আজি অসম দিৱস; স্বৰ্গদেও চাওলুং চ্যুকাফাক ৰাজ্যজুৰি স্মৰণ

Story by  atv | Posted by  [email protected] • 3 h ago
আজি অসম দিৱস; স্বৰ্গদেও চাওলুং চ্যুকাফাক ৰাজ্যজুৰি স্মৰণ
আজি অসম দিৱস; স্বৰ্গদেও চাওলুং চ্যুকাফাক ৰাজ্যজুৰি স্মৰণ
 
গুৱাহাটী

আজি অসম দিৱস। আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা স্বৰ্গদেও চাওলুং চ্যুকাফাৰ নেতৃত্বত ১২২৮ চনৰ আজিৰ দিনটোত আহোমসকলে পাটকাই পৰ্বত পাৰ হৈ সৌমাৰ খণ্ডত ভৰি দিছিল। এই ঐতিহাসিক দিনটোক স্মৰণীয় ৰখাৰ বাবেই স্বৰ্গদেও চাওলুং চ্যুকাফাৰ স্মৃতিত প্ৰতিবছৰে ‘অসম দিৱস’ তথা ‘চ্যুকাফা দিৱস’পালন কৰা হয়। 
 
স্বৰ্গদেউ চাওলুং চ্যুকাফাই অসমত আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰি অসমীয়া জাতিৰ ভেটি গঢ়িছিল৷ অসমীয়া জাতিৰ ৰূপৰেখা অংকন কৰি স্বৰ্গদেউজনাই অসম ভূমিক প্ৰাণৱন্ত কৰাই নহয়; সবল নেতৃত্ব, বিচক্ষণ চিন্তা তথা দূৰদৰ্শী সিদ্ধান্ত গ্ৰহণেৰে অসমীয়া জাতিক মহীয়ান কৰি তুলিছিল। 
 
উল্লেখ্য যে, ১৯৭২ চনতেই ভীমকান্ত বুঢ়াগোঁহাই নামৰ এজন ব্যক্তিয়ে চ্যুকাফা দিৱস উদযাপন কৰা প্ৰসংগ প্ৰথম উত্থাপন কৰিছিল। এই ব্যক্তিগৰাকীৰ মহৎ প্ৰচেষ্টাৰ ফলতেই ১৯৮৭ চনৰ পৰা ২ ডিচেম্বৰক চ্যুকাফা দিৱস বা অসম দিৱস উদযাপন কৰি অহা হৈছে। 
 
ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি অসম দিৱস উদযাপন কৰা হয়৷ বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়। আহোমৰ ৬০০ শ বছৰীয়া গৌৰৱোজ্জল ইতিহাসক উজ্বলাই তোলা বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামত সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছু চ্যুকাফা আঞ্চলিক সমিতিয়ে স্বৰ্গদেউ চ্যুকাফাক স্মৰণ কৰি অসম দিৱস উদযাপন কৰে৷ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে পুৱা বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰে৷ পতাকা উত্তোলন কৰে পৱিত্ৰ গগৈয়ে। ইয়াৰ পিছত মৈদাম তৰ্পণ, টাই পৰম্পৰা ৰীতি-নীতিৰে বান-ফি আৰু চাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰা হয়৷ ইপিনে, অসম দিৱসৰ কাৰ্যসূচীৰ লগতে নাজিৰাত চাওলুং চ্যুকাফাকৰ এটা প্ৰতিমূর্তি উন্মোচন কৰা হয়৷
 
আনহাতে, আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক তথা আহোমৰ প্ৰথম ৰজা চাওলুং চ্যুকাফাক স্মৰণ কৰি তেওঁৰ সমাধিক্ষেত্ৰত জনগোষ্ঠীটোৰ বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি উপস্থিত হৈ বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা নিবেদন কৰে৷ 
 
আজি অসম দিৱস উপলক্ষে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰ অসমৰ ভেটি গঢ়োঁতা স্বৰ্গদেউ চাওলুং চ্যুকাফালৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰে স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ স্মৃতিক চিৰযুগমীয়া কৰাৰ ক্ষেত্ৰত অৰিহণা যোগাবলৈ বিভিন্ন প্ৰকল্প গ্ৰহণ কৰাৰ কথা উল্লেখ কৰাৰ লগতে আগলৈও এনে প্ৰকল্প গ্ৰহণৰ নিশ্চয়তা প্ৰদান কৰে।