ধুৰন্ধাৰ: সন্ত্ৰাসবাদ, চোৰাংচোৱাগিৰি আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাস্তৱ কাহিনী

Story by  Aasha Khosa | Posted by  Munni Begum • 2 h ago
ধুৰন্ধৰ চিনেমাৰ পোষ্টাৰ
ধুৰন্ধৰ চিনেমাৰ পোষ্টাৰ
 
আছা খোছা
 
যদি আপুনি বাহৰেইনৰ ৰেপাৰ ফ্লিপপ্ৰাচিৰ Fa9la গীতটিৰ প্ৰতি আকৃষ্ট হৈছে আৰু 'ধুৰান্ধৰ'ত অক্ষয় খান্নাৰ নৃত্যৰ প্ৰতি আকৰ্ষিত হৈছে, তেন্তে আপুনি অকলে হোৱা নাই। অৱশ্যে, এই দৃশ্যটো যদি আপুনি ছবিখনৰ শ্ৰেষ্ঠ অংশ বুলি ভাবিছে তেন্তে আপুনি ভুল কৰিছে। যিটো ৩.৫ ঘণ্টীয়া এই সমগ্ৰ ছবিখন মসৃণ, আকৰ্ষণীয়, আৰু পৰিচালক আদিত্য ধৰৰ নিৰৱচ্ছিন্ন আৰু এক উজ্জ্বল চলচ্চিত্ৰ নিৰ্মাণৰ মাত্ৰ এটা টুকুৰাহে। 
 
বক্স অফিচত ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন কৰা ধুৰন্ধাৰে ভাৰতীয় চিনেমাক নতুনকৈ সংজ্ঞায়িত কৰিছে। যি সময়ত ভাৰতে পূৰ্বৰ কোমল জাতীয় ভাবমূৰ্তিৰ পৰা আঁতৰি আহি সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰাৰ বাবে পাকিস্তানৰ বিৰুদ্ধে দৃঢ় স্থিতি গ্ৰহণ কৰিছে, সেই সময়ত ছবিখনে সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদ আৰু ইয়াৰ প্ৰতি ভাৰতৰ সঁহাৰিৰ বিষয়টো বাস্তৱিকভাৱে উপস্থাপন কৰিছে। 
 
ধুৰন্ধাৰ ছবিখনৰ এটা দৃশ্য
 
কাহিনীটোত কৰাচীৰ আণ্ডাৰৱৰ্ল্ডত অনুপ্ৰৱেশ কৰা ৰণবীৰ সিঙে শক্তিশালী চৰিত্ৰত অভিনয় কৰা এজন ভাৰতীয় চোৰাংচোৱাক অনুসৰণ কৰিছে। এজন নিৰৱ পৰ্যবেক্ষক হিচাপে তেওঁ ভাৰতৰ বিৰুদ্ধে আক্ৰমণৰ পৰিকল্পনা কৰা আই এছ আইৰ কৰ্মী আৰু দেশলৈ যোৱা সন্ত্ৰাসবাদীক অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ যোগান ধৰা অপৰাধী চক্ৰৰ সন্মুখীন হয়।
 
আদিত্য ধৰৰ পূৰ্বৰ ছবি উৰি: দ্য চাৰ্জিকেল ষ্ট্ৰাইক, আৰ্টিকেল ৩৭০ আৰু বাৰামুল্লাৰ দৰে এই ছবিখনো ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে জড়িত বাস্তৱিক ঘটনাৰ পৰা অনুপ্ৰাণিত। অৱশ্যে ধৰুন্ধৰে কেৱল তথ্যভিত্তিক ছবিতকৈও অধিক হৈ পৰিছে। ই উৎকৃষ্ট অভিনয়, এটা স্তৰযুক্ত কাহিনী, বাস্তৱিক আৰু ত্ৰুটিপূৰ্ণ চৰিত্ৰ আৰু বিশ্বাসযোগ্য পৰিৱেশত দেখুওৱা চোৰাংচোৱাগিৰিৰ জৰিয়তে শক্তিশালী চিনেমা আগবঢ়ায়।
 
ৰণবীৰ সিঙে হামজা আলী মাজাৰী নামৰ এজন বেলুচ জনজাতীয় ব্যক্তিৰ চৰিত্ৰত অভিনয় কৰিছে, যি আচলতে কৰাচীৰ লিয়াৰীৰ বিপদজনক আণ্ডাৰৱৰ্ল্ডত নিজকে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা এজন ভাৰতীয় চোৰাংচোৱা। ছ’চিয়েল মিডিয়াত পাকিস্তানী দৰ্শকে লিয়াৰী অঞ্চলটোক সঠিকভাৱে চিত্ৰিত কৰাৰ বাবে আৰু বেলুচৰ নাম সঠিকভাৱে উচ্চাৰণ কৰাৰ বাবে ছবিখনক প্ৰশংসা কৰিছে — যিটো তেওঁলোকে কয় যে, পাকিস্তানীসকলেও প্ৰায়ে ভুলকৈ উচ্চাৰণ কৰে।
 
ধুৰন্ধাৰ ছবিখনৰ এটা দৃশ্য
 
এই প্ৰশংসাই ধুৰন্ধাৰ নিৰ্মাণৰ ক্ষেত্ৰত যি গভীৰ গৱেষণা আৰু বিতংভাৱে মনোযোগ দিয়া হৈছিল, সেই কথা প্ৰকাশ কৰিছে। সেইবাবেই দৰ্শকে ছবিখনক ভাল পাইছে।
 
অক্ষয় খান্নাই লিয়াৰীক নিয়ন্ত্ৰণ কৰা শক্তিশালী বেলুচ গেঙৰ নেতা ৰেহমান ডাকাইতৰ চৰিত্ৰত অভিনয় কৰিছে। হামজাই নিজৰ গেঙত যোগদান কৰে আৰু লাহে লাহে ভাৰতত সন্ত্ৰাসবাদক সমৰ্থন কৰাত আই এছ আই আৰু স্থানীয় অপৰাধী নেটৱৰ্কৰ মাজৰ সংযোগ উন্মোচন কৰে। তেওঁ এইটোও আৱিষ্কাৰ কৰে যে, ভাৰতৰ অৰ্থনীতিৰ ক্ষতিৰ বাবে বৃহৎ পৰিমাণৰ ভুৱা ভাৰতীয় মুদ্ৰা ছপা কৰি এজন সুপৰিচিত পাকিস্তানী ব্যৱসায়ী জড়িত হৈ আছে।
 
এই মুহূৰ্ততে দৰ্শকে হঠাতে উপলব্ধি কৰে আৰু বুজি পায় যে, ২০১৬ চনত ভাৰত চৰকাৰৰ বিমুদ্ৰাকৰণৰ সিদ্ধান্তৰ আঁৰৰ কাৰণ। কেইমাহমানৰ বাবে সাধাৰণ মানুহে অসুবিধাৰ সন্মুখীন হ’লেও চৰকাৰে অৰ্থনীতি সুৰক্ষিত কৰাৰ বাবে ক্ষীপ্ৰতাৰে কাম কৰিছে।
 
এটা চাঞ্চল্যকৰ দৃশ্যত দেখা গৈছে যে, ৰেহমান ডাকাইত, আই এছ আইৰ বিষয়া, আৰু ভুৱা মুদ্ৰা অপাৰেটৰে ২৬/১১ মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ উদযাপন কৰিছে যিয়ে দৃশ্যই হামজাক স্তম্ভিত কৰি তুলিছে। ছবিখনত আক্ৰমণৰ সময়ত চেটেলাইট ফোনযোগে পাকিস্তানত থকা সন্ত্ৰাসবাদীয়ে নিজৰ হেণ্ডলাৰৰ সৈতে যোগাযোগ কৰা প্ৰকৃত অডিঅ' ৰেকৰ্ডিং চমুকৈ বজাইছে।
 
ধুৰন্ধৰত অজয় ​​সন্যালৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা মাধৱনে (সোঁফালে) আৰু এন এছ এ অজিত ডোভাল (বাওঁফালে)
 
এই দৃশ্যই দৰ্শকক গভীৰভাৱে আপ্লুত কৰে। হামজাৰ অভিব্যক্তিত  কষ্ট, দুখ, লাজ, খং আৰু অসহায়তা প্ৰতিফলিত হয়। অতি কম সংলাপ আৰু ৰঙা পৰ্দাত দেখুওৱা চুটি টেক্সট-এণ্ড-অডিঅ’ ক্ৰমৰ সৈতে ধৰে শক্তিশালীভাৱে বুজাইছে যে, এই ছবিখন কিয় নিৰ্মাণ আৰু চোৱাৰ প্ৰয়োজন আছিল — আগ্ৰাসী জাতীয়তাবাদৰ ব্যৱহাৰ নকৰাকৈ। 
 
মাধৱনে চোৰাংচোৱা ব্যুৰোৰ সঞ্চালক অজয় ​​সানয়ালৰ চৰিত্ৰত অভিনয় কৰিছে। যদিও তেওঁৰ ভূমিকা চমু, তথাপিও স্পষ্ট যে, তেওঁৰ দৃষ্টিভংগীয়ে ভাৰতক পাকিস্তানৰ বিৰুদ্ধে সক্ৰিয় কৌশলৰ দিশত আগুৱাই লৈ গৈছে। সমগ্ৰ কাশ্মীৰ আৰু ভাৰতৰ বাকী অংশত প্ৰক্সি (ছাঁয়া) যুদ্ধ আৰু সন্ত্ৰাসবাদ ব্যৱহাৰ কৰি “এহাজাৰ কৰ্তন”ৰ জৰিয়তে ভাৰতক আঘাত হনাৰ কথা পাকিস্তানে মুকলিকৈ কয়। এই চৰিত্ৰটো স্পষ্টভাৱে ভাৰতৰ বৰ্তমানৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ড'ভালৰ পৰা অনুপ্ৰাণিত। ছবিখন চাই থাকোঁতে দৰ্শকে ভাৰতৰ নিৰাপত্তা নীতিৰ ওপৰত ড’ভালৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰা শুনা গৈছে। 
 
এসময়ত পাকিস্তানৰ বিৰুদ্ধে কঠোৰ পন্থাৰ বাবে অকলশৰীয়া যুক্তি আগবঢ়োৱা অজিত ড'ভালৰ প্ৰতিও ছবিখনে এক সূক্ষ্ম শ্ৰদ্ধাঞ্জলি হিচাপে কাম কৰিছে। পাকিস্তানে সংসদ আক্ৰমণ চলোৱাৰ সময়ত ড’ভাল আই বি সঞ্চালক আছিল আৰু  লস্কৰ ই টয়বাই কান্দাহাৰলৈ ইণ্ডিয়ান এয়াৰলাইন্সৰ এখন বিমান অপহৰণ কৰিছিল আৰু আন বহু ডাঙৰ আক্ৰমণ সংঘটিত কৰিছিল। কান্দাহাৰত তেওঁলোকে ভাৰতীয় যাত্ৰীসকলৰ বিনিময়ত ভাৰতীয় কাৰাগাৰৰ পৰা চাৰিজন ভয়ংকৰ সন্ত্ৰাসবাদীক মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰিছিল। লগতে চৰকাৰে সন্ত্ৰাসবাদীক এক কোটি ডলাৰো প্ৰদান  কৰিছিল।
 
আই বিৰ মুৰব্বী হিচাপে অৱসৰ লোৱাৰ পিছত দিয়া বক্তৃতাত ড'ভালে কৈছিল যে, পাকিস্তানে যদি ভাৰতৰ বিৰুদ্ধে ছায়া যুদ্ধ চলোৱা বন্ধ নকৰে তেন্তে ইয়াৰ বাবে তেওঁলোকে গধুৰ মূল্য পৰিশোধ কৰিব লাগিব। তেওঁ বিচাৰিছিল যে, ভাৰতে পাকিস্তানৰ বাবে সন্ত্ৰাসবাদৰ ব্যয় প্ৰতিৰোধক হিচাপে বৃদ্ধি কৰিব লাগে। সেই সময়ৰ চৰকাৰে তেওঁৰ সাহসী পৰিকল্পনাৰ অনুকূল নাছিল; ই প্ৰতিৰক্ষামূলক কৌশল আৰু বৰ্তমানৰ নিয়ম অনুসৰি আগবঢ়াটোত বিশ্বাস কৰিছিল।
 
ধুৰন্ধৰত এছ পি চৌধুৰী আছলামৰ চৰিত্ৰত অভিনয় কৰা সঞ্জয় দত্তৰ সৈতে আদিত্য ধৰ
 
এইদৰে হামজা আলী মাজাৰীক চোৰাংচোৱা হিচাপে পাকিস্তানলৈ পঠোৱাটোৱে ড’ভাল এন এছ এ হোৱাৰ পিছত তেওঁৰ কৌশল প্ৰতিফলিত কৰিছে। ধৰে ছবিখনত বাস্তৱৰ পৰা সৰু সৰু কিন্তু শক্তিশালী মুহূৰ্তবোৰ অন্তৰ্ভুক্ত কৰিছে, যিয়ে স্থায়ী প্ৰভাৱ পেলাইছে। “ভাৰতৰ কথা চিন্তা কৰা চৰকাৰ এখন ক্ষমতালৈ অহালৈকে আমি অপেক্ষা কৰিব লাগিব” সানয়াল আৰু তেওঁৰ জুনিয়ৰৰ মাজত হোৱা এটা আলোচনা আজিৰ প্ৰেক্ষাপটত ইমানেই অৰ্থপূৰ্ণ। 
 
ছবিখনত সকলো প্ৰধান অভিনেতাই অসাধাৰণ অভিনয় কৰিছে। গেং লিডাৰ হিচাপে অক্ষয় খান্না উৎকৃষ্ট, আৰু ফ্লিপপ্ৰাচিৰ আৰবী ৰেপত তেওঁৰ নৃত্য বিশ্বব্যাপী ধাৰাত পৰিণত হৈছে। ৰণবীৰ সিং, মাধৱন, সঞ্জয় দত্ত, অৰ্জুন ৰামপাল, ৰাকেশ বেদী, আৰু মহিলা অভিনেতা ছাৰা অৰ্জুন আৰু সৌম্য টাণ্ডনেও উজ্জ্বল অভিনয় কৰিছে।
 
ধুৰন্ধাৰে বলীউডৰ নেপটিজিম, কাৰ্টেল, পেইড প্ৰমোচনৰ সংস্কৃতিকো প্ৰত্যাহ্বান জনাইছে। আদিত্য ধৰে মুকলিকৈ ভাৰতক সমৰ্থন কৰে আৰু নিজৰ জাতীয়তাবাদ প্ৰকাশ কৰিবলৈও কুণ্ঠাবোধ কৰা নাই। ধৰ আৰু তেওঁৰ পত্নী অভিনেত্ৰী য়ামী গৌতমে ইতিবাচক ছবিখনৰ সমালোচনাৰ বাবে ধন দিবলৈ অস্বীকাৰ কৰিছে। বলীউডক চিৰদিনৰ বাবে সলনি কৰাৰ বাবে আজি ধুৰন্ধাৰক প্ৰশংসা কৰিছে শীৰ্ষ চলচ্চিত্ৰ নিৰ্মাতাসকলে। ধুৰন্ধাৰ মুছলমান বিৰোধী নেকি? দূৰৈৰ পৰাও এই কথাৰ ইংগিত দিয়া কোনো দৃশ্য নাই ছবিখনত। ৯৯.৯ শতাংশ মুছলমান সমাজ কাশ্মীৰৰ দৰ্শকে এই ছবিখনক প্ৰিয় ছবি হিচাপে গ্ৰহণ কৰিছে। দেশখনত ১৮ লাখ পাইৰেচি ডাউনলোড কৰি পাকিস্তানে এক ধৰণৰ অভিলেখ গঢ়িছে।
 
মই সাহস কৰি কওঁ যে, চিনেমাখনে পাকিস্তানৰ জনসাধাৰণক ঘৃণা কৰিবলৈ আপোনাৰ মনটোক হেঁচাও প্ৰয়োগ কৰা নাই৷ ছবিখনৰ কাহিনীটো লয়াৰীৰ দুটামান স্থানত ঘটিছে, পাকিস্তানী চৰিত্ৰ নিৰ্দিষ্ট আৰু দেশৰ বাকী অংশও দেখুওৱা হোৱা নাই।