গুৱাহাটী
ৰাজ্যৰ প্ৰাক্তন অগ্নিবীৰসকলৰ বাবে আৰক্ষী আৰু আনুষংগিক বাহিনীত চাকৰিৰ সংৰক্ষণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। দেওবাৰে অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্তত অনুমোদন জনোৱা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৈঠকৰ পিছত সংবাদমেলত এই কথা প্ৰকাশ কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে, অসমত স্থায়ীভাৱে বসবাস কৰা প্ৰাক্তন অগ্নিবীৰসকলৰ বাবে আৰক্ষী, এপিআৰঅ’, এছডিআৰএফ, অগ্নিনিৰ্বাপণ আৰু জৰুৰীকালীন সেৱা, বনকৰ্মী আৰু আবকাৰী বিভাগত ১১টা শ্ৰেণীৰ পদত নিযুক্তিৰ ক্ষেত্ৰত ১২ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে।
ইফালে, বাহনৰ মালিকানা হস্তান্তৰৰ সময়ত গ্ৰীণ ছেছ আৰোপৰ বাবেও কেবিনেটে অনুমোদন জনাইছে। বনসৃজন আৰু পৰিৱেশ সংৰক্ষণৰ চলি থকা কাৰ্যসূচীক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে এই ছেছ আৰোপ কৰা হ’ব বুলি বিষয়াসকলে জানিবলৈ দিয়ে।
অৱশ্যে ইলেক্ট্ৰিক বাহন (EV), CNG বাহন, দুই আৰু তিনি চকীয়া বাহনৰ ক্ষেত্ৰত এই গ্ৰীণ ছেছ প্ৰযোজ্য নহ’ব। একেদৰে বাহনৰ মালিকৰ মৃত্যুৰ ফলত মালিকানা হস্তান্তৰ হ’লেও গ্ৰীণ ছেছ লোৱা নহ’ব বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰে।
শ্বিলঙস্থিত অসম ৰেজিমেণ্টেল চেণ্টাৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবেও কেবিনেটে এককালীন ১০ কোটি টকাৰ সাহায্য অনুমোদন কৰিছে।
পথ আন্তঃগাঁথনি প্ৰকল্পৰ উন্নত ব্যৱস্থাপনাৰ স্বাৰ্থত লোকনিৰ্মাণ বিভাগৰ (ভৱন আৰু ৰাষ্ট্ৰীয় ঘাইপথ) পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ অংশ পৃথক কৰি লোকনিৰ্মাণ বিভাগৰ (পথ) অধীনলৈ নিয়াৰ সিদ্ধান্তও লোৱা হৈছে।
ইয়াৰ উপৰি, গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰণ্ট ডেভেলপমেণ্ট প্ৰজেক্টৰ দ্বিতীয় পৰ্যায়ৰ বিস্তৃত প্ৰকল্প প্ৰতিবেদন (DPR) প্ৰস্তুত কৰাৰ বাবে টাটা কনছালটিং ইঞ্জিনিয়াৰ্ছ লিমিটেডক নিযুক্তি দিয়াৰ প্ৰস্তাৱতো কেবিনেটে অনুমোদন জনায়।
ৰাজ্যত ১০,২০০ কোটি টকা ব্যয়েৰে ক্লিংকাৰ উৎপাদন ইউনিট স্থাপনৰ বাবে ডালমিয়া ভাৰত গ্ৰীণ ভিজন লিমিটেডক বিশেষ প্ৰণোদনা প্ৰদানৰ বাবেও কেবিনেটে সন্মতি জনাইছে।
আনহাতে, জল জীৱন মিছন আৰু আনুষংগিক আঁচনিৰ অধীনত গ্ৰাম্য জল যোগান আঁচনিৰ ৰূপায়ণ, কাৰ্যকৰীকৰণ, নিৰীক্ষণ আৰু দীৰ্ঘম্যাদী স্থায়িত্ব নিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰ আৰু বিটিচি, ডিমা হাছাও আৰু কাৰ্বি আংলঙৰ কাউন্সিলসমূহৰ মাজত বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰ কৰাৰ প্ৰস্তাৱতো অনুমোদন জনোৱা হয়।
মন্ত্ৰীসভাই অসম পৌৰ নিগম নিৰ্বাচন (সংশোধনী) বিধি, ২০২৬-তো অনুমোদন জনাইছে। এই সংশোধনীৰ জৰিয়তে পৌৰ নিগমৰ নিৰ্বাচন সম্পৰ্কীয় বিষয়ত জিলা ন্যায়াধীশৰ আদালতক অধিক ক্ষমতা প্ৰদান কৰা হ’ব।
ইফালে, মধুপুৰ সত্ৰৰ কাৰ্যকলাপ সুচাৰুৰূপে চলাই নিয়াৰ বাবে মুখ্যমন্ত্ৰীৰ জনজৰুৰীকালীন আঁচনিৰ অধীনত প্ৰতিমাহে ১ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনায়।