সংগ্ৰামৰ পৰা সৃষ্টিলৈঃ ‘ৰাহাত ফাউণ্ডেচন’ৰ জৰিয়তে হাজাৰজনক পোহৰৰ বাট দেখুওৱা ব্যতিক্ৰমী মহিলা ছানা খান

Story by  atv | Posted by  Munni Begum • 23 h ago
ছানা খান
ছানা খান
 
অনিকা মহেশ্বৰী / নতুন দিল্লী
 
সমাজ আৰু মানৱতাৰ কল্যাণৰ বাবে নিজৰ সমগ্ৰ জীৱন উৎসৰ্গা কৰা ব্যক্তিসকলক সমাজে সদায় শ্ৰদ্ধা আৰু সন্মানেৰে আঁকোৱালি লয়। কিন্তু সেইসকল ব্যক্তিৰ জীৱনৰ আঁৰৰ কাহিনী আৰু অধিক অনুপ্ৰেৰণাদায়ক হয়, যিসকলে নিজে জীৱনৰ কঠিন সংগ্ৰাম আৰু কষ্টৰ মাজেৰে পাৰ হৈ এই সংকল্প লয় যে তেওঁলোকে যি যাতনা ভোগ কৰিলে, তাক যেন আন কোনো নিৰ্দোষীয়ে ভোগ কৰিবলগীয়া নহয়। তেনে এগৰাকী ব্যতিক্ৰমী আৰু সংগ্ৰামী মহিলা হৈছে ৩৪ বছৰীয়া ছানা খান। ২০১০ চনৰ ২৬ ফেব্ৰুৱাৰীত তেওঁ ‘ৰাহাত ফাউণ্ডেচন’ৰ ভেটি স্থাপন কৰিছিল, যাৰ জৰিয়তে তেওঁ বিগত ১৪ বছৰ ধৰি অহৰহভাৱে আৰ্তজনৰ সেৱাত ব্ৰতী হৈ আছে। বৰ্তমান এই ফাউণ্ডেচনৰ শাখাসমূহ উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু মহাৰাষ্ট্ৰতো সক্ৰিয় হৈ পৰিছে। 
 
ছানা খানে ‘আৱাজ - দ্য ভইচ’ক জনোৱা মতে, বৰ্তমান তেওঁলোকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰকল্পটো হৈছে বিশেষকৈ ড্ৰপআউট ছোৱালীসকলক পুনৰ শিক্ষাৰ মূলসুঁতিলৈ ঘূৰাই অনা। এই প্ৰকল্পৰ অধীনত তেনে ড্ৰপআউট ছোৱালীসকলক পুনৰ শিক্ষাৰ সঠিক দিশ দেখুৱাই তেওঁলোকক ‘Jamia’ আৰু ‘NIOS’ত নামভৰ্তি কৰাই দিয়া হয়। তেওঁৰ মতে, শিক্ষা হৈছে জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অধিকাৰ, যিটো ল’ৰাই হওক বা ছোৱালী হওক- প্ৰতিগৰাকী ব্যক্তিৰে সমান প্ৰাপ্য। এই বিশেষ আঁচনিৰ জৰিয়তে তেওঁ এতিয়ালৈকে প্ৰায় ২০০০ গৰাকী ড্ৰপআউটক শিক্ষানুষ্ঠানলৈ ঘূৰি অহাত সহায় কৰিছে।
 
এক অনুষ্ঠানত ছানা খান
 
ছানা খানে কয় যে তেওঁলোকে আৰ্তজনৰ সহায় কেৱল শিক্ষাতে সীমাবদ্ধ নাৰাখি সকলো প্ৰকাৰে সহায় কৰে। তেওঁলোকক স্বাৱলম্বী কৰাৰ বাবে বিভিন্ন বৃত্তিমূলক কৌশল প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে তেওঁলোকৰ চাকৰি বা প্লেচমেণ্টৰ সম্পূৰ্ণ দায়িত্বও ফাউণ্ডেচনে নিজেই বহন কৰে। ইয়াৰ ভিতৰত ডিজিটেল মাৰ্কেটিং ক’ৰ্চ, ফেশ্বন ডিজাইনিং ক’ৰ্চ আদি অন্তৰ্ভুক্ত। ইয়াৰ উপৰি, তেওঁ দিল্লীত প্ৰায় ২৫৬ গৰাকী আৰ্ত তথা প্ৰয়োজনীয় ছোৱালীৰ ড্ৰাইভিং লাইচেন্সো বনাই দিছে।
 
ছানা খানে জানিবলৈ দিয়ে যে ৰাহাত ফাউণ্ডেচনৰ সৈতে জড়িত হৈ কৌশল অৰ্জন কৰা প্ৰায় ১০০০ যুৱক-যুৱতীক তেওঁলোকে ইতিমধ্যে কৰ্মসংস্থাপন দিয়াইছে। ফাউণ্ডেচনৰ এই যাত্ৰাত ডিজিটেল মাৰ্কেটিং পাঠ্যক্ৰমৰ সৈতে ৬০০০ ছাত্ৰ আৰু ফেশ্বন ডিজাইনিঙৰ সৈতে ৪০০০ ছাত্ৰী জড়িত হৈছিল। এই সকলোৰে প্লেচমেণ্ট নিশ্চিত কৰিবলৈ ছানা খানে নিজেই Okhla Phase 2 ত অৱস্থিত ফেশ্বন ডিজাইনিং উদ্যোগসমূহৰ সৈতে পোনপটীয়া যোগাযোগ কৰে। ইয়াৰ উপৰি তেওঁ আইটি খণ্ড, কল চেণ্টাৰ, Swiggy, Zomato, Ola আদি আগশাৰীৰ কোম্পানীসমূহৰ সৈতেও নিৰন্তৰ সম্পৰ্ক ৰাখি চলে, য’ত ৰাহাত ফাউণ্ডেচনৰ পৰা প্ৰশিক্ষণপ্ৰাপ্ত যুৱক-যুৱতীসকলক অন্তৰ্ভুক্ত কৰি তেওঁলোকৰ নিয়োগৰ পথ প্ৰশস্ত কৰা হয়।
 
নিজৰ অতীতৰ স্মৃতি ৰোমন্থন কৰি ছানা খানে কয়, "যেতিয়া মই অষ্টম শ্ৰেণীত পঢ়ি আছিলোঁ আৰু মোৰ বয়স মাত্ৰ ১৩ বছৰ আছিল, তেতিয়া মোৰ মূৰৰ ওপৰৰ পৰা পিতৃৰ ছাঁ হেৰাই যায় অৰ্থাৎ মোৰ দেউতাৰ মৃত্যু হয়। মোৰ পৰিয়ালত তেতিয়া মোৰ দুগৰাকী ডাঙৰ ককাইদেউ আৰু মা আছিল। সেই সময়ছোৱাত আমি যি তীব্ৰ আৰ্থিক নাটনি আৰু কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছিলোঁ, তাক ভাষাৰে প্ৰকাশ কৰিবলৈ মোৰ ওচৰত শব্দ নাই। কিন্তু তাৰ পিছত এদিন আমাৰ জীৱনলৈ এজন মচীহা (দেৱদুতৰ দৰে ব্যক্তি) আহিছিল, যি এক ফাউণ্ডেচনৰ সৈতে জড়িত আছিল। তেওঁৰ পৰাই মই সহায় আৰু সমৰ্থন পালোঁ আৰু আজি মই এনে এটা পৰ্যায়ত উপনীত হৈছোঁ য’ত মই নিজৰ এখন সফল পৃথিৱী গঢ়ি তুলিবলৈ সক্ষম হৈছোঁ। এতিয়া মই আনৰ সহায়ৰ বাবে সদায় চেষ্টা চলাই যাওঁ।"
 
ছানা খানৰ সমাজসেৱামূলক কাৰ্যৰ কিছু দৃশ্য
 
তেওঁ লগতে কয় যে তেওঁলোকৰ ফাউণ্ডেচনে প্ৰতিগৰাকী হিতাধিকাৰীৰ সম্পূৰ্ণ যত্ন লয়। তেওঁলোকৰ শিক্ষা, পৰীক্ষাৰ মাচুল, কিতাপ-পত্ৰ আদি সকলোবোৰ ফাউণ্ডেচনে নিজেই যোগাৰ কৰি দিয়ে। কেতিয়াবা আৰ্থিক সমস্যাৰ সৃষ্টি হ’লে সমাজৰ কিছুমান উদাৰ মনৰ লোকে তেওঁলোকক আৰ্থিকভাৱে সহায় কৰে আৰু ফাণ্ড সংগ্ৰহ কৰাত আগভাগ লয়।
 
যিকোনো ধৰণৰ প্ৰৱঞ্চনা বা জালিয়াতিৰ পৰা হাত সাৰিবলৈ ফাউণ্ডেচনে অতি সতৰ্কতাৰে কাম কৰে। ছানা খানে জানিবলৈ দিয়ে যে তেওঁলোকে প্ৰথমে সহায় বিচৰা যিকোনো আৰ্ত ব্যক্তিৰ সঠিক তদন্ত কৰে যে তেওঁৰ প্ৰকৃত সমস্যাটো কি আৰু সেই অনুসৰি তেওঁক প্ৰয়োজনীয় সহায় আগবঢ়ায় আৰু ৰাহাত ফাউণ্ডেচনত নামভৰ্তি কৰায়। তেওঁ স্পষ্ট কৰি দিয়ে যে তেওঁৰ এই ফাউণ্ডেচন কেৱল ছোৱালীৰ বাবেই নহয়, ল’ৰাসকলৰ বাবেও সমানেই সক্ৰিয়।
 
ছানা খানে সমাজৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে, যিয়ে তেওঁক প্ৰতিটো খোজতে সমৰ্থন দিছে। আজি সমাজত তেওঁলোকৰ কামৰ ব্যাপক চৰ্চা হৈছে আৰু দিনে দিনে বহু লোক তেওঁলোকৰ সৈতে জড়িত হৈ পৰিছে। বৰ্তমান তেওঁৰ দলত প্ৰায় ৭০ জন সদস্য আছে, যিসকলে উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু মহাৰাষ্ট্ৰৰ বিভিন্ন শাখাৰ জরিয়তে সমাজত সক্ৰিয়ভাৱে কাম কৰি আৰ্তজনক সহায় কৰি আছে। 
 
কণ কণ শিশু
 
অতি শীঘ্ৰেই তেওঁলোকে বেংগালুৰুত আন এটি নতুন কেন্দ্ৰ মুকলি কৰিবলৈ ওলাইছে, যাৰ মূল প্ৰকল্প হ’ব আধাতে পঢ়া এৰা ছোৱালীৰ শিক্ষাৰ বাবে কাম কৰা। ছানা খানে সময় সন্মতভাৱে বিভিন্ন শিবিৰ আয়োজন কৰে, যাৰ জৰিয়তে সমাজত শিক্ষাৰ প্ৰতি সজাগতা বৃদ্ধি কৰা হয়। তেওঁ এতিয়ালৈকে ৰাহাত ফাউণ্ডেচনৰ বেনাৰত ৫০০ ৰ পৰা ৬০০ টা এনে সজাগতা শিবিৰ অনুষ্ঠিত কৰিছে।
 
তেওঁ নিজৰ পুৰণি দিনবোৰ মনত পেলাই কয় যে যেতিয়া ২০১০ চনত ছাউথ দিল্লী পলিটেকনিকৰ পৰা গণসংযোগ পাঠ্যক্ৰম সম্পন্ন কৰিছিল, সেই সময়ত তেওঁ ‘Sahara’ চেনেলত চাকৰিও কৰিছিল। কিন্তু তেওঁৰ মনত সদায় সমাজৰ আৰ্ত আৰু পিছপৰা শ্ৰেণীটোক সহায় কৰাৰ এক তীব্ৰ ইচ্ছা আছিল, যাৰ বাবেই তেওঁ ‘ৰাহাত ফাউণ্ডেচন’ৰ ভেটি স্থাপন কৰিছিল আৰু যাৰ যাত্ৰা এতিয়া ক্ৰমাৎ বৃদ্ধি পাইছে।
 
ছানা খানে কয় যে বৰ্তমান মানুহে তেওঁৰ ৰাহাত ফাউণ্ডেচনৰ কাৰ্যসূচীৰ বিষয়ে যথেষ্ট সচেতন আৰু তেওঁলোকে শিবিৰসমূহত ফাউণ্ডেচনক সম্পূৰ্ণ সহযোগিতা আগবঢ়ায়। কৰ’না মহামাৰীৰ কঠিন সময়ছোৱাতো তেওঁলোকে মানুহৰ মাজত কম্বল, শুকান ৰেচন সামগ্ৰী বিতৰণ কৰিছিল। শিশুসকলক পঢ়ুওৱাৰ লগতে তেওঁলোকক স্কুল বেগ আৰু প্ৰয়োজনীয় ঔষধ-পাতিও যোগান ধৰিছিল। বৰ্তমান ছানা খানক কেৱল দেশতেই নহয়, বিদেশৰ মাটিতেও মানুহে চিনি পোৱা হৈছে। অলপতে তেওঁক ডুবাইৰ পৰাও এটা সন্মানীয় বঁটা প্ৰদান কৰা হৈছে। ইয়াৰ উপৰি বেংগালুৰু, দিল্লী আদি বিভিন্ন চহৰৰ বিভিন্ন মঞ্চৰ পৰাও তেওঁ বহু সন্মানেৰে ভূষিত হৈছে।
 
এক অনুষ্ঠানৰ দৃশ্য
 
ছানা খানে সমাজৰ প্ৰতি এক আহ্বান জনাই কয় যে যদি কোনো ব্যক্তিয়ে তেওঁৰ ‘ৰাহাত ফাউণ্ডেচন’ৰ সৈতে জড়িত হৈ সহায়ৰ হাত আগবঢ়াব বিচাৰে, তেন্তে তেওঁক আন্তৰিকতাৰে আদৰণি জনোৱা হ’ব। ইয়াৰ লগতে তেওঁ ইচ্ছা প্ৰকাশ কৰে যে মানুহে যেন তেওঁলোকৰ ৱেবছাইট আৰু ছ’চিয়েল মিডিয়াত থকা ফেচবুক পেজটোকো লাইক কৰে, যাতে ডিজিটেল মাধ্যমৰ জৰিয়তেও তেওঁলোক আৰু অধিক লোকৰ ওচৰলৈ যাব পাৰে আৰু মানুহৰ সৈতে সম্পৰ্ক স্থাপন কৰি সহায় কৰিব পাৰে। বৰ্তমান ছানা খানে দিল্লীৰ Jasola গাঁৱত অৱস্থিত নিজৰ কাৰ্যালয়ৰ পৰাই ‘ৰাহাত ফাউণ্ডেচন’ৰ সমগ্ৰ কাম-কাজ দক্ষতাৰে পৰিচালনা কৰি আছে। ছানা খানৰ এই অনন্য জীৱন যাত্ৰাই প্ৰমাণ কৰে যে বুকুত দৃঢ় ইচ্ছাশক্তি আৰু মনত উদাৰতা থাকিলে জীৱনৰ আটাইতকৈ কঠিন অন্ধকাৰকো পোহৰলৈ ৰূপান্তৰিত কৰি হাজাৰজনৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিব পৰা যায়।