মুছলমানসকলক বিলাসী বিবাহ ত্যাগ কৰিবলৈ আহ্বান মৌলানা ছাজ্জাদ নোমানিৰ

Story by  atv | Posted by  Munni Begum • 8 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
নতুন দিল্লী
 
বিখ্যাত ধৰ্মীয় পণ্ডিত আৰু সমাজ সংস্কাৰক মৌলানা সাজ্জাদ নোমানিয়ে মুছলমান সমাজৰ মাজত বৃদ্ধি পোৱা বিলাসী বিবাহৰ প্ৰৱণতাক তীব্ৰ সমালোচনা কৰিছে। তেওঁ কয় যে এই বিলাসী ব্যৱস্থা ইছলামৰ শিক্ষাৰ সম্পূৰ্ণ পৰিপন্থী।
 
এক অনুষ্ঠানত মুছলমানসকলক সম্বোধন কৰি নোমানিয়ে হায়দৰাবাদৰ এজন চহকী উদ্যোগপতিয়ে শেহতীয়াকৈ আয়োজন কৰা এখন বিয়াৰ প্ৰসংগ উত্থাপন কৰে, য'ত ১৬ কোটি টকা ব্যয় হোৱা বুলি তেওঁ দাবী কৰে। এই ব্যয়বহুল বিয়াখন চহৰৰ সৰ্বত্ৰে চৰ্চিত হৈছিল আৰু ই ছ'চিয়েল মিডিয়াত এক আলোড়নৰ সৃষ্টি কৰিছিল।
 
 
ছচিয়েল মিডিয়াৰ এই খবৰবোৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মৌলানা সাজ্জাদ নোমানিয়ে এই বিয়াখনক "নৈতিক অৱক্ষয়ৰ প্ৰতীক" বুলি অভিহিত কৰে। তেওঁ কয় যে বিয়াত এনেদৰে টকা উৰুৱাটো ধনৰ অপব্যয় আৰু ই এক দায়িত্বহীন আচৰণ, কাৰণ ই সমাজত বৈষম্যৰ প্ৰসাৰ ঘটায়।
 
মৌলানা ছাজ্জাদ নোমানিৰ মতে, এই বিশেষ বিবাহত প্ৰায় ১৬ কোটি টকা ব্যয় কৰা হৈছিল। এই ব্যয়ৰ ভিতৰত আছিল সাজ-সজ্জা, আলোকসজ্জা, নিমন্ত্ৰণী পত্ৰ, সংগীত আদি। তেওঁ বুজাই দিয়ে যে সমগ্ৰ বিয়াখন কেৱল আড়ম্বৰ আৰু প্ৰদৰ্শনৰ ওপৰত আধাৰিত আছিল, য’ত সমাজৰ মূল উদ্দেশ্য— মানৱতা আৰু নৈতিকতাক সম্পূৰ্ণৰূপে আওকাণ কৰা হৈছিল।
 
এটা উদাহৰণ দাঙি ধৰি তেওঁ কয় যে যিগৰাকী উদ্যোগপতিয়ে নিজৰ কন্যাৰ বিবাহৰ বাবে কোটি কোটি টকা খৰচ কৰিছিল, তেওঁ কিন্তু নিজৰ মছজিদৰ ইমামজনৰ প্ৰতি অতি নিষ্ঠুৰ আৰু অন্যায় আচৰণ কৰিছিল। 
 
মৌলানা সাজ্জাদ নোমানি
 
তেওঁৰ মতে, ইমামজনৰ পত্নী অসুস্থ হোৱাত তেওঁক এসপ্তাহৰ ছুটি দিয়া হৈছিল। কিন্তু কিছু অসুবিধাৰ বাবে ইমামজনে ৪-৫ দিন পলমকৈ কামত যোগদান কৰাত উদ্যোগপতিজনে তেওঁৰ দৰমহাৰ পৰা ৪,০০০ টকা কৰ্তন কৰিছিল। মৌলানাই এই ঘটনাক নৈতিক অৱক্ষয় আৰু সামাজিক বৈষম্যৰ এক নিদৰ্শন আখ্যা দিয়ে।
 
তেওঁ কয় যে যেতিয়া মানুহে নিজৰ সমাজ আৰু সম্প্ৰদায়ৰ প্ৰতি ন্যায় প্ৰদান নকৰে, তেতিয়া কোনো সমাজেই প্ৰকৃতাৰ্থত বিকাশ লাভ কৰিব নোৱাৰে। "ধনৰ অপব্যৱহাৰে কেৱল অহংকাৰ আৰু অপব্যৱহাৰক উৎসাহিত কৰে, আনহাতে সঠিক দিশত ধনৰ বিনিয়োগে সমাজ আৰু দেশক প্ৰগতিৰ দিশত লৈ যায়।"
 
মৌলানা সাজ্জাদ নোমানিয়ে আৰু কয় যে প্ৰকৃত সমাজ সংস্কাৰ কেৱল প্ৰাৰ্থনা বা ধৰ্মীয় ৰীতি-নীতিৰ দ্বাৰা নাহে, বৰঞ্চ ই আহে ন্যায়, দয়া আৰু নৈতিক দায়িত্ববোধৰ পৰাহে।
 
তেওঁ কয় যে সঠিক দিশত সম্পদ আৰু সম্পদৰ ব্যৱহাৰে সমাজক শক্তিশালী কৰে। কিন্তু ধন-সম্পদক কেৱল প্ৰদৰ্শন আৰু বিলাসিতাৰ বাবে অপচয় কৰিলে ই কেৱল সমাজকে ক্ষতি নকৰে, বৰং সমগ্ৰ দেশখনকে ক্ষতি কৰে।
 
প্ৰতিনিধিত্বমুলক ফটো
 
তেওঁ এই বিষয়টোক কেৱল ব্যক্তিগত বিষয় বা এখন বিয়াৰ মাজতে সীমাবদ্ধ নাৰাখি এক ব্যাপক সামাজিক বাৰ্তা হিচাপে দাঙি ধৰে। তেওঁৰ মতে, সমাজৰ বৈষম্য, ধনী-দুখীয়াৰ ব্যৱধান আৰু মানৱাধিকাৰ উলংঘনৰ দৰে সমস্যাবোৰ এনে প্ৰদৰ্শনকামিতাৰ বাবেই বৃদ্ধি পায়। তেওঁ কয় যে যেতিয়া এখন দেশে নিজৰ নাগৰিকক ন্যায় প্ৰদান কৰাত ব্যৰ্থ হয়, তেতিয়া হিংসা বা ‘মব লিঞ্চিং’ (উন্মত্ত জনতাৰ দ্বাৰা হত্যা) আদি ঘটনা বন্ধ নহয়, লগতে আইন-শৃংখলাজনিত ব্যৱস্থাৰ প্ৰতি আস্থাও বৃদ্ধি নহয়।
 
মৌলানাই কয় যে যুৱ প্ৰজন্মইও এই বৈষম্য আৰু অন্যায়ৰ সাক্ষী হৈ আছে। যেতিয়া তেওঁলোকে নিজৰ সমাজত ন্যায় আৰু সমান সুযোগ নাপাব, তেতিয়া তেওঁলোক হতাশ হৈ পৰিব। সেইবাবেই আজিৰ সময়ত সমাজত প্ৰকৃত সংস্কাৰ আৰু স্থায়ী পৰিৱৰ্তন কেৱল সুস্থ নেতৃত্ব, ন্যায্য, নৈতিক মানসিকতা আৰু নৈতিকতাৰ মাজেৰেহে সম্ভৱ।
 
সম্পত্তিৰ প্ৰদৰ্শন আৰু আড়ম্বৰৰ পিছত দৌৰি যাতে কোনেও মানৱীয় মূল্যবোধ আৰু মানৱতাক বিসৰ্জন নিদিয়ে তাৰ বাবে মৌলানাই সাধাৰণ জনতাক আহ্বান জনায়।