নতুন দিল্লী
ৰমজান মাহত আপুনি যদি মধ্যপ্ৰদেশৰ ৰাইছেন চহৰত থাকে, তেন্তে সূৰ্যাস্তৰ ঠিক ওচৰা-উচৰি সময়ত এটা প্ৰচণ্ড শব্দ শুনিবলৈ পাব আৰু আকাশখন পোহৰেৰে জিলিকি উঠা দেখিবলৈ পাব। পুৱতি নিশাৰ সময়ছোৱাতো ঠিক একেই দৃশ্য দেখা যায়।
ইয়াৰ কাৰণ হ'ল মহানগৰীৰ ভূপালৰ পৰা প্ৰায় ৪৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই চহৰখনৰ পাহাৰৰ টিলাৰ পৰা কামানৰ গুলী ফুটোৱা তথা বৰতোপ মৰা হয়। চহৰখনত আৰু ইয়াৰ আশে-পাশে থকা গাঁওবোৰত বসবাস কৰা মুছলমানসকলক ৰোজা (ব্ৰত) ভঙাৰ সময় হোৱা বুলি আৰু ৰোজা আৰম্ভ কৰাৰ (পুৱা) সময়ৰ সংকেত দিবলৈ এইদৰে বৰতোপ মৰা হয়।
এই পৰম্পৰা প্ৰায় ২০০ বছৰ পুৰণি আৰু ভাৰতীয়সকলৰ নিজৰ পৰম্পৰা আৰু সাংস্কৃতিক বহুত্ববাদৰ প্ৰতি থকা মৰমৰ প্ৰতীক হিচাপে ইয়াক আজিও জীয়াই ৰখা হৈছে। আগৰ দিনত যেতিয়া ঘড়ী নাছিল, তেতিয়া ৰোজা ভাঙিবলৈ বৰতোপ মৰাটো সাধাৰণতে আৰৱ বিশ্বৰ এক প্ৰথা বুলি ভবা হৈছিল।
কামানৰ ওচৰত থিয় হৈ থকা মুহূৰ্তত শ্বেখাৱত উল্লাহ আৰু তেওঁৰ বন্ধু
ইজিপ্তৰ পৰা চৌদি আৰৱলৈ আৰু তুৰস্কৰ পৰা ডুবাইলৈ, ৰমজান মাহত ইফটাৰ আৰু চেহৰীৰ সময়ত বৰতোপৰ ব্যৱহাৰ সম্পৰ্কে প্ৰতিখন দেশৰ নিজা নিজা কাহিনী আছে। ভাৰতৰ বুকুত অৱস্থিত এই চহৰখনৰো নিজা এটা সুকীয়া কাহিনী আছে।
ধৰ্মপ্ৰাণ মুছলমানসকলক চেহৰী (পুৱাৰ আহাৰ)ৰ বাবে সাৰ পাবলৈ আৰু ইফটাৰ (গধূলি ৰোজা ভঙাৰ আহাৰ)ৰ সময়ৰ সংকেত দিবলৈ বৰতোপ ব্যৱহাৰ কৰাৰ এই পৰম্পৰা ১৮ শতিকাত ভূপালৰ বেগমসকলৰ (ৰাণীসকলৰ) শাসনকালত আৰম্ভ হৈছিল।
১৯৪৭ চনত ভাৰতৰ স্বাধীনতাৰ পিছত ভূপালৰ ৰাজকীয় ৰাজ্যখন পিছত মধ্য প্ৰদেশ ৰাজ্যত অন্তৰ্ভুক্ত কৰা হৈছিল।
আৰৱ বিশ্বত এই প্ৰথা এতিয়া প্ৰায় বিলুপ্ত হৈছে। অৱশ্যে ৰাইছেনৰ দৰে সৰু চহৰখনত চৰকাৰী নিয়ম আৰু স্থানীয় মছজিদ কমিটীসমূহৰ প্ৰচেষ্টাত ইয়াক আজিও জীয়াই ৰখা হৈছে।
স্থানীয় মুছলমান কমিটীৰ সদস্য কাজি জীশানে কয় যে ৰমজানৰ এসপ্তাহৰ আগতে, স্থানীয় প্ৰশাসনে চোৱাচিতা কৰা ১.২ মিটাৰ দৈৰ্ঘ্যৰ এই বৰতোপটো চহৰখনৰ মছজিদ কমিটীক চমজাই দিয়া হয়। এমাহৰ বাবে ইয়াক ফুটোৱাৰ অনুজ্ঞাপত্ৰ (লাইচেন্স) প্ৰদান কৰা হয়। পাহাৰৰ টিলাত থকা ৰাইছেন দুৰ্গলৈ নিয়াৰ আগতে বৰতোপটো পৰিষ্কাৰ কৰা হয়, ৰং সনা হয় আৰু মেৰামতি কৰা হয়। গোটেই ৰমজান মাহত ইয়াক তাতেই ৰখা হয়।
কামান আৰু মধ্যপ্ৰদেশৰ ৰাইছেন চহৰ
ইয়াৰ ফলত ৰোজা ৰখা লোকসকলে ইফটাৰৰ সময়ত ৰোজা ভাঙিবলৈ বৰতোপৰ শব্দলৈ আগ্ৰহেৰে অপেক্ষা কৰি থাকে।
সমগ্ৰ চহৰখনেই গধূলি আৰু পুৱতি নিশাৰ এই দৃশ্যৰ বাবে উৎসাহিত হৈ থাকে, কিয়নো ই তেওঁলোকৰ মনলৈ অতীতৰ এক সুবাস কঢ়িয়াই আনে।
চহৰখনৰ ঐতিহাসিক দুৰ্গটোৰ ক্ষতি ৰোধ কৰিবলৈ ১৯৫৬ চনত এই পুৰণি বৰতোপটো সলনি কৰা হৈছিল। প্ৰতিটো গোলাৰ বাবে প্ৰায় ২৫০ গ্ৰাম বাৰুদৰ প্ৰয়োজন হয় আৰু এই বাৰুদ স্থানীয় মছজিদ কমিটীয়ে সংগ্ৰহ কৰা ধনেৰে কিনা হয়।
চহৰখনত চাহ বিক্ৰী কৰা শ্বেখাৱট উল্লাহক এই বৰতোপ মৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। বৰতোপ মৰাৰ দায়িত্ব পালন কৰা তেওঁ তেওঁৰ পৰিয়ালৰ তৃতীয় প্ৰজন্ম।
VIDEO
গধূলি বৰতোপ মাৰিবলৈ শ্বেখাৱট উল্লাহ আৰু তেওঁৰ বন্ধুসকল পাহাৰৰ টিলালৈ আহে। তেওঁলোকে তাতেই নিজৰ ৰোজা ভাঙে।
পুৱা ৪ বজাত শ্বেখাৱটে ৰোজা ৰখাসকলক চেহৰীৰ সময়ৰ সংকেত দিবলৈ বৰতোপ মাৰিবলৈ পুনৰ সেই ঠাইখনলৈ উভতি আহে।
৪৫ বছৰ বয়সীয়া শ্বেখাৱটে কয় যে তেওঁৰ ককাক, দেউতাক আৰু খুড়াকৰ পিছত তেওঁ যিদৰে এই পৰম্পৰা ৰক্ষা কৰিছে, তেওঁৰ পিছত তেওঁৰ পুত্ৰয়ো এই পৰম্পৰা জীয়াই ৰাখিব বুলি তেওঁ আশা কৰে।