ভাৰতত কৃত্ৰিম বুদ্ধিমত্তাৰ(AI) দ্বাৰা সৃষ্টি হোৱা ভুৱা বাতৰি আৰু নিৰাপত্তাৰ ভাবুকি

Story by  atv | Posted by  Munni Begum • 58 m ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
ৰাজীৱ নাৰায়ণ
 
শেহতীয়াকৈ ভাৰতবাসীয়ে এদিন পুৱা সাৰ পাই দেখে যে এগৰাকী আগশাৰীৰ ৰাজনৈতিক নেতাৰ কৃত্ৰিম বুদ্ধিমত্তা (AI)j দ্বাৰা নিৰ্মিত এটা ভুৱা ভিডিঅ' সূৰ্যোদয়ৰ পূৰ্বেই ভাইৰেল হৈ পৰিছে। অজ্ঞাত একাউণ্টৰ জৰিয়তে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা এই ভিডিঅ'টো কোটি কোটি ম’বাইল আৰু কম্পিউটাৰ স্ক্ৰীনলৈ বিয়পি পৰিছিল আৰু মানুহে ইয়াক সত্য বুলি মানি লৈছিল। ভিডিঅ'টো ভুৱা আছিল যদিও মানুহৰ ক্ষোভ আছিল প্ৰকৃত। ৰাইজ ৰাজপথলৈ ওলাই আহি, যান-বাহনৰ চলাচল বন্ধ কৰি দিয়ে। চৰকাৰী বাহন আৰু সা-সম্পত্তি ধ্বংস কৰা হয়। শ শ লোক আহত হৈ চিকিৎসালয়ত ভৰ্তি হ'বলগীয়া হোৱাৰ লগতে সমসংখ্যক লোকক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰা হয়।
 
এই ঘটনাই বৰ্তমান সময়ৰ এক ডাঙৰ বৈপৰীত্য উন্মোচিত কৰিলে। মানুহে এনে কিছুমান যন্ত্ৰ আৱিষ্কাৰ কৰিছে যিয়ে পূৰ্বতে কল্পনা কৰিব নোৱাৰা দ্ৰুত জ্ঞান, ভাষা, ছবি আৰু সিদ্ধান্ত সৃষ্টি কৰিব পাৰে। কিন্তু সমগ্ৰ বিশ্বতে কৃত্ৰিম বুদ্ধিমত্তা (AI)ই অৰ্থনীতি আৰু সমাজ ব্যৱস্থাক নতুনকৈ গঢ়ি তুলিলেও, ইয়াক নিৰাপদ কৰি ৰখাৰ দায়িত্বত থকা লোকসকলেই এতিয়া ইয়াৰ পৰা আঁতৰি আহিবলৈ ধৰিছে। কেৱল লাভ, ধন আৰু সম্পত্তিৰ স্বাৰ্থত নিৰাপত্তাক আওকাণ কৰাৰ বাবেই এনে ঘটিছে।
এয়া কোনো সাধাৰণ বিদ্ৰোহ নহয়। বিশ্বৰ আটাইতকৈ শক্তিশালী AI গৱেষণাগাৰবোৰৰ মজিয়াত এই ঘটনা ঘটিবলৈ ধৰিছে। কেৱল ২০২৬ চনতেই, AI-ৰ নিৰাপত্তা আৰু নিয়ন্ত্ৰণৰ দায়িত্বত থকা (যিসকলে AI ব্যৱস্থাক নিয়ন্ত্ৰণযোগ্য, নৈতিক আৰু মানৱজাতিৰ বাবে উপকাৰী কৰি ৰখাত কাম কৰে) শ শ শীৰ্ষ গৱেষকে 'OpenAI' আৰু 'Anthropic'-ৰ দৰে কোম্পানীৰ পৰা পদত্যাগ কৰিছে। তেওঁলোকৰ এই প্ৰস্থান নীৰৱে হোৱা নাই। তেওঁলোকে ৰাজহুৱাভাৱে সকীয়াই দিছে যে ব্যৱসায়িক উচ্চাকাংক্ষাই মানুহৰ কাণ্ডজ্ঞানক চেৰ পেলাইছে আৰু প্ৰাধান্য বিস্তাৰ কৰাৰ এই উন্মাদ প্ৰতিযোগিতাই সমাজক ৰক্ষা কৰিবলৈ থকা নিৰাপত্তামূলক ব্যৱস্থাসমূহ ধ্বংস কৰি পেলাইছে।
 
ইয়াৰ আঁৰৰ বিড়ম্বনাক আওকাণ কৰাটো অসম্ভৱ। Safe AI-ৰ নিৰ্মাতাসকলেই এতিয়া হঠাতে ইয়াৰ বিৰুদ্ধে মাত মাতিবলৈ আৰম্ভ কৰিছে।
 
ছিলিকন ভেলীৰ উন্মাদনা
 
এই ধুমুহাৰ কেন্দ্ৰবিন্দুত আছে এক নিষ্ঠুৰ ব্যৱসায়িক বাস্তৱ। AI এতিয়া কেৱল প্ৰযুক্তিৰ এক নতুন দিগন্ত হৈ থকা নাই; ই বৰ্তমান বিশ্বৰ আটাইতকৈ ডাঙৰ মূলধন আকৰ্ষণকাৰী ক্ষেত্ৰলৈ পৰিণত হৈছে। ভেঞ্চাৰ কেপিটেল ফাৰ্ম, ছ'ভাৰেইন ৱেলথ ফাণ্ড আৰু বিশ্বব্যাপী কৰ্পোৰেচনসমূহে AI কোম্পানীবোৰত বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰিছে। তেওঁলোকে আন সকলো কথাতকৈ কেৱল দ্ৰুতগতিত কাম কৰা, বজাৰ দখল কৰা আৰু পুৰণি ব্যৱস্থাক সলনি কৰাটোকহে বেছি গুৰুত্ব দিছে।
 
প্ৰতিনিধিত্বমুলক ফটো
 
নিৰাপত্তাৰ প্ৰতি অধিক সচেতন বুলি পৰিচিত AI প্ৰতিষ্ঠান Anthropic-এ শেহতীয়াকৈ ইমান বৃহৎ পৰিমাণৰ পুঁজি লাভ কৰিছে যে ইয়াৰ বজাৰ মূল্য এক অবিশ্বাস্য পৰ্যায়ত উপনীত হৈছে। কিন্তু যি সময়ত তেওঁলোকে এই পুঁজি লাভ কৰিছিল, প্ৰায় একে সময়তে নিৰাপত্তা আৰু নিয়ন্ত্ৰণৰ দিশত কাম কৰা কেইবাগৰাকীও জ্যেষ্ঠ গৱেষকে প্ৰতিষ্ঠানটো ত্যাগ কৰে। পদত্যাগ কৰা গৱেষক মৃণাংক শৰ্মাই এখন ৰাজহুৱা পত্ৰত সকীয়াই দি কয়: "পৃথিৱীখন বিপদত পৰিছে।" এই বাৰ্তাটোৱে এক গভীৰ তাৎপৰ্য বহন কৰে। যিসকল লোক AI-ৰ বিপদসমূহ অধ্যয়ন কৰাৰ দায়িত্বত আছে, তেওঁলোকেই যেতিয়া ইয়াৰ নিৰাপত্তাক লৈ হতাশাগ্ৰস্ত হয়, তেতিয়া সমাজ মুহূৰ্তৰ বাবে থমকি ৰ’বলৈ বাধ্য হয়।
 
OpenAI-ৰ নিৰাপত্তা ব্যৱস্থাৰ ক্ষেত্ৰতো অনুৰূপ অস্থিৰতা দেখিবলৈ পোৱা গৈছে। AI-ৰ দীৰ্ঘম্যাদী বিপদসমূহৰ অধ্যয়ন কৰিবলৈ গঠন কৰা ইয়াৰ Superalignment পদক্ষেপটো ইতিমধ্যে ভংগ কৰা হৈছে। শেহতীয়াকৈ, ইয়াৰ Mission Alignment দলটোকো ভংগ কৰা হয়। প্ৰাক্তন OpenAI বিজ্ঞানী জেন লেইকে কয়: "আকৰ্ষণীয় সামগ্ৰী নিৰ্মাণৰ প্ৰতিযোগিতাত নিৰাপত্তাৰ সংস্কৃতি আৰু প্ৰক্ৰিয়াসমূহ এতিয়া পিছপৰি ৰৈছে।"
 
ভাৰতৰ বিপজ্জনক স্থিতি
 
ভাৰতে ইয়াক কেৱল ছিলিকন ভেলীৰ কোনো দূৰৈৰ নাটক বুলি ভাবি আওকাণ কৰিব নোৱাৰে। ভাৰত বৰ্তমান বিশ্বৰ দ্ৰুতগতিত বিকাশ লাভ কৰা ডিজিটেল সমাজসমূহৰ ভিতৰত অন্যতম, য'ত চৰকাৰী কাম-কাজ, শিক্ষা, বেংকিং, স্বাস্থ্যসেৱা, আৰক্ষী, সংবাদ মাধ্যম আৰু ই-কমাৰ্চ ব্যৱস্থাত AI অতি ক্ষীপ্ৰতাৰে অন্তৰ্ভুক্ত হৈছে। এই বৃহৎ পৰিসৰৰ ব্যৱহাৰেই ভাৰতক অনিয়ন্ত্ৰিত AI প্ৰয়োগৰ অবাঞ্চিত বিৰূপ প্ৰভাৱৰ সন্মুখীন হোৱাৰ দিশে ঠেলি দিছে।
 
ইয়াৰ বিপদসমূহ ইতিমধ্যে দৃশ্যমান হ'বলৈ ধৰিছে। AI-ৰ দ্বাৰা নিৰ্মিত ভুৱা তথ্যসমূহ এতিয়া ইমানেই নিখুঁত হৈ পৰিছে যে সেইবোৰ ধৰা পেলোৱাটো কঠিন হৈ পৰিছে। ৰাজনীতিবিদ, তাৰকা আনকি সাধাৰণ নাগৰিকক লক্ষ্য কৰি নিৰ্মাণ কৰা Deepfake ভিডিঅ' সামাজিক মাধ্যমত দ্ৰুতগতিত বিয়পি পৰিছে। AI-ৰ জৰিয়তে স্বয়ংক্ৰিয় প্ৰৱঞ্চনা, phishing আৰু পৰিচয় চুৰি কৰাৰ দৰে অপৰাধ বৃদ্ধি পোৱাৰ লগে লগে চাইবাৰ সুৰক্ষাৰ প্ৰতি ভাবুকি তীব্ৰতৰ হৈছে। ৱৰ্ল্ড ইকনমিক ফ'ৰামে AI-ক চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ ভাবুকি হিচাপে চিহ্নিত কৰিছে। আনহাতে, আন বহুতে সকীয়াই দিছে যে AI-ৰ দুৰ্বলতাসমূহ বৰ্তমান দ্ৰুতগতিত বৃদ্ধি পোৱা বিপদসমূহৰ অন্যতম।
 
প্ৰতিনিধিত্বমুলক ফটো
 
ভাৰতৰ বাবে ইয়াৰ পৰিণাম হ'ব পাৰে ভয়াৱহ। যিখন দেশত কোটি কোটি লোকে প্ৰথমবাৰৰ বাবে ডিজিটেল অৰ্থনীতিত প্ৰৱেশ কৰিছে, তাত সামান্য বিশ্বাসঘাতকতাইও সমাজত ব্যাপক প্ৰভাৱ পেলাব পাৰে। তাৰ পিছতেই আহে গোপনীয়তাৰ প্ৰশ্ন। AI ব্যৱস্থা মূলতঃ ডাটা (তথ্য)ৰ ওপৰত নিৰ্ভৰ কৰি চলে আৰু সেয়াও সাগৰসদৃশ বিশাল পৰিমাণৰ ডাটা। মানুহৰ প্ৰতিটো কথা-বতৰা, মুখমণ্ডলৰ ছবি, আৰ্থিক লেনদেনৰ তথ্য আৰু আচাৰ-ব্যৱহাৰ এতিয়া মেচিন লাৰ্নিং আৰ্হিৰ বাবে কেঁচামালত পৰিণত হৈছে। যদিহে ইয়াৰ ওপৰত নিয়ন্ত্ৰণ বা নীতি-নিয়ম দুৰ্বল হয়, তেন্তে ই মানুহৰ ওপৰত চোৰাংচোৱাগিৰি কৰা, প্ৰফাইল তৈয়াৰ কৰা আৰু অপব্যৱহাৰ কৰাৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰিব।
 
অৱশ্যে প্ৰশংসাৰ কথা এইটোৱে যে ভাৰত চৰকাৰে এই প্ৰত্যাহ্বানৰ গুৰুত্ব অনুভৱ কৰিছে। ডিজিটেল ব্যক্তিগত তথ্য সুৰক্ষাৰ কাঠামো, ডিপফেকৰ সন্দৰ্ভত জাৰি কৰা নিৰ্দেশনা আৰু মধ্যস্থতাকাৰী সংস্থাসমূহৰ দায়বদ্ধতা নিশ্চিত কৰিবলৈ লোৱা পদক্ষেপসমূহে এইটোৱেই প্ৰমাণ কৰে যে AI-ক সকলোৰে বাবে মুকলি এক প্ৰযুক্তিগত ক্ষেত্ৰ হিচাপে এৰি দিব নোৱাৰি বুলি চৰকাৰৰ মাজত সজাগতা বৃদ্ধি পাইছে। তথাপি, উদ্ভাৱনৰ গতি ইমানেই ভয়ানকভাৱে বৃদ্ধি পাইছে যে চৰকাৰী নীতি-নিয়মসমূহে ইয়াৰ সৈতে ফেৰ মাৰিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছে।
 
মানৱীয় ক্ষতি
 
চাইবাৰ সুৰক্ষা আৰু ভুৱা তথ্যৰ বাহিৰেও আন এক ডাঙৰ সংকট লুকাই আছেঃ সেয়া হৈছে মানৱীয় মৰ্যাদাৰ অৱনতি বা ক্ষতি। যিবোৰ বৃত্তিমূলক বা বগা-কলাৰ কাম যন্ত্ৰৰ দ্বাৰা কৰা সম্ভৱ নহয় বুলি ভবা হৈছিল, এতিয়া AI-এ সেইবোৰ ঠাই দখল কৰিছে বা সলনি কৰিছে। ক'ডাৰ, ডিজাইনাৰ, বিশ্লেষক, লেখক আৰু গ্ৰাহক-সেৱাত নিয়োজিত কৰ্মচাৰীসকলে এতিয়া ছেকেণ্ডৰ ভিতৰতে কাম কৰিব পৰা যন্ত্ৰৰ সৈতে প্ৰতিযোগিতাত নামিবলগীয়া হৈছে। আনকি এই প্ৰযুক্তিসমূহৰ নিৰ্মাতাসকলেও স্বীকাৰ কৰে যে ভৱিষ্যতে ইয়াৰ ফলত সৃষ্টি হ'বলগীয়া পৰিস্থিতি অতি ভয়ানক হ'ব পাৰে।
 
বিপদ কেৱল চাকৰি যোৱাটোতেই আৱদ্ধ নহয়। ই সামাজিক অস্থিৰতাৰো কাৰণ হ'ব পাৰে। যেতিয়া কোনো এখন সমাজে নিজৰ নৈতিক, শৈক্ষিক আৰু নীতি-নিয়মৰ সুৰক্ষা কৱচ গঢ়ি তোলাতকৈ দ্ৰুতগতিত নতুন প্ৰযুক্তি গ্ৰহণ কৰে, তেতিয়া সমাজত বৈষম্য বৃদ্ধি পায়। সম্পদ মুষ্টিমেয় লোকৰ হাতত কেন্দ্ৰীভূত হয়। পাৰস্পৰিক বিশ্বাস ভংগ হয়। গণতান্ত্ৰিক ব্যৱস্থাসমূহ সহজে হেতালি খেলিব পৰা অৱস্থালৈ আহে। আনকি নিজৰ জীৱন নিয়ন্ত্ৰণ কৰা ব্যৱস্থাসমূহৰ ওপৰতেই মানুহে নজৰ ৰাখিব নোৱাৰা হৈ পৰে। সেইবাবেই নিৰাপত্তা গৱেষকসকলৰ পদত্যাগে ইমান গভীৰ তাৎপৰ্য বহন কৰিছে।
 
প্ৰতিনিধিত্বমুলক ফটো
 
এই গৱেষকসকল কোনো প্ৰযুক্তি-বিৰোধী কৰ্মী নহয়। তেওঁলোক প্ৰতিষ্ঠানবোৰৰ ভিতৰুৱা মানুহ। তেওঁলোকেই সেইসকল ব্যক্তি যিয়ে বৰ্তমান মানৱ সভ্যতাক নতুন ৰূপ দিয়া এই ব্যৱস্থাসমূহ নিৰ্মাণ কৰাত সহায় কৰিছিল। তেওঁলোকৰ প্ৰস্থানে উদ্ভাৱনৰ প্ৰতি থকা বিৰোধিতা নুবুজায়, বৰং ই এই ভয়ৰহে ইংগিত দিয়ে যে কেৱল দ্ৰুতগতিৰ স্বাৰ্থত মানৱজাতিয়ে নিৰাপত্তাৰ ওপৰত থকা নিজৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছে।
 
শেষ সুৰক্ষা কৱচ
 
বৰ্তমানৰ বিশ্বখন ঔদ্যোগিক বিপ্লৱৰ প্ৰাৰম্ভিক কালছোৱাৰ দৰেই হৈ পৰিছে, পাৰ্থক্য কেৱল এয়াই যে ই বহুগুণে দ্ৰুত আৰু ইয়াৰ পৰিণাম অসীম। বিশাল জনসংখ্যা, প্ৰযুক্তিগত উচ্চাকাংক্ষা আৰু দ্ৰুতগতিত সম্প্ৰসাৰিত ডিজিটেল আন্তঃগাঁথনিৰে সমৃদ্ধ ভাৰত বৰ্তমান এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণত উপনীত হৈছে। ভাৰতে প্ৰযুক্তিৰ অন্ধ মোহতো ডুব যাব নোৱাৰে বা ভয়ত স্থৱিৰ হৈয়ো ৰ'ব নোৱাৰে। ইয়াৰ পৰিৱৰ্তে, ভাৰতে এক তৃতীয় পথ অৱলম্বন কৰিব লাগিবঃ উদ্ভাৱন আৰু দায়বদ্ধতা দুয়োটাৰে একত্ৰীকৰণ। ইয়াৰ অৰ্থ হ'ল AI-ৰ নিৰীক্ষণ, স্বচ্ছতাৰ নীতি, তথ্য-সুৰক্ষাৰ সঁজুলি, AI সম্পৰ্কীয় ঘটনাসমূহৰ প্ৰতিবেদন দাখিল আৰু AI ব্যৱস্থাসমূহৰ বাবে উপযুক্ত সুৰক্ষা কৱচ গঢ়ি তোলা।
 
ইয়াৰ লগতে এইটোও নিশ্চিত কৰিব লাগিব যে নিৰাপত্তা গৱেষকসকলক ক্ষমতা প্ৰদান কৰা হৈছে, তেওঁলোকক অৱহেলা কৰা হোৱা নাই। লগতে এই কথা উপলব্ধি কৰিব লাগিব যে জনসাধাৰণৰ বিশ্বাস এবাৰ হেৰাই গ'লে, ইয়াক পুনৰ ঘূৰাই অনাটো যিকোনো যন্ত্ৰ নিৰ্মাণ কৰাতকৈ বহু বেছি কঠিন। সৰ্বশেষত, AI হয়তো মানৱজাতিৰ আটাইতকৈ ডাঙৰ আৱিষ্কাৰ হিচাপে পৰিগণিত হ'ব পাৰে। কিন্তু যদিহে AI-ৰ নিৰাপত্তাৰক্ষীসকলেই ভয়ত আঁতৰি যায়, তেন্তে আমি এক ভয়ংকৰ সম্ভাৱনাৰ সন্মুখীন হ'ব লাগিবঃ হয়তো এই প্ৰতিযোগিতা কেৱল বুদ্ধিমান যন্ত্ৰ নিৰ্মাণ কৰাৰ নহয়, বৰং আমাৰ জ্ঞান আমাৰ উচ্চাকাংক্ষাৰ সৈতে সমানে আগবাঢ়িব পাৰিবনে নাই, তাৰ ওপৰতহে নিৰ্ভৰশীল। আৰু সেয়া হ'ব পাৰে আমাৰ বাবে এক বহু বেছি কঠিন প্ৰত্যাহ্বান।
 
(লেখক এগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু যোগাযোগ বিশেষজ্ঞ)