১৫ তম আন্তঃৰাষ্ট্ৰীয় ড্ৰেগন বʼট চেম্পিয়নশ্বিপত অসমৰ তাহেৰ আহমেদক কাৰিকৰী বিষয়া হিচাপে নিযুক্তি

Story by  atv | Posted by  [email protected] • 1 Months ago
জ্যেষ্ঠ ক্ৰীড়া সংগঠক তাহেৰ আহমেদ
জ্যেষ্ঠ ক্ৰীড়া সংগঠক তাহেৰ আহমেদ
 
গুৱাহাটী
 
অসমৰ ক্ৰীড়া জগতৰ বাবে এক গৌৰৱৰ খবৰ। ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ ক্ৰীড়া সংগঠক তাহেৰ আহমেদক এক গুৰুত্বপূৰ্ণ দায়িত্ব প্ৰদান কৰিছে ইন্টাৰনেছনেল ড্ৰেগন বʼট ফেডাৰেচনে। অহা ১ ছেপ্টেম্বৰৰ পৰা ৬ ছেপ্টেম্বৰলৈ চাইনিজ টাইপেইৰ হুৱালিয়েনত অনুষ্ঠিত হ'বলগীয়া ১৫ তম আন্তঃৰাষ্ট্ৰীয় ক্লাৱ ক্ৰিউ ড্ৰেগন বʼট চেম্পিয়নশ্বিপত তেওঁক কাৰিকৰী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে।
 
বিশ্বৰ ২১ খন দেশৰ প্ৰায় ৫৫০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰিবলগীয়া এই ঐতিহাসিক মেগা ক্ৰীড়া মহোৎসৱত তাহেৰ আহমেদে নিজৰ দক্ষতাৰে নিৰ্ণায়কৰ ভূমিকা পালন কৰিব।
 
উল্লেখযোগ্য যে, আহমেদ সদৌ অসম পৰম্পৰাগত ক্ৰীড়া আৰু ড্ৰেগন বʼট সন্থাৰ প্ৰতিষ্ঠাপক সভাপতিৰ লগতে ভাৰতীয় ড্ৰেগন বʼট আৰু ট্ৰেডিচনেল স্পʼৰ্টচ ফেডাৰেচনৰো জ্যেষ্ঠ উপ-সভাপতি পদত অধিষ্ঠিত হৈ আছে। উক্ত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত নিজৰ দায়িত্ব সূচাৰুৰূপে পালন কৰাৰ উদ্দেশ্যে তেওঁ অহা ২৯ আগষ্টত অসমৰ পৰা চাইনিজ টাইপেই অভিমুখে ৰাওনা হʼব।