হিছাৰৰ মুছলমান সমাজৰ এগৰাকী নিষ্ঠাবান সেৱক হোছিয়াৰ খান

Story by  atv | Posted by  Munni Begum • 3 h ago
হোছিয়াৰ খান
হোছিয়াৰ খান
 
ডাঃ ফিৰদৌছ খান
 
পৃথিৱীৰ কিছুমান এনে ব্যক্তি আছে, যিসকলে নিজৰ সমাজখনক পৰিয়ালৰ দৰে জ্ঞান কৰে ইয়াৰ কল্যাণৰ বাবে নিজৰ জীৱনকো উৎসৰ্গা কৰে। তেনে এগৰাকী  ব্যক্তি হৈছে হাৰিয়ানাৰ হিছাৰৰ হোছিয়াৰ খান। তেওঁ কেৱল পৰিয়ালৰ সেৱাই নহয়, সমাজ আৰু সম্প্ৰদায়ৰ উত্তৰণৰ বাবেও নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছে। শৈশৱৰ পৰাই এতিয়ালৈকে তেওঁ সমাজসেৱাৰ কামত সক্ৰিয় হৈ আছে আৰু প্ৰতিটো ক্ষেত্ৰতে নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰি আহিছে।  
 
হোছিয়াৰ খানে তেওঁৰ জীৱন যাত্ৰাৰ বিষয়ে উল্লেখ কৰি কয় যে, "১৯৫৮ চনৰ ১৫ ডিচেম্বৰত হাৰিয়ানাৰ হিছাৰ জিলাৰ থুৰানা গাঁৱত মোৰ জন্ম হৈছিল। সেই সময়ত এই অঞ্চলটো অবিভক্ত পঞ্জাবৰ এটা অংশ আছিল। মোৰ মা নিম্বো এগৰাকী ধৰ্মীয় আৰু ভক্তিময় মহিলা আছিল আৰু মোৰ পিতৃ আব্দুল আছিল সহজ-সৰল আৰু ধৰ্মপৰায়ণ এগৰাকী ব্যক্তি। তেওঁ সদায় এই কথাৰ প্ৰতি মনোযোগ দিছিল যে, তেওঁৰ বাবে কোনো ব্যক্তিৰে যাতে কোনো ধৰনৰ কষ্ট বা অনিষ্ট সাধন নহওঁক। মোৰ পিতৃ-মাতৃ পঢ়া-শুনা কৰা নাছিল, তথাপিও তেওঁলোকে মোক আৰু মোৰ ভাতৃ-ভগ্নীসকলক ভাল শিক্ষা প্ৰদান কৰিছিল। আমাৰ ধর্ম ইছলামত শিক্ষাক যথেষ্ট গুৰুত্ব দিয়া হৈছে। প্ৰতিজন মুছলমানৰ বাবে শিক্ষা অৰ্জন কৰাটো এক বাধ্যতামূলক। সেই সময়ত স্নাতক ডিগ্ৰী অৰ্জন কৰাটো এটা ডাঙৰ সাফল্য আছিল আৰু মই সেয়া অৰ্জন কৰিবলৈ সক্ষম হৈছিলো। 
 
 
১৯৭৮ চনত হোছিয়াৰ খানে জলসিঞ্চন বিভাগৰ তত্বাৱধায়ক হিচাপে নিযুক্তি লাভ কৰিছিল। ২০১৬ চনলৈকে তেওঁ সেৱা আগবঢ়াইছিল আৰু এই সময়ছোৱাত তেওঁ বহুতো সামাজিক আৰু পেছাদাৰী দায়িত্ব পালন কৰিছিল। তেওঁ কয়, "চৰকাৰী সেৱাত থাকোঁতে মই মেকানিকেল ইউনিয়নৰ প্ৰধান, সচিব আৰু অধ্যক্ষ  হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলো। ইয়াৰ উপৰি ১৯৯৮ চনৰ পৰা ২০১৭ চনলৈ সংক্ষিপ্ত সচিবালয় আৱাস কলনীৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিলো। মই সদায় কৰ্মচাৰীসকলৰ অধিকাৰ আৰু  প্ৰাপ্যৰ বাবে কাম কৰিছিলো। তেওঁলোকৰ কৰ্তব্য সঠিকভাৱে পালন কৰা, দৰমহা আৰু বকেয়া ধন নিশ্চিত কৰিবলৈ প্ৰতিবাদ আৰু বিক্ষোভৰ আশ্ৰয় ল'বলগীয়া হৈছিল। মোৰ বেছিভাগ সময় এই কামবোৰতেই পাৰ হৈ গৈছিল।"
 
কেৱল পেছাগতভাৱে নহয়, ধৰ্মীয় আৰু সামাজিক কাম-কাজতো হোছিয়াৰ খান সদায়ে সক্ৰিয় হৈ আহিছে। ২০০৪ চনৰ পৰা তেওঁ মুছলিম কল্যাণ সমিতি, গ্ৰাম্য আৰু নগৰীয়া সমিতিৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। তেওঁ সমাজৰ কল্যাণ আৰু মুছলিম সম্প্ৰদায়ৰ কল্যাণৰ বাবে নিৰন্তৰ কাম আহিছে। মুছলিম কল্যাণ সমিতিৰ উদ্দেশ্য হৈছে সম্প্ৰদায়ৰ সমস্যা আৰু দাবীসমূহ সমাধান কৰা। এই সংগঠনৰ জৰিয়তে পিছপৰা শ্ৰেণীৰ অধিকাৰ, সংৰক্ষণ আৰু অন্যান্য সামাজিক সমস্যা সন্দৰ্ভত বৈঠক অনুষ্ঠিত কৰাৰ লগতে প্ৰয়োজন অনুসৰি প্ৰতিবাদো সাব্যস্ত কৰা হয়। 
 
হোছিয়াৰ খান
 
হিছাৰত মুছলমান সমাজৰ সুবিধাৰ্থে সমিতিয়ে ঈদ-উল-ফিটৰ আৰু ঈদ-উল-আজাহত মুছলিম সম্প্ৰদায়ৰ সুবিধাৰ্থে ৰাজহুৱা নামাজৰ আয়োজন কৰি আহিছে। চহৰত পৰ্যাপ্ত সংখ্যক মছজিদ নথকাৰ বাবে ক্ৰান্তিমান পাৰ্কত নামাজৰ ব্যৱস্থা কৰা হয় আৰু ইয়াৰ সকলো খৰচ সমিতিয়ে বহন কৰি আহিছে। ইয়াৰ উপৰিও সমিতিয়ে হিছাৰৰ বাৰ কোৱাৰ্টাৰত থকা কবৰস্থানখনৰো ৰক্ষণাবেক্ষণ কৰি আহিছে। তেওঁলোকে কবৰস্থানৰ চৌহদত দেৱাল নিৰ্মান কৰিছিল, যাতে জন্তুবোৰে প্ৰৱেশ কৰিব নোৱাৰে। সময়ে সময়ে ঘাঁহ কটা, বৰষুণৰ পিছত মাটি ভৰোৱা আৰু কবৰবোৰ পৰিষ্কাৰ কৰি ৰাখে। ইয়াৰ উপৰিও, কবৰস্থানত থকা গছ-গছনি কাটি পেলোৱা হৈছিল, যাতে কবৰ খন্দাত সহজ হয় আৰু কাষৰীয়া ভূমিৰ ব্যৱহাৰ উন্নত হয়।
 
কবৰস্থানৰ এটা অংশত এখন মাদ্ৰাছা আছে, য'ত প্ৰায় ৪০ টা শিশুৱে ধৰ্মীয় শিক্ষা গ্ৰহণ কৰি আছে। ইয়াত শিশুসকলক আৰবী আৰু উৰ্দু শিকোৱা হয় আৰু কিছুমান শিশুৰ বাবে থকাৰ ব্যৱস্থাও কৰা হৈছে। সমিতিয়ে তেওঁলোকৰ খোৱা-বোৱাৰ সকলো খৰচ বহন কৰি আহিছে। মাদ্ৰাছাৰ এটা কোঠাত ইমাম থাকে আৰু নিয়মীয়াকৈ নামাজ আদায় কৰা হয়। শেহতীয়াকৈ মাদ্ৰাছাৰ বাবে দুটা নতুন কোঠা নিৰ্মাণ কৰা হৈছে, যাৰ খৰচ হৈছে প্ৰায় ৬ লাখ টকা। সমিতিৰ আয় অস্থায়ী, সেয়ে নিৰ্মাণ কাৰ্যৰ বাবে কিছু পৰিমাণে ঋণ লোৱা হৈছিল।
 
হোছিয়াৰ খানৰ মুছলিম কল্যাণ সমিতিৰ উদ্যোগত অনুষ্ঠিত ৰাজহুৱা ঈদৰ নামাজৰৰ এক দৃশ্য
 
মাদ্ৰাছাৰ কাষত এখন সেউজীয়া ফুলনি গঢ়ি তোলা হৈছে, য'ত গোলাপ, ৰজনীগন্ধা, জেতুকা, ডালিম, মধুৰী আৰু খেজুৰ গছ ৰোপণ কৰা হৈছে। শিশুসকলে ইয়াত খেলাধূলা কৰে আৰু পঢ়ে। কবৰস্থানৰ দুৱাৰৰ সমীপত নিম, ছাহজান আৰু জাম গছৰ পুলি ৰোপণ কৰা হৈছে। এই পৰিৱেশে শিশুসকলৰ বাবে এক ঘৰুৱা পৰিৱেশ সৃষ্টি কৰিছে, যিয়ে তেওঁলোকৰ শিক্ষাৰ লগতে মানসিক বিকাশতো সহায়ক হৈছে। 
 
হোছিয়াৰ খান ৱাকফৰ ভূমি আৰু সম্পত্তিৰ বিষয়তো সক্ৰিয় হৈ আহিছে। হিছাৰত ৱাকফৰ সম্পত্তিৰ সঠিক ব্যৱহাৰ হোৱা নাছিল। তেওঁ অল ইণ্ডিয়া মুছলিম কল্যাণ সমিতিৰ সহায়ত ২০১৩ চনত আইন সংশোধন কৰিছিল, যাতে ৱাকফ ভূমিৰ লীজ প্ৰক্ৰিয়া স্বচ্ছ আৰু নিবিদা পদ্ধতিৰ ওপৰত আধাৰিত হয়। এই আইনৰ জৰিয়তে বছৰি ৪০০ কোটি টকাৰ ৰাজহ লাভৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও সমিতিয়ে চৰকাৰ আৰু প্ৰশাসনৰ সৈতে মিলিত হৈ হিছাৰ আৰু হাৰিয়ানাৰ বহুতো কবৰস্থান বেদখলমুক্ত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছিল।
 
এক অনুষ্ঠানত হোছিয়াৰ খান
 
হোছিয়াৰ খানৰ জীৱন সমাজ আৰু ধৰ্মৰ প্ৰতি সমৰ্পণ, নৈতিকতা আৰু জনসেৱাৰ এক আদৰ্শ। তেওঁ বিশ্বাস কৰে যে, এজন ব্যক্তিয়ে কেৱল তেওঁৰ পৰিয়াল বা ব্যক্তিগত স্বাৰ্থৰ বাবে নহয়, সমাজ আৰু সম্প্ৰদায়ৰ কল্যাণৰ বাবেও প্ৰচেষ্টা চলাব লাগে। তেওঁৰ জীৱনটোৱে এই বাৰ্তা প্ৰদান কৰিছে যে, সততা, ধৈৰ্য আৰু প্ৰকৃত নিষ্ঠাৰে যিকোনো প্ৰত্যাহ্বান অতিক্ৰম কৰি সমাজলৈ এক স্থায়ী বৰঙণি আগবঢ়াব পাৰি।