পশ্চিমবঙ্গৰ প্ৰথম মহিলা গ'লকীপাৰ প্ৰশিক্ষক মহিমা খাতুন এতিয়া ভাৰতীয় জুনিয়ৰ মহিলা দলৰ প্ৰশিক্ষক

Story by  atv | Posted by  [email protected] • 1 h ago
মহিমা খাতুন
মহিমা খাতুন
 
শান্তিপ্ৰিয় ৰয়চৌধুৰী
 
সমাজত বহু সফলতাৰ কাহিনী শুনিবলৈ পোৱা যায়, কিন্তু কিছুমান এনে কাহিনী থাকে যিবোৰে সঁচাকৈয়ে অনুপ্ৰেৰণাৰ পোহৰ বিলায়। প্ৰতিকূল পৰিস্থিতিক নেওচি, সীমাহীন পৰিশ্ৰম আৰু আত্মবিশ্বাসক সংগী কৰি এগৰাকী নাৰীয়ে কেনেকৈ সপোন পূৰণৰ দিশত আগবাঢ়ি যাব পাৰে, তাৰ এক উজ্জ্বল উদাহৰণ হৈছে মহিমা খাতুন। জীৱনৰ কঠিন বাস্তৱক জয় কৰি আজি তেওঁ ভাৰতীয় ফুটবলৰ এক গৌৰৱোজ্জ্বল নাম।
 
হাওৰাৰ দানেশ শ্বেখ লেনৰ এক দৰিদ্ৰ পৰিয়ালৰ ছোৱালী মহিমা খাতুন। তেওঁ সপোন দেখিছিল নিজক ৰাজ্যিক পৰ্যায়ৰ এগৰাকী ভাল ফুটবল খেলুৱৈ হিচাপে গঢ়ি তোলাৰ। পৰিয়ালৰ দৰিদ্ৰতাৰ মাজতো কঠোৰ পৰিশ্ৰম কৰি ফুটবলৰ প্ৰতি থকা মৰমেৰে তেওঁ আগুৱাই গৈছে।
 
খেলপথাৰত মহিমা খাতুন
 
তেওঁৰ সপোন অথলে যোৱা নাছিল। তেওঁ ৰাজ্যৰ বিভিন্ন প্ৰথম ডিভিজন ক্লাবত খেলিছে, যাৰ ভিতৰত আছে তালতলা দীপ্তি, বেহালা ঐক্য, সেবায়নী, বালিগ্ৰাম অঞ্চল আৰু ইনটেনচন ক্লাব। অৱশেষত তেওঁৰ সপোনটো অধিক সাৰ্থক হ’ল যেতিয়া তেওঁ কলকাতাৰ ইষ্টবেংগল ক্লাবত সুযোগ পালে। ২০১৯ চনৰ পৰা ২০২০ চনলৈকে তেওঁ ইষ্টবেংগল ক্লাবত খেলিছিল।
 
খেলৰ মাজতে তেওঁৰ ফুটবল কোচিং বা প্ৰশিক্ষণৰ দিশলৈ অহাৰ ইচ্ছা আছিল। ২০২১ চনত তেওঁৰ সেই ইচ্ছা পূৰণ হ’ল, যেতিয়া তেওঁ মিনাৰ্ভা পঞ্জাৱ ফুটবল একাডেমীৰ পৰা 'ডি লাইচেঞ্চ' কোচিং কৰিলে। ডি লাইচেঞ্চ কোচিং কৰাৰ পিছত তেওঁ ২০২১ চনৰ পৰা ২০২৩ চনলৈ বৰোদা ফুটবল একাডেমীত প্ৰশিক্ষণ দিয়ে।

ইয়াৰ পিছত ২০২৪ চনৰ পৰা ২০২৬ চনলৈকে মুৰ্ছিদাবাদৰ জিয়াগঞ্জৰ আদিতি ইনষ্টিটিউট অৱ স্পৰ্টছত ল’ৰা-ছোৱালীক প্ৰশিক্ষণ দিয়ে। ইয়াৰ উপৰিও তেওঁ বেংগল টিম জুনিয়ৰ গাৰ্লছ, ভৱানীপুৰ অনূৰ্ধ্ব ১৩ আৰু ১৭ বছৰীয়া ল’ৰাক প্ৰশিক্ষণ দিছে। এই মহিমা খাতুনেই হ’ল পশ্চিমবঙ্গৰ প্ৰথমগৰাকী মহিলা গ'লকীপাৰ প্ৰশিক্ষক।
 
তাৰ পিছতে তেওঁৰ জীৱনলৈ এটা ডাঙৰ সুযোগ আহিল। ২০২৬ চনত তেওঁ AIFF-ৰ পৰা 'ফিফা টেলেণ্ট অনূৰ্ধ্ব ১৫'ত গোলৰক্ষকসকলক প্ৰশিক্ষণ দিয়াৰ দায়িত্ব পালে। বৰ্তমান তেওঁ হায়দৰাবাদৰ AIFF-ৰ প্ৰশিক্ষণ শিবিৰত আছে।
 
খেলপথাৰত মহিমা খাতুন
 
দেখাত মহিমাৰ এই সফলতা অতি সহজে অহা যেন লাগে, কিন্তু প্ৰকৃততে তেনে নহয়। ২০২০ চনৰ লকডাউনৰ সময়ত যেতিয়া খেলপথাৰত খেলা-ধুলা সকলো বন্ধ আছিল, তেতিয়া তেওঁ সংসাৰৰ তাগিদাত 'ফ্লিপকাৰ্ট' কোম্পানীত ডেলিভাৰী গাৰ্ল হিচাপে কাম বাছি লৈছিল ইষ্টবেংগল মহিলা দলৰ এই গোলৰক্ষকগৰাকীয়ে। তেওঁৰ ডেলিভাৰী কৰা সামগ্ৰীবোৰৰ ভিতৰত আছিল আলমাৰী, ফ্ৰীজ, ৱাশ্বিং মেচিন আৰু বিভিন্ন ইলেকট্ৰনিক সামগ্ৰী। তেওঁ প্ৰতিদিনে অক্লান্তভাৱে গ্ৰাহকৰ ঘৰে ঘৰে এইবোৰ সামগ্ৰী গৈ দিছিল। লকডাউনৰ সময়ত ফুটবল খেলুৱৈ মহিমাৰ কাম আছিল এয়াই। ভাৰতীয় ক্ৰীড়াজগতত কোনো মহিলা খেলুৱৈয়ে ইমান পৰিশ্ৰম কৰি ওপৰলৈ উঠি অহাৰ আন কোনো উদাহৰণ আছে বুলি ধাৰণা নহয়।
 
ইয়াৰ মাজতে তেওঁ সমান্তৰালভাবে সংসাৰো আগবঢ়াইছে। কলকাতা ময়দানৰ প্ৰিমিয়াৰ ডিভিজনত ফুটবল খেলা ফাৰুখ শ্বেখক তেওঁ জীৱন সংগী হিচাপে গ্ৰহণ কৰিছে। মহিমাৰ ইচ্ছা, ভৱিষ্যতে তেওঁ ভাৰতৰ ছিনিয়ৰ মহিলা দলৰ গোলৰক্ষকসকলৰ প্ৰশিক্ষক হ’ব।