মনজিৎ ঠাকুৰ
মূলতঃ বিহাৰ, ঝাৰখণ্ড, উত্তৰ-প্ৰদেশ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত উদযাপন কৰা ছঠ পূজাৰ সময়ত সকলোৰে মনত এই উৎসৱৰ উৎপত্তি আৰু অৰ্থৰ বিষয়ে কৌতুহলৰ সৃষ্টি হয়। যদি এই উৎসৱ সূৰ্য্যৰ বাবে উৎসৰ্গিত হয় তেন্তে ছঠী মাইয়া (এগৰাকী দেৱী)ৰ প্ৰশংসাত ইয়াৰ লগত জড়িত গীতবোৰ কিয়? প্ৰকৃতাৰ্থত এয়া সূৰ্য্য পূজাৰ উৎসৱ, আৰু ইয়াৰ লগত কেৱল উদিত সূৰ্য্যই নহয়, অস্ত যোৱা সূৰ্য্যকো পূজা কৰা হয়। ইয়াত সূৰ্য্যক প্ৰসাদ বা প্ৰাৰ্থনা কৰিবলৈ কোনো পুৰোহিত বা আচাৰ-ব্যৱহাৰৰ প্ৰয়োজন নহয়, আৰু ই এক সামূহিক উৎসৱ।
যিহেতু ফল-মূল, শাক-পাচলি আৰু অন্যান্য সামগ্ৰীৰ প্ৰসাদ মূলতঃ স্থানীয় অঞ্চলৰ, গতিকে এই উৎসৱৰ উৎপত্তি "প্ৰাক-সভ্যতা" যুগত বুলি অনুমান কৰা হয়। হয়তো এই কাৰণেই সকলো জাতি-ধৰ্মৰ লোকে ইয়াত অংশগ্ৰহণ কৰে। ভাৰতৰ পূব প্ৰান্তত এনে বহুতো গভীৰ শিপাই থকা উৎসৱ আছে।
প্ৰতিনিধিত্বমূলক ছবি
মিথলা অঞ্চলত (বিহাৰ) কৃষিৰ লগত জড়িত জুধা-শীতল, হোলী, বা বৈশাখীৰ উৎসৱ অনন্যভাৱে পালন কৰা হয়। সম্ভৱ এই উৎসৱবোৰ পিছলৈ বৈদিক সাহিত্যত অন্তৰ্ভুক্ত কৰা হৈছিল। বহু লোকে ছঠ পূজাক পৌৰাণিক কাহিনীৰ সৈতেও জড়িত কৰে, কিন্তু পূজাৰ সময়ত পুৰোহিতৰ অনুপস্থিতি আৰু নূন্যতম আচাৰ-ব্যৱহাৰে প্ৰমাণ কৰে যে ছঠ ধ্ৰুপদী পৰম্পৰাৰ উৎসৱ নহয় বৰঞ্চ জনপ্ৰিয় সংস্কৃতিৰ পৰাই জন্ম হৈছিল।
হিন্দী সাহিত্যিক ৰামধৰি সিং দীনকাৰে তেওঁৰ "সংস্কৃতিৰ চাৰিটা অধ্যায়" (Four Chapters of Culture) নামৰ গ্ৰন্থত কৈছে যে এনে উৎসৱবোৰ হয়তো অনাৰ্য আৰু জনজাতীয় মহিলাসকলে আৰ্য সংস্কৃতিত প্ৰৱৰ্তন কৰিছিল, যিসকলক আৰ্যসকলে এই অঞ্চলত উপস্থিত হোৱাৰ পিছত বিয়া কৰাইছিল। অৱশ্যে জনজাতীয় লোকসকল প্ৰকৃতি পূজাৰী আছিল যদিও তেওঁলোকেও সূৰ্য্যক পূজা কৰিছিল নে নাই সেয়া সন্দেহজনক! সূৰ্য্য আছিল আৰ্য দেৱতা!
প্ৰতিনিধিত্বমূলক ছবি
সমাজ বিশ্লেষক সুশান্ত ঝাৰ মতে ছঠৰ লগত জড়িত এটা তত্ত্ব আজি বিহাৰ আৰু পূব উত্তৰ প্ৰদেশৰ মগধ আৰু ভোজপুৰ অঞ্চলত বসবাস কৰা শকালদীপি ব্ৰাহ্মণসকল (Shakaldvipi Brahmins)ৰ সৈতেও জড়িত। তেওঁলোক আধুনিক ইৰাণৰ শ্বক দ্বীপ (island of Shak)ৰ পৰা ভাৰতলৈ আহিছিল। কোৱা হয় যে ইতিহাসৰ কোনো এটা সময়ত এই লোকসকলে মগধৰ পৰা শ্বক (Magadha to the Shakas)লৈ প্ৰব্ৰজন হৈছিল, আৰু সেয়েহে তেওঁলোকক মগছ বুলি কোৱা হৈছিল। লেটিন গ্ৰন্থসমূহে প্ৰাচীন ইৰাণী বাসিন্দাসকলৰ এটা জনগোষ্ঠীক মাগী বুলিও উল্লেখ কৰে, যিসকল সূৰ্য্য উপাসক আছিল।
ইৰাণী মূলৰ পাৰ্চীসকলো সূৰ্য্য উপাসক হোৱাটো হয়তো কাকতলীয়া নহয়। ইৰাণৰ পৰা কেনেকৈ বিহাৰলৈ আহিছিল শকালদীপি ব্ৰাহ্মণসকল? সুশান্তই কৃষ্ণৰ পুত্ৰ সাম্বাৰ কুষ্ঠ ৰোগত আক্ৰান্ত হোৱাৰ এক উপাখ্যান কৈছে। চিকিৎসকে তেওঁক সূৰ্য্যক সন্তুষ্ট কৰিবলৈ যজ্ঞ পূজা আগবঢ়োৱাৰ পৰামৰ্শ দিছিল। কুষ্ঠ ৰোগক লৈ থকা ভুল ধাৰণাৰ বাবে স্থানীয় ব্ৰাহ্মণসকলে এই পূজা কৰিবলৈ অস্বীকাৰ কৰিছিল, সেয়েহে কৃষ্ণই সূৰ্য্যৰ উপাসক আৰু চিকিৎসক উভয় শকালদীপিৰ ব্ৰাহ্মণসকলক দ্বাৰকালৈ আমন্ত্ৰণ জনাইছিল।
প্ৰতিনিধিত্বমূলক ছবি
তেওঁলোকে সাম্বাক সুস্থ কৰি পিছত তাতেই বসতি স্থাপন কৰিলে। এইদৰে গুজৰাটত সূৰ্য্য উপাসকৰ এটা দলে বসতি স্থাপন কৰিলে। কিন্তু পিছলৈ ভগৱান শ্ৰীকৃষ্ণৰ জীৱনকালত যেতিয়া দ্বাৰক সাগৰত ডুব যায়, তেতিয়া মহাভাৰত যুগৰ পিছত পুনৰ উত্থান ঘটা মগধৰ অঞ্চলত শ্বক-প্ৰৱণ ব্ৰাহ্মণসকলে বসতি স্থাপন কৰে। এই একেই ব্ৰাহ্মণেই গংগাৰ দক্ষিণে সূৰ্য মন্দিৰৰ শৃংখলা নিৰ্মাণ কৰিছিল আৰু তেওঁলোকৰ পুৰোহিত এই শকালদীপিসকল। হয়তো সেই সময়তে সূৰ্য্য আৰু ছঠ পূজাৰ উৎপত্তি হৈছিল। অৱশ্যে কাহিনীটোত এটা টুইষ্ট আছে। ব্ৰাহ্মণ পুৰোহিতে আৰম্ভ কৰা সূৰ্য্য পূজাত বৈদিক মন্ত্ৰ আৰু ৰীতি-নীতি অন্তৰ্ভুক্ত হ’ব লাগিছিল, কিন্তু ছঠ পূজাত নহয়! আৰু এটা কথাঃ গুজৰাটৰ ভাৰুচ (পূৰ্বতে ভৃগুকাচ্ছা নামেৰে পৰিচিত) নৰ্মদা নদীৰ পাৰত অৱস্থিত আৰু সূৰ্য্য আৰু তেওঁৰ পত্নী উষাৰ পূজাৰ এক প্ৰধান কেন্দ্ৰ আছিল।
পিছলৈ গুৰজাৰ সম্ৰাট দ্বিতীয় জয়ভট্টে তাত এটা বিশাল সূৰ্য্য মন্দিৰ প্ৰতিষ্ঠা কৰে। গুৰজাৰ ৰজাসকলো আছিল মহান সূৰ্য্য উপাসক। অৰ্থাৎ গুজৰাটত বসতি স্থাপন কৰা শকালদিপী ব্ৰাহ্মণসকলে তাত সূৰ্য্য পূজাৰ জনপ্ৰিয়কৰণৰ বাবে দায়বদ্ধ আছিল, যিটো পৰৱৰ্তী সময়ত মগধলৈ বিয়পি পৰিছিল। শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে মিথিলাত গংগাৰ উত্তৰ দিশত এলানি সূৰ্য মন্দিৰ আছিল। গংগাৰ দক্ষিণে এই মন্দিৰসমূহ সম্ভৱতঃ ওড়িশাৰ ক’নাৰ্কত উপনীত হৈছিল।
প্ৰতিনিধিত্বমূলক ছবি
ঔৰংগাবাদৰ দেৱ, পাটনাৰ পুণ্ডাৰক, যাৰ প্ৰাচীন নাম পুনিয়াৰ্ক, আৰু ঝাৰখণ্ডৰ বহু ঠাইত পোৱা সূৰ্য্য মন্দিৰে ইয়াৰ ইংগিত দিয়ে। এইটো সঁচা যে ছঠ পূজা কেৱল মগধতেই নহয়, মিথিলাতো সমান ভক্তি আৰু শ্ৰদ্ধাৰে পালন কৰা হয়। প্ৰশ্ন হয় মিথিলাত কেতিয়াৰ পৰা আৰম্ভ হৈছিল সূৰ্য্য পূজা? আচাৰ-ব্যৱহাৰমূলক সূৰ্য্য পূজা আৰু লোক প্ৰথাৰ ৰূপত ছঠ পূজা পালন কৰা নদী আৰু সূৰ্য্য পূজাৰ মাজত কিমান সাদৃশ্য আৰু কিমান পাৰ্থক্য আছে?
মহাভাৰত আৰু বিভিন্ন পুৰাণৰ আধাৰত শিৱাজী সাৱন্তই যুগন্ধৰ (Yugandhar) নামৰ গ্ৰন্থখনত লিখিছে যে এসময়ত কৃষ্ণ আৰু বলৰামৰ মাজত স্যামন্তক মণিক লৈ মতানৈক্য হৈছিল, আৰু বলৰামৰ সমৰ্থকৰ দল এটাৰ সৈতে মিথিলাত বসবাস কৰিবলৈ আহিছিল। সেই সময়ত প্ৰাগজ্যোতিষপুৰ নামৰ ঠাই এখন আছিল, যিখনক বৰ্তমানৰ গুৱাহাটী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চল বুলি ধৰিব পাৰি। প্ৰাগজ্যোতিষপুৰৰ ৰজা নৰকাসুৰক কৃষ্ণই বধ কৰাৰ পিছত দ্বাৰকালৈ উভতি আহোঁতে মিথিলাত বলৰামক লগ পাই তেওঁক উভতি যাবলৈ কয়।
প্ৰতিনিধিত্বমূলক ছবি
বলৰামৰ বহু সংগী সেই অঞ্চলত বসতি স্থাপন কৰিলে। সেই পৌৰাণিক ঘটনাৰ লগত অঞ্চলটোৰ যাদৱ জনগোষ্ঠীৰ কিবা সম্পৰ্ক আছেনে? সেই অঞ্চলৰ ভাষা মৈথিলি আৰু গুজৰাটীৰ সাদৃশ্যৰ কাৰণ এইটোৱেই হ’ব পাৰেনে? সেই পৌৰাণিক পৰিঘটনাটোৰ পৰাই মৈথিলি, বাংলা, নেপালী, আৰু গুজৰাটীৰ মাজত থকা কিছু সাদৃশ্যৰ শিপা থাকিব পাৰে নেকি?
এইটো এটা বিস্তৃত গৱেষণাৰ বিষয়।কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ’ল, যদি শকালদিপী ব্ৰাহ্মণসকলে ইয়াত ভূমিকা পালন কৰিছিল, বা পৰৱৰ্তী ৰজাসকলে যদি তেওঁলোকৰ প্ৰভাৱত সূৰ্য্য মন্দিৰ নিৰ্মাণ কৰিছিল, তেন্তে ছঠ পূজাত মন্ত্ৰ, আচাৰ-ব্যৱহাৰ, পুৰোহিতৰ অনুপস্থিতি, আৰু সমাজৰ সকলো শ্ৰেণীয়ে ইয়াক পালন কৰাৰ কথা কেনেকৈ বুজাব পাৰি?
প্ৰতিনিধিত্বমূলক ছবি
এই উৎসৱৰ লগত বৌদ্ধ ধৰ্মৰো এক সম্পৰ্ক আছে। বৌদ্ধ আৰু হিন্দু উভয় পৰম্পৰাত সূৰ্যৰ অস্তিত্ব দেখিবলৈ পোৱা যায় আৰু বহুতো সূৰ্য্য মন্দিৰ বৌদ্ধ ৰজাই নিৰ্মাণ কৰা যেন লাগে। গতিকে, পুৰোহিত আৰু আচাৰ-ব্যৱহাৰৰ পৰা বঞ্চিত, আৰু পিছলৈ ছঠৰ ৰূপ লোৱা সূৰ্য্য পূজাৰ পদ্ধতি বিকশিত হৈছিল নেকি?
উল্লেখ্য যে, ধৰ্মীয় গ্ৰন্থ আৰু পৌৰাণিক কাহিনী অনুসৰি অদিতি নামেৰেও পৰিচিত ছঠী মাইয়া ব্ৰহ্মাৰ মানস কন্যা। তেওঁক সূৰ্য্য দেৱতাৰ ভগ্নী বুলিও গণ্য কৰা হয়। ছঠৰ উপবাসৰ সময়ত ষষ্ঠী মাইয়াক পূজা কৰা হয়, সেয়েহে ইয়াৰ নাম ছঠ। পৌৰাণিক কাহিনী অনুসৰি ব্ৰহ্মাই নিজকে দুটা ভাগত বিভক্ত কৰি বিশ্বব্ৰহ্মাণ্ড সৃষ্টি কৰিছিল। সোঁফালটোৱে মানুহৰ ৰূপ ল’লে, বাওঁফালটোৱে প্ৰকৃতিৰ ৰূপ ল’লে।