ফিফা বিশ্বকাপ ২০২৬ ৰ উদ্বোধনী মেচত ২-০ গ’লত জয় মেক্সিকোৰ

Story by  atv | Posted by  [email protected] • 2 h ago
ফিফা বিশ্বকাপ ২০২৬ ৰ উদ্বোধনী মেচত ২-০ গ’লত জয় মেক্সিকোৰ
ফিফা বিশ্বকাপ ২০২৬ ৰ উদ্বোধনী মেচত ২-০ গ’লত জয় মেক্সিকোৰ
 
নতুন দিল্লী
 
বৃহস্পতিবাৰে মেক্সিকো আৰু দক্ষিণ আফ্ৰিকাৰ মাজত মেক্সিকোৰ এষ্টাডিঅ’ এজটেকা ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল ফিফা বিশ্বকাপৰ উদ্বোধনী মেচ। বিভিন্ন তাৰকাৰ সমাৱেশ ঘটে উদ্বোধনী অনুষ্ঠানত৷ গীত-নৃত্যৰ এক মনোমোহা অনুষ্ঠানৰ পাছত আৰম্ভ হয় বিশ্ব ফুটবলৰ মহাৰণ ফিফা বিশ্বকাপ ২০২৬ ৷ উদ্বোধনী মেচখনত ঘৰুৱা দল মেক্সিকোৱে দক্ষিণ আফ্ৰিকাক ২-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে৷
 
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলখনত মেক্সিকোৱে অধিক জনপ্ৰিয়তা তথা সমৰ্থন লাভ কৰিবলৈ সক্ষম হয় । কাৰণ তেওঁলোকৰ পিছফালে এষ্টাডিঅ’ এজটেকা ষ্টেডিয়ামৰ গেলাৰীত আছিল ৮০,৮২৪ জন ঘৰুৱা সমৰ্থক । মেক্সিকোৰ সুবিধা থকা আন এটা কাৰণ হ’ল ষ্টেডিয়ামখন তেওঁলোকৰ ঘৰুৱা ৷ মেক্সিকোত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ খেলসমূহ সুউচ্চ খেলপথাৰত খেলোৱা হ’ব ৷ মেক্সিকো চহৰৰ এষ্টাডিঅ’এজটেকা ষ্টেডিয়ামখন প্ৰায় ৭,৩০০ ফুট উচ্চতাত নিৰ্মাণ কৰা হৈছে।
 
ঘৰুৱা দলটোৰ হৈ জুলিয়ান কুইননেছে (৯ মিনিট) আৰু ৰাউল জিমেনেজ (৬৭′) গ’ল দিয়ে ৷ খেলৰ ৯২ মিনিটত তেওঁৰ সতীৰ্থ চেজাৰ মণ্টেছক ৰেফাৰীৰে ৰেড কাৰ্ড দেখুৱাই বাহিৰ কৰি দিয়ে । ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাৰ স্ফেফেলো চিথোল আৰু থেম্বা ঝৱানেক ৰেড কাৰ্ড দেখুৱাই বাহিৰ কৰি দিয়া হৈছিল।
২০১০ চনৰ বিশ্বকাপ আয়োজন কৰাৰ পিছত প্ৰথমবাৰৰ বাবে পুনৰ বিশ্বকাপত অংশগ্ৰহণ কৰিছে দক্ষিণ আফ্ৰিকাই । ইফালে মেক্সিকোৱে কাটাৰত অনুষ্ঠিত হোৱা পূৰ্বৰ বিশ্বকাপৰ পৰাজয়ৰ গ্লানি কঢ়িয়াই লৈ ফুৰিছে ৷ ১৯৭৮ চনৰ পিছত প্ৰথমবাৰৰ বাবে কাটাৰ বিশ্বকাপত গ্ৰুপ পৰ্যায় অতিক্ৰম কৰিব পৰা নাছিল দলটোৱে।
 
এষ্টাডিঅ’ এজটেকাত ফিফা বিশ্বকাপ ২০২৬ ৰ আৰম্ভণি মেচখনত মেক্সিকোৱে ২-০ গ’লত জয়লাভ কৰিছে। গোটেই মেচখনত দপদপনি আছিল মেক্সিকান খেলুৱৈৰ । খেলৰ নৱম মিনিটত জুলিয়ান কুইননেছে প্ৰথমটো গ’ল কৰি মেক্সিকোক অগ্ৰগতি প্ৰদান কৰে। খেলৰ প্ৰথমাৰ্ধতে তেওঁ আৰু এটা গ’ল দিয়াৰ সুযোগ লাভ কৰিছিল যদিও তেওঁৰ সেই শ্বটটোৱে গ’ল পোষ্টত খুন্দা মাৰে। তাৰ পাছত দ্বিতীয়াৰ্ধত ষ্ট্ৰাইকাৰ ৰাউল জিমেনেজে ৬৭ মিনিটত ক্ৰছত হেড কৰি আন এটা গ’ল দিয়ে আৰু ২-০ গ’লত অগ্ৰগতি লাভ কৰে মেক্সিকোৱে।
 
ইফালে খেলৰ দ্বিতীয়াৰ্ধত ব্যাপক বিশৃংখলতা দেখা যায় ৷ ৰেফাৰীয়ে ৰেড কাৰ্ডৰ সহায় লৈ তিনিগৰাকী খেলুৱৈক বাহিৰ কৰি দিবলৈ বাদ্য হয় । দক্ষিণ আফ্ৰিকাৰ স্ফেফেলো চিথোল আৰু থেম্বা ঝৱানেক বাহিৰ কৰি দিয়া হয় ৷ বৰ্ধিত সময়ত ৯২ মিনিটত মেক্সিকোৰ চেজাৰ মণ্টেছকো বাহিৰ কৰি দিয়া হয়। মেচ শেষ হোৱালৈকে দক্ষিণ আফ্ৰিকাই কোনো গ’ল দিব নোৱাৰাত ২-০ ৰ ব্যৱধানত মেক্সিকোৱে জয়লাভ কৰে ৷
 
২০১০ চনৰ বিশ্বকাপৰ উদ্বোধনী খেলখনৰ যেন পুনৰাবৃত্তি আছিল ২০২৬ চনৰ ফিফা বিশ্বকাপৰ উদ্বোধনী খেলখন। সেইখন খেলত আয়োজক দক্ষিণ আফ্ৰিকাই জোহান্সবাৰ্গত নাটকীয় খেলখনত মেক্সিকোৰ বিৰুদ্ধে খেলিছিল ১-১ গ’লত ড্ৰ’ খেলিছিল।
 
ফিফা বিশ্বকাপৰ এই সংস্কৰণটো ঐতিহাসিক হ’ব বুলি ধাৰণা কৰা হৈছে ৷ আমেৰিকা, কানাডা আৰু মেক্সিকোৰ সহযোগত আয়োজন কৰা হৈছে ফিফা বিশ্বকাপ ২০২৬ আৰু প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতাখন ৩২ টা দলৰ পৰা ৪৮টালৈ সম্প্ৰসাৰণ কৰা হৈছে।