কেৱল খেলপথাৰতে নহয়; মানুহ হিচাপেও অনন্য ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীঃ মহম্মদ আমান

Story by  atv | Posted by  Nikunja Nath • 16 h ago
কেৱল খেলপথাৰতে নহয়; মানুহ হিচাপেও অনন্য ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীঃ মহম্মদ আমান
কেৱল খেলপথাৰতে নহয়; মানুহ হিচাপেও অনন্য ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীঃ মহম্মদ আমান
 
নতুন দিল্লী
 
আই পি এল ২০২৬ত যদি কোনোবা এজন যুৱ ক্ৰিকেটাৰে সমগ্ৰ ক্ৰিকেট বিশ্বক চমকিত কৰি তুলিবলৈ সক্ষম হৈছে, তেওঁ হ'ল ১৫ বছৰীয়া বিস্ময় বালক বৈভৱ সূৰ্যবংশী। মাত্ৰ ১৫ বছৰ বয়সতে বিশ্বৰ কেইগৰাকীমান ভয়ংকৰ তথা নামজ্বলা বলাৰৰ সন্মুখত তেওঁ যি নিৰ্ভীকতাৰে বেটিং কৰিলে, সেয়া কেৱল ভাৰতৰে নহয়, সমগ্ৰ বিশ্বৰ ক্ৰিকেটপ্ৰেমীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। 
 
এইগৰাকী উদীয়মান তাৰকাৰ বিষয়ে তেওঁৰ অন্তৰংগ বন্ধু তথা ভাৰতৰ ১৯ বছৰ অনুৰ্ধ দলৰ প্ৰাক্তন অধিনায়ক মহম্মদ আমানে কয়, "বৈভৱৰ আটাইতকৈ ডাঙৰ গুণটোৱেই হ'ল যে কোনো বলাৰৰ নাম বা তেওঁৰ খ্যাতিয়ে বৈভৱক প্ৰভাৱিত কৰিব নোৱাৰে। সন্মুখত কোন থিয় হৈ আছে, সেয়া তেওঁৰ বাবে কোনো গুৰুত্বপূৰ্ণ কথা নহয়। তেওঁৰ সমগ্ৰ মনোযোগ কেৱল বলটো আৰু নিজৰ বেটিঙৰ ওপৰতহে থাকে।"
 
ৰাজস্থান ৰয়েলছে ২০২৬ চনৰ আই পি এলৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ ব্যৰ্থ হ'লেও, বৈভৱ সূৰ্যবংশীৰ আক্ৰমণাত্মক বেটিং আৰু অসাধাৰণ আত্মবিশ্বাসে তেওঁক ৰাতিটোৰ ভিতৰতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি প্ৰদান কৰে।
 
মহম্মদ আমান কেৱল বৈভৱৰ সতীৰ্থই নাছিল। তেওঁ আছিল বৈভৱৰ ৰুমমেট, বন্ধু আৰু এগৰাকী ককায়েকৰ দৰে। দুয়োৱে একেলগে বহু সময় কটাইছিল, একেটা কোঠাতে আছিল, একেলগে খাইছিল আৰু ক্ৰিকেট পথাৰৰ বাহিৰতো বহু অমলিন স্মৃতি গঢ়ি তুলিছিল।
 
চেলেঞ্জাৰ ট্ৰফীত বৈভৱক প্ৰথমবাৰৰ বাবে বেটিং কৰা দেখাৰ স্মৃতি ৰোমন্থন কৰি মহম্মদ আমানে কয়, "তেওঁ হয়তো সেইদিনা মাত্ৰ ১৬ বা ১৭ ৰানহে কৰিছিল, কিন্তু তেওঁ মাৰা দুটামান বাউণ্ডেৰীয়েই মোক পতিয়ন নিয়াবলৈ যথেষ্ট আছিল যে এই ল'ৰাজনৰ মাজত এক অসাধাৰণ প্ৰতিভা লুকাই আছে। তেওঁৰ শ্বটসমূহত এক সুকীয়া পৰ্যায়ৰ আত্মবিশ্বাস আৰু ক্লাছ আছিল।"
 
মহম্মদ আমান আৰু বৈভৱ সূৰ্যবংশী
 
আমানৰ মতে, বৈভৱৰ আটাইতকৈ ডাঙৰ শক্তিটোৱেই হ'ল যে তেওঁ কেতিয়াও বলাৰৰ নাম বা খ্যাতি দেখি ভয় নাখায়। তেওঁ কয়, "তেওঁ কেৱল বলটোহে চায়। সন্মুখত কোনজন বলাৰ থিয় হৈ আছে, সেয়া তেওঁৰ বাবে কোনো চিন্তাৰ বিষয় নহয়। তেওঁৰ সম্পূৰ্ণ মনোযোগ নিজৰ বেটিং আৰু প্ৰদৰ্শনৰ ওপৰতহে কেন্দ্ৰীভূত হৈ থাকে।"
 
মহম্মদ আমানে কয়, "তেওঁৰ মাজত ইমানেই শিশুসুলভ সৰলতা আছে যে মই সেয়া শব্দৰে বৰ্ণনা কৰিব নোৱাৰো।"
 
তেওঁ ঘনিষ্ঠ বন্ধু-বান্ধৱীৰ সৈতে ধেমালি কৰি ভাল পায়, সৰু-সুৰা দুষ্টামি কৰে আৰু সদায় উৎফুল্লিত হৈ থাকে। অৱশ্যে, অচিনাকি মানুহৰ আগত তেওঁ কম কথা কয় আৰু অপ্ৰয়োজনীয় সামাজিক আড্ডা এৰাই চলে।
 
আমানে কয় যে খেলপথাৰত বৈভৱৰ আক্ৰমণাত্মক বেটিং দেখিলে কোনেও ধৰিব নোৱাৰিব যে এই মহান ক্ৰিকেট প্ৰতিভাধৰজনৰ মনটো ইমান শিশুসুলভ। আমানে কয়, "যিসকলে তেওঁক ওচৰৰ পৰা জানে, তেওঁলোকে বুজি পায় যে এজন দুৰ্দান্ত ক্ৰিকেটাৰ হোৱাৰ উপৰি, তেওঁ এজন অতি সৰল, নিৰীহ আৰু ভদ্ৰ যুৱক।"
 
তেওঁ কয় যে ১৯ বছৰ অনুৰ্ধ ক্ৰিকেট খেলাৰ পিছত, বৈভৱে ২০২৩ চনৰ বিশ্বকাপৰ পূৰ্বে চেলেঞ্জাৰ ট্ৰফীত যোগদান কৰিছিল আৰু তেতিয়াৰ পৰাই তেওঁলোকে একেলগে বহু সময় অতিবাহিত কৰিছিল।
যেতিয়া আমানক সোধা হৈছিল যে বৈভৱে এদিন প্ৰায় প্ৰতিটো বলতেই ছিক্সাৰ কোবাব পৰা ক্ষমতা অৰ্জন কৰিব বুলি তেওঁ কেতিয়াবা ভাবিছিল নেকি, তাৰ উত্তৰত আমানে কয়, "যেতিয়া মই প্ৰথমবাৰ বৈভৱক বেটিং কৰা দেখিছিলো, সেই কেইটামান শ্বটেই মোক কৈ দিছিল যে তেওঁৰ অসাধাৰণ সামৰ্থ্য আছে। তেওঁৰ প্ৰতিভা সেই দুটা বা তিনিটা বাউণ্ডেৰীতেই স্পষ্ট হৈ পৰিছিল।" তেওঁ লগতে কয় যে বৈভৱৰ দেউতাকে তেওঁক অতি সুন্দৰভাৱে ডাঙৰ-দীঘল কৰিছে।
 
তেওঁ কয়, "তেওঁক কেৱল ক্ৰিকেটেই শিকোৱা নাই, ভাল আচাৰ-ব্যৱহাৰ আৰু মূল্যবোধৰো শিক্ষা দিছে। সেইবাবেই তেওঁ সকলোকে সন্মান কৰে। মানুহজন তেওঁতকৈ সৰুৱেই হওক বা ডাঙৰেই হওক, তেওঁ সকলোৰে সৈতে সন্মানজনকভাৱে আচৰণ কৰে। ডাঙৰৰ ভৰি চুই সেৱা কৰা, মানুহক শ্ৰদ্ধাৰে সম্ভাষণ জনোৱা আৰু আনক মৰ্যাদা দিয়াটো তেওঁৰ স্বভাৱৰ এক অংশ।"
 
আমানৰ মতে, বৈভৱক এক সুন্দৰ পৰিৱেশত ডাঙৰ-দীঘল কৰা হৈছে। "তেওঁ নিজতকৈ সৰুবোৰক মৰম কৰে। সকলোকে সম্ভাষণ জনায় আৰু ডাঙৰৰ ভৰি চুই সেৱা কৰে। তেওঁৰ পিতৃ-মাতৃয়ে তেওঁক সুন্দৰ আচাৰ-ব্যৱহাৰ আৰু মূল্যবোধৰ শিক্ষা দিছে।"- আমানে কয়।
 
আমানে কয় যে ৰাজস্থান ৰয়েলছ আই পি এলৰ পৰা বাহিৰ হোৱাৰ পিছত যেতিয়া তেওঁ বৈভৱৰ সৈতে কথা পাতিছিল, তেতিয়া তেওঁ যথেষ্ট বিচলিত হৈ আছিল। তেওঁ কয়, "তেওঁৰ সপোন কেৱল ভাল বেটিং কৰাই নাছিল। তেওঁ সঁচাকৈয়ে বিচাৰিছিল যে ৰাজস্থান ৰয়েলছ চেম্পিয়ন হওক। ইমান বছৰৰ মূৰত দলটোক এটা ট্ৰফী জয় কৰাত সহায় কৰাৰ তীব্ৰ হেঁপাহ তেওঁৰ মনত আছিল।"
 
আমানে নিজৰ বন্ধুক কৈছিল বুলি জনায়, "তুমি তোমাৰ ফালৰ পৰা এশ শতাংশ উজাৰি দিছা। কিছুমান কথা ভাগ্য আৰু সময়ে নিৰ্ধাৰণ কৰে।"
 
বাৰ্তালাপৰ সময়ত, অনুষ্ঠানৰ আঁতধৰোঁতাজনে দুয়ো বন্ধুৰ কিছুমান আলোকচিত্ৰৰ প্ৰসংগও উত্থাপন কৰিছিল, যিয়ে তেওঁলোকৰ বন্ধুত্বৰ গভীৰতা প্ৰতিফলিত কৰিছিল। তাৰে এখন আলোকচিত্ৰ ডুবাইত অনুষ্ঠিত এছিয়া কাপৰ সময়ত তোলা হৈছিল, য'ত দুয়ো একেখন বাছতে যাত্ৰা কৰিছিল।
 
মহম্মদ আমান আৰু বৈভৱ সূৰ্যবংশী
 
আমানে জনায় যে যেতিয়া তেওঁলোকৰ বন্ধুত্ব গাঢ় হৈছিল, তেতিয়া তেওঁ বৈভৱক তেওঁৰ পৰিয়াল আৰু ঘৰুৱা জীৱনৰ বিষয়ে সুধিছিল। তেতিয়াই তেওঁ জানিব পাৰিছিল যে বৈভৱক এজন ক্ৰিকেটাৰ হিচাপে গঢ়ি তুলিবলৈ তেওঁৰ দেউতাকে কিমান ত্যাগ স্বীকাৰ কৰিছে।
 
পৰৱৰ্তী সময়ত, এছিয়া কাপৰ সময়ত এনে এক ঘটনা ঘটিছিল য'ত আই পি এলত নিৰ্বাচিত হোৱাৰ পিছতো বৈভৱক বিমৰ্ষ দেখা গৈছিল। আমানে আচৰিত হৈ তেওঁক সুধিছিলঃ "তুমি নিৰ্বাচিত হৈছা, তোমাৰ কেৰিয়াৰ ইমান সুন্দৰকৈ আৰম্ভ হৈছে, তেন্তে তুমি কিয় চিন্তিত হৈ আছা?"
 
বৈভৱৰ উত্তৰটোৱে আমানক গভীৰভাৱে স্পৰ্শ কৰিছিল। বৈভৱে কৈছিল যে সকলোৱে কেৱল তেওঁৰ দেউতাকৰ ত্যাগৰ বিষয়েহে কথা পাতে, কিন্তু কোনেও তেওঁৰ মাকৰ কষ্টৰ কথা মনত পেলাব নিবিচাৰে। তেওঁ কয় যে পুৱা অনুশীলনৰ বাবে যাওঁতে তেওঁ সাৰ পোৱাৰ বহুত আগতেই মাকে উঠি তেওঁৰ বাবে আহাৰ প্ৰস্তুত কৰিছিল। আনকি ৰাতি বহু পলমকৈ ঘূৰি আহিলেও, মাকে তেওঁৰ সকলো প্ৰয়োজনীয় যত্ন লৈছিল।
 
মহম্মদ আমানে কয় যে পুত্ৰৰ সপোন পূৰণ কৰিবলৈ বৈভৱৰ দেউতাকে চৰম আৰ্থিক সংকটৰ সন্মুখীন হৈছিল। "বৈভৱে নিজেই মোক কৈছিল যে তেওঁৰ দেউতাক যথেষ্ট ঋণৰ বোজাত পোত গৈ আছিল। বৈভৱৰ ক্ৰিকেটৰ বাবে তেওঁ দিন-ৰাতি একাকাৰ কৰি কাম কৰিছিল। দেউতাকে কৰা ত্যাগৰ বাবে বৈভৱে অনবৰতে চিন্তা কৰিছিল আৰু এদিন সেই সকলোবোৰ ঘূৰাই দিয়াৰ হাবিয়াস পুহি ৰাখিছিল।"
 
বৈভৱ সূৰ্যবংশী আৰু পিতৃ-মাতৃ
 
আমানে প্ৰকাশ কৰা অনুসৰি বৈভৱৰ ব্যক্তিত্বৰ আন এক আমোদজনক দিশ হ'ল যে এই ক্ৰিকেট বিস্ময় বালকজন খাদ্যৰ প্ৰতি বৰ সৌখিন আছিল। "তেওঁ মিঠাই, আইচক্ৰীম আৰু সকলো ধৰণৰ মিঠা বস্তু খাই বৰ ভাল পাইছিল। পিছে ক্ৰিকেটক লৈ গুৰুত্বপূৰ্ণভাৱে আগবঢ়াৰ লগে লগে তেওঁ নিজৰ খাদ্যাভ্যাসৰ ওপৰত কঠোৰ অনুশাসন আনিলে।"
 
ৰঞ্জী ট্ৰফীত অভিলেখ গঢ়াৰ পিছত, তেওঁ নিজৰ খাদ্যাভ্যাস সম্পূৰ্ণৰূপে সলনি কৰি পেলাইছিল। বৈভৱৰ চৰিত্ৰৰ মহানতা প্ৰতিফলিত কৰা আন এটি স্মৰণীয় ঘটনাও আমানে বৰ্ণনা কৰে।
 
বিজয়ৱাড়াত অনুষ্ঠিত এখন ১৯ বছৰ অনুৰ্ধ প্ৰতিযোগিতাৰ সময়ত বাংলাদেশৰ ফিল্ডিং ক'চ আছিকুৰ ৰহমান উপস্থিত আছিল। যিহেতু চহৰখন তেওঁৰ বাবে অচিনাকি আছিল, সেয়েহে এদিন সন্ধিয়া তেওঁ ৰাতিৰ আহাৰ গ্ৰহণৰ বাবে এখন উপযুক্ত ঠাই বিচাৰি আছিল।
 
আমানে কয় যে তেওঁ আৰু বৈভৱে ৰাতিৰ আহাৰ খাবলৈ ওলাই যাওঁতেই আছিকুৰ ৰহমানক লগ পায়। যেতিয়া তেওঁ জনালে যে তেওঁ এখন ৰেষ্টুৰেণ্ট বিচাৰি আছে, তেতিয়া আমান আৰু বৈভৱে তেওঁক একেলগে খাবলৈ আমন্ত্ৰণ জনায়। প্ৰতিযোগিতাখনৰ বাকী থকা দিনকেইটাত, প্ৰায় প্ৰতি নিশাই তিনিওজনে একেলগে নৈশ আহাৰ গ্ৰহণ কৰিছিল।
 
আমানৰ মতে, প্ৰায় ডেৰ বছৰৰ পিছত কাটাৰত অনুষ্ঠিত আন এখন প্ৰতিযোগিতাত আছিকুৰ ৰহমানে বৈভৱক পুনৰ লগ পায়, য'ত ভাৰতীয় আৰু বাংলাদেশী দুয়োটা দলেই উপস্থিত আছিল। আমোদজনক কথাটো হ'ল, বৈভৱে এই সাক্ষাৎকাৰৰ কথা কেতিয়াও আমানক কোৱা নাছিল। বৰং, বাংলাদেশী প্ৰশিক্ষকগৰাকীয়েহে পিছত আমানলৈ এটা বাৰ্তা প্ৰেৰণ কৰিছিল।
আমানে কয় যে আছিকুৰ ৰহমানে তেওঁলৈ এখন আলোকচিত্ৰ পঠিয়াই জনাইছিল যে তেওঁ বৈভৱ সূৰ্যবংশীক লগ পাইছিল। তেওঁ অত্যন্ত আনন্দৰে মন্তব্য কৰিছিল যে বৈভৱ আগৰ দৰেই একেই সহজ-সৰল হৈ আছে।
 
তেওঁ যে কেৱল প্ৰশিক্ষকগৰাকীক লগে লগে চিনি পাইছিল তেনে নহয়, বৰং নিজৰ ফোনৰ পৰাই তেওঁৰ বাবে খাদ্যৰ অৰ্ডাৰ দিছিল আৰু আগৰ দৰেই একেই সন্মান আৰু আন্তৰিকতাৰে ব্যৱহাৰ কৰিছিল। এই ঘটনাটো বৰ্ণনা কৰি আমানে কয় যে এইবাবেই তেওঁ বাৰে বাৰে জোৰ দি কয় যে বৈভৱ কেৱল এজন অসাধাৰণ ক্ৰিকেটাৰেই নহয়, এজন অসাধাৰণ মানুহো।
 
ক্ৰিকেটৰ খেলপথাৰত বলৰ পিছত বল বাউণ্ডেৰী পাৰ কৰি অভিলেখ গঢ়াটো নিশ্চয়কৈ এক বৃহৎ সাফল্য, কিন্তু তাৰ সমান্তৰালভাৱে যশস্যা আৰু খ্যাতিৰ শীৰ্ষত থাকিও নিজৰ শিপাডাল খামুচি ধৰি ৰখাটো তাতোকৈয়ো মহান কাম। বৈভৱ সূৰ্যবংশীৰ এই সৰলতা, পিতৃ-মাতৃৰ প্ৰতি থকা অগাধ শ্ৰদ্ধা আৰু মানুহৰ প্ৰতি থকা আন্তৰিকতাই প্ৰমাণ কৰে যে তেওঁৰ যাত্ৰা কেৱল এজন সফল ক্ৰিকেটাৰ হোৱাতেই আৱদ্ধ নাথাকে। অনাগত দিনবোৰত এই বিৰল গুণবোৰেই তেওঁক কেৱল ক্ৰিকেট জগতৰ এক মহান নক্ষত্ৰ হিচাপেই নহয়, বৰং এগৰাকী আদৰ্শ আৰু মানৱদৰদী মহান ব্যক্তি হিচাপেও বিশ্ববাসীৰ আগত জিলিকাই তুলিব।