অদম্য ইচ্ছাশক্তিৰ নিদৰ্শনঃ স্পাইনেল মাস্কুলাৰ এট্ৰফিক নেওচি মেট্ৰিকত উজলি উঠিল হাইলাকান্দিৰ মহিনুল

Story by  Satananda Bhattacharjee | Posted by  Munni Begum • 2 h ago
 মহিনুল ইছলাম মজুমদাৰ
মহিনুল ইছলাম মজুমদাৰ
 
শতানন্দ ভট্টাচাৰ্য / হাইলাকান্দি
 
"মনত যদি প্ৰবল ইচ্ছাশক্তি আৰু লক্ষ্যপ্ৰাপ্তিৰ দুৰ্দান্ত হেঁপাহ থাকে, তেন্তে কোনো শাৰীৰিক প্ৰতিবন্ধকতাই সফলতাৰ পথত হেঙাৰ হ'ব নোৱাৰে।" — এই আপ্তবাক্যশাৰী বাস্তৱত প্ৰমাণ কৰি দেখুৱাইছে দক্ষিণ অসমৰ বৰাক উপত্যকাৰ হাইলাকান্দিৰ এজন ছাত্ৰ মহিনুল ইছলাম মজুমদাৰে। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শাৰীৰিক সীমাবদ্ধতাক নেওচি উল্লেখনীয় সফলতা অৰ্জন কৰা মহিনুলে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। হাইলাকান্দি চহৰৰ সমীপৱৰ্তী নাৰায়ণপুৰ চতুৰ্থ খণ্ড গাঁও নিৱাসী মহিনুলে হাইলাকান্দিৰ স্পেৰ’ছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল।
 
খোজ কঢ়াতো দূৰৰ কথা, থিয় হৈ থকাৰ সামৰ্থ্যও নাই ছাত্ৰজনৰ। এখন ট্ৰাইচাইকেলেই তেওঁৰ যাতায়াতৰ একমাত্ৰ ভৰসা। দুয়োখন ভৰি সম্পূৰ্ণৰূপে শক্তিহীন হোৱাৰ সমান্তৰালকৈ হাতৰ শক্তিও ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে। কিন্তু এই কঠোৰ বাস্তৱক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি অদম্য ইচ্ছাশক্তি আৰু দৃঢ় মনোবলেৰে মহিনুলে নিজৰ শিক্ষা অব্যাহত ৰাখিছে। উল্লেখ্য যে, মহিনুল 'স্পাইনেল মাস্কুলাৰ এট্ৰফি' নামৰ এক বিৰল ৰোগত আক্ৰান্ত। এই ৰোগ হৈছে এক জিনীয় স্নায়ৱিক অৱক্ষয়ী বিকাৰ, যিয়ে মেৰুদণ্ডৰ মটৰ নিউৰনসমূহ ধ্বংস কৰি পেশীৰ গুৰুতৰ দুৰ্বলতাৰ সৃষ্টি কৰে।
 
শাৰীৰিক কষ্টৰ মাজতো মেট্ৰিক পৰীক্ষাত মহিনুলে ৩৫৪ নম্বৰ লাভ কৰি সগৌৰৱে উত্তীৰ্ণ হৈছে। মাত্ৰ ৬ নম্বৰৰ বাবে প্ৰথম বিভাগৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে যদিও, কম্পিউটাৰ বিষয়ত তেওঁ ৮৮ নম্বৰেৰে লেটাৰ মাৰ্ক লাভ কৰিছে। ভৱিষ্যতে আৰু অধিক উন্নত ফলাফল প্ৰদৰ্শন কৰাৰ লক্ষ্যৰে মহিনুল দৃঢ়পৰিকৰ। ইতিমধ্যে তেওঁ হাইলাকান্দিৰ এখন ব্যক্তিগত খণ্ডৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত কলা শাখাত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰিছে। অসম অসামৰিক সেৱাৰ বিষয়া হৈ সমাজ তথা দেশৰ সেৱা কৰাৰ এক মহৎ সপোন পুহি ৰাখিছে মহিনুলে।
 
মহিনুল ইছলাম মজুমদাৰক সম্বৰ্ধনা জনোৱা এক দৃশ্য
 
জীৱনৰ এই সফলতাৰ মুহূৰ্তত মহিনুলে পিতৃ-মাতৃ, শিক্ষক-শিক্ষয়িত্ৰী আৰু তেওঁক সহযোগিতা আগবঢ়োৱা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছে। পুত্ৰৰ এই সাফল্যত শিক্ষক পিতৃ আব্দুল মুনিম মজুমদাৰ আৰু মাতৃ তথা গৃহিনী শ্বাহনাজ বেগম মজুমদাৰো অতিশয় আনন্দিত। পিতৃয়ে আৱেগিক হৈ কয় যে, বিশেষভাৱে সক্ষম হোৱাৰ পিছতো জীৱনত কিবা এটা কৰি দেখুওৱাৰ প্ৰৱল ইচ্ছাশক্তিয়ে আজি মহিনুলক পঢ়া-শুনাত আগুৱাই লৈ গৈছে।
 
আনহাতে, মহিনুলৰ এই প্ৰেৰণাদায়ক সফলতাত নিখিল ভাৰত দিব্যাংগ সংঘৰ হাইলাকান্দি শাখা ‘সক্ষম’ৰ তৰফৰ পৰা তেওঁক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। সংস্থাটোৰ দুই কৰ্মকৰ্তা শংকৰ চৌধুৰী আৰু গোবিন্দ চন্দ্ৰ নাথে মহিনুলৰ বাসগৃহত উপস্থিত হৈ ছাত্ৰজনৰ লগতে তেওঁৰ পিতৃক অভিনন্দন জনায়।
 
শংকৰ চৌধুৰীয়ে এই সন্দৰ্ভত কয়, "যদিও প্ৰথম দৃষ্টিত নম্বৰৰ ফালৰ পৰা ফলাফলটো বৰ বেছি চকুত লগা নহয়, তথাপি শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি যিদৰে তেওঁ শিক্ষাগ্ৰহণ অব্যাহত ৰাখিছে সেয়া সঁচাকৈয়ে অতুলনীয় আৰু প্ৰশংসনীয়।" মহিনুলৰ এই জীৱন সংগ্ৰাম আৰু প্ৰচেষ্টা আগন্তুক দিনত অন্যান্য ছাত্ৰ-ছাত্ৰীৰ বাবেও এক উৎকৃষ্ট অনুপ্ৰেৰণাৰ উৎস হৈ ৰ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।