মেঘালয়ৰ বাহনৰ বিৰুদ্ধে অৱৰোধ কাৰ্যসূচী সাময়িকভাৱে স্থগিত অসমৰ কেব চালকসকলৰ

Story by  PTI | Posted by   Imtiaz Ahmed • 5 h ago
অতুল বৰাই প্ৰতিবাদকাৰীসকলক সাক্ষাৎ কৰে
অতুল বৰাই প্ৰতিবাদকাৰীসকলক সাক্ষাৎ কৰে
গুৱাহাটী

দুয়োখন ৰাজ্যৰ মাজত মন্ত্ৰী পৰ্যায়ত অনুষ্ঠিত বৈঠকৰ পিছত সুৰক্ষাৰ ক্ষেত্ৰত লাভ কৰা আশ্বাসৰ ভিত্তিত শনিবাৰে মেঘালয়ত পঞ্জীয়নভুক্ত বাহনৰ বিৰুদ্ধে চলোৱা অৱৰোধ কাৰ্যসূচী সাময়িকভাৱে স্থগিত কৰে অসমৰ কেব চাআকসকলে।

দুয়োখন ৰাজ্যৰ চৰকাৰে সংকট সমাধানৰ দায়িত্ব অৰ্পণ কৰা অসমৰ সীমান্ত সুৰক্ষা মন্ত্ৰী অতুল বৰা আৰু মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী এছ ধৰৰ মাজত অনুষ্ঠিত বৈঠকৰ পিছতে এই সিদ্ধান্ত ঘোষণা কৰা হয়।

১৯ আগষ্টত শ্বিলঙত ছাত্ৰসকলৰ এক ৰেলীৰ সময়ত অসমত পঞ্জীয়নভুক্ত বাহনত আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ পিছতে এই সংকটৰ সূত্ৰপাত ঘটিছিল।

“আমি এই মুহূৰ্তত অৱৰোধ কাৰ্যসূচী স্থগিত ৰখাৰ সিদ্ধান্ত লৈছোঁ। মেঘালয় চৰকাৰে ১৯ আগষ্টৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে এটা বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰিছে। আমি সেই তদন্তৰ ফলাফললৈ অপেক্ষা কৰিম,” বৰাৰ সৈতে বৈঠকৰ পিছত যোৰাবাটত অৱৰোধস্থলীত এগৰাকী কেব চালকে কয়।

তেওঁ লগতে কয়, “আমাৰ মন্ত্ৰীগৰাকীয়ে জনাইছে যে আমাৰ চালক আৰু বাহনৰ যি ক্ষতি হৈছে, তাৰ ক্ষতিপূৰণ মেঘালয় চৰকাৰে দিব।”

ধৰৰ সৈতে বৈঠকত মিলিত হোৱাৰ পিছত বৰাই প্ৰতিবাদকাৰীসকলক সাক্ষাৎ কৰে।

প্ৰতিবাদকাৰীসকলৰ এটা প্ৰতিনিধি দলে দেওবাৰে অসমৰ চৰকাৰৰ প্ৰতিনিধিসকলক সাক্ষাৎ কৰি তেওঁলোকৰ দাবীসমূহ আগবঢ়াই নিব।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে মেঘালয়ত আবদ্ধ হৈ থকা অসমৰ ২৪৬জন লোকৰ ভিতৰত শনিবাৰে নিশা ৮.৩০ বজালৈ ১৩১জন লোক নিৰাপদে উভতি আহিছে।

তেওঁ কয়, “অৱশিষ্ট লোকসকলকো যিমান সোনকালে সম্ভৱ নিৰাপদে গুৱাহাটীলৈ ঘূৰাই অনাটো নিশ্চিত কৰিবলৈ আমি মেঘালয় চৰকাৰৰ সৈতে ঘনিষ্ঠ সমন্বয়েৰে কাম কৰি আছোঁ।”

দুয়োখন চৰকাৰৰ মাজত অনুষ্ঠিত বৈঠকৰ ফলাফলকো শৰ্মাই আদৰণি জনায়। তেওঁ কয় যে এই বৈঠকৰ ফলাফলে পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাত সহায় কৰিব।