ৱাকফ সম্পত্তিৰে বাণিজ্য; ₹১০০০ কোটিৰ বৃহৎ পৰিকল্পনা কেন্দ্ৰৰ

Story by  atv | Posted by  Munni Begum • 3 Months ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
আৱাজ দ্য ভইচ / নতুন দিল্লী
 
কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে উচ্চ মূল্যৰ ৱাকফ সম্পত্তিৰ বাণিজ্যিক পুনৰ উন্নয়নৰ বাবে ₹১০০০ কোটিৰ এক বৃহৎ পৰিকল্পনা প্ৰস্তুত কৰিছে। জানুৱাৰী মাহত ইয়াক ব্যয় বিত্তীয় সমিতি (ই এফ চি) ৰ সন্মুখত দাখিল কৰা হ'ব। সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ এই পৰিকল্পনাৰ লক্ষ্য হৈছে মুম্বাই, দিল্লী, উত্তৰ প্ৰদেশ, হায়দৰাবাদ, বেংগালুৰু আদি চহৰত অৱস্থিত ৱাকফ ভূমিসমূহ পুনৰ বিকাশ কৰা। যাৰ মূল্য হাজাৰ হাজাৰ কোটি টকা। কিন্তু এই ভূমিসমূহ বেদখল, বিবাদ বা পৰিচালনাৰ অভাৱৰ বাবে বছৰ বছৰ ধৰি ব্যৱহাৰ নোহোৱাকৈয়ে আছে।
 
প্ৰস্তাৱিত আৰ্হিত ৰাজ্যিক ৱাকফ বোৰ্ড, নাৱাডকো (NAWADCO) আৰু ব্যক্তিগত ডেভেলপাৰসকলে যৌথভাৱে চিকিৎসালয়, বাণিজ্যিক টাৱাৰ, শৈক্ষিক প্ৰতিষ্ঠান আৰু আৱাসিক চৌহদৰ দৰে প্ৰকল্প বিকশিত কৰিব। যাৰ বাবে দীৰ্ঘকালীন ৰাজহ-অংশীদাৰিত্ব বা লীজ ব্যৱস্থাৰ প্ৰয়োগ কৰা হ'ব।
 
আই আই টি দিল্লীয়ে এই আৰ্হিৰ সম্পূৰ্ণ আন্তঃগাঁথনি, চুক্তি ব্যৱস্থা আৰু যৌথ বিনিয়োগ ব্যৱস্থা সন্দৰ্ভত মন্ত্ৰালয়ক নিৰ্দেশনা প্ৰদান কৰিছে। আনহাতে, নাৱাডকোৱে (NAWADCO) প্ৰকল্প বিকাশ, বিনিয়োগকাৰীক নিয়োজিত কৰা আৰু ৱাকফ ভূমিৰ ধৰ্মীয় মর্যাদা সুৰক্ষিত ৰখাৰ বাবে কাম কৰিব। এনে এক সময়ত এই প্ৰচেষ্টা আগবাঢ়িছে, যিসময়ত কেন্দ্ৰৰ ইউএমইইডি (UMEED) পৰ্টেলত ৱাকফ সম্পত্তিসমূহৰ বাধ্যতামূলক ডিজিটেল পঞ্জীয়ন ৬ ডিচেম্বৰত শেষ হৈ গৈছিল আৰু মুঠ আনুমানিক ৮ লাখ সম্পত্তিৰ ভিতৰত মাত্ৰ ২.১৬ লাখ সম্পত্তিৰ পঞ্জীয়ন সম্পূৰ্ণ কৰা হৈছে।
 
মন্ত্ৰী কিৰেন ৰিজিজুৱে UMEED পৰ্টেল মুকলি কৰাৰ এক দৃশ্য
 
প্ৰায় ৩ লাখ আবেদন বাকী থকাৰ বাবে ২০২৬ চনৰ আৰম্ভণিতে ৱাকফ ন্যায়াধিকৰণসমূহে যথেষ্ট আইনী চাপ বৃদ্ধিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। মন্ত্ৰী কিৰেন ৰিজিজুৱে জৰিমনাবিহীন অতিৰিক্ত তিনিমাহৰ সময়সীমা প্ৰদান কৰিছে, যদিও আপলোডৰ সময়সীমা বৃদ্ধি কৰিবলৈ অস্বীকাৰ কৰিছে। ৰাজ্যভিত্তিক তথ্যই যথেষ্ট বৈষম্য প্ৰদৰ্শন কৰিছে। কৰ্ণাটক, পঞ্জাৱ, জম্মু-কাশ্মীৰ আৰু গুজৰাটে সৰ্বাধিক ভাল প্ৰদৰ্শন কৰিছে আৰু দেশখনৰ অৰ্ধেকতকৈও অধিক সম্পূৰ্ণ পঞ্জীয়ন এই ৰাজ্যসমূহৰ পৰা আহিছে। আনহাতে, পশ্চিম বংগ, দিল্লী, কেৰালা, উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যত এই হাৰ যথেষ্ট কম হৈছে।
 
উত্তৰ প্ৰদেশত ৱাকফ সম্পত্তিৰ সংখ্যা সৰ্বাধিক হ'লেও চুন্নী আৰু ছিয়া বোৰ্ডে কেৱল ১১% আৰু ৫% পঞ্জীয়নহে সম্পূৰ্ণ কৰিছে। মহাৰাষ্ট্ৰত ৪৮ শতাংশৰ উন্নত অগ্ৰগতি লাভ কৰিছে। এই তথ্যসমূহৰ পৰা স্পষ্ট হৈছে যে, নতুন ৱাকফ সংশোধনী আইন ২০২৫ৰ প্ৰৱৰ্তনৰ পিছতো বহু ৰাজ্যই ডিজিটেল ৰূপান্তৰৰ গতি ধৰি ৰাখিব পৰা নাই।
 
কেন্দ্ৰীয় চৰকাৰৰ পৰিকল্পনাই এতিয়া কেৱল ডিজিটেল প্ৰশাসনতে সীমাবদ্ধ হৈ থকা নাই, বৰঞ্চ ই ৱাকফ সম্পত্তিসমূহক ৰাষ্ট্ৰীয় পৰ্যায়ত অৰ্থনৈতিকভাৱে উৎপাদনশীল কৰি তোলাৰ দিশতো এক নিৰ্ণায়ক পদক্ষেপক প্ৰতিনিধিত্ব কৰিছে। ইএফচিৰ প্ৰস্তাৱত অনুমোদন পোৱাৰ লগে লগে সমগ্ৰ দেশতে ৱাকফ ভূমিৰ ওপৰত বৃহৎ বাণিজ্যিক প্ৰকল্প আৰম্ভ কৰা হ'ব। যিয়ে কেৱল ৱাকফ প্ৰতিষ্ঠানসমূহৰ বিত্তীয় স্থিতি শক্তিশালী কৰাই নহয়, ই চহৰসমূহৰ আধুনিক আন্তঃগাঁথনিৰ বিকাশকো এক নতুন দিশ প্ৰদান কৰিব।