হৰ্নবিল উৎসৱত অভিলেখ; প্ৰথম সপ্তাহত ১.৩৮ লাখ দৰ্শনাৰ্থীৰ উপস্থিতি

Story by  atv | Posted by  [email protected] • 3 h ago
হৰ্নবিল উৎসৱত অভিলেখ; প্ৰথম সপ্তাহত ১.৩৮ লাখ দৰ্শনাৰ্থীৰ উপস্থিতি
হৰ্নবিল উৎসৱত অভিলেখ; প্ৰথম সপ্তাহত ১.৩৮ লাখ দৰ্শনাৰ্থীৰ উপস্থিতি
 
কোহিমা
 
নগাসকলৰ পুৰাতন ঐতিহ্য, চহকী পৰম্পৰা তথা বৰ্ণিল লোককৃষ্টিৰে ১ ডিচেম্বৰৰ পৰা নগা ঐতিহাসিক কিছামা গাঁৱত ব্যাপক উৎসাহ উদ্দীপনাৰে আৰম্ভ হোৱা ২৬ সংখ্যক হৰ্নবিল মহোৎসৱত উত্তৰ-পূবৰ ৮ খন ৰাজ্যৰ কলা-সংস্কৃতি প্ৰদৰ্শন কৰা হয়। উত্তৰ-পূবৰ অন্যতম বৃহৎ পৰ্যটন আকৰ্ষণ হিচাপে পৰিচিত এই বাৰ্ষিক সাংস্কৃতিক উৎসৱত মিজোৰামে চেৰাও নৃত্য, অৰুণাচলে জুজু জাজা নৃত্য আৰু অসমে বিহু নৃত্য প্ৰদৰ্শন কৰাৰ লগতে বাকীকেইখন ৰাজ্যয়ো নিজৰ নিজৰ পৰম্পৰাগত নৃত্য পৰিৱেশন কৰে।
 
নাগালেণ্ড চৰকাৰৰ পৰ্যটন সঞ্চালকালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ২৬ সংখ্যক হৰ্নবিল উৎসৱত প্ৰথম সাত দিনত ১,৩৮,৫৯০ দৰ্শনাৰ্থীৰ সমাগম হয়। ১ ডিচেম্বৰত ২২,৫০৮ গৰাকী দৰ্শনাৰ্থীৰ সমাগমেৰে এই মহোৎসৱ শুভাৰম্ভ ঘটে। মহোৎসৱৰ দ্বিতীয় দিনাও পৰ্যটকৰ ব্যাপক সোঁত বোৱা পৰিলক্ষিত হয়। দ্বিতীয় দিনা পৰ্যটকৰ উপস্থিতিৰ সংখ্যা আছিল ১৮,০১০। মহোৎসৱৰ উদ্যোক্তাসকলে সপ্তাহজুৰি ধাৰাবাহিক জনসমাগমৰ তথ্য প্ৰকাশ কৰিছে। এই অনুসৰি, ৭ ডিচেম্বৰ অৰ্থাৎ কালিৰ দিনটোত মহোৎসৱত সৰ্বাধিক ২৪,৯২৩ গৰাকী লোকৰ সমাগম হোৱা পৰিলক্ষিত হয়।
 
দৈনিক দৰ্শনাৰ্থীৰ পৰিসংখ্যা (৭ ডিচেম্বৰলৈ)
 
• ১ ডিচেম্বৰঃ ২২,৫০৮
• ২ ডিচেম্বৰঃ ১৮,০১০
• ৩ ডিচেম্বৰঃ ১৫,৩২৪
• ৪ ডিচেম্বৰঃ ১৫,৭৫৩
• ৫ ডিচেম্বৰঃ ১৯,২৮৬
• ৬ ডিচেম্বৰঃ ২২,৭৮৬
• ৭ ডিচেম্বৰঃ ২৪,৯২৩
 
সপ্তাহটোত বিদেশী পৰ্যটকৰ লগতে সমগ্ৰ ভাৰতৰ পৰা অহা দেশীয় পৰ্যটক আৰু স্থানীয় পৰ্যটকৰ উপস্থিতি ৰেকৰ্ড কৰা হয়।
 
• বিদেশী পৰ্যটকঃ অবিৰতভাৱে আগমন, উদ্বোধনীৰ দিনা সৰ্বোচ্চ ৩৬৩ গৰাকীৰ আগমন
• দেশীয় পৰ্যটকঃ প্ৰতিদিনে ৩,৫০০তকৈ অধিক
• স্থানীয় দৰ্শনাৰ্থীঃ অংশগ্ৰহণকাৰীসকলৰ ভিতৰত সৰ্বাধিক
 
পৰ্যটন বিষয়াসকলে কয় যে এই বিপুল সংখ্যক দৰ্শনাৰ্থীৰ উপস্থিতি নাগালেণ্ডৰ সাংস্কৃতিক সমৃদ্ধিৰ প্ৰতি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আগ্ৰহ বৃদ্ধিৰ প্ৰতিফলন। এই উৎসৱৰ বাকী থকা তিনিদিন তথা উৎসৱৰ সামৰণিৰ সময়ত ইয়াতকৈও অধিক সংখ্যক লোকৰ উপস্থিতি উদ্যোক্তাসকলে আশা কৰিছে। হৰ্নবিল উৎসৱক প্ৰায়ে 'উৎসৱৰ উৎসৱ’ বুলি অভিহিত কৰা হয়। এই উৎসৱত পৰম্পৰাগত নাগা সংগীত, কলা, হস্তশিল্প, খাদ্য আৰু জনজাতীয় ঐতিহ্য প্ৰদৰ্শন কৰা হয়।
 
পৰ্যটন সঞ্চালকালয়ে দৰ্শনাৰ্থীসকলক উৎসৱৰ বিভিন্ন অনুষ্ঠান উপভোগ কৰাৰ লগতে নাগা জনজাতিসমূহৰ অনন্য পৰিচয়ৰ অভিজ্ঞতা লাভ কৰিবলৈ উৎসাহিত কৰি আহিছে।