কেমেৰাৰ আঁৰৰ প্ৰতিভাঃ বিবিচিৰ ২০২৬ বৰ্ষৰ ৯ খন শ্ৰেষ্ঠ ফটোৰ ভিতৰত দ্বিতীয় স্থানত হাফিজ আহমেদৰ ফটো

Story by  Ariful Islam | Posted by  Nikunja Nath • 3 h ago
কেমেৰাৰ আঁৰৰ প্ৰতিভাঃ বিবিচিৰ ২০২৬ বৰ্ষৰ ৯ খন শ্ৰেষ্ঠ ফটোৰ ভিতৰত দ্বিতীয় স্থানত হাফিজ আহমেদৰ ফটো
কেমেৰাৰ আঁৰৰ প্ৰতিভাঃ বিবিচিৰ ২০২৬ বৰ্ষৰ ৯ খন শ্ৰেষ্ঠ ফটোৰ ভিতৰত দ্বিতীয় স্থানত হাফিজ আহমেদৰ ফটো
 
আৰিফুল ইছলাম / গুৱাহাটী
 
আমি সদায়েই টেলিভিছনৰ পৰ্দাত অথবা ম’বাইলৰ স্ক্ৰীনত বিভিন্ন প্ৰতিভা দেখা পাওঁ আৰু প্ৰশংসা কৰোঁ। কিন্তু আনৰ প্ৰতিভা কেমেৰাত বন্দী কৰি ফুৰা কেমেৰাৰ আঁৰৰ মানুহবোৰো যথেষ্ট প্ৰতিভাশালী। সেই কথাই প্ৰমাণ কৰিছে ফটো সাংবাদিক হাফিজ আহমেদে। শেহতীয়াকৈ তেওঁ তোলা এখন ফটোৱে সমগ্ৰ বিশ্বজুৰি চৰ্চা লাভ কৰিছে। ব্ৰিটিছ সম্প্ৰচাৰ নিগমে(BBC) বাছনি কৰা ২০২৬ চনৰ শ্ৰেষ্ঠ ৯ খন চিত্ৰৰ ভিতৰত ২ নম্বৰত স্থান লাভ কৰিছে হাফিজ আহমেদে তোলা বিশেষ ফটোখনে।
 
এই বিশেষ ফটোখন তেওঁ তুলিছিল চলিত বৰ্ষৰ ১৬ জানুৱাৰীত। ১৭ জানুৱাৰীত গুৱাহাটীৰ সৰুসজাইত থকা অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত বাগৰুম্বা নৃত্য পৰিৱেশন কৰিছিল নৃত্য শিল্পীসকলে। গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তিৰে অভিলেখ গঢ়াৰ লক্ষ্যৰে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। অনুষ্ঠানৰ আগদিনা চূড়ান্ত আখৰাৰ সময়ত লোৱা হৈছিল ফটোখন।
 
BBC ৰ শীৰ্ষ ৯ খন ছবিৰ ভিতৰত দ্বিতীয় স্থানত থকা হাফিজ আহমেদৰ  ছবিখন
 
আৱাজ - দ্য ভইচৰ সৈতে হোৱা এক বাৰ্তালাপত ফটো সাংবাদিক হাফিজ আহমেদে কয়ঃ "ফটোখন ফাইনেল ৰিহাৰ্ছলৰ দিনটোত মই ক্লিক কৰিছিলোঁ। আৰু আগে পিছে যিদৰে মই ফটোবোৰ এজেন্সিক প্ৰেৰণ কৰোঁ, ঠিক তেনেদৰেই এইখনো প্ৰেৰণ কৰিছিলোঁ। ফটোখন ক্লিক কৰোঁতে মই একেবাৰেই ভবা নাছিলো যে এনেকুৱা কিবা এটা হ'ব। খুব ধুনীয়াকৈ নাচনীসকলে বিভিন্ন পেটাৰ্নত বাগৰুম্বা নৃত্য কৰিছিল। বাগৰুম্বা নৃত্যৰ সেই মুহূৰ্তবোৰ মই ধুনীয়াকৈ ক্লিক কৰি গৈ আছিলোঁ। তেতিয়া এনেকুৱা কিবা স্বীকৃতি পাম বুলি একেবাৰেই ভবা নাছিলো। স্বীকৃতি পোৱাৰ পিছতহে জানিব পাৰিলো যে, এবষ্ট্ৰেক্ট আৰ্টিষ্ট পাইট মনডেৰিয়ানৰ আৰ্টৰ লগত মই উঠোৱা ফটোখনৰ সামঞ্জস্য আছে। তেতিয়া মই উপলব্ধি কৰিছোঁ যে, এইবোৰ কাৰণতে হয়তো এই স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছোঁ।"
 
গুৱাহাটীৰ সৰুসজাইস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ষ্টেডিয়ামৰ গেলেৰীৰ ওপৰৰ পৰা ফটোখন লৈছিল হাফিজ আহমেদে। "মই আমেৰিকাৰ এটা ফটো এজেন্সি জুমা প্ৰেছ (Zuma Press)ৰ বাবে বহু আগৰ পৰাই কাম কৰি আছো। মই তেওঁলোকক অন্য ফটোৰ দৰেই এইখন ফটো জানুৱাৰী মাহতে প্ৰেৰণ কৰিছিলোঁ। জানিব পৰা মতে, বিবিচিয়ে এই ফটোসমূহ বিভিন্ন এজেন্সিৰ পৰা সংগ্ৰহ কৰিছে৷"-  হাফিজ আহমেদে কয়। 
 
হাফিজ আহমেদৰ কেমেৰাত বন্দী হোৱা দৃশ্য
 
উল্লেখ্য যে, হাফিজ আহমেদৰ এই সাফল্যত সামাজিক মাধ্যমত বিভিন্নজনে শুভেচ্ছা জ্ঞাপন কৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যালয়ৰ পৰাও তেওঁক অভিনন্দন জনাইছে। "মই আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কাৰণ, খুব ধুনীয়া অনুষ্ঠান এটা আয়োজন কৰি অসমীয়া সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে। তেওঁৰ এই পদক্ষেপৰ বাবেই বিহু, ঝুমুৰ, বাগৰুম্বাক ইতিমধ্যেই পৃথিৱীৰ অন্য ঠাইত চিনি পোৱা হৈছে। আৰু আমি এই অনুষ্ঠানৰ সাক্ষী হ'বলৈ সুবিধা পালোঁ। বাহিৰত হোৱা হ'লে হয়তো এই ফটোখন তুলিবলৈ সুবিধা নাপালোঁহেতেন। বাগৰুম্বা নৃত্যটো যেতিয়া পৰিবেশন কৰিছিল, তেতিয়া ইমান সুন্দৰ লাগিছিল-  ভাষাৰে বুজাব নোৱাৰি। তাৰ বাবে মই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ৷"- হাফিজ আহমেদে কয়।
 
উল্লেখ্য যে, হাফিজ আহমেদে ২০১২ চনত ফটোগ্ৰাফীৰ লগত জড়িত হৈছিল। নিউজ ফটোগ্ৰাফীৰ প্ৰতি হাফিজ আহমেদৰ যথেষ্ট আগ্ৰহ আছিল। সেয়েহে তেওঁ ছেণ্টিনেলত যোগদান কৰি তেওঁৰ ফটো সাংবাদিকতাৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। বর্তমান তেওঁ কেইবাটাও আন্তঃৰাষ্ট্ৰীয় এজেন্সিৰ সৈতে ফ্ৰীলেন্স কণ্ট্ৰিবিউটৰ হিচাপে চুক্তি হৈ আছে। সেই এজেন্সিসমূহক তেওঁ নিয়মীয়াকৈ ফটো প্ৰেৰণ কৰে। সেই আন্তঃৰাষ্ট্ৰীয় এজেন্সিসমূহৰ ভিতৰত অন্যতম জুমা প্ৰেছ, ৰয়টাৰ্ছ, এনাদলু। আনহাতে, হাফিজ আহমেদে ৰাষ্ট্ৰীয় এজেন্সি প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ বাবে গুৱাহাটীৰ পৰা সদায় ফটো প্ৰেৰণ কৰে।
 
হাফিজ আহমেদৰ কেমেৰাত বন্দী হোৱা দৃশ্য
 
ফটোগ্ৰাফীৰ কেৰিয়াৰত তেওঁ কেনেধৰণৰ প্ৰত্যাহবানৰ সন্মুখীন হৈছিল বুলি সোধাত হাফিজ আহমেদে কয়ঃ "বিভিন্ন প্ৰত্যাহ্বান আছে। মই যিহেতু নিউজ ফটোগ্ৰাফী কৰোঁ। গতিকে নিউজ ফটোগ্ৰাফীত আমি ভাল সময়লৈ ৰখি থাকিব নোৱাৰো। হঠাৎ আমি ফটো তুলিবলগীয়া হৈ যায়। ব্ৰেকিঙৰ কথা থাকে যিহেতু আমি যিকোনো মুহূৰ্তৰ বাবে সাজু থাকিব লাগে। বিশেষকৈ ধৰ্ণা, বানপানী বা যিকোনো দুৰ্ঘটনাৰ সময়ত প্ৰত্যাহ্বান বহুত থাকে, কিন্তু আমি সাজু থাকিব লাগে।"
 
উল্লেখ্য যে, নিজৰ ভালপোৱা কামটোৰ জৰিয়তে হাফিজ আহমেদে বিভিন্ন সন্মান আৰু বঁটা বুটলিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ গুৱাহাটীৰ দিছপুৰ প্ৰেছ ক্লাবে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা এক অনুষ্ঠানত হাফিজ আহমেদক সন্মানিত কৰিছে। "আচলতে মই সন্মান বা বঁটাৰ বাবে কাম নকৰোঁ। মই মোৰ কামটো ভাল পাওঁ আৰু সদায় ভাল ফটো তুলিবলৈ যত্ন কৰোঁ। বিবিচিৰ স্বীকৃতিটো মোৰ বাবে অনাকাংশিত আছিল। এনেকুৱা স্বীকৃতিয়ে ভৱিষ্যতলৈ ভাল ভাল কাম কৰাৰ প্ৰেৰণা দিয়ে৷"- হাফিজ আহমেদে কয়।
 

এই স্বীকৃতি লাভ কৰা হাফিজ আহমেদক প্ৰশংসা আৰু শুভেচ্ছাৰে ওপচাই পেলাইছে আমেৰিকাৰ সেই বাতৰি সংস্থাটোৰ কৰ্তৃপক্ষই। অসমৰ ফটো সাংবাদিক এজনৰ এনে কৃতিত্বই অসমবাসীকো গৌৰৱান্বিত কৰিছে। লগতে এই ফটোখনৰ জৰিয়তে বাগৰুম্বা নৃত্যই বিশ্বজুৰি এক প্ৰচাৰ লাভ কৰিলে। ফটোখন সৈতে বিবিচিয়ে লিখিছে- "ভাৰতৰ অসমৰ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত জানুৱাৰী মাহত বড়ো জনগোষ্ঠীৰ আটাইতকৈ বৃহৎ বাগৰুম্বা নৃত্য প্ৰদৰ্শনৰ এক গিনিছ ৱৰ্ল্ড ৰেকৰ্ড গঢ়াৰ প্ৰচেষ্টা চলিছিল। সেই সময়ত পৰম্পৰাগত সাজ-পোছাক পিন্ধি প্ৰস্তুতি চলাই থকা বাগৰুম্বা নৃত্যশিল্পীসকলৰ ওপৰৰ পৰা লোৱা এক আশ্চৰ্যজনক ছবিত অংশগ্ৰহণকাৰীসকলৰ শৰীৰবোৰ এক অনবৰত চলি থকা বা অবিচ্ছিন্ন ৰঙীন নক্সাৰ দৰে অস্পষ্ট হৈ পৰিছিল।"
 
হাফিজ আহমেদৰ কেমেৰাত বন্দী হোৱা দৃশ্য
 
হাফিজ আহমেদৰ ঘৰ গোলাঘাটৰ বেঙেনাখোৱাত। ২০১২ চনত তেওঁ লালমাটিত থকা আইআইইৰ পৰা ফটো সম্পৰ্কীয় এক পাঠ্যক্ৰম গ্ৰহণ কৰিছিল। সমান্তৰালভাৱে তেওঁ কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যায়ৰ পৰা সাংবাদিকতা বিষয়ত ডিগ্ৰী গ্ৰহণ কৰে। তাৰ পাছতেই হাফিজে সাংবাদ মাধ্যমৰ সৈতে জড়িত হৈ আলোক চিত্ৰৰ জড়িয়তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সংবাদ সেৱা আগবঢ়াই আহিছে। তেওঁৰ বহুকেইখন ফটোৱে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত স্থান লাভ কৰিছে। 
 
ৰেট-হ'ল মাইনিঙৰ সময়ত হাফিজে তোলা এখন আলোক চিত্ৰই বিশেষ চৰ্চা লাভ কৰিছিল। এইখন হাফিজৰো অন্যতম প্ৰিয় আলোক চিত্ৰ। বৰ্তমান গুৱাহাটীৰ বাসিন্দা হাফিজৰ বাবে ফটো তোলা তেওঁৰ বাবে নিচা আৰু পেছা দুয়োটাই। নীৰৱে নিজৰ কামত মনোনিৱেশ কৰা হাফিজৰ মতে এখন ফটোৰ জৰিয়তেও সমগ্ৰ বিশ্বজুৰি এটা খবৰ বিয়পাই দিব পাৰি।