ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ প্ৰাকক্ষণত ছাত্ৰ-ছাত্ৰীৰ সৈতে মত-বিনিময় কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
নতুন দিল্লী
এখন দেশৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে দেশখনৰ যুৱ সমাজ। যুৱপ্ৰজন্মৰ সৱলীকৰণ আৰু ক্ৰীড়াৰ লগতে সমাজ নিৰ্মাণত তেওঁলোকৰ অংশগ্ৰহণ বৃদ্ধিৰ লক্ষ্যৰে ভাৰত চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ প্ৰাকক্ষণত চৰকাৰৰ জনসংযোগ প্ৰচেষ্টাৰ কেন্দ্ৰবিন্দুত ক্ৰীড়া, যুৱ নেতৃত্ব আৰু নাগৰিকৰ অংশগ্ৰহণক স্থান দি বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 'খেলো ইণ্ডিয়া ডায়লগ' বা 'খেলো ইণ্ডিয়া মত-বিনিময়' নামৰ এক দেশজুৰি অনুষ্ঠিত কাৰ্যসূচীৰ জৰিয়তে সমগ্ৰ ভাৰতৰ ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলৰ সৈতে মত-বিনিময় কৰিব।
MY Bharat-ৰ দ্বাৰা আয়োজিত এই মত-বিনিময় অনুষ্ঠানটো পুৱা ১১ বজাত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে অনুষ্ঠিত হ'ব আৰু ইয়াত দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিখন জিলাৰ দুখনকৈ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে সংযোগ স্থাপন কৰাৰ আশা কৰা হৈছে।
চৰকাৰে যুৱ ভাৰতীয়সকলৰ সৈতে নিজৰ সম্পৰ্ক গভীৰ কৰাৰ লগতে ক্ৰীড়া, শাৰীৰিক সক্ষমতা আৰু ৰাষ্ট্ৰ নিৰ্মাণত অধিক অংশগ্ৰহণক উৎসাহিত কৰাৰ প্ৰয়াস কৰাৰ সময়তে এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। চৰকাৰী বিষয়াসকলৰ মতে, এই পদক্ষেপৰ উদ্দেশ্য হৈছে এনে এক প্ৰত্যক্ষ মঞ্চ তৈয়াৰ কৰা, য'ত ছাত্ৰ-ছাত্ৰীসকলে দেশৰ ক্ৰীড়া আৰু যুৱ উন্নয়নৰ ভৱিষ্যতক লৈ তেওঁলোকৰ ধাৰণা আৰু পৰামৰ্শসমূহ ভাগ-বতৰা কৰিব পাৰে।
এই অনুষ্ঠানটোৰ এক অন্যতম প্ৰধান অংশ হ'ব "যুৱ সংবাদ", য'ত অংশগ্ৰহণকাৰীসকলে ক্ৰীড়া আন্তঃগাঁথনি আৰু প্ৰশিক্ষণৰ সুবিধাৰ পৰা আৰম্ভ কৰি নেতৃত্ব, স্বেচ্ছাসেৱী কাৰ্যকলাপ আৰু সামাজিক দায়িত্ববোধৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰিব।
বিষয়াসকলৰ মতে, এই আলোচনাসমূহ মূলতঃ ক্ৰীড়াৰ সুবিধাসমূহৰ প্ৰসাৰ, প্ৰশিক্ষণ আৰু ক্ৰীড়া বিজ্ঞানৰ সহায়ক ব্যৱস্থাসমূহ শক্তিশালী কৰা, দীৰ্ঘম্যাদী খেলুৱৈৰ বিকাশৰ বাবে প্ৰতিভা চিনাক্ত কৰা আৰু ২০৩৬ চনৰ অলিম্পিক গেমছকে ধৰি ভৱিষ্যতৰ অলিম্পিকৰ লক্ষ্যৰ বাবে ভাৰতক প্ৰস্তুত কৰি তোলাৰ ওপৰত কেন্দ্ৰিত হ'ব।
ইয়াত যুৱ নেতৃত্বৰ বিষয়টোৱেও বিশেষ স্থান পাব বুলি আশা কৰা হৈছে, য'ত স্বেচ্ছাসেৱী কাৰ্যসূচী, প্ৰশাসনীয় মঞ্চ আৰু ভাৰতৰ উন্নয়নৰ যাত্ৰাত যুৱ নাগৰিকৰ ভূমিকাৰ বিষয়ে বিস্তাৰিতভাৱে আলোচনা কৰা হ'ব।
এই কাৰ্যসূচীয়ে ড্ৰাগছ বা নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰতো বিশেষ আলোকপাত কৰিব। চৰকাৰৰ ড্ৰাগছ বিৰোধী সজাগতা প্ৰচেষ্টাক শক্তিশালী কৰিবলৈ আৰু যুৱপ্ৰজন্মৰ মাজত "নিচা মুক্ত যুৱ" অভিযান সম্প্ৰসাৰিত কৰিবলৈ ক্ৰীড়া আৰু সম্প্ৰদায়ৰ অংশগ্ৰহণক কেনেদৰে ব্যৱহাৰ কৰিব পাৰি, সেই বিষয়েও অংশগ্ৰহণকাৰীসকলে আলোচনা কৰিব।