আৱাজ - দ্য ব্যুৰো অসম
নতুন দিল্লী কূটনৈতিক আৱাস বা পঞ্চতাৰকা হোটেলৰ চহৰ হৈ পৰাৰ বহু আগতেই ইয়াত এখন হোটেল আছিল- ‘দ্য ইম্পেৰিয়েল’। ব্ৰিটিছ শাসনকালত নিৰ্মিত এই হোটেলখনে কেৱল দিল্লীক আভিজাত্যৰ সৈতেই পৰিচয় কৰাই দিয়া নাছিল, বৰঞ্চ ভাৰতৰ স্বাধীনতা আৰু বিভাজনৰ বহু গুৰুত্বপূৰ্ণ ঘটনাৰ নীৰৱ সাক্ষী হৈ পৰিছিল।
নতুন দিল্লী আৰু ইম্পেৰিয়েলৰ আৰম্ভণি
দ্য ইম্পেৰিয়েলৰ কাহিনী নতুন দিল্লী চহৰখনৰ জন্মৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। বিংশ শতিকাৰ আৰম্ভণিতে যেতিয়া ব্ৰিটিছে ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লৈছিল, তেতিয়া এজন ৰাজকীয় অতিথি বা উচ্চপদস্থ বিষয়াসকলক ৰাখিবলৈ এখন আভিজাত্যপূৰ্ণ হোটেলৰ প্ৰয়োজন হৈছিল। সেই প্ৰয়োজন পূৰণ কৰিবলৈকে ১৯৩৬ চনত দিল্লীৰ প্ৰথমখন বিলাসী হোটেল হিচাপে ‘দ্য ইম্পেৰিয়েল’ মুকলি কৰা হয়। স্থপতিবিদ এডউইন লুটিয়েন্স আৰু হাৰ্বাৰ্ট বেকাৰে বহল বুলেভাৰ্ড, আড়ম্বৰপূৰ্ণ অট্টালিকা আৰু সুশৃংখলিত পথ নিৰ্মাণ কৰিছিল।
হোটেলখনৰ ভিতৰৰ দৃশ্য
চৰ্দাৰ বাহাদুৰ ৰঞ্জিত সিঙে নিৰ্মাণ কৰা এই হোটেলখনৰ নক্সা ভিক্টোৰিয়ান আৰু আৰ্ট ডেক’ শৈলীৰ সংমিশ্ৰণত তৈয়াৰ কৰা হৈছিল। সেই সময়ত কুইন্সৱে (বৰ্তমানৰ জনপথ)ৰ আঠ একৰ ভূমিত অৱস্থিত এই হোটেলখনক ব্ৰঞ্জৰ সিংহই পহৰা দিছিল, যি আছিল ৰাজকীয় ক্ষমতাৰ প্ৰতীক। ভাৰতৰ তদানীন্তন ভাইচৰয় লৰ্ড উইলিংডনে ইয়াৰ উদ্বোধন কৰিছিল। ১৯৩০-ৰ দশকত ইয়াত এৰাতি থকাৰ খৰচ আছিল প্ৰায় ২০ টকা, যিটো সেই সময়ত বহুত বেছি আছিল।
স্বাধীনতাৰ গোপন আলোচনা
১৯৪০-ৰ দশকত যেতিয়া ভাৰত স্বাধীনতাৰ দিশে আগবাঢ়িছিল, তেতিয়া চৰকাৰী কাৰ্যালয়ৰ আনুষ্ঠানিকতাৰ বাহিৰত বহু গোপন আৰু গুৰুত্বপূৰ্ণ আলোচনাৰ বাবে ‘দ্য ইম্পেৰিয়েল’ক বাছনি কৰা হৈছিল। মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, মহম্মদ আলী জিন্না আৰু লৰ্ড মাউণ্টবেটেনৰ দৰে দেশৰ ভৱিষ্যত নিৰ্ধাৰণ কৰা নেতাসকলে এই হোটেলখনত সঘনাই আলোচনাত মিলিত হৈছিল।
ইতিহাসবিদসকলৰ মতে, স্বাধীনতা আৰু বিভাজনৰ দৰে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়বোৰৰ আলোচনা এই হোটেলৰ কোঠাতে হৈছিল। আনকি নেহৰু আৰু জিন্নাৰ প্ৰেছ মিটিঙো ইয়াতেই অনুষ্ঠিত হৈছিল। হোটেল কৰ্তৃপক্ষই জনোৱা মতে, সেই সময়ত ব্যৱহাৰ কৰা ঐতিহাসিক মেজখন (Table) তেওঁলোকে আজিও সযতনে সংৰক্ষণ কৰি ৰাখিছে।
১৯৪৭ চন আৰু এক নীৰৱ সাক্ষী
১৯৪৭ চনৰ ১৫ আগষ্টত যেতিয়া এফালে দেশ স্বাধীন হৈছিল, আনফালে বিভাজনৰ কৰুণ কাহিনীও আৰম্ভ হৈছিল। বাহিৰত যেতিয়া শৰণাৰ্থীৰ লানি নিছিগা ভিৰ আৰু হিংসাই চহৰখন কঁপাই তুলিছিল, হোটেলৰ ভিতৰত কিন্তু কূটনীতি আৰু আলহীৰ সেৱা চলি আছিল। এই বৈপৰীত্যৰ বাবেই ইতিহাসবিদসকলে দ্য ইম্পেৰিয়েলক ৰাজনৈতিক সিদ্ধান্তৰ ফলত হোৱা মানৱীয় দুখ-কষ্টৰ এক ‘নীৰৱ সাক্ষী’ বুলি অভিহিত কৰে।
১৯৯৮ চনৰ মে’ মাহৰ আশে-পাশে যেতিয়া কেট উইন্সলেট ভাৰত ভ্ৰমণ কৰিছিল, তেতিয়া তেওঁ ইম্পেৰিয়েল হোটেলত আছিল
স্বাধীনতাৰ পিছৰ যুগ
এসময়ত ব্ৰিটিছ কৰ্তৃত্বৰ প্ৰতীক, ক্ৰমান্বয়ে ই স্বাধীন ভাৰতৰ বস্ত্ৰত বোৱা এক প্ৰতিষ্ঠানত পৰিণত হয়। নেহৰু পৰিয়ালৰ সদস্যসকলে নতুন জাতীয় পৰিচয়ৰ অধীনত হ’লেও ৰাজনৈতিক ক্ষমতাৰ সৈতে হোটেলখনৰ অবিৰত সম্পৰ্কক শক্তিশালী কৰি স্থায়ী ছুইট(Suite) বজাই ৰাখিছিল।
ইয়াৰ উপৰি ১৩ খনকৈ দেশৰ দূতাবাসে এসময়ত এই হোটেলৰ পৰাই কাম-কাজ চলাইছিল, যাৰ ফলত দিল্লীৰ এক গুৰুত্বপূৰ্ণ কূটনৈতিক কেন্দ্ৰ হিচাপে ইয়াৰ ভূমিকা আৰু অধিক শক্তিশালী হৈ পৰিছিল।
বৰ্তমানৰ ৰূপ আৰু মালিকীস্বত্ব
১৯৯০-ৰ দশকৰ পৰা হোটেলখনৰ পুৰণি গৰিমা অক্ষুণ্ণ ৰাখি ইয়াক অত্যাধুনিক কৰা হয়। বৰ্তমান ইয়াক এটা ‘জীৱন্ত সংগ্ৰহালয়’ বুলি কোৱা হয়, কাৰণ ইয়াত ১৭ আৰু ১৮ শতিকাৰ ৫০০০-ৰো অধিক আপুৰুগীয়া শিল্পকলা সংৰক্ষিত হৈ আছে।
হোটেলখনৰ মালিকীস্বত্বক লৈ দীৰ্ঘদিন ধৰি চলি থকা আইনী যুঁজৰ ২০২৪ চনত নিষ্পত্তি হয়। বৰ্তমান ইয়াৰ মালিকীস্বত্ব হৰদেৱ সিং আকৈ (৫০%) আৰু তেওঁৰ স্বৰ্গীয় ভাতৃ যশদেৱ সিং আকৈৰ সন্তান ৰায়দেৱ সিং আকৈ (২৫%) আৰু গোবিন্দ সিং আকৈৰ (২৫%) মাজত বিভক্ত। সমগ্ৰ হোটেলখন আকৈ ছাব পৰিয়ালে পৰিচালনা কৰে।
আভিজাত্যৰ শিখৰত ইম্পেৰিয়েল
১৯৩৬ চনৰ ২০ টকাৰ পৰা আৰম্ভ হোৱা হোটেলখনত বৰ্তমান এৰাতি থকাৰ খৰচ ৩৫,০০০-৪৫,০০০ টকাৰ পৰা আৰম্ভ কৰি ১ লাখ টকা পৰ্যন্ত। নতুন নতুন বহুতো ফাইভ ষ্টাৰ হোটেল নিৰ্মাণ হৈছে যদিও ‘দ্য ইম্পেৰিয়েল’ৰ মৰ্যাদা আৰু ঐতিহাসিক গুৰুত্ব আজিও হ্ৰাস পোৱা নাই। আজিও দেশ-বিদেশৰ ডাঙৰ নেতা, ব্যৱসায়ী আৰু বলিউডৰ তাৰকাসকলৰ বাবে ই এক প্ৰিয় স্থান। চেইফ আলী খান, জন আব্ৰাহাম বা শ্বাহিদ কাপুৰৰ দৰে তাৰকাসকলে দিল্লীলৈ আহিলে এই হোটেলখনকেই অগ্ৰাধিকাৰ দিয়ে। নটা দশক অতিক্ৰম কৰাৰ পিছতো ‘দ্য ইম্পেৰিয়েল’ আজিও দিল্লীৰ এক অনন্য পৰিচয় হৈ ৰৈছে।