শ্বাহ তাজ খান (পুণে)
এখন সৱল গণতন্ত্ৰৰ মূল ভেটি হৈছে নিৰ্ভীক আৰু নিৰপেক্ষ সাংবাদিকতা। কিন্তু ক্ষমতাৰ ওচৰত শিৰণত নকৰাকৈ সত্যৰ সপক্ষে থিয় দিয়াটো ইমান সহজ নহয়। এই কঠিন পথটোকেই নিজৰ জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰি যোৱা চাৰিটা দশক ধৰি সংবাদ জগতত এক বলিষ্ঠ আৰু আপোচবিহীন কণ্ঠ হিচাপে জিলিকি আছে এগৰাকী সাহসী সাংবাদিক- সীমা মুস্তাফা। যুদ্ধক্ষেত্ৰৰ পৰা আৰম্ভ কৰি সমাজৰ পিছপৰা শ্ৰেণীৰ মাত ফুটি উঠালৈকে, তেওঁৰ কলম আৰু কণ্ঠ সদায় সমাজৰ দাপোণ স্বৰূপ।
"দ্য লোনলী প্ৰফেট: ভি.পি. সিং", "আজাদীজ ডটাৰ", "শ্বাহিনবাগ এণ্ড দ্য আইডিয়া অৱ ইণ্ডিয়া" আদিৰ দৰে গুৰুত্বপূৰ্ণ গ্ৰন্থৰ লেখিকা সীমা মুস্তাফাৰ জন্ম হৈছিল ১৯৫৫ চনৰ ২০ এপ্ৰিলত নতুন দিল্লীত। এগৰাকী প্ৰখ্যাত ভাৰতীয় সাংবাদিক আৰু স্তম্ভলেখক হিচাপে সীমা মুস্তাফা তেওঁৰ স্পষ্টবাদী সাংবাদিকতা আৰু ৰাজনৈতিক বিশ্লেষণৰ বাবে সুপৰিচিত। তেওঁ লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে আৰু মাত্ৰ ১৯ বছৰ বয়সতে লক্ষ্ণৌৰপৰা প্ৰকাশিত বাতৰিকাকত The Pioneer-ৰ জৰিয়তে নিজৰ পেছাদাৰী কৰ্মজীৱনৰ পাতনি মেলে।
সাংবাদিকতাৰ শিখা
২০১৪ চনত সীমা মুস্তাফাই নিজৰ ডিজিটেল বাতৰিকাকত ‘The Citizen’ মুকলি কৰে। বৰ্তমান তেওঁ স্বাধীন সাংবাদিকতাক আগুৱাই নিয়া আৰু মহিলাসকলৰ কণ্ঠক শক্তিশালী কৰাৰ দিশত প্ৰচেষ্টা কেন্দ্ৰীভূত কৰিছে। ইউটিউবত সম্প্ৰচাৰিত হোৱা তেওঁৰ "Women Only... Seema Mustafa’’ নামৰ ভিডিঅ' সাক্ষাৎকাৰৰ শৃংখলাটো অতি জনপ্ৰিয় আৰু সুকীয়া। এই অনুষ্ঠানটোৰ মূল উদ্দেশ্য হৈছে সমাজ, ৰাজনীতি, কলা আৰু শিক্ষাৰ ক্ষেত্ৰলৈ অসাধাৰণ অৱদান আগবঢ়োৱা মহিলাসকলৰ জীৱন আৰু সংগ্ৰামক পোহৰলৈ অনা।
অনুষ্ঠানটোৰ আটাইতকৈ আকৰ্ষণীয় দিশটো হ'ল- ইয়াত সীমা মুস্তাফাই এক পৰম্পৰাগত সাক্ষাৎকাৰৰ সলনি এক সাধাৰণ আৰু মুকলি বাৰ্তালাপৰ দৰেহে কথা পাতে। তেওঁ আমন্ত্ৰিত অতিথিসকলৰ ব্যক্তিগত অভিজ্ঞতা আৰু সফলতাৰ যাত্ৰাৰ বিষয়ে মুকলিকৈ আলোচনা কৰে। তেওঁ নিজৰ অনুষ্ঠানলৈ সমাজকৰ্মী, চলচ্চিত্ৰ নিৰ্মাতা, ৰাজনীতিবিদ, লেখিকা আদি বিভিন্ন ক্ষেত্ৰৰ লোকক আমন্ত্ৰণ জনায়। তৃণমূল পৰ্যায়ত পৰিৱৰ্তন আনিবলৈ সক্ৰিয়ভাৱে জড়িত হৈ থকা মহিলাসকলকহে সীমা মুস্তাফাই সাক্ষাৎকাৰৰ বাবে নিৰ্বাচন কৰে।
ৰিপৰ্টিঙৰ প্ৰতিভা
চাৰি দশকতকৈও অধিক সময় জোৰা সাংবাদিকতাৰ কৰ্মজীৱনত সীমা মুস্তাফাই বেইৰুটৰ যুদ্ধৰ বাতৰি সংগ্ৰহ কৰিছিল। ইয়াৰ উপৰি তেওঁ কাৰ্গিল যুদ্ধৰ সময়ত একেবাৰে যুদ্ধক্ষেত্ৰৰ পৰা ৰিপৰ্টিং কৰিছিল, যাৰ বাবে তেওঁক ১৯৯৯ চনত সন্মানীয় 'প্ৰেম ভাটিয়া বঁটা' প্ৰদান কৰা হৈছিল। তেওঁ ভাৰতৰ কেইবাখনো আগশাৰীৰ বাতৰিকাকত আৰু টেলিভিছন সংস্থাত গুৰুত্বপূৰ্ণ পদবী নিৰ্বাহ কৰিছে। "দ্য পাইঅ'নিয়াৰ"ৰ জৰিয়তে সাংবাদিকতাৰ কৰ্মজীৱন আৰম্ভ কৰা সীমা মুস্তাফাই পৰৱৰ্তী সময়ত "দ্য পেট্ৰিয়ট", "দ্য ইণ্ডিয়ান এক্সপ্ৰেছ", "দ্য টেলিগ্ৰাফ", "দ্য এছিয়ান এজ", "নিউজ এক্স" আৰু "দ্য ছানডে' গাৰ্ডিয়ান"ত বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰে। তেওঁ "দ্য ইকনমিক টাইমছ"ৰ হৈও কাম কৰাৰ সুযোগ লাভ কৰিছিল। বেংগালুৰুৰ "ডেক্কান ক্ৰনিকল" আৰু পাকিস্তানৰ বাতৰিকাকত "The Dawn’’তো তেওঁৰ নিয়মীয়া স্তম্ভলেখা প্ৰকাশ পাইছিল। ২০১৪ চনত তেওঁ নিজৰ ডিজিটেল বাতৰিকাকত "দ্য চিটিজেন" প্ৰতিষ্ঠা কৰে আৰু তেওঁ নিজেই ইয়াৰ প্ৰতিষ্ঠাপক সম্পাদিকা।
সীমা মুস্তাফা
সাংবাদিকতাৰ দায়িত্ব আৰু তেওঁ ব্যস্ততা
'এডিটৰ্ছ গিল্ড অৱ ইণ্ডিয়া'ৰ সৈতে সীমা মুস্তাফাৰ সম্পৰ্কও অতি তাৎপৰ্যপূৰ্ণ। ২০২০ চনত তেওঁ এডিটৰ্ছ গিল্ড অৱ ইণ্ডিয়াৰ প্ৰথমগৰাকী নিৰ্বাচিত সভাপতি হিচাপে পৰিগণিত হয়। ইয়াৰ পূৰ্বে সংস্থাটোৱে পৰম্পৰাগতভাৱে সৰ্বসন্মতিমৰ্মে সভাপতি নিৰ্বাচিত কৰি আহিছিল। ২০২২ চনৰ অক্টোবৰ মাহত তেওঁ বিনা প্ৰতিদ্বন্দ্বিতাৰে এবছৰৰ বাবে দ্বিতীয়বাৰৰ বাবে এই পদত পুনৰ নিৰ্বাচিত হয়। ইয়াৰ লগতে, সীমা মুস্তাফাই 'চেণ্টাৰ ফৰ পলিচী এনালাইচিছ' (CPA)ৰ সঞ্চালক হিচাপেও কাৰ্যনিৰ্বাহ কৰে। বিভিন্ন স্বতন্ত্ৰ ইউটিউব চেনেল আৰু ৱেবছাইটত এগৰাকী ধাৰাভাষ্যকাৰ তথা বিশ্লেষক হিচাপে তেওঁ আজিও নিজৰ সক্ৰিয় উপস্থিতি বজাই ৰাখিছে।
সীমা মুস্তাফাৰ গ্ৰন্থৰাজি
সীমা মুস্তাফাৰ গ্ৰন্থসমূহ হৈছে তেওঁৰ ৰাজনৈতিক আৰু সামাজিক পৰ্যবেক্ষণ, পাৰিবাৰিক ইতিহাস আৰু সাংবাদিকতাৰ জগতখনত লাভ কৰা অভিজ্ঞতাৰ এক সুন্দৰ সংকলন। ২০১৭ চনত তেওঁৰ বিখ্যাত স্মৃতিগ্ৰন্থ "আজাদীজ ডটাৰ" প্ৰকাশ পায়, য'ত তেওঁ এক উদাৰ মুছলমান পৰিয়ালত নিজৰ ডাঙৰ-দীঘল হোৱাৰ কাহিনীটোক মূল বিষয়বস্তু হিচাপে দাঙি ধৰিছে। তেওঁৰ আন এখন বিখ্যাত গ্ৰন্থ "দ্য লোনলী প্ৰফেট: ভি.পি. সিং" হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী ভি. পি. সিঙৰ জীৱন আধাৰিত এখন ৰাজনৈতিক স্মৃতিগ্ৰন্থ। এই গ্ৰন্থখনত তেওঁ ভি. পি. সিঙৰ ব্যক্তিত্ব, তেওঁৰ ৰাজনৈতিক সিদ্ধান্ত আৰু পূৰ্বে ৰাইজৰ বাবে অজ্ঞাত হৈ থকা বহুতো ঘটনাৰ বিষয়ে বৰ্ণনা কৰিছে। ২০২০ চনত প্ৰকাশিত তেওঁৰ গ্ৰন্থ "শ্বাহিনবাগ এণ্ড দ্য আইডিয়া অৱ ইণ্ডিয়া"ত তেওঁ বিভিন্ন পণ্ডিতৰ লেখাসমূহ একত্ৰিত কৰিছে। এই গ্ৰন্থখনে শ্বাহিনবাগৰ প্ৰতিবাদৰ ইতিহাস বৰ্ণনা কৰে। তেওঁৰ অন্যান্য উল্লেখযোগ্য গ্ৰন্থসমূহৰ ভিতৰত আছে "দ্য স্কেম: দ্য কভাৰ-আপ এণ্ড কম্প্ৰমাইজ (১৯৯৫)" আৰু "জাৰ্নেলিজম: এথিকছ এণ্ড ৰেন্সপনচিবিলিটিছ (২০১৩)"।
সাংবাদিকতা সন্দৰ্ভত সমালোচনা
সংবাদ জগতত তেওঁৰ মতামতৰ যথেষ্ট গুৰুত্ব আছে। সীমা মুস্তাফাই স্পষ্টভাৱে কয় যে সাংবাদিকতাৰ কাম হৈছে ক্ষমতাক প্ৰশ্ন কৰা, ক্ষমতাৰ তোষামোদ কৰা নহয়। তেওঁ সঘনাই ভাৰতীয় সংবাদ মাধ্যমক সমালোচনা কৰি কয় যে ই এতিয়া সমাজৰ "প্ৰহৰী"ৰ সলনি মাত্ৰ "চিয়াৰলীডাৰ"লৈ পৰ্যবসিত হৈছে। গণতন্ত্ৰৰ সন্দৰ্ভত তেওঁ কয় যে গণতন্ত্ৰ মানে কেৱল ভোটদান কৰাই নহয়, বৰং বিৰোধী বা ভিন্ন মতকো সহ্য কৰিব পৰাটোৱেই প্ৰকৃত গণতন্ত্ৰ। তেওঁ যুৱ সাংবাদিকসকলক বাৰে বাৰে ইভেণ্ট মেনেজমেণ্টৰ সলনি ফিল্ড ৰিপৰ্টিঙত জড়িত হ'বলৈ উৎসাহিত কৰে। বৰ্তমান তেওঁ নিজৰ ডিজিটেল মাধ্যম "দ্য চিটিজেন" আৰু অন্যান্য প্লেটফৰ্মৰ জৰিয়তে ভাৰতৰ ৰাজনৈতিক, সামাজিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ ওপৰত সম্পাদকীয় আৰু সমালোচনামূলক স্তম্ভলেখা নিয়মীয়াকৈ লিখি আছে।
সীমা মুস্তাফা
তেওঁৰ সন্ধান, তেওঁৰ দৃষ্টিভংগী আৰু অভিজ্ঞতা
লেফটেনেণ্ট কৰ্নেল ছৈয়দ মুস্তাফাৰ নাতিনী, প্ৰখ্যাত সমাজকৰ্মী তথা ৰাজ্যসভাৰ সাংসদ আনিছ কিদৱাইৰ নাতিনী আৰু মাতৃ আজাদী (ৰাফিয়া মুস্তাফা)ৰ কন্যা সীমা মুস্তাফা এক অতি শৃংখলাবদ্ধ আৰু ধৰ্মনিৰপেক্ষ পৰিৱেশত ডাঙৰ-দীঘল হৈছিল। প্ৰায় অৰ্ধশতিকাজোৰা তেওঁৰ সাংবাদিকতাৰ এই কৰ্মজীৱন নতুন প্ৰজন্মৰ বাবে সাহস, স্পষ্টবাদিতা আৰু নিৰ্ভীক সাংবাদিকতাৰ এক উৎকৃষ্ট নিদৰ্শন। তেওঁ আজিও ভাৰতত স্বাধীন আৰু নিৰপেক্ষ সাংবাদিকতাৰ এক বলিষ্ঠ কণ্ঠ হৈ আছে।
আজিও তেওঁ "দ্য চিটিজেন" প্লেটফৰ্মত নিজৰ "ৱমেন অনলি" অনুষ্ঠানটোৰ জৰিয়তে সমাজৰ পিছপৰা শ্ৰেণীৰ, বিশেষকৈ মহিলাসকলৰ অকথিত কাহিনীবোৰক কণ্ঠ দি আহিছে। যুদ্ধক্ষেত্ৰৰ পৰা কৰা ৰিপৰ্টিঙেই হওক বা শ্বাহিনবাগৰ ৰাজপথৰ পৰা উঠি অহা কণ্ঠই হওক, তেওঁ সদায় সাহসেৰে আৰু নিৰ্ভীকতাৰে নিজৰ সাংবাদিকতাৰ দায়িত্ব পালন কৰি আহিছে। ছপা মাধ্যমতেই হওক বা ইলেক্ট্ৰনিক মাধ্যমতেই হওক, নিজৰ দৃষ্টিকোণ দাঙি ধৰাৰ ক্ষেত্ৰত তেওঁৰ এক অসাধাৰণ দক্ষতা আছে। সীমা মুস্তাফাই প্ৰমাণ কৰি দিছে যে সাংবাদিকতা কেৱল এক পেছা নহয়, ই এক জীৱনজোৰা মিছন।