পিছপৰা শ্ৰেণীৰ অধিকাৰৰ বাবে আজীৱন সংগ্ৰাম কৰা ৰাজেশ খান মাচ্ছাৰী

Story by  atv | Posted by  Munni Begum • 5 h ago
ৰাজেশ খান মাচ্ছাৰী
ৰাজেশ খান মাচ্ছাৰী
 
ডাঃ ফিৰদৌছ খান
 
দেশৰ মুছলমান সম্প্ৰদায়ক অত্যন্ত পিছপৰা এটি সম্প্ৰদায় বুলি গণ্য কৰা হয়। সচ্চাৰ কমিটীৰ এক প্ৰতিবেদনত মুছলমানসকলক অৰ্থনৈতিক, শৈক্ষিক আৰু সামাজিকভাৱে পিছপৰা বুলিও চিনাক্ত কৰা হৈছে আৰু তেওঁলোকক মূলসুঁতিৰ সৈতে অন্তৰ্ভুক্ত কৰাৰ বাবে চৰকাৰক বিশেষ প্ৰচেষ্টা চলাবলৈ পৰামৰ্শ দিয়া হৈছে। চৰকাৰে এই পৰামৰ্শ কিমানখিনি কাৰ্যকৰী কৰিলে সেয়া বেলেগ কথা। অৱশ্যে সচ্চাৰ কমিটীৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ লগে লগে মুছলমানসকলৰ মাজত সজাগতা সৃষ্টি হৈছিল। সমাজৰ সচেতন লোকসকল আগবাঢ়ি আহিছিল আৰু তেওঁলোকে সমাজৰ পৰিৱৰ্তন সাধনৰ বাবে অভিযান আৰম্ভ কৰিছিল। তেনে এগৰাকী ব্যক্তি হৈছে হাৰিয়ানাৰ শোনিপাটৰ ঈদগাহ কলনীৰ ৰাজেশ খান মাচ্ছাৰী। তেওঁ পেছাত এগৰাকী অধিবক্তা আৰু সমাজ সেৱাৰ বাবে পৰিচিত। তেওঁ সংখ্যালঘু, দলিত, পিছপৰা শ্ৰেণী, আৰু নিপীড়িত লোকৰ সমস্যা চৰকাৰ আৰু প্ৰশাসনৰ আগত উত্থাপন কৰিবলৈও কাম কৰি আহিছে। 
 
ৰাজেশ খান মাচ্ছাৰী হৈছে মুছলমান সম্প্ৰদায়ৰ পিছপৰা এটা শ্ৰেণীৰ পৰিয়ালৰ পৰা অহা। সেয়ে তেওঁ পিছপৰা সমাজখনৰ দুখ-দুৰ্দশা আৰু সমস্যাবোৰ ভালদৰে বুজি পায়। তেওঁ উচ্চ শিক্ষা লাভ কৰিছিল। 
 
ৰাজেশ খান মাচ্ছাৰীৰ নেতৃত্বত গছপুলি ৰোপন কাৰ্যসূচী
 
তেওঁ কয় যে, "১৯৭৯ চনৰ ১০ জুলাইত হাৰিয়ানাৰ শোনিপাট জিলাৰ বাদশ্বাহপুৰ মাচ্ছাৰী গাঁৱত মোৰ জন্ম হৈছিল। আমি পাঁচগৰাকী ভাই-ভনী আছিলো। মোৰ মা এগৰাকী গৃহিনী আছিল। মোৰ পিতৃ কৰ্তাৰ সিং সক্কাৰৰ ককাক চান্দু জী আছিল সম্প্ৰদায়ৰ এগৰাকী বিশিষ্ট ব্যক্তি আছিল আৰু তেওঁ ম'হৰ ব্যৱসায় কৰিছিল। আমাৰ ব্যৱসায় হাৰিয়ানাৰ পৰা দিল্লী, বাঘপট, গাজিয়াবাদ, হায়দৰাবাদ, মহাৰাষ্ট্ৰলৈকে বিস্তৃত আছিল। মই পঢ়া-শুনা কৰি পৰিয়ালৰ নাম উজ্জ্বল কৰাটো মোৰ পিতৃ-মাতৃয়ে বিচাৰিছিল। মই মীৰুটৰ চৌধুৰী চৰণ সিং বিশ্ববিদ্যালয়ৰ পৰা বি এ এল বি সম্পূৰ্ণ কৰিছিলো। মই বৰ্তমান শোনিপাট আদালতত অধিবক্তা হিচাপে কৰ্মৰত হৈ আছো। এই কাম মোৰ দৈনন্দিন জীৱিকাৰ উপায়। যাৰ বাবে মোৰ ঘৰখন চলি আছে।"
 
ৰাজেশ খানে মাচ্ছাৰী সমাজসেৱাক নিজৰ দায়িত্ব হিচাপে গণ্য কৰি আহিছে। তেওঁ কেইবাটাও স্বেচ্ছাসেৱী সংগঠনৰ সৈতে জড়িত হৈ দেশ আৰু সমাজৰ বাবে সেৱা আগবঢ়াই আহিছে। 
 
তেওঁ কয়, "সমাজ সেৱাৰ প্ৰেৰণা মই মোৰ পৰিয়ালৰ পৰা লাভ কৰিছিলো। মোৰ মায়ে কোনো লোককে বিপদত পৰা কেতিয়াও সহ্য কৰিব পৰা নাছিল। সেয়েহে আৰ্তজনক যিমান পাৰে তেওঁ সহায় কৰিছিল। এই সাহায্য খাদ্য, শস্য আৰু কাপোৰ আদিৰ ৰূপত আছিল। তেওঁলোকে সদায়েই আত্মীয় আৰু চুবুৰীয়াসকলৰ দুখ-কষ্টত  সহায় কৰিবলৈ প্ৰস্তুত আছিল। মোৰ প্ৰয়াত আজোককা চন্দু সক্কাই সম্প্ৰদায়ৰ লোকসকলৰ সমস্যা সমাধান কৰি দিছিল। সমস্যাৰ সমাধান আৰু সংঘৰ্ষৰ নিষ্পত্তিৰ বাবে সমাজৰ লোকসকল তেওঁৰ ওচৰলৈ আহিছিল। তেওঁ সম্ভৱপৰ সকলোকে সহায় কৰিছিল। মইও তেওঁলোকৰ দৰেই হ'ব বিচাৰিছিলো।"
 
এক অনুষ্ঠানত  ৰাজেশ খান মাচ্ছাৰী
 
নিজৰ জনসেৱাৰ বিষয়ে তেওঁ কয়, "মই ২০০৬ চনৰ পৰা হাৰিয়ানাৰ কবৰস্থান ব্যৱস্থা সংগ্ৰাম সমিতিৰ অধ্যক্ষ হৈ আছো। আমাৰ সমিতিয়ে কবৰস্থানসমূহ পৰিচালনা কৰি আহিছে। সমিতিয়ে কবৰস্থানসমূহত বিদ্যুৎ-পানীৰ ব্যৱস্থা কৰা, কবৰস্থানসমূহৰ পৰা অবৈধ দখল আঁতৰোৱা, চহৰ দেৱাল নিৰ্মাণ কৰা আৰু গছ-গছনি ৰোপণ কৰা আদি কাম কৰি আহিছে। ইয়াৰ বাহিৰেও গৰাকীবিহীন মৃতদেহসমূহক কবৰ দিয়া কামো কৰি আহিছে।"
 
ৰাজেশ খান মাচ্ছাৰীয়ে তেওঁ সক্কা অৰ্থাৎ আব্বাছী সম্প্ৰদায়ক পিছপৰা শ্ৰেণীৰ ভিতৰত অন্তৰ্ভুক্ত কৰিবলৈ বহু সংগ্ৰাম কৰিছিল। তেওঁ কয় যে, আমি তদানীন্তন মুখ্যমন্ত্ৰী চৌধুৰী ওমপ্ৰকাশ চৌতালাক বহুবাৰ সাক্ষাৎ কৰিছিলো আৰু পিছপৰা শ্ৰেণীৰ বাবে লিখিত আবেদন জনাইছিলো। ২০০১-২০০২ চনত আমাৰ এই প্ৰচেষ্টাত পিছপৰা শ্ৰেণীৰ বি চি (এ)ৰ অন্তৰ্ভুক্ত কৰা হৈছিল। আমাৰ সংগঠনে প্ৰায় আঢ়ৈ দশক ধৰি কাম কৰি আহিছে। ২০০১-২০০২ চনত আমি হাৰিয়ানা আৰু দিল্লীৰ আব্বাছীক সম্প্ৰদায়ৰ লোকসকলৰ সৈতে মিলিত হৈ 'অখিল ভাৰতীয় আব্বাছী কল্যাণ সংঘ' গঠন কৰিছিলো। সেই সময়ত মোক জিলা সচিবৰ দায়িত্ব দিয়া হৈছিল। পৰৱৰ্তী সময়ত মোৰ কামৰ পৰিপ্ৰেক্ষিতত সংগঠনটোৰ ৰাষ্ট্ৰীয় সভাপতি হজী চান্দ খান আব্বাছীয়ে মোক হাৰিয়ানাৰ প্ৰদেশ সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছিল। 
 
তেওঁ শিক্ষা, স্বাস্থ্য, স্বচ্ছতা, যৌতুক প্ৰথা আৰু পৰিৱেশ আদি বিষয়ক লৈ সমাজত সজাগতা সৃষ্টিৰ বাবে কাম কৰি আহিছে। তেওঁ কয়, "মই ১৯৯৮ চনৰ পৰা এই ক্ষেত্ৰত কাম কৰি আহিছো। মই বিচাৰো যে, অভিভাৱকসকলে তেওঁলোকৰ সন্তানসকলক, বিশেষকৈ ছোৱালীসকলক ভাল শিক্ষা প্ৰদান কৰক, কিয়নো শিক্ষাই যিকোনো সম্প্ৰদায়ৰ পৰিস্থিতি সলনি কৰিব পাৰে। এইটো ভাল কথা যে, মুছলমানসকলে তেওঁলোকৰ সন্তানৰ শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰি আছে।"  
 
নিজৰ কন্যাৰ সৈতে ৰাজেশ খান মাচ্ছাৰী
 
তেওঁ কয়, "২০০৩ চনত মোৰ বিবাহৰ হোৱাৰ পিছত মোৰ পত্নী সুমন আব্বাছীয়েও মোৰ সৈতে মিলি সমাজত সজাগতা বৃদ্ধি কৰাৰ কাম কৰি আহিছে। মোৰ পত্নীয়ে ঈদগাহ কলনীত আশা কৰ্মী হিচাপে কাম কৰে। তেওঁ মহিলাসকলৰ সন্মুখীন হোৱা সমস্যাবোৰ ভালদৰে বুজি পায়। আমি বৃক্ষৰোপণ কৰাৰ বাবে প্ৰচাৰ কৰি আহিছো। পৰিৱেশ, স্বাস্থ্য আৰু অৰ্থনীতিৰ বাবে বৃক্ষৰোপণ অতি গুৰুত্বপূৰ্ণ। কিয়নো গছবোৰে বিশুদ্ধ বায়ু প্ৰদান কৰে, উষ্ণতা নিয়ন্ত্ৰণ কৰে, মাটিৰ খহনীয়া ৰোধ কৰে, জীৱিত জীৱৰ বাবে বাসস্থানৰ ব্যৱস্থা কৰে। গছবোৰে আমাক বহু সম্পদ যেনে ফলমূল, ফুল, ঔষধ, কাঠ আদিও যোগান ধৰে। পৰিৱেশৰ ভাৰসাম্য বজাই ৰাখিবলৈ বৃক্ষৰোপণক উৎসাহিত কৰিব লাগে।"
 
যৌতুক ব্যৱস্থাৰ সন্দৰ্ভত তেওঁ কয় যে, মুছলমান সমাজত যৌতুকৰ কু-প্ৰথা দ্ৰুতগতিত বিয়পি পৰিছে। ইয়াৰ ফলত বহু ছোৱালীৰ জীৱন ধ্বংস হৈছে। কোনো কোনো ঠাইত যৌতুকৰ বাবে ছোৱালীবোৰক বিয়া দিবলৈ অক্ষম হৈছে তেওঁলোকৰ পৰিয়ালে। দৰাৰ পৰিয়ালে অত্যধিক যৌতুক দাবী কৰে, কিন্তু পিতৃ-মাতৃৰ সামৰ্থ্য নাথাকে। গতিকে উপযুক্ত সম্বন্ধৰ বাবে অপেক্ষা কৰি থাকোঁতে ছোৱালীৰ বিবাহৰ বয়স পাৰ হৈ যায়। আন ঠাইত শাহুৱেকে যৌতুক বিচাৰি বোৱাৰীক হাৰাশাস্তি কৰি আহিছে। এনে অসংখ্য ঘটনা ঘটি আছে। 
 
যৌতুক সমাজৰ বাবে এক মাৰাত্মক ব্যাধি হৈ পৰিছে। ইয়াৰ বাবে আটাইতকৈ বেছি দায়ী সেইসকল লোক, যিসকলে নিজৰ কন্যাসকলক অতিৰিক্ত যৌতুক দিয়ে আৰু তাৰ পিছত ইয়াৰ প্ৰচাৰ কৰে। তেওঁলোকৰ বহু ধন-সম্পত্তি আছে আৰু তেওঁলোকে সমাজত নিজৰ সন্মান বৃদ্ধি কৰিবলৈ নিজৰ কন্যাৰ বিবাহ অনুষ্ঠানত পানীৰ দৰে ধন খৰচ কৰে। সিহঁতৰ ওচৰত ধন-সম্পদ আছে, সেয়ে সিহঁতে ব্যয় কৰিব পাৰিছে। কিন্তু দৰিদ্ৰ লোকসকলৰ ওচৰত ইমান টকা নাই। ধনী লোকসকলে তেওঁলোকৰ দৰ্শনৰ বাবে সমাজত যৌতুকৰ দৰে কু-অভ্যাসৰ প্ৰচাৰ কৰিছে। ইয়াক বন্ধ কৰিব লাগে। 
 
ৰাজেশ খান মাচ্ছাৰীক তেওঁৰ মানৱসেৱাৰ উৎকৃষ্ট কামৰ বাবে বহু বঁটাৰে সন্মানিত কৰা হৈছে। ২০১৭ চনত তেওঁক ভাৰতীয় শ্বেখ আব্বাছী সংখ্যালঘু মহাসভাৰ দ্বাৰা 'আব্বাছী ৰত্ন বঁটা' প্ৰদান কৰিছে। ২০২২ চনত সৰ্বভাৰতীয় আব্বাছী মহাসভাই তেওঁক সন্মান-পত্ৰ প্ৰদান কৰি সন্মানিত কৰিছে।