আৱাজ - দ্য ভইচ ব্যুৰ’
যোৱা দেওবাৰে ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ মৃত্যুৰ পিছত ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদকাৰীৰ লানি নিছিগা সোঁত বৈছিল। আকাশ-বতাহ কঁপাই এটা ধ্বনি শুনা গৈছিল, "আল্লাহু আকবৰ, খামেনেই ৰহবৰ (আল্লাহ মহান আৰু খামেনেই আমাৰ নেতা)"। শোকত লোকসকলে ঢোল বজাই ছন্দময়ী ৰূপত ৰাজপথত সমদল উলিয়াই তীব্ৰ ক্ষোভ আৰু শোক প্ৰকাশ কৰিছিল।
এই সমগ্ৰ দৃশ্যত আছিল আশুৰাৰ প্ৰতিটো উপাদান— অৰ্থাৎ মহৰমৰ সেই শোক সমদল য’ত কাৰবালাৰ যুদ্ধত পয়গম্বৰ মহম্মদৰ নাতি ইমাম হুছেইনৰ শ্বাহাদত(শ্বহীদ হোৱা)ক স্মৰণ কৰা হয়।
আয়াতুল্লাহ আলী খামেনেইৰ মৃত্যুৰ পিছত এনেদৰে ওলাই আহিছিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী
খামেনেইৰ সম্পূৰ্ণ নাম আছিল আয়াতুল্লাহ চৈয়দ আলী হুছেইনী খামেনেই, যি তেওঁৰ 'হুছেইনী চৈয়দ' বংশক প্ৰতিনিধিত্ব কৰে। হুছেইনী চৈয়দসকলে নিজৰ বংশৰ মূল পয়গম্বৰৰ সৈতে সংযোগ ৰাখে।
ছিয়া মুছলমানসকলৰ বাবে আয়াতুল্লাহ এজন ইমামো হয়। ছিয়া পণ্ডিতসকলৰ মতে তেওঁৰ মৃত্যুৰ লগে লগে তেওঁলোকে নিজৰ নেতা, 'মাৰ্জা আল-তাকলিদ' (যাক অনুকৰণ কৰা হয়) আৰু 'ৱালি আল ফাকিহ' (অভিভাৱক আইনবিদ)ক হেৰুৱালে।
প্ৰতিবাদকাৰীসকলে খামেনেইৰ হত্যাকাণ্ড আৰু কাৰবালাৰ যুদ্ধত ইমাম হুছেইনৰ হত্যাকাণ্ডৰ মাজত সাদৃশ্য বিচাৰি পাইছে। তেওঁলোকৰ মতে টেহৰানত কাৰবালাৰ পুনৰাবৃত্তি ঘটিছে আৰু এইটোৱেই হৈছে এই ব্যাপক শোক সমদলৰ মূল কাৰণ।
প্ৰিয় নেতাৰ মৃত্যুত শোকত ভাগি পৰিছে অনুৰাগী
এগৰাকী মহিলা প্ৰতিবাদকাৰীয়ে কয়, "খামেনেই মোৰ পিতৃ-মাতৃতকৈও অধিক প্ৰিয় আছিল। এয়া এক অপূৰণীয় ক্ষতি। তেওঁলোকে আমাৰ ইমামক শ্বহীদ কৰিলে। তেওঁ আছিল ইছলামৰ আটাইতকৈ ডাঙৰ স্তম্ভ।" তেওঁৰ স্বামী এজাজ ৰিজভীয়েও নিজৰ দুখ প্ৰকাশ কৰি কয় যে খামেনেইক হত্যা কৰি তেওঁৰ আদৰ্শক মাৰি পেলাব নোৱাৰি।
ৰাছিদ নামৰ এজন প্ৰতিবাদকাৰীয়ে কয়, "ইমাম খামেনেই তেওঁৰ পূৰ্বপুৰুষৰ পদাংক অনুসৰণ কৰিছিল আৰু পৰিয়ালৰ সদস্যৰ সৈতে নিহত হ’ল। তেওঁ ন্যায়, শোষিত আৰু গাজাৰ নিৰ্যাতিত লোকৰ পক্ষত থিয় দিছিল।"
১৯৮০ চনত খামেনেইয়ে মাত্ৰ এবাৰ কাশ্মীৰ ভ্ৰমণ কৰিছিল আৰু ছিয়া-চুন্নী মুছলমানৰ মাজত ঐক্য গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ শ্ৰীনগৰৰ জামিয়া মছজিদত চুন্নীসকলৰ সৈতে নামাজ পঢ়িছিল আৰু এটা চমু ভাষণ দিছিল।
ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ মৃত্যুৰ পিছত ভাৰতত প্ৰতিবাদ
১৯৮৯ চনত আয়াতুল্লাহ ৰূহুল্লাহ খোমেনিৰ মৃত্যুৰ পিছত খামেনেই ছিয়াসকলৰ সৰ্বোচ্চ নেতা আৰু সৰ্বোচ্চ ধৰ্মীয় কৰ্তৃত্ব হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। তেতিয়াৰ পৰাই ছিয়া মুছলমানসকলে তেওঁক অনুসৰণ কৰি আহিছে। আনকি অনুগামীসকলে তেওঁলোকৰ বাৰ্ষিক সঞ্চয়ৰ প্ৰায় ২০ শতাংশ 'খুমছ' (ধৰ্মীয় কৰ) হিচাপে নেতাগৰাকী বা তেওঁৰ প্ৰতিনিধিক প্ৰদান কৰে।
এজন ছিয়া পণ্ডিতে বুজাই দিছে যে আয়াতুল্লাহক 'ইমাম মাহদী'ৰ উপ-প্ৰতিনিধি বুলি বিশ্বাস কৰা হয়। ইমাম মাহদী হ'ল 'বাৰজন ইমাম'ৰ শেষৰজন, যিয়ে পৃথিৱীৰ শেষ সময়ত শান্তি স্থাপন আৰু ইছলামৰ পুনৰুদ্ধাৰৰ বাবে আবিৰ্ভাৱ হ’ব। পণ্ডিৰ গৰাকীয়ে কয়, "এয়া কেৱল এজন নেতাৰ সাধাৰণ মৃত্যু নহয়। এয়া আমাৰ বিশ্বাসৰ সৈতে জড়িত।"
শ্ৰীনগৰৰ সাংসদ আগা ৰূহুল্লাহ মেহদীয়ে কয় যে খামেনেইৰ মৃত্যুৰ পিছত দেখা দিয়া ক্ষোভৰ কোনো এটা বিশেষ কাৰণ নাই। তেওঁ কয়, "তেওঁ আছিল প্ৰতিৰোধৰ এটা অনুষ্ঠান। তেওঁ সাম্ৰাজ্যবাদী শক্তি আমেৰিকা আৰু ইজৰাইলৰ ওচৰত মূৰ তল নকৰি গাজাৰ ৰাইজৰ পক্ষত থিয় দিছিল।"
আগাৰ মতে খামেনেই বিচাৰিলে আৰৱীয় নেতাসকলৰ দৰে বুজাবুজি কৰি 'শান্তিত' থাকিব পাৰিলেহেঁতেন, কিন্তু তেওঁ কঠিন পথটোহে বাছি ল’লে। তেওঁক যিদৰে হত্যা কৰা হ’ল, তাৰ বাবে মানুহৰ মাজত এক ডাঙৰ 'ক্ষতিৰ অনুভৱ' হৈছে।
যদিও বিশ্বজুৰি ছিয়াসকলৰ কেথলিকসকলৰ 'পোপ'ৰ দৰে কোনো এজন চৰকাৰী নেতা নাই, তথাপি বেছিভাগ ছিয়াই হয় ইৰাকৰ গ্ৰেণ্ড আয়াতুল্লাহ আলী চিস্তানি অথবা আয়াতুল্লাহ আলী খামেনেইক অনুসৰণ কৰে।
এজন ছিয়া পণ্ডিতে কয় যে খামেনেইৰ শ্বাহাদতৰ সৈতে ইমাম আলী আৰু ইমাম হুছেইনৰ শ্বাহাদতৰ আচৰিত সাদৃশ্য আছে। পয়গম্বৰৰ জোঁৱাই ইমাম আলীক ৰমজান মাহত মছজিদত নামাজ পঢ়ি থকা অৱস্থাত হত্যা কৰা হৈছিল। ইমাম হুছেইনক ঘেৰাও কৰি ভোকাতুৰ-তৃষ্ণাতুৰ অৱস্থাত পৰিয়ালৰ সৈতে হত্যা কৰা হৈছিল। খামেনেইকো ৰমজান মাহতে হত্যা কৰা হৈছে। সেয়েহে তেওঁকো তেওঁৰ পূৰ্বপুৰুষ আৰু ইমামসকলৰ দৰে 'মজলুম' (নিৰ্যাতিত) বুলি গণ্য কৰা হৈছে৷
ছিয়া মুছলমানৰ ব্যক্তিগত জীৱন গঢ়ি তোলাত খামেনেইৰ বৃহৎ ভূমিকা আছিল। ধৰ্মীয় নীতি-নিয়মৰ পৰা আৰম্ভ কৰি লেনদেন, নৈতিকতা, পাৰিবাৰিক আইন— সকলো ক্ষেত্ৰতে তেৱেই আছিল চূড়ান্ত কৰ্তৃত্ব। প্ৰতিটো ছিয়া মুছলমান পৰিয়ালে তেওঁৰ নিৰ্দেশ পালন কৰাটো বাধ্যতামূলক আছিল।