ডাঃ ফিৰদৌছ খান
কিছুমান মানুহে নিজৰ সমগ্ৰ জীৱন সমাজৰ বাবে উৎসৰ্গা কৰে। তেওঁলোকৰ ওচৰত নিজৰ বাবে সময় নাথাকে। তেওঁলোকে ৰাজহুৱা কামত ইমানেই ব্যস্ত হৈ পৰে যে, তেওঁলোকে নিজৰ ধন-সম্পত্তি তথা নিজৰ বাবে আৰাম অৰ্জন কৰিবলৈও সময় নাপায়। তেনে এগৰাকী ৰাজহুৱা সেৱক হৈছে হাৰিয়ানাৰ কৰ্ণাল জিলাৰ ইন্দ্ৰী চহৰৰ ৰফিক আহমেদ। তেওঁৱে হৈছে কৰ্ণালৰ স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মুছলমান স্নাতক। ৰফিক এগৰাকী সমাজ সচেতন ব্যক্তি হোৱাৰ লগতে তেওঁ নিজকে ৰাজহুৱা সেৱাৰ বাবে উৎসৰ্গা কৰিছে।
ৰফিক আহমেদে কয়, "মোৰ জন্ম হৈছিল ১৯৪৪ চনৰ ১৫ জুলাইত হাৰিয়ানাৰ কৰ্ণাল জিলাৰ খেদা গাঁৱত। সেই সময়ত এই অঞ্চলটো পঞ্জাৱৰ অংশ আছিল। ১৯৬৬ চনৰ ১ নৱেম্বৰত হাৰিয়ানাই প্ৰতিষ্ঠা লাভ কৰিছিল। মোৰ জন্মৰ সময়ত দেশখন দাসত্বৰ অধীনত আছিল। স্বাধীনতা সংগ্ৰাম চলি আছিল। সেই সময়ত মই অতি সৰু আছিলো। মোৰ মা ৰহমী আৰু দেউতা মহম্মদ ছাদ্দিকে সেই সময়ৰ পৰিস্থিতিৰ বৰ্ণনা কৰিছিল, স্বাধীনতা সংগ্ৰামীসকলক ব্ৰিটিছ সৈন্যই কেনেদৰে হাৰাশাস্তি কৰিছিল সেই কথাও তেওঁলোকে বৰ্ণনা কৰিছিল।"
মছজিদৰ এক দৃশ্য
ৰফিকে কয়, "তাৰ পিছত দেশখনে স্বাধীনতা লাভ কৰিছিল, আৰু তাৰ লগে লগে দেশখন বিভাজিত হৈছিল। বিভাজনৰ সময়ত পাকিস্তানৰ পৰা হিন্দু ভাৰতলৈ আহিছিল, ইয়াৰ পৰা মুছলমানসকল পাকিস্তানলৈ গৈছিল। কিন্তু বহু মুছলমানে পাকিস্তানলৈ যাবলৈ অস্বীকাৰ কৰিছিল। তেওঁলোকে কৈছিল যে, আমি এই ভূমিতে জন্ম লৈছো আৰু এই ভূমিতে মৰিব বিচাৰো। স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰা মহাত্মা গান্ধীৰ মুছলমান সংগীসকলে হাৰিয়ানা আৰু পঞ্জাৱত জনকল্যাণৰ বাবে উল্লেখযোগ্য কাম কৰিছিল। সেই সময়ত পঞ্জাৱৰ পৰা হাৰিয়ানা বিচ্ছিন্ন হোৱা নাছিল।"
ৰফিকে কয়, "পানীপটৰ মৌলৱী বাকী উল্লা, কৰ্ণালৰ ৰাও মহম্মদ হুছেইন, আম্বালাৰ আব্দুল গাফ্ফাৰ, ফাগৱনাৰ মৌলৱী খলিলুৰ ৰহমানে পাকিস্তানলৈ যাবলৈ অস্বীকাৰ কৰিছিল। তেওঁলোক আটাইকেইজন মহাত্মা গান্ধীৰ সংগী আছিল। তেওঁলোকে মানুহক ইয়াত থাকিবলৈ অনুপ্ৰাণিত কৰিছিল। ১৯৪৭ চনৰ ছেপ্টেম্বৰ মাহত তেওঁলোকে মহাত্মা গান্ধীক পানীপটলৈ লৈ আহিছিল আৰু মহাত্মা গান্ধীৰ বুজনিতে ইয়াৰ মুছলমান শিপিনীসকলে পাকিস্তানলৈ যোৱাৰ সিদ্ধান্ত সলনি কৰিছিল। এইকেইগৰাকী স্বাধীনতা সংগ্ৰামী দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ ঘনিষ্ঠও আছিল। ইন্দিৰা গান্ধীয়ে ৰাও মহম্মদ হুছেইনক "চাচা" বুলি অভিহিত কৰিছিল। তেওঁ কৰ্ণাল জিলা কংগ্ৰেছ কমিটীৰ অধ্যক্ষ আছিল।"
সেই সময়ত পৰিস্থিতি বহু সলনি হৈছিল। তেওঁ কয় যে, ১৯৪৭ চনৰ পৰা ১৯৫৩ চনলৈ সংযুক্ত পঞ্জাৱত মুছলমানৰ সংখ্যা বহুত আছিল, যদিও তেওঁলোকৰ বাবে মছজিদ মাত্ৰ কেইটামানহে আছিল। অধিকাংশ মছজিদেই অবৈধভাৱে দখল কৰি লোৱা হৈছিল। পণ্ডিত জৱাহৰলাল নেহৰুৱে মুছলমানসকলক আশ্বাস দিছিল যে তেওঁলোকৰ সুৰক্ষা আৰু মৌলিক প্ৰয়োজনসমূহ পূৰণ কৰা হ'ব। তেওঁ প্ৰশাসনক এই বিষয়ে নিৰ্দেশ দিছিল। পানীপটত মাত্ৰ এটা সৰু মছজিদ আছিল, যিটো হজৰত শ্বেখ শ্বৰফুদ্দিন বু আলী কালাণ্ডাৰৰ দৰগাহৰ ওচৰত আছিল। মছজিদ নথকাৰ বাবে মুছলমানসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল।
মছজিদৰ ভিতৰত নামাজ পঢ়াৰ এক দৃশ্য
পণ্ডিত জৱাহৰলাল নেহৰুৰ অনুৰোধত মছজিদ খালী কৰাৰ বাবে জিলা দণ্ডাধীশৰ ওচৰত এখন আবেদন দাখিল কৰা হৈছিল। ইয়াৰ পিছতে জিলা দণ্ডাধীশৰ কাৰ্যালয়ৰ পৰা এই আবেদন আৰক্ষী অধীক্ষকলৈ প্ৰেৰণ কৰা হৈছিল। আৰক্ষীয়ে অভিযান চলাই মছজিদৰ পৰা অবৈধ বেদখল আঁতৰাইছিল। একেদৰে কবৰস্থানৰ পৰাও অবৈধ বেদখল আঁতৰাই দিয়া হৈছিল। পঞ্জাৱ আৰু হাৰিয়ানাৰ প্ৰায়বোৰ পুৰণি মছজিদ খালী কৰি পুনৰ জনবসতি স্থাপন কৰা হৈছিল। বহু মছজিদৰ অৱস্থা বেয়া আছিল, সেইবোৰ মেৰামতি কৰি পানী, বিদ্যুৎ আৰু কাৰ্পেটৰ ব্যৱস্থা কৰা হৈছিল। মছজিদত ইমাম নিযুক্তি দিয়া হৈছিল, আৰু তেওঁলোকৰ থকাৰ ব্যৱস্থা কৰা হৈছিল। ফলত এই পৰিত্যক্ত মছজিদসমূহত নামাজ পঢ়া আৰম্ভ হৈছিল।
ৰফিকে লগতে কয় যে, নবাব আজমৎ আলী খানে কৰ্ণালত এটা মছজিদ নিৰ্মাণ কৰিছিল। সেইবোৰক বেদখল কৰা হৈছিল। ১৯৫৫ চনত নবাব আজমৎ আলী খানক মছজিদৰ এটা কোঠা দিয়া হৈছিল। উত্তৰ প্ৰদেশৰ মুজফ্ফৰনগৰৰ ঘাছ মণ্ডিত নবাব আজমৎ আলী খান ৱাক্ফ আছে। এইটো মুজফ্ফৰনগৰ জিলাত তেওঁৰ নামত থকা সৰ্ববৃহৎ ৱাকফ হয়। প্ৰাক্তন সাংসদ আমিৰ আলম খান ইয়াৰ সচিব। মছজিদৰ এই কোঠালৈ মৌলবী বকা উল্লাহ, ৰাও মহম্মদ হুছেইন, আব্দুল গফফাৰ আৰু মৌলবী খলীলুৰ ৰহমান আন আন সতীৰ্থসকলৰ সৈতে আহিছিল। সেই সময়ত মইও তাত আছিলোঁ। মই সেই সকলক চাহ পানী পৰিবেশন কৰিছিলোঁ। এনেদৰেই মই এই মহান স্বাধীনতা সংগ্ৰামীসকলৰ সৈতে সময় কটোৱাৰ সুযোগ পাইছিলোঁ। তেওঁলোকৰ উপস্থিতিয়ে মোৰ মনত দেশ আৰু সমাজৰ কল্যাণৰ বাবে কাম কৰাৰ উৎসাহ জগাই তুলিছিল। উল্লেখযোগ্য যে, আব্দুল গফফাৰ আম্বালাৰ বিধায়কও আছিল।
পুৰণি মছজিদৰ উপৰিও বহুতো নতুন মছজিদ নিৰ্মাণ কৰা হৈছিল। ৰফিকে কয় যে, ১৯৬০ চনত কৰ্ণালত এখন ঈদগাহ নিৰ্মাণ কৰা হৈছিল। ১৯৬০ চনত কৰ্ণালৰ ইন্দ্ৰী চহৰত এটা মছজিদ নিৰ্মাণ কৰা হৈছিল। ইয়াৰ পিছত ১৯৬২ চনত ঈদগাহ নিৰ্মাণ কৰা হৈছিল। এনেদৰে নিৰ্মাণ কৰা মছজিদৰ তালিকাখন অতি দীঘলীয়া আছিল। এইবোৰ কামতেই মোৰ সমগ্ৰ জীৱনটো পাৰ হৈ গৈছে। ইয়াৰ বাবেই মোৰ ঘৰুৱা কামবোৰ আধৰুৱা হৈ থাকি গৈছে। মই স্বাধীনতা সংগ্ৰামীসকলৰ এই অভিযানত যোগদান কৰিছিলো। তাৰ পিছত, মোৰ লগত আৰু অধিক লোক জড়িত হৈছিল। মাজৰুহ ছুলতানপুৰীৰ কথাৰে কবলৈ গ'লে "মই অকলেই গন্তব্যস্থানৰ ফালে যাত্ৰা আৰম্ভ কৰিলোঁ, কিন্তু মানুহবোৰে মোৰ সৈতে যোগ দিছিল আৰু এটা সমদল গঠন হৈ গ'ল।"
ৰফিক আহমেদে নিৰ্মান কৰা মছজিদৰ বাহিৰৰ অংশ
তেওঁ কয়, "মই পঢ়া-শুনাত ভাল আছিলোঁ। মই স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছিলোঁ। মই মোৰ চহৰৰ প্ৰথমজন মুছলমান ব্যক্তি আছিলো, যিয়ে বি এ ডিগ্ৰী লাভ কৰিছিল। সেই সময়ত মুছলমানসকলৰ মাজত শিক্ষাক বিশেষ গুৰুত্ব দিয়া হোৱা নাছিল। মই যৎপৰোনাস্তি চেষ্টা কৰিছিলোঁ, যাতে মুছলমানসকলে তেওঁলোকৰ সন্তানক এটা ভাল শিক্ষা প্ৰদান কৰে। মই চেনি মিলৰ কাম কৰিছিলো। যেতিয়াই মই আজৰি হৈছিলো, তেতিয়াই সমাজৰ মংগলৰ বাবে কাম কৰিছিলো। কবৰস্থানৰ নাটনি হৈছিল। কোনোবা এটা পৰিয়ালত যদি কোনো লোকৰ মৃত্যু হয়, তেন্তে মৃতকক ক’ত কবৰস্থ কৰিব, সেই বিষয়টোৱেই উত্থাপন হ’ব। আমি চৰকাৰ আৰু প্ৰশাসনৰ লগত কথা পাতি কবৰস্থান নিৰ্মাণ কৰি দিছিলোঁ। এই কামত হিন্দু ভাইসকলেও আমাক বহুত সহায় কৰিছিল। আমি কেইবাখনো মাদ্ৰাছাও আৰম্ভ কৰিলোঁ, যাতে শিশুসকলে ধৰ্মীয় শিক্ষা লাভ কৰিব পাৰে। ধৰ্মীয় শিক্ষাও অতি গুৰুত্বপূৰ্ণ, কাৰণ ধৰ্মীয় শিক্ষা অবিহনে আমি মছজিদৰ বাবে ইমাম ক'ত পাম?"
(লেখক এজন কবি, গল্পকাৰ, আৰু সাংবাদিক)