সাহসৰ প্ৰতিধ্বনিঃ অসমৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি

Story by  Pallab Bhattacharyya | Posted by  Munni Begum • 2 h ago
গুৱাহাটীৰ বৰাগাঁৱত অৱস্থিত শ্বহীদ স্মাৰক ক্ষেত্ৰ
গুৱাহাটীৰ বৰাগাঁৱত অৱস্থিত শ্বহীদ স্মাৰক ক্ষেত্ৰ
 
  পল্লব ভট্টাচাৰ্য্য
 
২০২৫ চনৰ ১০ ডিচেম্বৰত উদ্বোধন হোৱা পশ্চিম বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰই বহু প্ৰতীক্ষিত সপোন বাস্তৱত পৰিণত কৰিছে৷  ৰাজ্যখনে শ্বহীদ দিৱস পালন কৰাৰ সময়ত উদ্বোধন কৰা এই বিশাল স্মাৰক কেৱল এক স্থাপত্যৰ নিদৰ্শনেই নহয়; অসমৰ ভাগ্যক নতুন ৰূপ দিয়া আন্দোলনৰ এক জীৱন্ত সাক্ষী হৈ পৰিছে। ঐতিহাসিক অসম আন্দোলনৰ সময়ত নিজৰ জীৱন বলিদান দিয়া ৮৫৫ গৰাকী শ্বহীদৰ সন্মানাৰ্থে এই শ্বহীদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে; যিসকলৰ আত্মত্যাগে কেইবা দশকৰ পাছতো ৰাজ্যখনৰ আৱেগিক পৰিৱেশক সংজ্ঞায়িত কৰি ৰখাৰ লগতে ভৱিষ্যতক পথ প্ৰদৰ্শন কৰাৰ বাবে মূল্যবোধসমূহক শক্তিশালী কৰি তুলিছে।
 
এই স্মাৰকৰ তাৎপৰ্য বুজি পাবলৈ হ’লে আমি উভতি যাব লাগিব ১৯৭৯ চনৰ পৰা ১৯৮৫  চনলৈ হোৱা আন্দোলনৰ অশান্ত কিন্তু পৰিৱৰ্তনশীল বছৰবোৰলৈ। ১৯৭৯ চনৰ ৮ জুনত সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জনোৱা ১২ ঘণ্টীয়া বন্ধৰ জৰিয়তে আৰম্ভ হোৱা এই আন্দোলন ভাৰতৰ স্বাধীনতাৰ পাছত ইতিহাসৰ অন্যতম শক্তিশালী গণ আন্দোলনত পৰিণত হৈছিল। মঙলদৈৰ উপ-নিৰ্বাচনৰ সময়ত ভোটাৰ তালিকাত হাজাৰ হাজাৰ সন্দেহজনক নাগৰিকৰ নাম থকাৰ কথা পোহৰলৈ অহাত অসমৰ সাংস্কৃতিক আৰু জনগাঁথনিগত পৰিচয় বিপন্ন হোৱাৰ আশংকা ঘণীভূত হৈছিল। সাধাৰণ নাগৰিকৰ বাবে ই অকল ৰাজনৈতিক সমস্যাই নাছিল; ই আছিল অস্তিত্ব আৰু আত্মসন্মানৰ কথা। ইয়াৰ পিছত হোৱা আন্দোলনে অসমবাসীৰ ধৈৰ্য, সংহতি আৰু একতাৰ পৰীক্ষা লৈছিল। প্ৰতিবাদ, অৱৰোধ, ৰাষ্ট্ৰ আৰু ইয়াৰ নাগৰিকৰ মাজত হোৱা সংঘাতৰ বাবে দৈনন্দিন জীৱন-যাপন প্ৰায়ে বিঘ্নিত হৈছিল যদিও পূৰ্বপুৰুষৰ ভূমি সুৰক্ষিত কৰাৰ সামূহিক আকাংক্ষাৰ দ্বাৰা পৰিচালিত এই আন্দোলনে মূলতঃ অহিংস চৰিত্ৰ বজাই ৰাখিছিল।
 
অসম আন্দোলনৰ এক স্মাৰক
 
১৯৮৫ চনৰ ১৫ আগষ্টত স্বাক্ষৰিত অসম  চুক্তিয়ে আনুষ্ঠানিকভাৱে এই আন্দোলনৰ অন্ত পেলাইছিল যদিও ইয়াৰ আৱেগিক আৰু ৰাজনৈতিক প্ৰভাৱ আজিও অব্যাহত আছে। অসমৰ জনসাধাৰণে যি অনুভৱ কৰিছিল, সেয়া ভাৰতৰ উচ্চতম ন্যায়ালয়েও সত্য বুলি প্রমাণিত কৰিছিল। ২০০৫ চনৰ IMDT আইন বাতিল কৰি দিয়া ঐতিহাসিক ৰায়ত ন্যায়ালয়ে কয় যে অসমলৈ বৃহৎ পৰিমাণৰ অবৈধ অনুপ্ৰৱেশ সংবিধানৰ ৩৫৫ নং অনুচ্ছেদৰ অধীনত 'বহিৰাগত আগ্ৰাসন'ৰ সমান। এয়া কেৱল এক আইনী ঘোষণাই নাছিল; শ্বহীদসকলৰ ত্যাগক দিয়া স্বীকৃতি আছিল আৰু অসমৰ জনসাধাৰণৰ উদ্বিগ্নতাৰ বাস্তৱ ভিত্তি আছিল এই স্বীকৃতি। এই ৰায়ে ঐতিহাসিক সংগ্ৰাম আৰু ভাৰতৰ উত্তৰ-পূব সীমান্তৰ সুৰক্ষাৰ সমসাময়িক প্ৰয়োজনীয়তাৰ মাজত এক প্ৰত্যক্ষ ৰেখা অংকন কৰে।
 
সেয়ে শ্বহীদ স্মাৰক ক্ষেত্ৰৰ নিৰ্মাণ কেৱল স্মৃতিচাৰণ কাৰ্যৰ বাবে নহয়, ই শ্বহীদসকলে আৰম্ভ কৰা যাত্ৰা অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতিও বহন কৰে।  তথাপি, সাধাৰণতে যিটো প্ৰশ্ন উত্থাপিত হয়, সেয়া হ’ল- বৰ্তমান প্ৰজন্ম, বিশেষকৈ GenZ, তেওঁলোকে কেনেকৈ এই উত্তৰাধিকাৰক অৰ্থপূৰ্ণভাৱে সন্মান জনাব? আজিৰ সময়ৰ প্ৰত্যাহ্বানসমূহ বিংশ শতিকাৰ শেষৰ দশকৰ পৰা পৃথক যদিও সেই প্ৰত্যাহ্বানসমূহৰ এটা সাধাৰণ দিশ হ’ল- স্বকীয়তা, মৰ্যাদা আৰু সুযোগ সংৰক্ষণৰ প্ৰয়োজনীয়তা।
 
১৯৮০ৰ দশকৰ সংগ্ৰাম আছিল ৰাজনৈতিক; ইয়াৰ বিপৰীতে ২০২৫ চনৰ সংগ্ৰাম হৈছে  অৰ্থনৈতিক। অসম আজি এনে এক সন্ধিক্ষণত উপনীত হৈছে য’ত জনসংখ্যাৰ সৈতে অসমৰ অৰ্থনৈতিক দুৰ্বলতা জড়িত হৈ আছে। নিৰ্মাণ, কৃষি, ক্ষুদ্ৰ উদ্যোগ, পৰিবহণ আৰু ঘৰুৱা সেৱাৰ ক্ষেত্ৰত প্ৰব্ৰজনকাৰী শ্ৰমৰ ওপৰত নিৰ্ভৰশীলতাই এক বিসংগতি সৃষ্টি কৰিছে। যুৱক-যুৱতীসকলে পেছাদাৰী, হোৱাইট কলাৰ চাকৰি আশা কৰিলেও ৰাজ্যৰ অৰ্থনীতিৰ মূল চালিকা শক্তি অসমৰ বাহিৰৰ শ্ৰমিকৰ দ্বাৰা সমৰ্থিত। এই পৰিস্থিতিয়ে অকল অৰ্থনৈতিক ব্যৱধান বৃদ্ধি কৰাই নহয়, পূৰ্বৰ প্ৰজন্মই তীব্ৰভাৱে প্ৰতিহত কৰা ব্যাপক জনগাঁথনিগত হেঁচাকো আমন্ত্ৰণ জনায়।
 
অসম আন্দোলনৰ এক দৃশ্য
 
এইখিনিতে শ্ৰমৰ মৰ্যাদাৰ ধাৰণাটো এক পৰিৱৰ্তনশীল ধাৰণা হৈ পৰে। এখন সমাজ  সমৃদ্ধিশালী হ'বলৈ হ'লে ইয়াৰ যুৱক-যুৱতীসকলে গৌৰৱ, সাহস আৰু উচ্চাকাংক্ষাৰে কামৰ সকলো দিশ সামৰি ল'ব লাগিব। কোনো জনগোষ্ঠীয়ে যদি নিজৰ আন্তঃগাঁথনি নিৰ্মাণ কৰিবলৈ বা নিজৰ খেতিপথাৰত খেতি কৰিবলৈ দ্বিধাবোধ কৰে তেন্তে তেওঁলোকে কেতিয়াও নিজৰ ভূমি আৰু সংস্কৃতি ৰক্ষা কৰিব নোৱাৰে। সেয়ে শ্বহীদসকলৰ প্ৰতি সৰ্বশ্ৰেষ্ঠ শ্ৰদ্ধাঞ্জলি কেৱল প্ৰতীকি নিদৰ্শনৰ মাজতে সীমাবদ্ধ নহয়, বৰঞ্চ অৰ্থনৈতিক আত্মনিৰ্ভৰশীলতাৰ প্ৰতি নৱীকৃত দায়বদ্ধতাত নিহিত হৈ আছে। যেতিয়া থলুৱা যুৱক-যুৱতীসকল অসমৰ অৰ্থনীতিৰ মালিক হৈ পৰে, যেতিয়া প্ৰত্যেকটো বৃত্তিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা হয় আৰু যেতিয়া স্ব-নিয়োজন বাধ্যবাধকতাৰ পৰিৱৰ্তে গৌৰৱৰ উৎস হৈ পৰে, তেতিয়া আন্দোলনৰ মনোভাৱ সৰ্বাধিক অৰ্থপূৰ্ণ হোৱা পৰিলক্ষিত হয়৷
 
এসময়ত পৰিচয় ৰক্ষাৰ বাবে যি মূল্য দিয়া হৈছিল, সেই মূল্যৰ সোঁৱৰণী হিচাপে আজি থিয়  হৈ আছে শ্বহীদ স্মাৰক ক্ষেত্ৰ। কিন্তু ই কঠোৰ পৰিশ্ৰম, উদ্ভাৱন আৰু সামাজিক একতাৰ ওপৰত আধাৰিত ভৱিষ্যত গঢ়াৰ আমন্ত্ৰণ হিচাপেও থিয় হৈ আছে। নতুন প্ৰজন্মৰ হাতত এনে সঁজুলি, শিক্ষা আৰু বিশ্বজনীন প্ৰসাৰ আছে যিবোৰ পূৰ্বৰ প্ৰজন্মই কেৱল কল্পনাহে কৰিব পাৰিছিল। এই শক্তিসমূহৰ সহায়ত তেওঁলোকে অসমক এনে এখন ৰাজ্যলৈ ৰূপান্তৰিত কৰিব পাৰে য’ত ভিতৰৰ পৰা সুযোগৰ সৃষ্টি হয়, য’ত মৰ্যাদাই প্ৰতিটো বৃত্তিৰ সংজ্ঞা নিৰূপণ কৰে আৰু য’ত অতীতৰ শিক্ষাই ভৱিষ্যতৰ আশা-আকাংক্ষাক জগাই তোলে।
 
শ্বহীদ স্মাৰক ক্ষেত্ৰৰ চৌপাশে জ্বলি থকা শ্বহীদ দিৱসৰ ছাকি-বন্তিবোৰে স্মৃতি আৰু সম্ভাৱনা  দুয়োটাকে আলোকিত কৰে। শ্বহীদসকলৰ সাহসে এক কালজয়ী বাৰ্তা দিয়েঃ নিজৰ ভাগ্য নিৰ্ধাৰণৰ স্বাধীনতাক কেৱল প্ৰতিবাদৰ জৰিয়তে বা আত্মত্যাগৰ জৰিয়তে নহয়, বৰং অধ্যৱসায়ৰ জৰিয়তে, নিৰন্তৰ প্ৰচেষ্টাৰ জৰিয়তে সুৰক্ষিত কৰিব লাগিব। এই বাৰ্তাক আগুৱাই লৈ গৈ অসমে নিজৰ অতীতক সন্মান জনায় আৰু নিজৰ ভৱিষ্যত সুৰক্ষিত কৰিব পাৰে।
 
(লেখক অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান; অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ আৰু 'আৱাজ-দ্য ভইচ অসম'ৰ মুখ্য কাৰ্যবাহী বিষয়া)