নতুন দিল্লী
ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাই পুনৰ এবাৰ নিজৰ শক্তি আৰু সাহসিকতাৰ প্ৰদৰ্শন কৰি ফিফা বিশ্বকাপ ২০২৬-ৰ ফাইনেলত প্ৰৱেশ কৰে। আটলান্টা ষ্টেডিয়ামত অনুষ্ঠিত এখন অত্যন্ত ৰোমাঞ্চকৰ তথা হাই-ভল্টেজ ছেমি ফাইনেল মেচত আৰ্জেণ্টিনাই ইংলেণ্ডক ২-১ গ'লৰ ব্যৱধানত পৰাস্ত কৰে।
খেলখনৰ প্ৰথমাৰ্ধত দুয়োটা দলেই তীব্ৰ প্ৰতিদ্বন্দ্বিতা গঢ়ি তোলে যদিও কোনো এটা দলেই গল কৰিবলৈ সক্ষম হোৱা নাছিল। কিন্তু দ্বিতীয়হাৰ্ধৰ ৫৫ মিনিটত ইংলেণ্ডৰ হৈ এণ্টনি গৰ্ডনে প্ৰথমটো গ’ল দি দলক ১-০ ব্যৱধানত আগুৱাই লৈ যায়।
ইয়াৰ পাছৰ ৩০ মিনিটত আৰ্জেণ্টিনাই কোনো প্ৰত্যুত্তৰ দিব পৰা নাছিল, যাৰ ফলত ইংলেণ্ডে বিগত ছয় দশকৰ ভিতৰত প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ ফাইনেলত স্থান সুৰক্ষিত কৰাটো প্ৰায় নিশ্চিত যেন লাগিছিল। যেতিয়া খেলখন ইংলেণ্ডৰ পক্ষলৈ যোৱা যেন দেখা গৈছিল, ঠিক সেই সময়তে আৰ্জেণ্টিনাই দেখুৱালে এক চমকপ্ৰদ প্ৰত্যাৱৰ্তন।
এই ঐতিহাসিক জয়েৰে আৰ্জেণ্টিনাই ইতিহাসত সপ্তমবাৰৰ বাবে বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিলে। এই বিজয়েৰে লিয়নেল মেছীৰ নেতৃত্বাধীন আৰ্জেণ্টিনাই দেওবাৰে হ’বলগীয়া মেগা ফাইনেলত স্পেইনৰ বিৰুদ্ধে খিতাপ ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হ’ব। ২০২৬ বিশ্বকাপৰ এই ফাইনেলখন কেৱল দুখন দেশৰ নহয়, বৰঞ্চ ফুটবলৰ বৰ্তমান আৰু ভৱিষ্যতৰ এক ঐতিহাসিক যুঁজ হ’বলৈ গৈ আছে। এফালে থাকিব ফুটবল জগতৰ সৰ্বকালৰ শ্ৰেষ্ঠ খেলুৱৈ লিয়নেল মেছী আৰু আনফালে স্পেইনৰ ১৯ বছৰীয়া খেলুৱৈ লামিন য়ামাল।
উল্লেখযোগ্য যে, ২০০৭ চনত ইউনিচেফৰ এক দাতব্য কাৰ্যসূচীত মেছীয়ে কেঁচুৱা অৱস্থাত থকা লামিন য়ামালক কোলাত লৈ গা ধুই থকা এটা পুৰণি ফটো শেহতীয়াকৈ ছচিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে। বহুতেই ইয়াক "যাদুকৰৰ আশীৰ্বাদ" বুলি অভিহিত কৰিছে। এতিয়া সেই কেঁচুৱাটোৱেই ডাঙৰ হৈ বিশ্বমঞ্চত নিজৰ 'গুৰু'ৰ বিৰুদ্ধে খিতাপৰ যুঁজত নামিব, যাক লৈ সমগ্ৰ বিশ্বজুৰি ফুটবল অনুৰাগীৰ মাজত তীব্ৰ উন্মাদনাৰ সৃষ্টি হৈছে।