বৰাক উপত্যকালৈ গৌৰৱঃ মুখ্যমন্ত্ৰীৰ গ্ৰীন ফেল'শ্বিপ লাভ কৰি পৰ্তুগাললৈ ছাজিয়া বেগম

Story by  atv | Posted by  Munni Begum • 2 h ago
ছাজিয়া বেগম
ছাজিয়া বেগম
 
শতানন্দ ভট্টাচাৰ্য
 
দক্ষিণ অসমৰ বৰাক উপত্যকাৰ পৰা পোনে পোনে সুদূৰ পৰ্তুগাললৈ! নিজৰ মেধা আৰু একাগ্ৰতাৰ বলতে এক বিৰল কৃতিত্ব অৰ্জন কৰি সমগ্ৰ শ্ৰীভূমি (পূৰ্বৰ কৰিমগঞ্জ) জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী ছাত্ৰীয়ে। 'মুখ্যমন্ত্ৰীৰ গ্ৰীন ফেল'শ্বিপ' ২০২৫-২৬ বৰ্ষৰ বাবে সমগ্ৰ ভাৰতবৰ্ষৰ পৰা নিৰ্বাচিত মাত্ৰ ২২ গৰাকী মেধাৱী শিক্ষাৰ্থীৰ ভিতৰত অন্যতম হিচাপে স্থান লাভ কৰিছে কৰিমগঞ্জ মহাবিদ্যালয়ৰ ছাত্ৰী ছাজিয়া বেগমে। এক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শৈক্ষিক যাত্ৰাৰে নিজৰ সপোন সাকাৰ কৰাৰ দিশে আগবঢ়া ছাজিয়াৰ এই সফলতাই এতিয়া সমগ্ৰ অঞ্চলটোতে এক আনন্দ কঢ়িয়াই আনিছে।
 
চলিত সপ্তাহৰ প্ৰথমভাগতেই ২০২৫–২৬ শিক্ষাবৰ্ষৰ মুখ্যমন্ত্ৰীৰ গ্ৰীন ফেল'শ্বিপৰ বাবে মনোনীত হৈ পৰ্তুগালত উপস্থিত হৈছেগৈ ছাজিয়া। বৰ্তমান তেওঁ কৰিমগঞ্জ মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান আৰু জৈৱ-প্ৰযুক্তিবিদ্যা বিভাগৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰী। কৰিমগঞ্জ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰজতশুভ্ৰ পালৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলেও তেওঁক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে। 
 
পৰ্তুগাললৈ যাত্ৰা কৰাৰ সময়ত ছাজিয়া বেগম
 
ছাজিয়াৰ পিতৃ আছাৰ উদ্দিনে জানিবলৈ দিয়ে যে কন্যাই পৰ্তুগাললৈ গৈ উন্নতমানৰ শিক্ষা হাতে-কামে শিকাৰ সুযোগ লাভ কৰাত তেওঁ অত্যন্ত গৌৰৱান্বিত। পৰ্তুগালৰ পৰা ঘূৰি অহাৰ পাছত ছাজিয়াই পঢ়া-শুনাত আৰু অধিক উন্নতি কৰিব পাৰিব বুলি তেওঁ আশাবাদী। তেওঁৰ মতে এনে ধৰণৰ ফেল'শ্বিপে ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়া-শুনাৰ প্ৰতি থকা উৎসাহ আৰু অধিক বৃদ্ধি কৰিব।
 
ছাজিয়া হৈছে শ্ৰীভূমি জিলাৰ ভংগা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আছাৰ উদ্দিনৰ কনিষ্ঠ কন্যা। ছাজিয়াই ভংগাৰেই গুৰুচৰণ হাইস্কুলৰ পৰা প্ৰথম বিভাগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল। পৰৱৰ্তী সময়ত বদৰপুৰৰ বিকন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ কৰিমগঞ্জ মহাবিদ্যালয়ত নামভৰ্তি কৰে। এই গ্ৰীন ফেল'শ্বিপৰ অংশ হিচাপে ছাজিয়াই পৰ্তুগালৰ ইনষ্টিটিউট অৱ ছায়েন্স এণ্ড টেকন'লজী (ন'ভা) ত এমাহ অৱস্থান কৰি উন্নতমানৰ শিক্ষাগ্ৰহণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁৰ এই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সফলতাত সমগ্ৰ অঞ্চলটোৰ লগতে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো আনন্দৰ বন্যা বৈছে।