শব্দ শুনা গৈছিল, যিটো চহৰৰ বাহিৰত বিমান প্ৰতিৰক্ষা ব্যৱস্থা সক্ৰিয় কৰাৰ ফলত হোৱা বুলি কোৱা হৈছে। সমগ্ৰ ইৰানত জৰুৰীকালীন সঁহাৰি সংস্থাসমূহ হাই এলাৰ্টত থকাৰ বাবে পৰিস্থিতি এতিয়াও অস্থিৰ হৈ আছে বুলি আল জাজিৰাই প্ৰকাশ কৰিছে।
ইৰাকী সংবাদ মাধ্যমৰ দাবী যে ইৰানে আৰ্বিলত থকা আমেৰিকাৰ আল-হাৰিৰ বিমান ঘাটিক লক্ষ্য কৰি মিছাইল আক্ৰমণ চলাইছে, য’ত ইৰাকৰ কুৰ্দিস্তান অঞ্চলত আমেৰিকাৰ এটা ৰাডাৰ চিষ্টেম ধ্বংস হোৱা বুলি অভিযোগ উত্থাপন হৈছে।
ৱাশ্বিংটনৰ সৈতে চুক্তিখন চূড়ান্ত কৰাত তেহৰানে কৰা পলমক লৈ হতাশা প্ৰকাশ কৰি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আমেৰিকাই ইৰাণৰ ওপৰত পুনৰ আক্ৰমণ কৰিব বুলি কোৱাৰ পাছতেই এই ঘটনা সংঘটিত হৈছে। অ’ভেল অফিচত সংবাদ মাধ্যমৰ সৈতে কথা পাতি ট্ৰাম্পে কয়, “আমি তেওঁলোকক আক্ৰমণ কৰিবলৈ গৈ আছোঁ, অতি তীব্ৰভাৱে আক্ৰমণ কৰিম।” ট্ৰাম্পে ইংগিত দিয়ে যে ইৰানে আমেৰিকাৰ এখন আপাচে হেলিকপ্টাৰ ভূপতিত কৰাৰ ঘটনাই পুনৰ সামৰিক পদক্ষেপ গ্ৰহণৰ ভিত্তি প্ৰদান কৰিছে। তেওঁ সাংবাদিকৰ আগত কয়, “হেলিকপ্টাৰখনৰ ঘটনাটোৰ ওপৰত ভিত্তি কৰি, মোৰ ধাৰণা আমাৰ সেইটো কৰাৰ অধিকাৰ আছে।”
আনহাতে, ইৰানৰ শীৰ্ষ যৌথ সামৰিক কমাণ্ডে বৃহস্পতিবাৰে হৰমুজ প্ৰণালী সম্পূৰ্ণৰূপে বন্ধ কৰাৰ কথা ঘোষণা কৰিছে। ইৰানে সতৰ্ক কৰি দিছে যে এতিয়াৰে পৰা তেল টেংকাৰ আৰু বাণিজ্যিক জাহাজকে ধৰি কোনো জাহাজে যদি এই জলপথেৰে পাৰ হ’বলৈ চেষ্টা কৰে, তেন্তে তাৰ ওপৰত আক্ৰমণ কৰা হ’ব।
হৰমুজ প্ৰণালী হৈছে বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ সামুদ্ৰিক ব্যৱসায়িক পথ, যাৰ জৰিয়তে বিশ্বব্যাপী তেল সৰবৰাহৰ এক বৃহৎ অংশ পাৰ হৈ যায়। এনে পৰিস্থিতিত ইৰানৰ এই ঘোষণাই আন্তঃৰাষ্ট্ৰীয় বজাৰ আৰু শক্তি খণ্ডত চিন্তা বৃদ্ধি কৰিছে।
ইফালে, ইৰানৰ সংবাদ মাধ্যম আৰু ইছলামিক ৰিভলিউশ্যনেৰী গাৰ্ড কৰ্পছ (IRGC) নৌসেনাৰ তথ্য অনুসৰি, হৰমুজ প্ৰণালীৰে পাৰ হ’বলৈ চেষ্টা কৰা দুখন “নিয়ম উলংঘা কৰা” জাহাজক লক্ষ্য কৰি লোৱা হৈছে।
অৱশ্যে ইৰানৰ এই দাবীৰ কিছু সময়ৰ পিছতেই আমেৰিকান সেনাই ইয়াক খণ্ডন কৰে। আমেৰিকাৰ চেন্ট্ৰেল কমাণ্ডে (CENTCOM) কয় যে হৰমুজ প্ৰণালী সম্পূৰ্ণৰূপে বন্ধ হোৱা নাই আৰু আমেৰিকাৰ নৌসেনাৰ জাহাজৰ ওপৰত কোনো ধৰণৰ আক্ৰমণো হোৱা নাই।