ৰাজ্যত বানত পুনৰ ২ জন লোকৰ মৃত্যু; মৃতকৰ সংখ্যা ১০৭ জনলৈ বৃদ্ধি

Story by  atv | Posted by  Munni Begum • 1 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী 
 
ৰাজ্যত বান পৰিস্থিতি উন্নত হৈছে যদিও বানত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইয়ে আছে ৷ মঙলবাৰে পুনৰ ৰাজ্যত বানত ২ জন লোকৰ মৃত্যু হয় ৷ ইয়াৰ লগতে অসমত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১০৭ জনলৈ বৃদ্ধি পাইছে ৷
 
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ মঙলবাৰে নিশা প্ৰকাশ কৰা দৈনিক বান সম্বন্ধীয় প্ৰতিবেদনৰ তথ্য অনুসৰি মঙলবাৰে গোলাঘাটত জিলাত বানত দুজন লোকৰ মৃত্যু হয়৷ ইফালে শিৱসাগৰ, নগাঁও, ধেমাজি, কাৰ্বি আংলং, যোৰহাট, গোলাঘাট জিলাৰ ১১ টা ৰাজহ চক্ৰৰ ৯৩ খন গাঁৱৰ ২২,৬৬৩ জন লোক বানত ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে ৪৩৩১.৮৫ হেক্টৰ কৃষিভূমি বানত ডুব গৈছে।
 
নগাঁও জিলাত সৰ্বাধিক ১৭,০৪৪ জন লোক বানত ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে শিৱসাগৰত ২,২৪৮ জন আৰু গোলাঘাট জিলাত ২,০২২ জন লোক বানত আক্ৰান্ত হৈছেদ।
 
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই কয় যে প্ৰশাসনে ৮ খন জিলাত ৪ টা আশ্ৰয় শিবিৰ আৰু ৩ টা সাহায্য বিতৰণ কেন্দ্ৰ পৰিচালনা কৰি আছে৷ বৰ্তমান সাহায্য শিবিৰত ৫৪ জন পুৰুষ, ৪৮গৰাকী মহিলাসহ ২০ টি শিশুকে ধৰি মুঠ ১২২ জন ক্ষতিগ্ৰস্ত লোকে আশ্ৰয় গ্ৰহণ কৰি আছে৷
 
একেসময়তে বানে ৮৯,৮৬৯ টা ঘৰচীয়া জীৱ-জন্তু আৰু হাঁহ-কুকুৰা উটুৱাই নিয়াৰ বিপৰীতে ১৯,০৯৮ টা পশুধন ক্ষতিগ্ৰস্ত হৈছে৷
 
নুমলীগড়ত ধনশিৰি নৈৰ জলস্তৰ বৰ্তমানো বিপদসীমাৰ ওপৰেদি বৈ আছে ৷ বানত ক্ষতিগ্ৰস্ত লোক আৰু অঞ্চলৰ সংখ্যা হ্ৰাস পোৱাৰ পিছতো কিছুমান নদীৰ জলস্তৰ বৃদ্ধি পাই থকাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসন সষ্টম হৈ আছ।