প্ৰাক্তন অলিম্পিয়ান যশপাল ৰাণাৰ দেহাৱসান

Story by  atv | Posted by  [email protected] • 1 Months ago
প্ৰাক্তন অলিম্পিয়ান যশপাল ৰাণা
প্ৰাক্তন অলিম্পিয়ান যশপাল ৰাণা
 
নতুন দিল্লী
 
দেশৰ প্ৰাক্তন অলিম্পিয়ান, এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী শ্বুটাৰ, ক্ৰীড়াবিদ যশপাল ৰাণা আৰু নাই। শুকুৰবাৰে দিনৰ ভাগত শেষ নিশ্বাস ত্যাগ কৰে ৰাণাই। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল মাত্ৰ ৪৯ বছৰ।
 
জানিব পৰা মতে মিউখত অনুষ্ঠিত বিশ্বকাপৰ পৰা ঘূৰি অহাৰ পথত বিমানত হৃদৰোগত আক্ৰন্ত সন্মুখীন হৈছিল ৰাণা। ইয়াৰ পাছতে তেওঁক দিল্লীৰ মেক্স হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। এদল বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত চিকিৎসা চলোৱা হৈছিল যদিও অৱশেষত তেওঁক শুকুৰবাৰে মৃত বুলি ঘোষণা কৰে চিকিৎসকে।
 
উল্লেখযোগ্য যে, যশপাল ৰাণাই অলিম্পিকৰ শ্বুটিং শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। একেদৰে এছিয়ান গেমছত তেওঁ দেশৰ হৈ সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছিল। বৰ্ণিল কেৰিয়াৰ সামৰণিৰ পাছত তেওঁ জাতীয় দলৰ প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তাৰোপৰি তেওঁ শেহতীয়াকৈ মনু ভাকেৰকো প্ৰশিক্ষণ প্ৰদান কৰিছিল।


শেহতীয়া খবৰ