বিদুষী গৌৰ
লক্ষ্ণৌ... যিখন চহৰত মোৰ জন্ম হৈছিল। এইখন এনে এখন চহৰ য'ত বৈচিত্ৰ্য কেৱল সংস্কৃতিৰ আলংকাৰ নহয়, বৰং ই হৈছে চহৰখনৰ নীৰৱ হৃদয়ত লুকাই থকা আবেগ, মানৱতা আৰু একতা। যাৰ বাবে ইয়াত সকলোৱে স্বস্তিৰৰ নিশ্বাস ল'ব পাৰে। ইয়াত মানুহবোৰে কেৱল একেলগে বাস কৰাই নহয়, এওঁলোকে ইজনে আনজনৰ জীৱনক একেডাল এনাজৰীৰে বান্ধি ৰাখিছে।
মই এটা হিন্দু পৰিয়ালত ডাঙৰ হৈছো, য'ত আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি আৰু আমাৰ সংস্কৃতিৰ এক অকথিত অৰ্থ আছিল। কিন্তু মোৰ লালন-পালনে, নিজৰ কোমল ধৰণেৰে, সদায় এটা কথায়ে কয় আহিছে যে, সঁচাকৈয়ে হৃদয়ে কোনো সীমা নামানে।
Unforgettable experiences
মোৰ প্ৰথমটো মনত পৰা ঘটনা হ'ল দীপাৱলীৰ সন্ধিয়া। ঘৰত মায়ে শেষৰ চাকিটো জ্বলোৱাৰ লগে লগে আমাৰ দুৱাৰমুখত এটা শব্দ হৈছিল, যিটো চিনাকি শব্দ আছিল। ৰুখছানা খুৰীয়ে এখন প্লেটত গৰম সুস্বাদু চেৱাই লৈ দুৱাৰমুখত থিয় হৈ আছিল। তেওঁ হাঁহি হাঁহি কৈছিল, "আতিথ্যই কোনো ধৰ্ম নামানে" আৰু আমি কিবা কোৱাৰ আগতেই তেওঁ প্লেটখন মোৰ মাৰ হাতত তুলি দিছিল।
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতি বছৰে আমাৰ ৰংগোলী আৰু তেওঁ প্ৰস্তুত কৰা চেৱাইয়ে ডাইনিং টেবুলত একেলগে স্থান দখল কৰিছিল। মিঠাৰ কাষত উজ্জ্বল ৰং কিবা এটা, এনেকুৱা লাগিছিল যে, বিশ্বব্ৰহ্মাণ্ডই এই যোৰাটো ঠিক কৰি থৈছিল। সেই সময়তে আমি উৎসৱৰ অৰ্থ বুজি পাইছিলো।
মোৰ শৈশৱ কালটো আছিল অতি সহজ-সৰল। হোলীৰ সময়ত হাতত আবিৰ লৈ মই মোৰ বান্ধৱী আয়েছাক পিছে পিছে খেদি ফুৰিছিলোঁ। আয়েছাইও হাঁহি হাঁহি দৌৰিছিল আৰু মাকৰ আলমাৰীৰ পৰা আলতা লৈ মোৰ মুখত লেপি দিছিল। ওচৰ-চুবুৰীয়াৰ ছাদৰ পৰা কোনোবাই চিঞৰিছিল, "এতিয়া তোমালোক দুয়োৰে চেহেৰা একে!" আৰু পেট বিষাই নযোৱালৈকে আমি হাঁহিছিলোঁ, কাৰণ সেইদিনা ৰঙে আছিল আমাৰ একমাত্ৰ পৰিচয়।
আমি ডাঙৰ হৈ অহাৰ পিছতো লক্ষ্ণৌৰ সেই পৰিবেশৰ কোনো সলনি হোৱা নাছিল বৰং ই আৰু অধিক গভীৰ হৈ পৰিছিল। কলেজৰ বন্ধু-বান্ধৱীৰ সৈতে পৰীক্ষাৰ অন্তত বাড়া ইমাম্বৰালৈ যোৱাৰ কথা মনত আছে। আমি ভিতৰলৈ সোমাই যোৱাৰ সময়ত মই প্ৰবৃত্তিগতভাৱে জোতাযোৰ খুলিছিলোঁ। তেতিয়া বন্ধু অমান আহমেদে মোৰ কানত ফুচফুচাই কৈছিল, "তোমাৰ প্ৰয়োজন নাই"। মই উত্তৰ দিছিলোঁ, "মই জানো, কিন্তু সন্মানে নিয়মৰ বাবে অপেক্ষা নকৰে।"
কেইসপ্তাহমানৰ পাছত যেতিয়া অমান মোৰ ঘৰত সুন্দৰ কান্দ পূজাত আৰতিৰ সময়ত হাত ভাঁজ কৰি থিয় হৈ আছিল আৰু শান্তভাৱে প্ৰসাদৰ তাৎপৰ্যৰ গুৰুত্বৰ বিষয়ে প্ৰশ্ন কৰিছিল, তেতিয়া অনুভৱ হৈছিল যেন জীৱনৰ এটা চক্র নিৰৱচিছন্নভাৱে সম্পূৰ্ণ হৈছে।
প্ৰতিনিধিত্বমূলক ছবি
কিন্তু এটা স্মৃতিয়ে আজিও মোৰ হৃদয়ত শান্তি দিয়ে। ৰমজানত এটি সন্ধিয়া মই চ'কৰ ওচৰত আছিলো। মাগৰিবৰ প্ৰথম আজানৰ সুৰ বতাহত ভাহি আহিছিল আৰু মিনিটৰ ভিতৰতে দোকানীসকলে ইফতাৰৰ বাবে খেজুৰ, পানী, ফল-মূল আদি বিতৰণ কৰিবলৈ লৈছিল।
মাত্ৰ আঠ বছৰীয়া সৰু ল'ৰা এটাই মোৰ হাতত চুমা খাই কৈছিল, "দিদি, ইফতাৰ কৰাৰ সময় হ'ল। তুমিও, অনুগ্ৰহ কৰি বহা।" মই ল'ৰাটো ক'লো যে, মই ৰোজা পালন কৰা নাই। লৰাটোৱে এনে আত্মবিশ্বাসেৰে নিজৰ মুৰ দুপিয়ালে যি কেৱল এটা শিশুৰ ওচৰতহে থাকে। সি মোক কলে, "কোনো কথা নাই। আল্লাহে সকলোকে নিমন্ত্ৰণ জনাইছে।"
আৰু ল'ৰাটো কথা শুনাৰ পিছত মইও ইফতাৰৰ বাবে বহিছিলোঁ, অচিনাকি মানুহৰ মাজৰ এগৰাকী ছোৱালী যিগৰাকীক একেবাৰেই অচিনাকি যেন লগা নাছিল, আৰু মই আগতে কেতিয়াও নখোৱা খেজুৰৰ সোৱাদ লৈছিলোঁ। মই তেতিয়াই বুজিছিলোঁ যে, আত্মিকতা মাতেৰে নাহে। ইয়াৰ বাবে মাত্ৰ এটা সৰু ইংগিত, এটা অফাৰ, এটা হাঁহি আৰু এখন আসনেই যথেষ্ট।
প্ৰতিনিধিত্বমূলক ছবি
লক্ষ্ণৌৱে কেতিয়াও মতানৈক্যক নুই কৰা নাছিল। ই সকললোকে মৰমেৰে একত্ৰিত কৰি ৰাখিছিল। ইয়াত বিয়াৰ শোভাযাত্ৰা পাৰ হ’ব দিয়াৰ বাবে অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰা ৰৈ যোৱাটো সাধাৰণ কথা। দৰগাহৰ পৰা অহা কাৱালীৰ সুৰবোৰ ৰাস্তাৰ সিপাৰৰ এটা পণ্ডলৰ পৰা আৰতিৰ ঘণ্টাবোৰৰ লগত মিলি যায়। দীপাৱলীত মানুহে নিজৰ কৰ্মচাৰীলৈ গুলাব জামুন পঠিয়াই আৰু ঈদৰ দিনা সকলোৱে সোনকালে নিজৰ নিজৰ দোকান বন্ধ কৰাটোও সাধাৰণ কথা।"
মানুহে মোক সুধিছিল যে, মই কিয় ইমান গভীৰভাৱে ঐক্যতাত বিশ্বাস কৰোঁ। মই কেতিয়াও সম্পূৰ্ণৰূপে বুজাব পৰা নাছিলো। হয়তো মোৰ শৈশৱ ধূপ আৰু আতৰৰ সুগন্ধি দুয়োটাৰে ভৰি পৰিছিল। কাৰণ মই শিকি অহা কৃতজ্ঞতাৰ প্ৰথম শব্দ দুটা ভাষাত আহিছিল: শুক্ৰিয়া আৰু ধন্যবাদ। কাৰণ লক্ষ্ণৌৰ প্ৰতি মোৰ প্ৰত্যেকটো স্মৃতি দুটা পক্ষৰ বিভক্তৰে নহয়, বৰং দুয়োখন হাতৰ সংলগ্ন হৈ আছে। মই কিতাপ বা ভাষণৰ পৰা ভিন্নতাৰ প্ৰতি প্ৰেম শিকা নাছিলো, মই দীপাৱলীৰ সন্ধিয়াৰ গৰম চেৱাইৰ প্লেটৰ পৰাই শিকিছিলোঁ।
এই চহৰখনে মোক কোমলভাৱে লালন-পালন কৰিছিল, আৰু নিজৰ নিস্তব্ধ ধৰণেৰে মোক অমূল্য কিবা এটা শিকাইছিল: আমি সকলোৱে একেলগে থাকিলে শান্তি নাহে। শান্তি তেতিয়াহে আহিব, যেতিয়া আমি আমাৰ মতানৈক্যৰ মাজতো ইজনে সিজনৰ লগত থকাটোক বিচাৰি ল'ম।
(লেখক আৱাজ-দ্য ভইচ ইংৰাজীৰ সৈতে জড়িত।)
(যদি আপোনাৰ ওচৰতো কোনো সাম্প্ৰদায়িক সম্প্ৰীতি বা হিন্দু-মুছলমান বন্ধুত্বৰ কাহিনী আছে, অনুগ্ৰহ কৰি আমাক [email protected] ত ইমেইল কৰক। ইয়াক Awaz The Voice ত প্ৰকাশ কৰা হ'ব।)