নতুন দিল্লী
পশ্চিম এছিয়াৰ আকাশত এতিয়া যুদ্ধ আৰু সংঘাতৰ ক'লা ডাৱৰ। চৌদিশৰ অস্থিৰতা আৰু নিৰাপত্তাহীনতাৰ মাজতো কিন্তু স্তব্ধ হোৱা নাই ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ অন্যতম পৱিত্ৰ তীৰ্থযাত্ৰা 'হজ'ৰ প্ৰস্তুতি। পশ্চিম এছিয়াৰ বৰ্তমানৰ অস্থিৰ আৰু অনিশ্চিত পৰিস্থিতিৰ প্ৰভাৱ চলিত বৰ্ষৰ মে' মাহত অনুষ্ঠিত হ'বলগীয়া হজ যাত্ৰাত পৰিব পাৰে। এনে পৰিস্থিতিত একাধিক দেশে নিজৰ নাগৰিকসকলক এই যাত্ৰালৈ যোৱাৰ পূৰ্বে সতৰ্কতাৰে সিদ্ধান্ত ল'বলৈ পৰামৰ্শ প্ৰদান কৰিছে।
আমেৰিকাৰ ষ্টেট ডিপাৰ্টমেণ্টে এক নিৰ্দেশনা জাৰি কৰি তেওঁলোকৰ নাগৰিকসকলক হজ ২০২৬-ৰ ভ্ৰমণৰ ক্ষেত্ৰত পুনৰ্বিবেচনা কৰিবলৈ আহ্বান জনাইছে। তেওঁলোকে জনাইছে যে সাম্প্ৰতিক সংঘৰ্ষৰ পিছত অঞ্চলটোৰ নিৰাপত্তা পৰিস্থিতি এতিয়াও অস্থিৰ হৈ আছে আৰু মাজে মাজে ভ্ৰমণত বিঘিনি ঘটিব পাৰে। নিৰ্দেশনাটোত লগতে কোৱা হৈছে যে, যদিও বৰ্তমান এক যুদ্ধবিৰতি কাৰ্যকৰী হৈ আছে, সেয়া অতি ঠুনুকা আৰু যিকোনো মুহূৰ্ততে ভংগ হ'ব পাৰে, যিয়ে হজৰ দৰে বৃহৎ জনসমাগমৰ নিৰাপত্তাত প্ৰভাৱ পেলাব পাৰে।
প্ৰতিনিধিত্বমুলক ফটো
আনহাতে, উপসাগৰীয় অঞ্চলত চলি থকা সংঘৰ্ষৰ মাজতে প্ৰতিদ্বন্দ্বী শিবিৰত অৱস্থান গ্ৰহণ কৰা ইৰান আৰু ছৌদি আৰৱৰ মাজৰ উত্তেজনাই ইৰানৰ তীৰ্থযাত্ৰীসকলৰ অংশগ্ৰহণক লৈ প্ৰশ্নবোধক চিহ্নৰ সৃষ্টি কৰিছে। প্ৰতি বছৰে প্ৰায় ৯০ হাজাৰ ইৰানী লোকে হজ পালন কৰে। সংঘৰ্ষৰ পূৰ্বে তেহৰানে তেওঁলোকৰ জনসংখ্যাৰ (৯ কোটিৰো অধিক) প্ৰসংগ উল্লেখ কৰি কোটা বৃদ্ধিৰ দাবী জনাইছিল, পিছে সাম্প্ৰতিক উত্তেজনাই সেই পৰিকল্পনাক অনিশ্চিত কৰি তুলিছে
ইৰাক, লেবানন আদি অন্যান্য প্ৰভাৱিত দেশৰ তীৰ্থযাত্ৰীসকলেও তেওঁলোকৰ পৰিকল্পনা পুনৰ্বিবেচনা কৰিছে, যিয়ে সমগ্ৰ অঞ্চলটোতে উদ্বেগ বৃদ্ধি কৰিছে। অৱশ্যে, এই সকলোবোৰ প্ৰত্যাহ্বানৰ মাজতো ছৌদি আৰৱে জানিবলৈ দিছে যে নিৰ্ধাৰিত সময় অনুসৰিয়েই হজ অনুষ্ঠিত হ'ব। হজ আৰু ওমৰাহ মন্ত্ৰ্যালয়ে জনাইছে যে, ২০২৬ চনৰ হজ বৰ্ষৰ (১৪৪৭ হিজৰী) প্ৰস্তুতি পূৰ্ণগতিত চলি আছে আৰু লাখ লাখ তীৰ্থযাত্ৰীৰ বাবে সুৰক্ষিত তথা আধ্যাত্মিক অভিজ্ঞতা নিশ্চিত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিৱদ্ধ। বিষয়াসকলে জনাইছে যে, ভূ-ৰাজনৈতিক আৰু লজিষ্টিক প্ৰত্যাহ্বান সত্ত্বেও সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব।
ইয়াৰ উপৰি, ইন্ধনৰ মূল্য বৃদ্ধি আৰু ভূ-ৰাজনৈতিক উত্তেজনাৰ বাবে বিশেষকৈ দক্ষিণ-পূব এছিয়াৰ তীৰ্থযাত্ৰীসকলৰ বাবে হজৰ খৰচ বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। অৱশ্যে, ভাৰতীয় তীৰ্থযাত্ৰীসকলে কোনো ডাঙৰ প্ৰভাৱৰ সন্মুখীন নহ'ব, কিয়নো কেন্দ্ৰীয় হজ কমিটীয়ে অতিৰিক্ত ব্যয় বহন কৰাৰ প্ৰস্তুতি চলাইছে বুলি জানিব পৰা গৈছে।
ভাৰতে হজ ২০২৬-ৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে। ভাৰতৰ কনছাল জেনেৰেল ফাহাদ আহমেদ শ্ৰীয়ে জনাইছে যে, এই বছৰ প্ৰায় ১,৭৫,০০০ ভাৰতীয় তীৰ্থযাত্ৰী ছৌদি আৰৱলৈ যাব। ইয়াৰে ১,২২,৫১৮ গৰাকী হজ কমিটী অৱ ইণ্ডিয়াৰ জৰিয়তে আৰু ৫২,৫৭০ গৰাকী ব্যক্তিগত ট্যুৰ অপাৰেটৰৰ জৰিয়তে যাত্ৰা কৰিব। উল্লেখ্য যে, প্ৰায় ৫,৪০০ গৰাকী মহিলাই 'মহাৰম' (পুৰুষ সংগী বা অভিভাৱক) অবিহনেই হজত অংশগ্ৰহণ কৰিব।
প্ৰতিনিধিত্বমুলক ফটো
মদিনাত সকলো ভাৰতীয় তীৰ্থযাত্ৰীক নবীৰ মছজিদৰ সমীপৱৰ্তী কেন্দ্ৰীয় অঞ্চলত অৱস্থিত হোটেলত ৰখা হ'ব। মক্কাতো একেধৰণৰ হোটেলৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰি মক্কা আৰু মদিনাৰ মাজত চলোৱা হাৰামাইন হাই-স্পীড ৰে'লত যাত্ৰীৰ সংখ্যা বৃদ্ধি কৰি ৬১,০০০ কৰা হৈছে, যিটো যোৱা বছৰৰ ১৬,০০০ তকৈ বহুত বেছি।
মিনা আৰু আৰাফাতত আধুনিক সুবিধা সংযোগ কৰা হৈছে, যাৰ ভিতৰত উন্নত শীত-নিয়ন্ত্ৰণ ব্যৱস্থা, ছোফা বেড, সেউজীয়া কাৰ্পেট, ছাঁ থকা পথ, লাগেজ ৰেক আৰু ৰেফ্ৰিজেৰেটৰ অন্তৰ্ভুক্ত আছে। 'হজ ছুদা' এপ্পৰ সৈতে সংযুক্ত স্মাৰ্টৱাচো প্ৰদান কৰা হ'ব, যাতে সন্ধানহীন হোৱা তীৰ্থযাত্ৰীসকলক বিচাৰি উলিওৱাত আৰু জৰুৰীকালীন সাহায্য দ্ৰুতভাৱে প্ৰদান কৰাত সুবিধা হয়।
তীৰ্থযাত্ৰীসকলক সহায় কৰিবলৈ ছৌদি আৰৱত ২০০ ৰো অধিক প্ৰশাসনিক কৰ্মী আৰু ৩৫০ গৰাকী চিকিৎসা তথা পেৰামেডিকেল কৰ্মী মোতায়েন কৰা হ'ব। প্ৰথমবাৰৰ বাবে ২০ ৰ পৰা ২৫ দিনীয়া হ্ৰস্বম্যাদী হজ পেকেজ আৰম্ভ কৰা হৈছে, যিয়ে ১০,০০০ ৰো অধিক তীৰ্থযাত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিছে।
ভাৰত আৰু ছৌদি আৰৱৰ মাজত হজৰ বিমানসমূহ ১৮ এপ্ৰিলৰ পৰা আৰম্ভ হ'ব আৰু পাঁচটা বিমান সংস্থা- এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ (Air India Express), আকাশা এয়াৰ (Akasa Air), ছৌদি এয়াৰলাইন্স (Saudi Airlines), ফ্লাইনাছ (Flynas) আৰু ফ্লাইডিল (Flyadeal)-এ এই বিমান সেৱা পৰিচালনা কৰিব।