মানৱ-বন্যপ্ৰাণীৰ সংঘাত ব্যৱস্থাপনাৰ বাবে অসম চৰকাৰে প্ৰস্তুত কৰিব SOP

Story by  PTI | Posted by   Imtiaz Ahmed • 6 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
গুৱাহাটী

মানুহ আৰু বন্যপ্ৰাণীৰ মাজত হোৱা সংঘাত দীৰ্ঘকালীনভাৱে হ্ৰাস কৰাৰ বাবে চৰকাৰে এক মানক পৰিচালনা পদ্ধতি বা এছঅ’পি প্ৰস্তুত কৰিব বুলি অসম চৰকাৰে ঘোষণা কৰে। 

সমগ্ৰ ৰাজ্যখনত মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাতৰ সমাধানৰ বাবে এক বৈজ্ঞানিক আৰু বহনক্ষম ৰণনীতি প্ৰস্তুত কৰিবলৈ চৰকাৰে এক ব্যাপক পৰামৰ্শমূলক প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইয়াত বিশেষকৈ মানুহ-হাতীৰ সংঘাত আৰু কেইবাখনো জিলাত বৃদ্ধি পোৱা বান্দৰৰ উপদ্ৰৱৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।

এক চৰকাৰী প্ৰেছ বাৰ্তাত জনোৱা অনুসৰি, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পৌৰোহিত্যত সকলো বিধায়ক, বন বিভাগৰ জ্যেষ্ঠ বিষয়া আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে অনুষ্ঠিত এখন বৈঠকত এই সিদ্ধান্ত লোৱা হয়। তেওঁলোকে পাৰিপাৰ্শ্বিক সংৰক্ষণ নিশ্চিত কৰাৰ লগতে মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত হ্ৰাস কৰাৰ ব্যৱহাৰিক আৰু দীৰ্ঘকালীন উপায়সমূহৰ ওপৰত আলোচনা কৰে।
 

অসমৰ চাহ বাগিচা এখনত এক্সকেভেটৰৰ সৈতে এটা হাতীৰ সংঘৰ্ষ
 
মন্ত্ৰীগৰাকীয়ে কয় যে এই আলোচনাত অঞ্চলভিত্তিক প্ৰয়োজনীয় পদক্ষেপসমূহ চিনাক্ত কৰা, অংশীদাৰসকলৰ মাজত সমন্বয় শক্তিশালী কৰা আৰু ভৱিষ্যতৰ কাৰ্যপন্থা নিৰ্দেশ কৰিবলৈ এক সামগ্ৰিক এছঅ’পি প্ৰস্তুত কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

অসমত মানুহ আৰু হাতীৰ সংঘাতৰ ভয়াৱহতাৰ কথা উল্লেখ কৰি বৰুৱাই কয় যে হাতীৰ সৈতে হোৱা সংঘাতৰ বাবে প্ৰতি বছৰে প্ৰায় ১৫০ গৰাকী লোকে প্ৰাণ হেৰুৱাব লগা হয়। তেওঁ লগতে কয় যে হাতীয়ে সমগ্ৰ ৰাজ্যতে শস্য আৰু জীৱিকাৰো ব্যাপক ক্ষতিসাধন কৰে আৰু এই প্ৰত্যাহ্বানৰ ফলপ্ৰসূ মোকাবিলা কৰিবলৈ তাৎক্ষণিক আৰু দীৰ্ঘকালীন দুয়োটা ব্যৱস্থাৰ প্ৰয়োজন হ’ব।

মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ইয়াৰ দীৰ্ঘকালীন সমাধান লুকাই আছে বনীকৰণৰ জৰিয়তে। বনাঞ্চলৰ পৰিমাণ বৃদ্ধি কৰা আৰু হাতীৰ বাবে উপযুক্ত বাসস্থান গঢ়ি তোলা। তেওঁ লগতে কয়, "চৰকাৰে হাতীৰ বাবে নিৰ্দিষ্ট বৃক্ষৰোপণ আৰু এনেধৰণৰ গছ-গছনিৰ খেতিৰ বাবে উপযুক্ত অঞ্চল চিনাক্তকৰণৰ সম্ভাৱনীয়তা পৰীক্ষা কৰিছে যিবোৰে হাতীৰ বাবে প্ৰাকৃতিক খাদ্যৰ উৎস যোগান ধৰিব পাৰে। ইয়াৰ দ্বাৰা কৃষি পথাৰ আৰু মানুহৰ বসতিস্থলৰ ওপৰত হাতীৰ নিৰ্ভৰশীলতা হ্ৰাস পাব।"
 

অসমৰ ধাননি পথাৰত বনৰীয়া হাতীৰ জাক খেদিবলৈ চেষ্টা কৰিছে মানুহে
 
সংঘাত প্ৰশমনৰ এক বৈজ্ঞানিক দৃষ্টিভংগীৰ অংশ হিচাপে, প্ৰশাসনিক সীমাৰ পৰিৱৰ্তে হাতীৰ জনসংখ্যা আৰু ইহঁতৰ চলাচলৰ ওপৰত ভিত্তি কৰি সমগ্ৰ ৰাজ্যখনক বিভিন্ন হাতী ব্যৱস্থাপনা মণ্ডলত বিভক্ত কৰা হৈছে।

এতিয়াৰে পৰা প্ৰতিটো মণ্ডলত স্থানীয় বিধায়ক, বিষয় বিশেষজ্ঞ আৰু বন বিভাগৰ বিষয়াসকলক অন্তৰ্ভুক্ত কৰি সুকীয়া সুকীয়া পৰামৰ্শমূলক বৈঠক অনুষ্ঠিত কৰা হ’ব, যাতে নিজ নিজ অঞ্চলৰ বাবে আটাইতকৈ উপযুক্ত পদক্ষেপসমূহ চিনাক্ত কৰিব পৰা যায়।

বৰুৱাই কয় যে এই পৰামৰ্শসমূহৰ দ্বাৰা নিৰ্ধাৰণ কৰা হ’ব যে ক’ত সৌৰ শক্তি চালিত বেৰ, জৈৱিক বেৰ আৰু বাসস্থান উন্নয়নৰ ব্যৱস্থাসমূহ আটাইতকৈ বেছি উপযোগী হ’ব। তেওঁ কয় যে পৰিকল্পনাহীনভাৱে সৌৰ বেৰ স্থাপন কৰিলে প্ৰায়ে হাতীৰ দিশ সলনি হৈ এক অঞ্চলৰ পৰা আন এক অঞ্চললৈ গুচি যায়, যাৰ ফলত মূল সমস্যাটোৰ কোনো সমাধান নহয়।

বৈঠকত বন বেটেলিয়ন, সশস্ত্ৰ বাহিনী আৰু অন্যান্য প্ৰতিষ্ঠানসমূহকে ধৰি বিভিন্ন সংগঠনৰ সহযোগত মিছন মোডত বনীকৰণ কাৰ্যসূচী ৰূপায়ণ কৰাৰ বিষয়েও আলোচনা কৰা হয়। সহজতে যাব পৰা এলেকাসমূহত ব্যাপকভাৱে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰিব পৰা যাব বুলি স্বীকাৰ কৰি তেওঁ কয় যে দুৰ্গম অঞ্চলসমূহত য’ত পৰম্পৰাগতভাৱে বৃক্ষৰোপণ সম্ভৱ নহয়, তাত আকাশীমাৰ্গৰ পৰা বীজ ছটিয়াই কৰা বনীকৰণৰ সম্ভাৱনীয়তাও পৰীক্ষা কৰা হ’ব পাৰে।
 

গুৱাহাটীত এজন নাহৰফুটুকীৰ আক্ৰমণ; (সোঁফালে) গুৱাহাটীৰ এটা পাহাৰৰ ওপৰত বহি আছে এটা নাহৰফুটুকী
 
মন্ত্ৰীগৰাকীয়ে লগতে জনায় যে বৈঠকখনত বহুতো মূল্যবান পৰামৰ্শ লাভ কৰা হৈছে আৰু সকলো অংশীদাৰক ২০ বা ২১ জুলাইৰ ভিতৰত অতিৰিক্ত লিখিত পৰামৰ্শ দাখিল কৰিবলৈ অনুৰোধ জনোৱা হৈছে। তেওঁ কয়, "এই পৰামৰ্শসমূহৰ আধাৰত বন বিভাগে ২২ জুলাইৰ ভিতৰত এক সামগ্ৰিক মানক পৰিচালনা পদ্ধতি (SOP) প্ৰস্তুত কৰাৰ প্ৰস্তাৱ লৈছে, য’ত সমগ্ৰ ৰাজ্যতে মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত সমাধানৰ বাবে হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী দুয়োটা ৰণনীতি অন্তৰ্ভুক্ত কৰা হ’ব।"

কেইবাখনো জিলাত কৃষি আৰু উদ্যান শস্যৰ ব্যাপক ক্ষতিসাধন কৰা বান্দৰৰ উপদ্ৰৱৰ বিষয়টোও আলোচনাত প্ৰধানকৈ স্থান পায়। বৰুৱাই কয় যে চৰকাৰে এই সমস্যাটো বৈজ্ঞানিক আৰু মানৱীয় দৃষ্টিভংগীৰে সমাধান কৰিবলৈ একাধিক বিকল্প পৰীক্ষা কৰি আছে।

আলোচনা কৰা ব্যৱস্থাসমূহৰ ভিতৰত আছিল ফলমূলৰ গছৰ ৰোপণ বৃদ্ধি কৰা আৰু বৈজ্ঞানিকভাৱে বন্ধ্যাকৰণ কাৰ্যসূচী পৰিচালনা কৰাৰ সম্ভাৱনীয়তা পৰীক্ষা কৰা। আন ৰাজ্যৰ সফল অভিজ্ঞতালৈ আঙুলিয়াই দি তেওঁ কয়, "বন্ধ্যাকৰণ এটা সম্ভৱপৰ বিকল্প হিচাপে দেখা দিছে যাৰ বিতং পৰীক্ষাৰ প্ৰয়োজন আছে। অৱশ্যে, যিকোনো এনে কাৰ্যসূচী কেৱল ব্যাপক জনসাধাৰণৰ পৰামৰ্শ আৰু বৈজ্ঞানিক পৰিকল্পনাৰ পিছতহে ৰূপায়ণ কৰা হ’ব।"
 

অসমৰ ৰাষ্ট্ৰীয় উদ্যানত ছাফাৰী জীপত গঁড়ৰ আক্ৰমণ
 
মন্ত্ৰীগৰাকীয়ে কয় যে স্থানীয় বিধায়কসকলক তেওঁলোকৰ নিজ নিজ সমষ্টিৰ বাসিন্দাসকলৰ সৈতে আলোচনা কৰিবলৈ অনুৰোধ জনোৱা হৈছে যে এক ব্যৱস্থাপনা কাৰ্যসূচী হিচাপে বন্ধ্যাকৰণ কিমানদূৰ গ্ৰহণযোগ্য হ’ব। তেওঁ উল্লেখ কৰে যে ইয়াৰ ৰূপায়ণৰ বাবে বিশেষজ্ঞ পশু চিকিৎসা দল, প্ৰশিক্ষিত কৰ্মচাৰী, ভ্ৰাম্যমাণ গোট, অস্ত্ৰোপচাৰ গৃহৰ সুবিধা, সঁজুলি, বাহন আৰু বন তথা পশুপালন দুয়োটা বিভাগৰে সমন্বিত সহযোগৰ প্ৰয়োজন হ’ব। বৰুৱাই কয়, "কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে বৰ্তমান এই সকলোবোৰ প্ৰয়োজনীয়তা পৰীক্ষা কৰি থকা হৈছে।"

তেওঁ লগতে কয় যে চৰকাৰে মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাতৰ বলি হোৱা লোকসকলক ক্ষতিপূৰণৰ ধন ক্ষিপ্ৰতাৰে প্ৰদান কৰাৰ বাবেও ব্যৱস্থা পৰীক্ষা কৰি আছে। বৰুৱাই কয়, "প্ৰস্তাৱিত ব্যৱস্থাৰ অধীনত শস্যৰ ক্ষতিৰ ক্ষতিপূৰণ অধিক খৰতকীয়াকৈ প্ৰক্ৰিয়াকৰণ কৰা হ’ব। আনহাতে বন্যপ্ৰাণীৰ আক্ৰমণত মানুহৰ মৃত্যু হোৱাৰ ক্ষেত্ৰত, সত্যাপনৰ পিছত যিমান সম্ভৱ কম সময়ৰ ভিতৰত যোগ্য ক্ষতিপূৰণ মুকলি কৰি দিয়াটো নিশ্চিত কৰিবলৈ প্ৰয়াস কৰা হৈছে।"

তেওঁ লগতে কয় যে চৰকাৰে ক্ষতিপূৰণ প্ৰক্ৰিয়াটো সৰল আৰু সুশৃংখলিত কৰিবলৈ বিতং বিভাগীয় নিৰ্দেশনাও প্ৰস্তুত কৰিছে। বৰুৱাই কয়, "প্ৰস্তাৱিত নীতিগত গাঁথনিৰ ভিতৰত হাতী, বাঘ আৰু অন্যান্য বন্যপ্ৰাণী জড়িত থকা ঘটনা অন্তৰ্ভুক্ত হ’ব। চূড়ান্ত নিৰ্দেশনা জাৰি কৰাৰ পূৰ্বে চলি থকা পৰামৰ্শ প্ৰক্ৰিয়াৰ অংশ হিচাপে বিভিন্ন শ্ৰেণীৰ বনাঞ্চলত ক্ষতিপূৰণৰ প্ৰযোজ্যতাকে ধৰি কেইবাটাও নীতিগত বিষয়ো পৰীক্ষা কৰি থকা হৈছে।"