আৱাজ - দ্য ভইচ অসম ব্যুৰ’
হায়দৰাবাদৰ এন আই এম এছ চিকিৎসালয়ৰ বাহিৰত প্ৰতিদিনে পুৱা এক অনন্য দৃশ্য দেখা যায়। নিজৰ কাৰ্যালয়ৰ পোছাক পিন্ধি হাতত খাদ্যৰ পাত্ৰ লৈ হাজিৰ হয় এগৰাকী ব্যক্তি। অসহায় ৰোগী আৰু তেওঁলোকৰ আত্মীয়সকলৰ মাজত বিনামূলীয়া খাদ্য বিতৰণ কৰা এই সাধাৰণ ব্যক্তিজন আজি বহু লোকৰ বাবে “ফুডমেন” হিচাপে পৰিচিত। তেওঁ হৈছে মহম্মদ আজিজ। প্ৰায় এটা দশক আগতে মাত্ৰ ৩০টা খাদ্য পেকেটৰ পৰা আৰম্ভ কৰা মহম্মদ আজিজৰ এই উদ্যোগ আজি শ শ লোকৰ জীৱনত আশাৰ সঞ্চাৰ কৰিছে।
মহম্মদ আজিজ হৈছে তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশ অঞ্চলৰ তেওঁৰ বিভাগৰ মূৰব্বী বেংকৰ বিষয়া। তেওঁ প্ৰায় এক দশক ধৰি হায়দৰাবাদৰ এন আই এম (NIMS) চিকিৎসালয়ৰ বাহিৰত দৈনিক খাদ্য বিতৰণ কৰি আহিছে। আৰ্থিকভাৱে সক্ৰিয় হোৱাৰ পিছত আজিজে অভাৱগ্ৰস্ত লোকসলক সহায় কৰাৰ ইচ্ছাৰে প্ৰায় দহ বছৰ পূৰ্বে 'ফুড বেংক'ৰ উদ্যোগ আৰম্ভ কৰিছিল। তেওঁৰ মাতৃয়ে মাত্ৰ ৩০ টা খাদ্যৰ পেকেট প্ৰস্তুত কৰি আৰম্ভ কৰা এই কাৰ্য্যটো আজি দৈনিক শতাধিক লোকক খাদ্য যোগান ধৰা কাৰ্য্যলৈ ৰূপান্তৰিত হৈছে, য'ত স্বেচ্ছাসেৱকসকলে খাদ্য ৰন্ধা, সংগ্ৰহ কৰা আৰু বিতৰণ কৰি সহায় আগবঢ়াই আহিছে।
এক প্ৰতিবেদন অনুসৰি, প্ৰতিদিনে পুৱাৰ ভাগত আজিজে তেওঁৰ কাৰ্যালয়ৰ পোছাক পিন্ধি নিমছ চিকিৎসালয়ত উপস্থিত হয়। মানুহবোৰে খাদ্যৰ বাবে হাতে হাতে পাত্ৰ লৈ গোট খায় আৰু আজিজে ধৈৰ্য্য সহকাৰে প্ৰতিজন ব্যক্তিকে সেৱা আগবঢ়ায়। পুৱা প্ৰায় ৯.৩০ বজাত তেওঁ খাদ্য বিতৰণ কৰি নিজৰ কাৰ্যালয়লৈ যায়। তেওঁৰ দৃঢ় প্ৰতিশ্ৰুতিৰ বাবে তেওঁক 'ফুডমেন' উপাধিৰে অভিহিত কৰা হৈছে।
হায়দৰাবাদত বিনামূলীয়া খাদ্য বিতৰণ কৰি থকা অৱস্থাত মহম্মদ আজিজ
এই উদ্যোগৰ ধাৰণাটো আজিজৰ ব্যক্তিগত সংকল্পৰ পৰাই উদ্ভৱ হৈছিল যে, তেওঁ চাকৰি লাভ কৰাৰ পিছত দুখীয়া লোকসকলক সহায় কৰিব। তেওঁ তেওঁৰ মাক আৰু বন্ধু দিলীপ, সত্য আৰু ইকবালৰ সৈতে নিজৰ এই ধাৰণাটোৰ বিষয়ে ভাগ-বতৰা কৰিছিল আৰু তেওঁলোকে আজিজৰ কথা শুনা মাত্ৰকে এই পৰিকল্পনাক সমৰ্থন কৰিছিল। প্ৰথমতে, তেওঁৰ মাতৃয়ে প্ৰায় ৩০ টা খাদ্যৰ পেকেট প্ৰস্তুত কৰিছিল, যিবোৰ তেওঁলোকে একেলগে বিতৰণ কৰিছিল। দ্ৰুতগতিত এই কাৰ্য্য সাপ্তাহিক প্ৰচেষ্টাত পৰিণত হ'ল, বন্ধুসকলে তেওঁলোকৰ সামৰ্থ্য অনুসৰি খাদ্যৰ পেকেট দান কৰিছিল।
ফুড বেংকৰ মূল নীতিটো সহজ: পৰিষ্কাৰ, পুষ্টিকৰ, ঘৰতে সযতনে ৰন্ধা আহাৰ যোগান ধৰা। আজিজে সহায়ৰ বাবে ছ'চিয়েল মিডিয়াৰ পৰা সহায় লয়, আৰু ইয়াৰ প্ৰতিক্ৰিয়া অতিশয় ব্যাপক। স্বেচ্ছাসেৱকসকলে খাদ্য ৰন্ধা, শস্য সংগ্ৰহ কৰা, বা বিতৰণত সহায় কৰিবলৈ আৰম্ভ কৰিলে। ধীৰে ধীৰে খাদ্যৰ পেকেটৰ সংখ্যা ৩০-৪০ পৰা বৃদ্ধি হৈ প্ৰায় ১,০০০ হ'ল।
খাদ্য বিতৰণ কৰি থকা অৱস্থাত মহম্মদ আজিজ
এই কাৰ্যসূচী সম্প্ৰসাৰিত হোৱাৰ লগে লগে দলটোৱে হায়দৰাবাদৰ বিভিন্ন প্ৰান্তত খাদ্য বিতৰণ কৰা আৰম্ভ কৰে। অৱশ্যে, তেওঁলোকে NIMS চিকিৎসালয়ৰ আশে-পাশে থকা এলেকাত সৰ্বাধিক লোকক সমৰ্থনৰ প্ৰয়োজন বুলি জানিছিল। কিয়নো ইয়াত বহু দূৰ-দূৰণিৰ গাঁও আৰু চহৰৰ পৰা চিকিৎসাৰ বাবে অহা পৰিয়ালৰ আছিল। যিসকলে চিকিৎসালয়ত ভৰ্তি হৈ থকা আত্মীয়ৰ যত্ন ল'বলৈ আহিছে আৰু তেওঁলোকে প্ৰায়েই তীব্ৰ আৰ্থিক অসুবিধাৰ সন্মুখীন হবলগীয়া হৈ আহিছে।
আজিজে কয়, "মই ইমান বেছি দৰিদ্ৰতাত থকা লোকক দেখিছো, যিয়ে মোৰ অন্তৰত আঘাত কৰিছে। বহু মানুহে প্ৰচণ্ড গৰমত খালী ভৰিৰে খোজকাঢ়ি ঘুৰি ফুৰে। আমি যেতিয়া আমাৰ আৰামদায়ক বিছনাত শুই থাকোঁ তেতিয়া এনে বহু মানুহে কঠোৰ শিলৰ ওপৰত মূৰ থৈ ফুটপাথত শুই থাকে। কিয়নো তেওঁলোকৰ যিসকল প্ৰিয়জন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে, তেওঁলোকৰ সু-স্বাস্থ্য বাতৰিৰ বাবে তেওঁলোকে অপেক্ষা কৰি থাকে।"